খালে ঐ খালে, হৰিণা মাৰি খালে..

নুনমাটিৰ বন্দনা চিনেমা হলৰ চৌহদত প্ৰৱেশ কৰিছিল এটা হৰিণা। বন্দনা চিনেমা হল ভাঙি তাত এটা শ্বপিং কম্প্লেক্স নিৰ্মাণ কৰি থকা ছজনীয়া এটা শ্ৰমিকৰ দলে কৰায়ত্ত কৰিছিল হৰিণাটো।

author-image
Asomiya Pratidin
New Update
new bikhekh protibedon  (4)

গুৱাহাটী মাজমজিয়াত হৰিণা চিকাৰ কৰি ভক্ষণ কৰাৰ গুৰুতৰ অভিযোগ। হৰিণা চিকাৰৰ এই গুৰুতৰ ঘটনাৰ সবিশেষ আৰক্ষী, বন বিভাগক দিয়াৰ পাছতো নললে কোনো ক্ষীপ্ৰ পদক্ষেপ। দুটাকৈ বিভাগৰ গুৰুত্বহীনতাৰ বাবেই নুনমাটিত মুকলিকৈ ভক্ষণ কৰিব পাৰিলে হৰিণা। কোনে কৰিলে এই কাম? সেই সন্দৰ্ভতে মৃদুল কুমাৰ সন্দিকৈৰ এক বিশেষ প্ৰতিবেদন।

গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ এটা দুৰ্ভাগ্যজনক ঘটনা। নিৰ্মাণ কাৰ্যৰে জড়িত কেইজনমান শ্ৰমিকে ৫ অক্টোবৰত জন অৰণ্যলৈ ওলাই অহা এটা হৰিণা ভক্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষী, বন বিভাগক খবৰ দিয়াৰ পাছতো বন্ধবাৰৰ অজুহাতত নললে কোনো ব্যৱস্থা। এতিয়াও নিৰ্লিপ্ত আৰক্ষী আৰু বন বিভাগ। 

পুৱা তেতিয়া ৯ বাজি গৈছিল। স্থান আছিল নুনমাটিৰ বন্দনা চিনেমা হলৰ চৌহদ। সেই স্থানত প্ৰৱেশ কৰিছিল এটা হৰিণা। বন্দনা চিনেমা হল ভাঙি তাত এটা শ্বপিং কম্প্লেক্স নিৰ্মাণ কৰি থকা হৈছে। 

সেই নিৰ্মাণ কাৰ্যতে জড়িত ছজনীয়া এটা শ্ৰমিকৰ দলে কৰায়ত্ত কৰিছিল হৰিণাটো। বালিৰ ওপৰত হৰিণাটো থৈ হাত-ভৰি বান্ধি পেলাইছিল তেওঁলোকে। 

এই সমগ্ৰ দৃশ্যৰ প্ৰত্যক্ষদৰ্শী আছিল অখিল কলিতা নামৰ এজন স্থানীয় যুৱক। আগবাঢ়ি আহিছিল হৰিণাটোক ৰক্ষা কৰিবলৈ অখিল কলিতা। শ্ৰমিক কেইজনক হৰিণাটো চিৰিয়াখানা কৰ্তৃপক্ষ বা বন বিভাগক গতাই দিবলৈ অনুৰোধ জনাইছিল তেওঁ। 

তেনে কৰিবলৈ অস্বীকাৰ কৰিছিল শ্ৰমিকৰ দলটোৱে। অখিল কলিতাই তেওঁলোকৰ মতলব ভাল নহয় বুলি গম পাই এই ঘটনা নিজেই গৈ জনাইছিল গৈ নুনমাটিৰ আৰক্ষীক। 

সেই সময়ত নুনমাটি থানাত কৰ্তব্যৰত এজন আৰক্ষীয়ে এয়া বন বিভাগৰ কাম বুলি গা এৰা দিছিল। তেওঁ থানাত থকা বন বিভাগৰ কেইটামান নম্বৰ দি দায়িত্ব সামৰিছিলি। 

উপায়ন্তৰ হৈ বন বিভাগৰ সেই নম্বৰ কেইটাতে যোগাযোগ কৰিছিল তেওঁ। কিন্তু তাতো কোনো সু-উত্তৰ পোৱা নাছিল অখিল কলিতাই। এজন বিষয়াক ফোনত পোৱাত তেওঁ জনাইছিল এতিয়া তেওঁ উক্ত স্থানৰ দায়িত্বত নাই। 

অসহায় হৈ পৰিছিল অখিল কলিতা। তেওঁ নুনমাটি থানাৰ পৰা গৈ উপস্থিত হৈছিলগৈ ফৰেষ্ট গেটত থকা বন বিভাগৰ কাৰ্যালয়ত। তাতে তেওঁ ঘটনাৰ সবিশেষ জনাই হৰিণাটোক উদ্ধাৰ কৰিবলৈ অনুৰোধ কৰিছিল। 

বন্ধবাৰ, গাড়ী নাই, ষ্টাফ নাই আদি কথা কৈ কাৰ্যালয়ত থকা বন কৰ্মীসকলে বিষয়টো এৰাই চলিছিল। অখিল কলিতাই বহু অনুৰোধৰ পাছত গৌৰীকান্ত দাস নামৰ বন বিভাগৰ লোক এজন ঘটনাস্থলীলৈ আহিছিল। 

তেতিয়া সময় পুৱা ১১ বাজি গৈছিল। প্ৰথমে তেনে কোনো হৰিণা ধৰাৰ কথা অস্বীকাৰ কৰিছিল শ্ৰমিক কেইজনে। পৰৱৰ্তী সময়ত স্বীকাৰ কৰে এখন স্কুটিত উঠাই হৰিণাটো কোনোবা এজন লোকে লৈ গৈছে। 

কিন্তু কোনে হৰিণাটো নিলে, আৰু হৰিণাটো ক’ত সেই তথ্য উদ্ধাৰ কৰিব নোৱাৰিলে বন বিভাগ তথা আৰক্ষীয়ে। দুজনমান শ্ৰমিকক আৰক্ষীৰ সহযোগত লৈ অহা হ’ল নুনমাটি থানালৈ। 

লক্ষ্যণীয় যে এই শ্ৰমিক কেইজনেই দাবী কৰিছিল এইটো হেনো পোহনীয়া হৰিণ। আৰক্ষীয়ে আৰু বন বিভাগে সেই স্কুটিখনৰ নম্বৰ পৰীক্ষা কৰি স্কুটিখনৰ মালিক বুলি উল্লেখ থকা এজন লোকৰ নম্বৰত যোগাযোগ কৰিছিল। লোকজনে আৰক্ষীক জনালে তেওঁৰ কোনো স্কুটি বা বাইক নাই। 

আচৰিত ধৰণে নিষ্ক্ৰীয় হৈ ৰ’ল আৰক্ষী আৰু বন বিভাগ। ৬ অক্টোবৰ, ২০২৫ সোমবাৰে অখিল কলিতাই আৰক্ষী আৰু বন বিভাগৰ পৰা উক্ত হৰিণাটোৰ সন্দৰ্ভত তথ্য বিচাৰিলে। কিন্তু কোনেও তেওঁক দিব নোৱাৰিলে হৰিণাটো ক’ত সেই তথ্য। 

1 (18)

বন বিভাগে জনালে এতিয়ালৈক সন্ধান পোৱা নাই হৰিণাটোৰ। নুনমাটি আৰক্ষীৰ গা এৰা মন্তব্য। অখিল কলিতাৰ সন্দেহ হৰিণাটো এই শ্ৰমিকসকলে মিলি খাই পেলালে। চৰম হতাশাৰে তেওঁ আহি উপস্থিত হ’লহি অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ত। 

জনালে তেওঁ ঘটনাৰ সবিশেষ আৰু লগতে শুনালে বন বিভাগ, আৰক্ষীৰ সৈতে পতা কথোপকথনৰ সবিশেষ। জুবিন গাৰ্গৰ মৃত্যুৰ এই সময়খিনিতেই জীৱ, জন্তুৰ প্ৰতি চৰকাৰী বিভাগৰ এনে দায়িত্বহীন কাণ্ডই তেওঁক বিচলিত কৰিছে। 

তেওঁৰ দাবী হৰিণাটোৰ সন্ধান লাগে। খাও বুলিয়েই গুৱাহাটীৰ মাজমজিয়াত কোনোবাই এনেকৈ এটা হৰিণা খাই দিব পাৰেনে! অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কি হৈছে এয়া?

ক’ত গ’ল বন বিভাগৰ ক্ষীপ্ৰতা? ক’ত হেৰাল আৰক্ষীৰ দায়বদ্ধতা? অখিল কলিতাৰ তৎপৰতাৰ বিপৰীতে কিয় এনে দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগৰ চৰম নিষ্ক্ৰীয়তা? বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, আছেনে আপুনি জীয়াই এতিয়াও? শুনিবনে বন বিভাগৰ এইবোৰ দুখজনক খবৰ?

উত্তৰ নিশ্চয় লাগিব ৰাইজক। কৃষ্ণসাৰ স্বীকাৰ কৰি যি কঠোৰ আইনৰ বাবে সাৰি যাব পৰা নাছিল চলমান খানৰ দৰে অভিনেতা, তেনে স্থলত সাৰি যাব নেকি এই কেইজন বনুৱা? ঘটনাৰ তদন্ত হ’ব কেতিয়া? 

এতিয়া এয়া অখিল কলিতাৰ প্ৰশ্ন হৈ আছে। খবৰবোৰ গম পোৱাৰ পাছত এয়া হ’ব অসমৰ ৰাইজৰ প্ৰশ্ন। যদি কেনেবাকৈ এই হৰিণা কাৰোবাৰ খাদ্য হৈছে তাৰ বাবে সেই হৰিণাখাদকসকলৰ লগতে বন বিভাগ, আৰক্ষী বিভাগো হ’ব সমানে জগৰীয়া। 

অপৰাধ বন বিভাগ গুৱাহাটী আৰক্ষী