/asomiyapratidin/media/media_files/2025/02/12/LuQhBMfEv8MWpcwcMC5d.jpg)
দেশৰ পৰ্যটন উদ্যোগত ভৰুণ হৈ পৰিছে উত্তৰ পূৰ্বাঞ্চল। বৃদ্ধি পাইছে এই অঞ্চলটোলৈ অহা দেশ, বিদেশৰ পৰ্যটকৰ সংখ্যা। অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ পৰ্যটকৰ আকৰ্ষণ বৃদ্ধিৰ কাৰণ কি? কি কি কাৰকে উত্তৰ পূৰ্বাঞ্চলক নতুকৈ উন্মোচিক কৰিছে? এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিনৰ এক বিশেষ প্ৰতিবেদন।
দেশৰ পৰ্যটন উদ্যোগত উত্তৰ পূৰ্বাঞ্চলৰ অৱদান পূৰ্বতকৈ বহু বৃদ্ধি পাইছে। পূৰ্বে দেশৰ আন আন প্ৰান্তৰ লোকসকলৰ পৰ্যটনৰ তালিকাত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ স্থান প্ৰায় নাছিল বুলিবই পাৰিব।
দেশৰ মূল ভূ-খণ্ডৰ পৰা আঁতৰত থকা উত্তৰ পূৰ্বাঞ্চলৰ এই অঞ্চলটোৰ অশান্ত পৰিবেশ, দুৰ্বল যোগাযোগ ব্যৱস্থা আদিয়ে এই অঞ্চলটোৰ পৰ্যটন ক্ষেত্ৰখনৰ বিকাশত প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছিল। তাৰোপৰি এই অঞ্চলটোৰ লোকসকলৰ প্ৰতি থকা ভ্ৰান্ত ধাৰণায়ো এই অঞ্চলটোৰ পৰ্যটন ক্ষেত্ৰখনক আগবঢ়াই নিয়াত বাধাৰ সৃষ্টি কৰিছিল।
কিন্তু সময়ৰ লগে লগে সকলো পৰিবৰ্তন হৈছে। এসময়ত দেশৰ পৰ্যটনৰ হটস্পটত আছিল গোৱা। এতিয়া সেই গোৱা পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থকা নাই। এতিয়া ঘৰুৱা আৰু বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে উত্তৰ পূৰ্বাঞ্চল।
গোৱাত হ্ৰাস পালে ৯৩ শতাংশ বিদেশী পৰ্যটকৰ সংখ্যা
গোৱালৈ বিদেশী পৰ্যটকৰ আগমণ যথেষ্ট হ্ৰাস পাইছে। যোৱা ১০ বছৰত গোৱালৈ আগমণ ঘটা বিদেশী পৰ্যটকৰ সংখ্যা ৯৩ শতাংশ হ্ৰাস পাইছে। ২০১৪ ত গোৱালৈ আগমণ ঘটিছিল ৬ মিলিয়ন বিদেশী পৰ্যটকৰ।
কিন্তু ২০২৩ ত এই সংখ্যা ৪০০,০০০ লৈ হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে উত্তৰ পূৰ্বাঞ্চললৈ যোৱা দিনসমূহত আগমণ ঘটনা পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। অৱশ্যে ইয়াৰ আঁৰত আছে বহু কেইটা কাৰণ।
উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি দেশ-বিদেশৰ পৰ্যটকসকলৰ আকৰ্ষণ বৃদ্ধি
শেহতীয়াকৈ দ্য নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদনত অসমক বিশ্বৰ পৰ্যটকৰ চতুৰ্থ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে নিৰ্বাচিত কৰা হৈছিল। ট্ৰেভেল প্লেটফৰ্ম স্কাইস্কেনাৰে প্ৰকাশ কৰা আন এক প্ৰতিবেদন 'Travel Trends Report 2025 ' ত মেঘালয়ৰ ৰাজধানী শ্বিলঙক ২০২৪ ৰ ভাৰতীয় ভ্ৰমণকাৰীৰ বাবে আটাইতকৈ জনপ্ৰিয় গন্তব্যস্থান হিচাপে চিনাক্ত কৰা হৈছিল।
ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে ভাৰতীয়সকলেই নহয়, ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল অন্বেষণ কৰাৰ বাবে বিশ্বৰ আন আন প্ৰান্তৰ লোকসকলো আগ্ৰহী হৈ পৰিছে। যিসময়ত কোভিড পৰিস্থিতিৰ পাছত বিভিন্ন দেশৰ পৰ্যটন উদ্যোগে এতিয়াও মূৰ দাঙি থিয় হৈ উঠিব পৰা নাই সেই সময়ত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন উদ্যোগে লাভ কৰিছে আকৌ ঈৰ্ষণীয় সফলতা।
ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০১৯ চনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ ৯৫ লাখ ঘৰুৱা দৰ্শনাৰ্থীযৰ আগমণ ঘটিছে। ২০২২ চনত এই সংখ্যা ১ কোটি, ১৮ লাখৰো অধিকলৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে কাজিৰঙাত দিয়া এক তথ্য অনুসৰি আকৌ উত্তৰ পূব ভাৰতে ২০২৩ পৰ্যটন বৰ্ষত ১২৫ লাখতকৈ অধিক ঘৰুৱা পৰ্যটকক আদৰণি জনাবলৈ সক্ষম হৈছে। ২০১৪ বৰ্ষৰ তুলনাত ২০২৩ ত ঘৰুৱা পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে ৭০ লাখ।
উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন উদ্যোগে নতুন মাত্ৰা পোৱাৰ আঁৰৰ কাৰণ
ভ্ৰমণ বিশেষজ্ঞসকলে উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন উদ্যোগে নতুন মাত্ৰা লাভ কৰাৰ ক্ষেত্ৰত বিভিন্ন দিশ পৰ্যালোচনা কৰি কেইবাটাও কাৰণ ব্যাখ্যা কৰিছে। এই অঞ্চলটোৰ প্ৰাকৃতিক দৃশ্য, খাদ্য প্ৰণালী, বৈচিত্ৰপূৰ্ণ জনগাঁথনি, চহকী পৰম্পৰাই যিদৰে পৰ্যটকক আকৰ্ষিত কৰি ঠিক সেইদৰেই আন কেতবোৰ কাৰকেও ইয়ত মুখ্য ভূমিকা পালন কৰে।
এই অঞ্চলটোৰ পৰ্যটনে নতুন মাত্ৰা লাভ কৰাৰ ক্ষেত্ৰত শেহতীয়াকৈ হোৱা আন্তঃগাঁথনিৰ বিকাশ, যোগাযোগ ব্যৱস্থাৰ উন্নতিকৰণ, শান্তি স্থাপন আদিয়ে উত্তৰ পূৰ্বাঞ্চললৈ পৰ্যটক অহাত যথেষ্ট সহায় কৰিছে। হোটেল ব্যৱসায়ী, টুৰিষ্ট অপাৰেটৰ সকলৰ মতে উত্তৰ পূৰ্বাঞ্চললৈ পৰ্যটকৰ আগমণ বৃদ্ধিৰ অন্যতম মূল কাৰণ হিচাপে উন্নত যোগাযোগ ব্যৱস্থাকেই চিহ্নীত কৰিছে।
ইজমাইট্ৰিপৰ মুখ্য কাৰ্যবাহী বিষয়া তথা সহ-প্ৰতিষ্ঠাপক ৰিকান্ত পিট্টিয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি যোগাযোগ ব্যৱস্থাৰ উন্নয়ন হোৱাৰ লগতে উন্নত আন্তঃগাঁথনি, বৰ্ধিত সংযোগ, বহনক্ষম পৰ্যটন নীতিয়ে এই অঞ্চলটোৰ পৰ্যটনক নতুন মাত্ৰা দিছে। মন কৰিবলগীয়া যে, UDAN আঁচনিৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলক আকাশী পথেৰে আন আন প্ৰান্তৰ সৈতে সংযোগ স্থাপন কৰা হৈছে। সেইদৰে ৰে’ল সংযোগো উন্নত হৈছে।
২০২৩ চনৰ মাৰ্চ মাহত ৰে’ল মন্ত্ৰালয়ে জনোৱা মতে, ২০২১-২২ বৰ্ষৰ ভিতৰত মুঠ ১,১৮১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১৪টা নতুন লাইন প্ৰকল্পৰ পৰিকল্পনা/অনুমোদিত/কাৰ্য্যকৰী কৰা হৈছে। ইয়াৰে ৩৬১ কিলোমিটাৰ কাৰ্যকৰী কৰা হৈছে, উত্তৰ-পূব অঞ্চলত।
পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়েও উত্তৰ পূৰ্বাঞ্চলত ৫১৩৭ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়নৰ কাম গ্ৰহণ/অনুমোদিত কৰিছে। উন্নত পথ পৰিবহণ ব্যৱস্থায়ো দেশৰ আন প্ৰান্তৰ সৈতে যোগাযোগ ব্যৱস্থাক উন্নত কৰিছে।
অফ-বিট ভ্ৰমণৰ প্ৰতি থকা আকৰ্ষণ
পৰ্যটকসকলে সাধাৰণতে ভ্ৰমণৰ বাবে শান্তি আৰু নিৰিবিলি পৰিবেশ ভাল পায়। অধিক হুলস্থুলীয়া আৰু ভিৰ পৰিবেশ এৰি চলিব বিচাৰে। সেয়ে বহুতৰ বাবে উত্তৰ পূৰ্বাঞ্চল পচন্দৰ গন্তব্যস্থান হৈ পৰিছে। অফ-বিট ভ্ৰমণৰ প্ৰতি থকা আগ্ৰহীসকলৰ পচন্দৰ স্থান উত্তৰ পূব ভাৰত।
ট্ৰেভেল ব্লগাৰসকলে নতুনকৈ আৱিষ্কাৰ কৰিছে উত্তৰ পূৰ্বাঞ্চলক
সামাজিক মাধ্যমৰ অগ্ৰগতিৰ লগে লগে বিভিন্ন ক্ষেত্ৰলৈ পৰিবৰ্তন আহিছে। সামাজিক মাধ্যমক এক প্লেটফৰ্ম হিচাপে লৈ ট্ৰেভেল ব্লগিং কৰা ব্লগাৰসকলে সদায় নতুন নতুন ঠাই আৱিষ্কাৰৰ বাবে চেষ্টা চলাই। নতুন ঠাই কিদৰে সাধাৰণ লোকৰ সন্মুখত তুলি ধৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়ে।
শেহতীয়াকৈ দেশ, বিদেশৰ এনে ট্ৰেভেল ব্লগাৰসকলৰ বিচৰণস্থলী হৈ পৰিছে উত্তৰ পূৰ্বাঞ্চল। তেওঁলোকৰ কেমেৰাত বন্দী হৈছে উত্তৰ পূৰ্বাঞ্চলৰ নৈসৰ্গিক পৰিবেশ। এই প্ৰাকৃতিক পৰিবেশে বিশ্ববাসীক উত্তৰ পূ্ৰ্বাঞ্চলৰ প্ৰতি আগ্ৰহী কৰি তুলিছে।
এফালে যদি ব্লগাৰসকলে শ্বিলঙৰ চেৰী ফুলৰ সৌন্দৰ্যক তুলি ধৰিছে আনফালে আকৌ মেঘালয়ৰ সেউজীয়া পাহাৰ, প্ৰাকৃতিক গোহা, ঝৰ্ণ আদিকো তুলি ধৰিছে। এফালে যদি ছিকিমৰ বৰফাবৃত শৃংগৰ সৌন্দৰ্য কেমেৰাত বন্দী কৰি বিশ্ববাসীলৈ এৰি দিছে আনফালে আৰৌ নাগালেণ্ড, মিজোৰাম, মণিপুৰ আদিৰো আকৰ্ষণীয় সৌন্দৰ্যও পোহৰলৈ আহিছে।
অৰুণাচলৰ নামনিৰ পৰা একেবাৰে শীৰ্ষত থকা টাৱাঙলৈ যি বৈচিত্ৰময় পৰিবেশ আৰু ইয়াৰ সৌন্দৰ্য সেয়াও বিশ্ববাসীয়ে দেখিছে। অসমৰ কাজিৰঙা, মাজুলী, ডিমা হাছাও আদিৰ পৰিবেশো বিশ্বজুৰি ট্ৰেভেল ব্লগাৰসকলৰ কেমেৰাত বন্দী হৈছে। এইবোৰ দেখিয়েই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে পৰ্যটকৰ।
আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰতি দেশৰ আন প্ৰান্তৰ লোকসকলক যি ভ্ৰান্ত ধাৰণা আছিল সেই ধাৰণাক অসত্য বুলি প্ৰমাণ কৰি দেখুৱালে এই ব্লগাৰসকলে। তেওঁলোকৰ প্ৰতিটো ভ্ৰমণ কাহিনীত বৰ্ণনা হৈছে কেৱল ইতিবাচক কাহিনী।
বলিউডেও গুৰুত্ব দিছে উত্তৰ পূৰ্বাঞ্চলক
ভাৰতীয় চলচ্চিত্ৰ উদ্যোগ বলিউডে দেশৰ আন আন প্ৰান্তক যিদৰে গুৰুত্ব দিয়ে সেইদৰে উত্তৰ পূৰ্বাঞ্চক গুৰুত্ব দিয়া দেখা নগৈছিল। কিন্তু এতিয়া পৰিস্থিতি সলনি হৈছে। বলিউডো উঠি আহিছে উত্তৰ পূৰ্বাঞ্চললৈ।
জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা ৱেব ছিৰিজ 'পাতাল লোক- ছিজন ২' নাগালেণ্ডক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে। বৰুণ ধাৱান, কৃতি ছেননৰ দ্বাৰা অভিনীত 'ভেড়িয়া', কংগনা ৰাণাৱটৰ 'ইমাৰজেঞ্চি' আদি ছবিৰ দৃশ্যগ্ৰহণ হৈছে উত্তৰ পূৰ্বাঞ্চলত। তাৰোপৰি কামাখ্যা মন্দিৰলৈ সঘনে আগমণ ঘটিছে বলিউডৰ জনপ্ৰিয় অভিনেতা, অভিনেত্ৰী, পৰিচালক আদিৰ।
অসমৰ খাদ্যও জনপ্ৰিয় হৈছে বিশ্বজুৰি
ৰাষ্ট্ৰীয় টেলিভছনৰ পৰা আৰম্ভ কৰি ছ’চিয়েল মিডিয়ালৈকে এতিয়া সকলোতে অসমৰ খাদ্য প্ৰণালী চৰ্চাৰ বিষয়। এই চৰ্চায়েও অসমৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পাইছে। অসমৰ মাছৰ টেঙা, কম মছলা দিয়া আমিষ খাদ্য, কাজি নেমু আদিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয়তা লাভ কৰিছে।
কেৱল অসমৰে নহয়, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰে আছে নিজা খাদ্যাভ্যাস।এই খাদ্যাভ্যাস দেশৰ আন ৰাজ্যৰ তুলনাত সম্পূৰ্ণ বিপৰীত। এই সকলোবোৰৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলত আছে নানান চহকী সংস্কৃতি। প্ৰতিখন ৰাজ্যৰে আছে নিজা নিজা কৃষ্টি, সংস্কৃতি। উত্তৰ পূৰ্বাঞ্চলে এগৰাকী পৰ্যটকে বিচৰা সকলো উপাদান দিব পাৰে।
এগৰাকী পৰ্যটকে বিচৰা সকলো উপাদান দিব পাৰে উত্তৰ পূৰ্বাঞ্চলে
এগৰাকী পৰ্যটকে বিচৰা সকলো সমল আছে উত্তৰ পূৰ্বাঞ্চলত। যদি অধ্যাত্মিক পৰিবেশৰ মাজত কিছু সময় অতিবাহিত কৰোঁ বুলি ভাবে তেন্তে বিমান বন্দৰৰ পৰা নামিয়েই চিধাই আহিব পাৰে মা কামাখ্যা ধামলৈ। যদি ইতিহাস অন্বেষণ কৰোঁ বুলি ভাবে তেন্তে উত্তৰ গুৱাহাটীত এপাক ঘূৰি দিলেই ইতিহাসৰ ভৰপূৰ সমল বিচাৰি পোৱা যাব।
বন্য জীৱ-জন্তুক কাষৰ পৰা চাবলৈ তেওঁলোকে গুৱাহাটীৰ পৰা চিধাই যাব পাৰে কাজিৰঙা, মানাহ, পবিতৰা, ওৰাং আদিলৈ। মাজুলীলৈ গ'লে প্ৰাণ ভৰি পৰে পৰ্যটকৰ। এফালে যিদৰে সত্ৰ সংস্কৃতি, সেইদৰে ঐনিতমৰ টান। ইয়াত আছে দুহাত মেলি আকালৈ চাবলৈ ব্ৰহ্মপুত্ৰৰ বিশাল বালিচৰ, মতলীয়া হ'বলৈ চাং ঘৰ আৰু ছাই মদ।
মাজুলীৰ সৌন্দৰ্য চাই বিশাল পাহাৰৰ বুকুত হেৰাই যাবলৈ কাষতে আছে অৰুণাচল। বৈচিত্ৰমণয় অৰুণাচলত এফালে যিদৰে সেউজীয়া পাহাৰ, ঝৰ্ণাৰ সৌন্দৰ্য ঠিক সেইদৰেই আছে টাৱাঙত বৰফৰ দলিচা।
অৰুণাচলৰ পৰা নামি শদিয়া হৈ আকৌ অসমত সোমাই তিনিচুকীয়া, ডিব্ৰুগড়ত সোমাই শিৱসাগৰত ৰ'ব পাৰে। শিৱসাগৰ, চৰাইদেউত গৌৰৱ উজ্জ্বল আহোম শাসনৰ সোণোৱালী সময়খিনিক অনুভৱ কৰিব পাৰি।
গুৱাহাটীৰ পৰাই আকৌ মন গ'লে ৰে'লেৰে ডিমাপুৰলৈ গৈ নাগালেণ্ডখন ঘূৰি আহিব পাৰি। অথবা টেক্সি এখন লৈ শ্বিলং, মেঘালয়লৈ যাব পাৰে। ইচ্ছা কৰিলে মিজোৰাম, ছিকিম, মণিপুৰলৈয়ো যাব পাৰে পৰ্যটকসকল। এই গোটেই অঞ্চলটোত তেওঁলোকে প্ৰকৃতিৰ সকলো উপাদান বিচাৰি পাব। সেয়ে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰলৈ পৰিণত হৈছে এই অঞ্চলটো।