বিধায়ক, মাফিয়াৰ ভয়ত অৰণ্যত বন্য জীৱন কটাইছে আদিবাসী পৰিয়ালে

অসম চৰকাৰে মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিহীনক পট্টা দিয়াৰ ব্যৱস্থা হাতত লোৱাৰ সময়তে শাসকীয় গেৰুৱা দলৰ বিধায়কে সহজসৰল আদিবাসী পৰিয়ালৰ ভূমি দখল কৰি ভূমাফিয়াৰ ৰূপত অৱতীৰ্ণ হৈছে।

author-image
Asomiya Pratidin
New Update
বিধায়ক, মাফিয়াৰ ভয়ত অৰণ্যত বন্য জীৱন কটাইছে আদিবাসী পৰিয়ালে

এফালে অসম চৰকাৰে ভূমিহীনক দিছে ভূমিৰ পট্টা আনফালে শাসকীয় দলৰে বিধায়কে দৰিদ্ৰৰ ভূমি বেদখল কৰি বেআইনী ভাৱে নিজৰ নামলৈ নিছে। বিধায়ক, মাফিয়াৰ ভয়ত অৰণ্যত বাস কৰিছে ভয়াতুৰ আদিবাসী পৰিয়ালে। ভূ-মাফিয়াৰ ৰূপ ধাৰণ কৰা এনে এগৰাকী বিধায়ক আৰু ভূমিহীন আদিবাসী পৰিয়ালৰ কৰুণ গাঠাৰে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এই বিশেষ প্ৰতিবেদন। 

Advertisment


যিসময়ত ৰাজ্য চৰকাৰে মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে ভূমিহীনসকলক ভূমিৰ পট্টা দিয়াৰ ব্যৱস্থা হাতত লৈ জয়ঢোল বজাইছে, সেই সময়তে শাসকীয় গেৰুৱা দলৰ এগৰাকী বিধায়কে সহজসৰল আদিবাসী পৰিয়ালৰ ভূমি দখল কৰি ভূ-মাফিয়াৰ ৰূপত অৱতীৰ্ণ হৈছে। এই ভূ-মাফিয়া ৰূপী বিধায়কৰ শোষণৰ ফলতে দৰিদ্ৰ আদিবাসী পৰিয়াল বাসিন্দা হৈছে অৰণ্যৰ। প্ৰাণৰ মমতাত অৰণ্যতে বন্য জীৱন অতিবাহিত কৰিবলৈ বাধ্য হৈছে তেওঁলোক।

এইগৰাকী ভূ-মাফিয়াৰূপী বিধায়কৰ নাম গণেশ কুমাৰ লিম্বু। অসম বিধানসভাত ৭২ নং বৰছলা বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা লিম্বুৰ মাফিয়াগিৰীত সন্ত্ৰস্ত হৈ সোণাই ৰূপাই অভয়াৰণ্যত আশ্ৰয় লোৱা ভূমিহীন পৰিয়ালে এতিয়া বিচাৰিছে ন্যায়। বিচাৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ। 
অভিযোগ অনুসৰি বিধায়ক গণেশ কুমাৰ লিম্বুৱে শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহচক্ৰৰ মেজেংজুলি গাঁৱৰ কেইবাটাও পৰিয়ালৰ ভূমি ভয়-ভাবুকি আৰু চক্ৰান্তৰে নিজৰ নামলৈ আনিছে। এই ক্ষেত্ৰত তেওঁক সহযোগ কৰিছে আলম নামৰ আন এটা ভূ-মাফিয়া তথা ঠেলামৰা ৰাজহ চক্ৰ কাৰ্যালয়ৰ একাংশ কৰ্মচাৰীয়ে।

নিজৰ ভূমি হেৰুৱাই আদিম মানৱৰ দৰে অৰণ্যলৈ উভতি যাবলগীয়া হোৱা ভুক্তভোগীসকলে আমাৰ হাতত সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তথ্য দাঙি ভাষ্য প্ৰদান কৰিছে। সেই তথ্য অনুসৰি ঠেলামৰা ৰাজহ চক্ৰৰ মিছামাৰী মৌজাৰ মেজেংজুলি গাঁৱৰ ১১৯ নম্বৰ দাগৰ ভূমিৰ প্ৰকৃত গৰাকী আছিল মণ্টু ওৰাং। 

বিধায়ক, মাফিয়াৰ ভয়ত অৰণ্যত বন্য জীৱন কটাইছে আদিবাসী পৰিয়ালে

১১৯ নম্বৰ দাগৰ ভূমিখিনি আছিল মণ্টুৰ পিতৃ শুকৰা ওৰাঙৰ নামত। কিন্তু স্থানীয় ভূ-মাফিয়া আলমে বিধায়ক গণেশ কুমাৰ লিম্বুৰ লগলাগি এবিঘাতকৈ অধিক ভূমি নিজৰ দখললৈ নিয়ে। ফলত ভূমিহীন হৈ পৰে এই পৰিয়ালটো। তাৰোপৰি পৰিয়ালটো বিধায়কৰ আশীৰ্বাদপুষ্ট ভূ-মাফিয়া আলমৰ ভয়ত সন্ত্ৰস্ত্ৰ হৈ সোণাই ৰূপাই অভয়াৰণ্যলৈ গুছি যাবলৈ বাধ্য হয়। 

অসম বিধানসভাত সমষ্টিবাসীৰ হৈ এষাৰ মাত মতাৰ নজিৰ নথকা নিমাতী কইনা সদৃশ বিধায়ক গণেশ কুমাৰ লিম্বুৱে দখল কৰা এই ভূমি পৰৱৰ্তী সময়ত ভূমি পট্টা সংশোধন কৰাই ২০১৬ ত ঠেলামৰা ৰাজহ চক্ৰৰ তদানীন্তন চক্ৰ বিষয়া আৰু মণ্ডল কানানগুক মেনেজ কৰি ১১৯ নম্বৰ দাগৰ ভূমি লোকপ্ৰসাদ শৰ্মাৰ নামত বেআইনীভাৱে নামজাৰি কৰে।

মন কৰিবলগীয়া যে, মেজেংজুলিৰ সেই অঞ্চলত পূৰ্বে নাছিল এটাও নেপালী সম্প্ৰদায়ৰ পৰিয়াল। এই অঞ্চলটোত বছৰ বছৰ ধৰি মূলতঃ দৰিদ্ৰ আদিবাসী সম্প্ৰদায়ৰ লোকেই বাস কৰি আহিছিল। কিন্তু এই দৰিদ্ৰ আদিবাসী পৰিয়াল কেইটাৰ ভূমিত বিধায়কৰ সেন চকু পৰাত স্থানীয় ভূ-মাফিয়া আলমৰ সহায়ত এতিয়া তাৰ বহু ভূমি নিজৰ দখললৈ নিবলৈ সক্ষম হৈছে। তাত এতিয়া স্থাপন কৰা হৈছে চাহ বাগিচাও।

বিধায়ক, মাফিয়াৰ ভয়ত অৰণ্যত বন্য জীৱন কটাইছে আদিবাসী পৰিয়ালে

একেদৰে ফাগু মুণ্ডা নামৰ লোকজনৰ দুটা দাগত থকা প্ৰায় ৫ বিঘা ৪ কঠা আৰু ৭ বিঘা ১ কঠা ভূমিও দখল কৰিছে বিধায়কৰ ঘনিষ্ঠ আলমে৷ এই লোকজনৰ পৰিয়ালটোৱেও এতিয়া সোণাই ৰূপাইৰ জংঘলতে ঘৰ পাতিছে।  

গণেশ লিম্বু
বিধায়ক গণেশ কুমাৰ লিম্বুৱে দখল কৰিলে মাটি, ভূমিহীন হ'ল একে পৰিয়ালৰ তিনি প্ৰজন্ম

 

মন কৰিবলগীয়া যে, বিধায়ক গণেশ কুমাৰ লিম্বুৰ ভূমি বেদখলৰ এক বাতৰি প্ৰথমে প্ৰতিদিন টাইমত প্ৰচাৰ হৈছিল। তাৰ পাছতেই বিধায়ক গণেশ লিম্বুৱে ক্ষমতাৰ বলত কিদৰে ভূ-মাফিয়াৰ ৰূপ ধাৰণ কৰিছে সেই দস্তাবেজৰ এটা এটা পৃষ্ঠান পোহৰলৈ আহিবলৈ ধৰিছে।

মেজেংজুলিৰ শুকৰা ওৰাং নামৰ লোকজনৰ বোৱাৰীয়েকগৰাকীয়ে কোলাত কেচুৱা লৈ অতি দুখেৰে অভিযোগ কৰি কয়, বিধায়ক গণেশ কুমাৰ লিম্বুৱে চক্ৰান্ত কৰি তেওঁলোকৰ ভূমি তেওঁৰ নামলৈ নিছে। আলম নামৰ ভূ-মাফিয়াগৰাকীয়ে সেই ভূমি গণেশ লিম্বুৰ নামলৈ নিয়াত সহায় কৰিছে। 

বিধায়ক, মাফিয়াৰ ভয়ত অৰণ্যত বন্য জীৱন কটাইছে আদিবাসী পৰিয়ালে
ভূ-মাফিয়া আলম

 

তেওঁ কোৱা মতে তেওঁলোকৰ ভূমি দেউতাকে বিক্ৰী কৰা নাছিল। সেয়ে তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কৰজোৰে আবেদন কৰিছে ঘূৰাই দিব লাগে তেওঁলোকৰ ভূমি। অতি সহজ সৰল এই আদিবাসী লোকসকল এইদৰেই এতিয়া জনপ্ৰতিনিধিৰ দ্বাৰাই শোষণৰ বলি হৈছে। 

ফাগু মুণ্ডাৰ পুত্ৰ শুকৰা মুণ্ডাই কোৱা মতে তেওঁলোকৰ পিতৃয়ে এসময়ত আলমৰ ঘৰত লগুৱা হিচাপে কাম কৰিছিল। তেওঁলোকৰ খেতিখোলা কৰিছিল। সেই সুযোগতে আলমে ফাগু মুণ্ডাক আলমৰ মাটিৰ সৈতে নিজৰ মাটিখিনিৰো একেলগে খেতি কৰিবলৈ কৈছিল। 

ইয়াৰ বিনিময়ত তেওঁ আধি হিচাপে কিছু ধান দিয়াৰ কথা আছিল। কিন্তু সময়ত সেই ধানো নিদিলে আৰু মাটিৰ কাগজখিনিও চক্ৰান্তৰে নিজৰ হাতলৈ নিয়ে। তাৰ পাছতে তেওঁলোকে হেৰুৱালে নিজৰ ভূমি। আৰু কাগজে পত্ৰয়ে সেই ভূমিৰ গৰাকী হয় গণেশ কুমাৰ লিম্বু। 

এইদৰেই এতিয়া অতি সহজ সৰল দৰিদ্ৰ আদিবাসী পৰিয়ালৰ ভূমি চলে বলে কৌশলে নিজৰ দখললৈ নিয়াত নিমজ্জিত হৈছে বিধায়ক গণেশ কুমাৰ লিম্বু। ৰাইজৰ সমস্যা সমাধান, অসম বিধানসভাত জনতাৰ কণ্ঠক উত্থাপন কৰাৰ ক্ষেত্ৰত সময়ে সময়ে মোকবধিৰ হৈ পৰা গণেশ কুমাৰ লিম্বুৰ শান্ত-সমাহিত ৰূপটোৰ আঁৰত থকা ভূ-মাফিয়াৰ এই ভয়ংকৰ ৰূপটো উন্মোচিত হোৱাৰ লগে লগে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

বিধায়ক, মাফিয়াৰ ভয়ত অৰণ্যত বন্য জীৱন কটাইছে আদিবাসী পৰিয়ালে
বিধায়কৰ পৰা ভূ-মাফিয়ালৈ পৰিণত হোৱা গণেশ কুমাৰ লিম্বু

 

অতি দৰিদ্ৰ এই আদিবাসী পৰিয়াল কেইটাৰ ভূমি দখল কৰি অৰণ্যলৈ যাবলৈ বাধ্য কৰা গণেশ কুমাৰ লিম্বুৱে নিজ চৰকাৰৰে নীতিৰ বিৰুদ্ধে যোৱা বুলিও চৰ্চা হৈছে। কিয়নো অসম চৰকাৰে ভূমিহীন পৰিয়ালক ভূমিৰ পট্টা দিয়াৰ বাবে মিছন বসুন্ধৰা আঁচনি ৰূপায়ণ কৰি ইয়াৰ সফলতাৰ জয়ঢোল কোবাইছে। 

য়াৰ বিপৰীতে ভূমি থকা দৰিদ্ৰ পৰিয়ালক ভূমিহীন কৰি অৰণ্যলৈ পঠিওৱাত নামিছে বিধায়ক লিম্বু। এতিয়া প্ৰশ্ন হৈছে এইগৰাকী ভূ-মাফিয়া ৰূপী বিধায়কৰ দখলৰ পৰা দৰিদ্ৰ লোকসকলৰ ভূমি উদ্ধাৰ কৰি পুনৰ গতাই দিয়াৰ ব্যৱস্থা ল’বনে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই?

নিশাৰ ভিতৰতে মাটিৰ দালালক আৰক্ষী থানালৈ চোচৰাই আনি ৰাজ্যৰ পৰা মাটিৰ দালাল নোহোৱা কৰাৰ পণ লোৱা মুখ্যমন্ত্ৰীয়ে নিজ দলৰে বিধায়কৰ বিৰুদ্ধে ল'ব পাৰিবনে তেনে কঠোৰ সিদ্ধান্ত? স্থানীয় ৰাইজে কিন্তু আশাৰে বাট চাইছে ড০ শৰ্মাৰ পদক্ষেপলৈ।   

ভূ-মাফিয়া গণেশ কুমাৰ লিম্বু