লাম্পিৰ গ্ৰাসত শ শ গো-ধন! শস্যৰ পথাৰত কৃষকৰ কান্দোন...

লাম্পিৰ গ্ৰাসত শ শ গো-ধন! শস্যৰ পথাৰত কৃষকৰ কান্দোন...
Published on
Updated on

ৰাজ্যত গো ধনৰ মাজত বৃদ্ধি পাইছে লাম্পি ৰোগ। এই ৰোগৰ ভয়াবহতাৰ পাছতেই শংকিত হৈ পৰিছে কৃষকসকল। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবদেন...

কৃষিপ্ৰধান ৰাজ্যত গো-ধনৰ মহত্ব অথবা বিশেষত্ব কিমান সেই বিষয়ে সকলো জ্ঞাত। কিয়নো কৃষিজীৱি ৰাইজৰ মাজত গো-ধনৰ এক বিশেষ মহত্ব আছে। কৃষিজীৱি ৰাইজৰ আশা-ভৰষাৰ থ’লেই হৈছে গো-ধন। গো-ধন অবিহনে কৃষকৰ পথাৰখন সদায় আধৰুৱা। গো-ধনক সাৰথি কৰিয়েই কৃষকে সপোনৰ পথাৰত শইচৰ সোণোৱালী বীজ সিঁচে।

প্ৰাচীন কালৰে পৰা গৰু আমাৰ দেশত বিভিন্ন ৰূপে পূজিত হৈ আহিছে। কথা এষাৰ আছে- ‘যাৰ নাই গৰু, সি সবাতোকৈ সৰু’। এতিয়া শস্য সিঁচাৰ ভৰপক বতৰ। কিন্তু তাৰ মাজতে ক্ৰমাৎ নৰীয়াত পৰিছে গো- ধন। বিগত দিনসমূহৰ পৰা চাব গ’লে দেশৰ কেইবাটাও প্ৰান্তৰ লগতে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে পশুধনৰ মাৰাত্মক লাম্পি আৰু ব্ৰুছেলা ৰোগে।

 লাম্পিৰ ভয়াৱহতাৰ গ্ৰাসত পৰিছে ৰাজ্যৰ কেইবাখনো জিলা। গোলাঘাট, গহপুৰ, দৰং, কামৰূপ, বৰপেটা, কাছাৰ হাইলাকান্দি, কৰিমগঞ্জত দেখা দিছে লাম্পি আৰু ব্ৰুছেলাৰ ভয়াৱহতা। কেৱল এইকেইখন জিলাতেই নহয়, যোৰহাট জিলাতো গো-ধনৰ ৰোগৰ ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। যোৰহাটৰ কেইবাটাও অঞ্চলত লাম্পি আৰু ব্ৰুছেলা ৰোগত আক্ৰান্ত হৈছে শ শ গো-ধন। যোৰহাটৰ ঢেকৰগঢ়া খণ্ড পশু চিকিৎসালয়ৰ অধীনৰ মিঠা আমতল, এলেংমৰা, শলমৰা, দ গাঁও, কলবাৰী, বাঁহফলা, চেঙেলীআতিৰ লগতে ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চল।

 ক’ভিড মহামাৰীৰ দৰে লাম্পি আৰু ব্ৰুছেলা ৰোগত  আক্ৰান্ত হৈ ইতিমধ্যে মৃত্যু হৈছে শ শ গো-ধনৰ। উপযুক্ত চিকিৎসাৰ অভাৱত এতিয়াও ৰোগীয়া হৈ আছে গো-ধনসমূহ। খেতিৰ সময় আৰম্ভ হোৱাৰ এই সঠিক সময়ছোৱাত এইদৰে শ শ গো-ধন ৰোগীয়া হৈ পৰাত কৃষক ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। এক প্ৰকাৰ বহু কৃষকৰ এতিয়া পানীত হাঁহ নচৰা অবস্থা। কাৰণ এইহেন শস্যৰ ভৰপক বতৰত শস্য সিঁচিব নোৱাৰিলে কৃষকৰ সপোনৰ পথাৰখন এইবছৰ তেনেই চন পৰি ৰ’ব।

যিহেতু গো-ধনই একাংশ কৃষকৰ ভৰষাৰ স্থল কৰি বছৰজোৰালৈ ভাতমুঠিৰ বাবে চিন্তা কৰা কৃষক ৰাইজৰ এনে পৰিস্থিতিত বিলাই বিপত্তি নোহোৱা হৈ পৰিছে। আৰু কিমান দিনলৈ এই ভয়াৱহ ৰোগে প্ৰাণ কাঢ়িব গো-ধনৰ। যদিহে ইখনৰ পিছত সিখনকৈ জিলাত এইদৰে এই ভাইৰাছৰ সংক্ৰমণ আৰু অধিক বৃদ্ধি হৈ পৰে তেন্তে বহু গো-ধন মৃত্যুমুখত পৰাৰ পূৰ্ণ আংশকা কৰা হৈছে। সঠিক সময়ত সজাগ নহ’লে অধিক ৰূপত আৰু মাৰাত্মক হৈ পৰিব পাৰে এই ৰোগ।

 জাগীৰোডৰ সমীপৰ আমলিঘাটতো  দেখা গৈছে পশুধনৰ মাজত এই ভয়াৱহ ৰোগবিধ। ইফালে, গৰু খুঁটিটো লাম্পি আৰু ব্ৰুছেলা ৰোগত আক্ৰান্ত হৈছে শ শ ধন। গো-ধনৰ এনে ৰোগক লৈ উদ্বিগ্ন হৈ পৰিছে কৃষিপ্ৰধান ৰাইজৰ লগতে পশু চিকিৎসকসকল। এই ভাইৰাছৰ সংক্ৰমণৰ লগে লগে গো-ধনৰ দেহত সৃষ্টি হৈছে ছৰ্মৰোগো।

 ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মতে, দক্ষিণ অসমৰ বৰাক উপত্যাকাৰ কাছাৰ, হাইলাকান্দি, আৰু কৰিমগঞ্জ, কামৰূপ গ্ৰাম্য আৰু বৰপেটা জিলাত এই ভাইৰাছৰ সংক্ৰমণৰ বাবে পশুধনৰ দেহত আটাইতকৈ সচৰাচৰ দেখা গৈছে। ২০১৯চনত আগষ্টমাহত প্ৰথমবাৰৰ বাবে এই ভাইৰাছসদৃশ ছৰ্মৰোগটো আৱিষ্কাৰ হৈছিল উৰিষ্যাৰ ৪খনকৈ জিলা ক্ৰমে ময়ুৰভাং, বালাচোৰ, ভদ্ৰক, কেন্দ্ৰপাৰা আৰু কটকত। ইয়াৰ পাছতে ৰোগবিধ উত্তৰ পূৰ্বাঞ্চলৰ সৈতে ৰাজস্থান আৰু গুজৰাটলৈ বিয়পি পৰে। তেতিয়া সেই সময়ত ৪ হাজাৰৰো অধিক গৰুৰ মৃত্যু হৈছিল। ৯৪হাজাৰৰো অধিক পশুধন আক্ৰান্ত হৈছিল।

তদুপৰি, বিগত বৰ্ষৰ জুলাই-আগষ্ট মাহত বহু জিলালৈ বিয়পি পৰিছিল মাৰাত্মক ভাইৰাছবিধে। অৱশ্যে, এইটো চিন্তাৰ বিষয় যে, ভাইৰাছটো বিয়পা প্ৰতিহত কৰিবলৈ কোনো  নিৰ্দিষ্ট ভেকচিন বা প্ৰতিষেধক নাই। গতিকে পশু চিকিৎসাৰ ক্ষেত্ৰটো যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। বিশেষ সূত্ৰ অনুসৰি ভাইৰাছটো কেৱল গো-ধনৰ ক্ষেত্ৰতে নহয়, অন্য প্ৰজাতিলৈও বিয়পি পৰাৰ পূৰ্ণ সম্ভাৱনা আশংকা কৰা হৈছে।

পশুপালন বিভাগৰ মতে, বিগত বৰ্ষত অসমত লাম্পি ভাইৰাছৰ প্ৰাদুৰ্ভাৱত মৃত্যু হৈছিল ১৭ হাজাৰতকৈও অধিক গাহৰিৰ। আনফালে, ৰাজ্যৰ কেইবাখনো জিলাত পশু চিকিৎসা শিবিৰ পাতি গো-ধনক ৰোগীয়া সময়ত টীকাকৰণৰ ব্যবস্থা কৰিছে যদিও এয়া এতিয়া কিমান ফলপ্ৰসূ হ’ব বুলি প্ৰশ্নৰ লগতে অভিযোগ উত্থাপন কৰিছে বহু অঞ্চলৰ কৃষক ৰাইজে।

কিয়নো ৰাজ্যত গো-ধন সুৰক্ষা আইনৰ অধীনত যিধৰণে পশুধনক সুৰক্ষা তথা সজাগতাৰ ব্যৱস্থা কৰিব লাগে সেইধৰণে কিমান সজাগতাৰ প্ৰতি গুৰুত্ব ৰাখিছে পশু চিকিৎসা বিভাগে? ৰোগীয়া সময়ত চিকিৎসা কৰাতো কিমান যুক্তিসংগত? তাক লৈও সচেতন মহলৰ মাজত দেখা গৈছে ভিন্ন প্ৰতিক্ৰিয়া। ভাইৰাছৰ সংক্ৰমণে অধিক ভয়াবহ ৰূপ ধাৰণ কৰাত এতিয়া ভীষণ চিন্তিত হৈ পৰিছে কৃষক ৰাইজ।

 উল্লেখ্য যে, গো-ধনৰ এনে ভয়াৱহ ৰোগৰ সংকটৰ সময়ছোৱাত ৰাজ্য চৰকাৰৰো যথেষ্ট দায়িত্ব আৰু গুৰুত্ব আছে। গো-ধন সুৰক্ষাৰ বাবে চৰকাৰে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে। সেই অনুসৰি গো-ধনসমূহক সুস্থ কৰি কৃষক ৰাইজক উপকৃত কৰি তুলিবলৈ আৰু অধিক তৎপৰ হোৱাতো প্ৰয়োজনীয় ৰাজ্য চৰকাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষ।

লাম্পিৰ গ্ৰাসত শ শ গো-ধন! শস্যৰ পথাৰত কৃষকৰ কান্দোন...
এতিয়াৰ পৰা কাম নকৰিলে দৰমহা লাভ নকৰে চৰকাৰী কৰ্মচাৰীয়ে!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in