/asomiyapratidin/media/media_files/2025/02/24/o9FQzYtyEcfMrY6EtV3p.jpg)
চাহ বাগিচাৰ শাৰী শাৰী গছ নে পখিলা? কি বুলি ক’ব পাৰি সেই জাক জাক ঝুমইৰ নৃত্য শিল্পীক? আৰম্ভণিতে দুয়োহাত ওপৰলৈ দাঙি সুধাকণ্ঠৰ ‘অসম আমাৰ ৰূপহী’ গীতৰ তালে তালে হালি জালি অভিবাদন জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বাগানৰ সেই ৰূপহী জাকে।
তাৰ পাছত যেতিয়া তেওঁলোকৰ প্ৰাণ স্পন্দন ঝুমইৰ প্ৰদৰ্শন কৰিলে সেই দৃশ্যৰ বৰ্ণনা ভাষাৰে সম্ভৱ নহয়। বাগানৰ সেই পখিলাজাকে এক নিৰ্দিষ্ট ছন্দত প্ৰাণ ঢালি নাচিলে। সকলো দৃশ্য দেখি অবাক হৈ ৰ’ল স্বয়ং প্ৰধানমন্ত্ৰী।
সৰুসজাইত আজি এক নতুন ইতিহাসৰ সূচনা হ’ল। ইমান দিনে ২০০ বছৰীয়া শোষণ, বঞ্চনাৰ কৱলত থকা এই শ্ৰমজীৱি লোকসকলক যেন ন্যায়হে দিলে অসম চৰকাৰে। ঝুমইৰ নৃত্য পৰিবেশন কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে বাগানৰ লাইনৰ ভূমিৰ অধিকাৰ প্ৰদানৰ যি ঐতিহাসিক ঘোষণা কৰিলে সেই ঘোষণাই যেন তেওঁলোকৰ দুটা শতিকাৰ বহ যন্ত্ৰণাই শেষ কৰি পেলালে।
২০০ বছৰৰ পূৰ্বেই অসমত উদ্যোগীকৰণৰ পাতনি মেলা এই শ্ৰমজীৱি লোকসকলক আজি আনুষ্ঠানিক ভাৱে কৃতজ্ঞতা জনালে মুখ্যমন্ত্ৰীয়ে। এয়া তেওঁলোৰ প্ৰাপ্য। এই প্ৰাপ্যৰ পৰাই বঞ্চিত হৈ আছিল তেওঁলোক।
আমি ইয়াৰ পূৰ্বৰ দুখনকৈ প্ৰতিবেদনত কৈছিল চাহ জনগোষ্ঠীৰ শোষণ আৰু বঞ্চনাৰ কথা। কৈছিলো অসমীয়া জাতিসত্বাত নিজকে বিলীন কৰি দিয়া এই জাতিটো আজিও তথাকথিত মূল অসমীয়া সমাজখনৰ পৰা আঁতৰত। একাংশ পৃথকতাবাদী জনগোষ্ঠীৰ চিন্তাৰ বিপৰীতে তেওঁলোক মনে প্ৰাণে হৈ পৰিছে অসমীয়া। আজি মুখ্যমন্ত্ৰীয়েও আনুষ্ঠানিকভাৱে সেই কথা স্বীকাৰ কৰি তেওঁলোকক কৃতজ্ঞতা জনালে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিদেশমন্ত্ৰী এছ জয় শংকৰ, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক ছাহা, পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি অসম চৰকাৰৰ সকলো মন্ত্ৰী, সাংসদ আদিৰ উপস্থিতিত আজি ৮,৮০০ ৰো অধিক শিল্পীয়ে পৰিবেশন কৰিলে ঝুমইৰ নৃত্য।
সেই বিনন্দীয়া অপৰূপ দৃশ্য স্বচক্ষে উপভোগ কৰিলে ৬০ খন দেশৰ ২০০ ৰো অধিক প্ৰতিনিধিয়ে। ৰাষ্ট্ৰীয় সংগীত আৰু অসম সংগীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীৰ হাতত মুখ্যমন্ত্ৰীয়ে তুলি দিলে তীৰ-ধনু আৰু জৈৱিক চাহ ভৰ্তি টুকৰি।
অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধনী ভাষণত চাহ জনগোষ্ঠীৰ গৌৰৱময় ইতিহাসক সোঁৱৰণ কৰি অসমৰ জাতি গঠন প্ৰক্ৰিয়াত এই জনগোষ্ঠীটোৰ ভূমিকাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিলে। তেওঁ কয়, অসমৰ জাতীয় জীৱনৰ ইতিহাসত আজি এক অমৃত উজ্জ্বল দিন। প্ৰায় ২০০ বছৰ পূৰ্বে জীৱিকাৰ তাগিদাত অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, উৰিষ্যা, ঝাৰখণ্ড, ছত্তিশগড়, বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এচাম উদ্যমী, কৰ্মথ ভাৰতীয়ৰ অসম ভূমিলৈ আগমণ হৈছিল।
এইসকল লোকে অসমলৈ আহি, অসমকে নিজৰ মাতৃভূমি বুলি গ্ৰহণ কৰি সময়ৰ সোঁতত হাড়ে হিমজুৱে অসমীয়া হৈ পৰিলে। অসমৰ চাহ উদ্যোগৰ প্ৰসাৰৰ ক্ষেত্ৰত তেওঁলোকে মূল ভূমিকা লৈ ২০০ বছৰ আগতেই অসমত উদ্যোগীকৰণৰ ভেঁটি নিৰ্মাণ কৰিলে।
বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অমূল্য অৱদান আগবঢ়ায় কলা, সংস্কৃতি, ৰীতি-নীতিৰে অসমৰ চাহ বাগিছা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকলে অসমীয়া জাতিক সমৃদ্ধ কৰিলে। কালক্ৰমত তেওঁলোকে চাহ জনগোষ্ঠী- আদিবাসী হৈ পৰিলে।
তেওঁ কয়, অসমৰ চাহ উদ্যোগৰ ২০০ বছৰীয়া গৌৰৱময় ইতিহাসৰ সোঁৱৰণ আৰু জনগোষ্ঠীটোৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তাৰ আন্তৰিক প্ৰয়াস হিচাপে আজি আমি এই পবিত্ৰ স্থানত ৮ হাজাৰ, ৮০০ ৰো অধিক যুৱক-যুৱতীৰ দ্বাৰা অসমৰ চাহ জনগোষ্ঠীৰ হৃদয়ৰ স্পন্দন ঝুমইৰ নৃত্য প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছো। তেওঁ চাহ জনগোষ্ঠীয়ে অসমকে নিজৰ ঘৰ কৰি লোৱাৰ সেই অমৃত বাণীও সোঁৱৰণ কৰে। তেওঁ কয়, -‘’আছাম মৰলে হামৰাও মৰব, কোনো ভুল নাইৰে, জীৱনে মৰণে আছাম হামৰা, সোণাৰ আছাম দেশৰে’’- এয়া অসমৰ চাহ গোষ্ঠী লোকৰ হৃদয়ৰ স্পন্দন।‘’
তাৰোপৰি মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত সোঁৱৰণ কৰিলে স্বাধীনতা আন্দোলনৰ প্ৰথম মহিলা ছহিদ তেজপুৰৰ মাল্টি মেম, অসম আন্দোলনৰ ছহিদ বাধানা ওৰাং আদিকো।
আজিৰ এই ঝুমইৰ প্ৰদৰ্শনৰ জৰিয়তেই তেওঁ অসমৰ চাহ বাগিচা আৰু আদিবাসী লোকলৈ অসমবাসীয়ে কৃতজ্ঞতা জনোৱা বুলি কয়। তেওঁ কয়, ৩ কোটি ৫০ লাখ লোকে অসমৰ চাহ জনগোষ্ঠী আৰু আদিবাসীলোকলৈ এইদৰেই কৃতজ্ঞতা জ্ঞাপন কৰিছো, আমাৰ কৃতজ্ঞতা গ্ৰহণ কৰিব।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই তেওঁৰ ভাষণত আজি চাহ বাগিচাৰ যুৱক-যুৱতীৰ বাবে ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত ৩ শতাংশ সংৰক্ষণৰ কথা, চাহ বাগানত হাইস্কুল নিৰ্মাণ কৰা, ৩০০ তকৈ অধিক আয়ুষ্মাণ আৰোগ্য মন্দিৰ নিৰ্মাণৰ কথাও ক’লে। তাৰ পাছতেই তেওঁ কৰে এক ঐতিহাসিক ঘোষণা।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ জনতাক সন্মুখত লৈ তেওঁ প্ৰতিশ্ৰুতি দি কয়, সময়ৰ লগত আপোনালোকৰ লগত আমি একেলগে কাম কৰি অসমৰ চাহ বাগিচাৰ লাইনত বাস কৰা প্ৰতিগৰাকী চাহ শ্ৰমিকক সেই মাটিৰ অধিকাৰ প্ৰদান কৰিম। চাহ বাগিচাৰ লাইনৰ মাটি চাহ বাগিচা সম্প্ৰদায়ৰ হ’ব।
তাৰোপৰি তেওঁৰ ভাষণত প্ৰধানমন্ত্ৰী মোডীকো কৃতজ্ঞতা জনায়। চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি, অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি আৰু নামৰূপ সাৰ কাৰখানাৰ বৰ্ধিত প্ৰকল্পৰ বাবে মোডীক কৃতজ্ঞতা জনাই।
প্ৰধানমন্ত্ৰী মোডীয়েও এই বিষয়সমূহ তেওঁৰ ভাষণত উল্লেখ কৰে। মোডীয়ে নিজৰ ভাষণত আৰম্ভণিতে কয়, সবাইকে আমাৰ জহাৰ। তাৰোপৰি তেওঁ অসমীয়াতে সকলোকে ওলগ জনাই কয়, মই আনন্দিত হৈছো। ঝুমইৰ নৃত্যৰ এই প্ৰস্তুতিত চাহ বাগানৰ সুগন্ধও আছে তাৰ সৌন্দৰ্যও আছে। সেই সৌন্দৰ্য আৰু সুগোন্ধক চাহৰ সৈতে জড়িত লোকৰ বাহিৰে আন কোনে উপলব্ধি কৰিব পাৰে? ঝুমইৰ আৰু বাগান সংস্কৃতিৰ সৈতে আপোনাৰ যেনে বিশেষ সম্পৰ্ক আছে তেনেদৰে মোৰো আছে।
বিহুৰ ৰেকৰ্ডৰ অদ্ভুত দৃশ্যৰ দৰেই ঝুমইৰৰ দৃশ্যও উপভোগ কৰিবলৈ উৎকণ্ঠিত হৈছো। এই প্ৰস্তুতিৰ বাবে হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছো। বাগানীয়া ভাষাতে সকোলোকে শুভেচ্ছা জনাই তেওঁ পুনৰ কয়, যেতিয়া অসম আৰু পূৰ্বোত্তৰৰ বিকাশ উপক্ষিত হৈছিল তেতিয়া ইয়াৰ সংস্কৃতিকো একাষৰীয়া কৰা হৈছিল। এতিয়া এই অঞ্চলটোৰ সংস্কৃতিক ব্ৰেণ্ড এম্বেছদৰ স্বয়ং মোডী হৈ পৰিল। মই কাজিৰঙাত বাস কৰা তাৰ জৈৱ বৈচিত্ৰক বৰ্ণনা কৰা মই প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী।
আমি কিছু মাহৰ আগতে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিছিলো। অসমীয়া লোকে এই ভাষাৰ সন্মানৰ অপেক্ষা দশক ধৰি কৰি আহিছিল। সেইদৰেই চৰাইদেউ মৈদামক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত চামিল কৰা হ’ল।
ইয়াতো ভাজপা চৰকাৰৰ প্ৰয়াসৰ বৃহৎ ভূমিকা আছিল। অসমৰ গৌৰৱ বীৰ পুত্ৰ লাচিত বৰফুকন, যিয়ে মোগলৰ সৈতে যুদ্ধ অসমৰ সংস্কৃতি আৰু পৰিচয়ক ৰক্ষা কৰিছিল তেওঁৰো ৪০০ বছৰীয়া জন্ম জয়ন্তীকো ইমান ব্যাপক ৰূপত আয়োজন কৰিছিলো যে গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীতো তেওঁক চামিল কৰিছিলো। সমগ্ৰ দেশে তেওঁক নমন কৰিছিল। অসমতো তেওঁৰ ১২৫ ফুঠ ওখ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে।
সেইদৰেই আদিবাসী সমাজৰ বাবে আমি জনজাতীয় গৌৰৱ দিৱস উদযাপনৰ ব্যৱস্থা কৰিছো। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ জী স্বয়ং নিজেই আদিবাসী সমাজৰ সন্তান। দেশত জনজাতীয় সমাজৰ যি নায়ক, নায়িকা আছিল তেওঁলোকৰ অৱদানক অমৰ কৰিবলৈ আদিবাসী মিউজিয়াম নিৰ্মাণ কৰা হৈছে।
ভাজপা চৰকাৰে অসমৰ বিকাশো কৰি আছে আৰু ইয়াৰ চাহ জনগোষ্ঠীৰ সেৱাও কৰি আছে। বাগানৰ কৰ্মচাৰীৰ আয় বিকাশৰ বাবে বনাচৰ ঘোষণা কৰা হৈছে। বিশেষকৈ বাগানত কাম কৰা আমাৰ ভনী, জীয়ৰীৰ গৰ্ভাৱস্থাৰ সময়ত তেওঁলোকৰ সন্মুখত আয়ৰ সমস্যাৰ সৃষ্টি হৈছিল।
আজি তেনে প্ৰায় ডেৰ লাখ মহিলাক গৰ্ভাৱস্থাত ১৫ হাজাৰ টকাকৈ সাহায্য দিয়া হৈছে। তেওঁলোকৰ সুস্থ স্বাস্থ্যৰ বাবে অসম চৰকাৰে চাহ বাগানত ৩৫০ ৰো অধিক আয়ুষ্মান আৰোগ্য মন্দিৰ খুলিছে। চাহ জনগোষ্ঠীৰ শিক্ষাৰ্থীৰ বাবে ১০০ ৰো অধিক মডেল স্কুল নিৰ্মাণ কৰা হৈছে। তেনে আৰু ১০০ মডেল বিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
যুৱকসকলৰ বাবে অ’বিচি কোটাত ৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থাও আমি কৰিছো। অসম চৰকাৰে এই জনগোষ্ঠীৰ যুৱকৰ আত্মসংস্থাপনৰ বাবে ২৫ হাজাৰকৈ টকা অনুদান হিচাপে দিয়া হৈছে। চাহ উদ্যোগ আৰু ইয়াৰ কৰ্মচাৰীৰ বিকাশে আগন্তুক সময়ত সমগ্ৰ অসমৰ বিকাশক নতুন গতি দিব। পূৰ্বোত্তৰে বিকাশত নতুন উচ্চতাক স্পৰ্শ কৰিব।
সম্পূৰ্ণ বিশ্বাস আছে সমগ্ৰ দেশত আজি আপোনালোকৰ এই নৃত্যক প্ৰশংসা কৰিব। সকলো টিভি চেনেলে আপোনালোকৰ নৃত্য দেখুৱাবলৈ ৰৈ আছে। সমগ্ৰ বিশ্বই আজি এই সুন্দৰ নৃত্যু উপভোগ কৰিব।
এইদৰেই আজি চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলে ২০০ বছৰীয়া শোষণ, অৱদমন আৰু প্ৰৱঞ্চনাৰ পীড়াৰ পৰা কিছু মুক্ত হ’ল। কিন্তু মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী কোনেও নকলে এই জনগোষ্ঠীটোৰ জনজাতিৰ প্ৰসংগ। দেশৰ আন প্ৰান্তত জনজাতিৰ মৰ্যাদ পোৱা এই লোকসকলৰ অসমত জনজাতি নহয়।
তেওঁলোকৰ জনজাতিকৰণৰ দাবী দীৰ্ঘদিনীয়া। সেই দাবীৰ কথা আজি কোনেও এবাৰলৈয়ো নকলে বা সেই দাবী পূৰণ কৰা হ’ব নে নাই সেই বিষয়েও একো বাৰ্তা নাহিল। অৱশ্যে চাহ বাগিচাৰ লাইনৰ ভূমিৰ যি অধিকাৰ দিয়াৰ কথা ক’লে সেই ঘোষণাই জনগোষ্ঠীটোক যথেষ্ট সন্তুষ্ট কৰিছে। কেৱল ঘোষণা নহৈ ইয়াক শীঘ্ৰেই কাৰ্যকৰীকৰণ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিশ্চয়কৈ প্ৰশংসাৰ যোগ্য হৈ পৰিব।