পঢ়াবহে পাৰিব, পঢ়িব নোৱাৰিব শিক্ষকে!

কঠোৰ হৈছে শিক্ষা বিভাগ! বিদ্যালয়ত পৰিধান কৰিব লগীয়া সাজ-পোচাকৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশত চৰকাৰৰ নিৰ্দেশ পালন কৰিব লাগে শিক্ষক

author-image
Asomiya Pratidin
New Update
পঢ়াবহে পাৰিব, পঢ়িব নোৱাৰিব শিক্ষকে!

কঠোৰ হৈছে শিক্ষা বিভাগ! বিদ্যালয়ত পৰিধান কৰিব লগীয়া সাজ-পোচাকৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশত চৰকাৰৰ নিৰ্দেশ পালন কৰিব লাগে শিক্ষকসকলে। এইবাৰ চৰকাৰী প্ৰাদেশীকৃত মাধ্যমিক বিদ্যালয়সমূহত কৰ্মৰত শিক্ষক-কৰ্মচাৰীসকলৰ অতিৰিক্ত শিক্ষাগত অৰ্হতা আহৰণৰ ক্ষেত্ৰতে লেকাম টানি ধৰিছে ৰাজ্য চৰকাৰে। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন-

Advertisment

এইবাৰ চৰকাৰী শিক্ষকৰ উচ্চ শিক্ষাত চকু পৰিছে বিভাগটোৰ।শেহতীয়াকৈ শিক্ষা বিভাগে জাৰি কৰা জাননী অনুসৰি এতিয়াৰে পৰা বিভাগীয় কৰ্তৃপক্ষৰ অনুমতি অবিহনে কোনো শিক্ষকে স্বীকৃতিপ্ৰাপ্ত শৈক্ষিক পৰিষদ বা বিশ্ববিদ্যালয়ৰ অধীনস্থ শিক্ষানুষ্ঠান গ্ৰহণ কৰিব নোৱাৰিব উচ্চ শিক্ষা । ৰাজ্যৰ মাধ্যমিক শিক্ষাৰ সঞ্চালক মততা হোজায়ে মঙলবাৰে জাৰি কৰিছে এই নিৰ্দেশনা।

নিৰ্দেশত উল্লেখ আছে যে- দেখা গৈছে যে বিভিন্ন প্ৰাদেশিক মাধ্যমিক বিদ্যালয়ৰ কিছুমান শিক্ষকে কৰ্তৃপক্ষৰ পৰা পূৰ্বৰ অনুমতি নোলোৱাকৈ তেওঁলোকৰ সেৱাৰ সময়ছোৱাত শৈক্ষিক / পেছাদাৰী অৰ্হতা অৰ্জন কৰিছে। অসম অসামৰিক সেৱা (আচৰণ) নিয়ম ১৯৬৫-ৰ নিয়ম ১৩-ত নিৰ্ধাৰণ কৰা হৈছে যে- চৰকাৰী সেৱাত থকা সময়ত কোনো চৰকাৰী কৰ্মচাৰীয়ে স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰীক্ষাত  উত্তীৰ্ণ হোৱাৰ উদ্দেশ্যে বিভাগীয় কৰ্তৃপক্ষৰ পূৰ্বৰ অনুমতি অবিহনে শিক্ষানুষ্ঠানত উপস্থিত থাকিব নোৱাৰে।

এই নিৰ্দেশনাত লগতে এয়াও কোৱা হয় যে চৰকাৰী-শিক্ষক কৰ্মচাৰীসকলে বিভাগীয় কৰ্তৃপক্ষৰ অনুমতি অবিহনে এনে কাম কৰিলে শাস্তিৰ সন্মুখীন হ'ব। ইয়াৰ লগতে জৰিমণাও বিহিব লাগিব শিক্ষকসকলে।

এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও চৰকাৰে বিভিন্ন নিৰ্দেশনাৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীসকলক লেকাম লগোৱাৰ চেষ্টা কৰি আহিছে। চৰকাৰৰ এই পদক্ষেপ সমূহৰ একাংশই বিৰোধিতা কৰিলেও একাংশই সমৰ্থন কৰাও দেখা যায়।

একাংশ চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে কামৰ গাফিলতিৰ অভিযোগ নতুন নহয়। বিদ্যালয়ৰ ক্ষেত্ৰতো একেই অৱস্থা। একাংশ শিক্ষকৰ বিৰুদ্ধে উত্থাপন হয় বিদ্যালয়ত উপস্থিত নথকাৰ অভিযোগ। এই সমস্যাসমূহৰ মোকাবিলা কৰাৰ বাবে চৰকাৰে পদক্ষেপ ল'লেও সমাধান হোৱা নাই।

আজিকালি প্ৰায় সংখ্যক শিক্ষকে চাকৰিৰ লগতে ডিগ্ৰী লোৱাও দেখা যায়। শেহতীয়াকৈ হাইস্কুলৰ প্ৰধান শিক্ষক বা উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষ নিযুক্তিৰ ক্ষেত্ৰত শিক্ষাগত অৰ্হতা নিৰ্ধাৰণ কৰিছিল ৰাজ্য চৰকাৰে । সেই অনুসৰি এজন হাইস্কুলৰ প্ৰধান শিক্ষকৰ বাবে বিএড ডিগ্ৰী বাধ্যতামূলক।

কিন্তু এনে বহু প্ৰধান শিক্ষক আছে যাৰ বিএড ডিগ্ৰী নাই। আনহাতে এনে কিছুমান হাইস্কুল আছে যিসমূহ পাছতে উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হৈছিল। কিন্তু সেই বিদ্যালয়সমূহৰ অধ্যক্ষ কেৱল জ্যেষ্ঠতাৰ ভিত্তিত পদত অধিষ্ঠিত আছিল।

এনে একাংশ শিক্ষকে বহিঃ ৰাজ্যত নামভৰ্তি কৰোৱা দেখুৱাই এনে ডিগ্ৰী লাভ কৰে আৰু সেই পদত অধিষ্ঠিত হৈ থাকে। এফালে এই শিক্ষকসকলে ডিগ্ৰী লাভ কৰাৰ সমান্তৰালভাৱে সংশ্লিষ্ট দৰমহাও লৈ থাকে।

গতিকে প্ৰশ্ন হয়, এজন মানুহে এটা সময়ত কেনেকৈ দুটা স্থানত থাকি কাৰ্য সমাপন কৰিব পাৰে? কিয়নো ডিগ্ৰী লৈ থকা সময়তো তেওঁলোকে চৰকাৰী কাৰ্যালয়ত উপস্থিতিৰ প্ৰমাণ দেখুৱাই আৰু সেই ভিত্তিত দৰমহা দিয়া হয়।

এনেবোৰ কাৰণতে প্ৰধান শিক্ষক বা অধ্যক্ষ নিযুক্তিৰ ক্ষেত্ৰত দেখা দিছিল ব্যাপক খেলি-মেলি। এনে পৰ্যায় পাইছেগৈ যে একাংশ শিক্ষকৰ ডিগ্ৰী ভুৱা হোৱাৰ দিশে। এই সকলোবোৰক লৈ শিক্ষকসকলে কাষ চাপিছিল উচ্চ ন্যায়ালয়ৰ।

ইয়াৰ মাজতে শিক্ষা সঞ্চালকৰ এই নিৰ্দেশনাই বহু কথাই স্পষ্ট কৰি দিছে। এই নিৰ্দেশনাৰ পাছত এতিয়া চৰকাৰী শিক্ষকে বিদ্যালয়ত উপস্থিত দেখুৱাই ল'ব নোৱাৰিব দৰমহা। অৱশ্যে এটা কথা উল্লেখ কৰিব লাগিব যে, তেওঁলোকৰ উচ্চ শিক্ষাত বাধা নাই। কেৱল অনুমতি সাপক্ষেহে এই কাম কৰিব পাৰিব।

Also Read: নতুন কিতাপ...

assam govt ranoj pegu