এম বি বি এছ হ'ল মাৰ্টিনাঃ আশাৰ সপোন দেখিছে এটা জনগোষ্ঠীয়ে...

হোজাই জিলাৰ লংকাৰ কাকীৰ মাৰ্টিনা টুডু নামৰ ছাত্ৰীগৰাকীয়ে শেহতীয়াকৈ ঘোষণা কৰা এম বি বি এছৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈ এম বি বি এছ ডিগ্ৰী অৰ্জন কৰিছে।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
মাৰ্টিনা টুডু

এগৰাকী ছাত্ৰীৰ সফলতা হৈ পৰিছে অসমৰ এটা জনগোষ্ঠীৰ সফলতা। শৈক্ষিক, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আদি  সকলো ক্ষেত্ৰতে পিছপৰা এই জনগোষ্ঠীটোৱে লাভ কৰিলে প্ৰথমগৰাকী মহিলা এম বি বি এছ। এই সন্দৰ্ভতে বিশেষ জনগোষ্ঠীটো আৰু এম বি বি এছ ডিগ্ৰী আহৰণ কৰা শিক্ষাৰ্থীগৰাকীৰ সন্দৰ্ভতে তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন। 

Advertisment

 

চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰাটো আজিৰ তাৰিখত বৰ বিশেষ ডাঙৰ কথা নহয়। মেধা সম্পন্ন শিক্ষাৰ্থীয়ে আগ্ৰহ আৰু ইচ্ছা কৰিলে বৰ বিশেষ জটিলতা নোহোৱাকৈয়ে চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিব পাৰে। কিন্তু তাৰ মাজতো একাংশৰ বাবে চিকিৎসা বিজ্ঞানৰ দৰে পাঠ্যক্ৰম এতিয়াও সপোন হৈয়ে আছে।

শেহতীয়াকৈ এম বি বি এছৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। এই ফলাফলত অসমৰ বহু কেইগৰাকী শিক্ষাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হৈ চিকিৎসা ক্ষেত্ৰখনলৈ সেৱা আগবঢ়োৱাৰ বাবে সাজু হৈছে। যিসকল এই পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকৰ বহুতৰ বাবে এয়া ব্যক্তিগত সফলতা যদিও অসমৰ এগৰাকী শিক্ষাৰ্থীৰ বাবে তেওঁৰ ফলাফল কেৱল ব্যক্তিগত অথবা এটা পৰিয়াল, এখন গাঁৱৰ হৈ থকা নাই। তেওঁৰ ফলাফলে এটা জনগোষ্ঠীক দেখুৱাইছে আশাৰ কিৰণ। তেওঁ হৈ পৰিছে এটা জনগোষ্ঠীৰ আহিবলগীয়া প্ৰজন্মৰ আদৰ্শ। 

হোজাই জিলাৰ লংকাৰ কাকীৰ মাৰ্টিনা টুডু নামৰ ছাত্ৰীগৰাকীয়ে শেহতীয়াকৈ ঘোষণা কৰা এম বি বি এছৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈ এম বি বি এছ ডিগ্ৰী অৰ্জন কৰিছে। মাৰ্টিনা টুডুৰ এই সফলতা হৈ পৰিছে অসমৰ চাওঁতাল জনগোষ্ঠীৰ সফলতা। কিয়নো মাৰ্টিনাই অসমৰ প্ৰথমগৰাকী চাওঁতাল সম্প্ৰদায়ৰ এম বি বি এছ ডিগ্ৰীধাৰী মহিলা হিচাপে পৰিগণিত হৈছে। 

লংকাৰ কাকীৰ শিক্ষক হৰিচন্দ্ৰ টুডু আৰু তেওঁৰ পত্নী ছায়া ৰাণী চৰ্দাৰৰ একমাত্ৰ কন্যা মাৰ্টিনাই তেজপুৰ মেডিকেল কলেজৰ পৰা এইবাৰ এম বি বি এছ ডিগ্ৰী গ্ৰহণ কৰিছে। ইয়াৰ লগে লগে তেওঁ হৈ পৰিছে অসমৰ প্ৰথমগৰাকী মহিলা চাওঁতাল সম্প্ৰদায়ৰ এম বি বি এছ। 

উল্লেখ্য যে, ২০০১ চনৰ ভাষা লোকপিয়লত অসমৰ চাওঁতাল জনগোষ্ঠীৰ সংখ্যা ২,৪২,৮৮৬ গৰাকী বুলি দেখুওৱা হৈছে যদিও এই সংখ্যা এতিয়া বহু বৃদ্ধি পাইছে। সদৌ চাওঁতাল ছাত্ৰ সন্থাই অৱগত কৰা অনুসৰি আজিৰ তাৰিখত অসমৰ প্ৰায় প্ৰতিখন জিলাতে প্ৰায় ১২ লাখ লোকে বাস কৰি আছে।

ব্ৰিটিছ শাসনৰ সময়ত অসমত স্থাপন কৰা চাহ বাগিচাত কাম কৰিবলৈ ২০০ বছৰৰো পূৰ্বেই অসমলৈ শ্ৰমিক হিচাপে আহিছিল। বৰ্তমান কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, শোণিতপুৰ, গোলাঘাট, ধেমাজি জিলাত সৰ্বাধিক চাওঁতাল লোকে বাস কৰে যদিও তিনচুকীয়া, ডিব্ৰুগড়, শিলসাগৰ, যোৰহাট, কাৰ্বি আংলং, নগাওঁ, হোজাই, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, কামৰূপ, মৰিগাওঁ, লখিমপুৰ, গোৱালপাৰা, ধুবুৰী, বঙাইগাওঁ জিলাতো চাওঁতালী জনগোষ্ঠীয় লোকসকলে বাস কৰি আহিছে। 

অৰ্থনৈতিক ভাৱে আজিও পিছপৰা এই জনগোষ্ঠীটোৰ শৈক্ষিক, সামাজিকভাৱে আজিও অসমৰ আন বহু জনগোষ্ঠীতকৈ পিছপৰা। নিজৰ মাজত চাওঁতালী ভাষাতেই ভাৱৰ আদান-প্ৰদান কৰিলেও এই জনগোষ্ঠীটোৱে অসমীয়া ভাষাতেই শিক্ষাগ্ৰহণ কৰি আহিছে। 

২০২৩ চনৰ ১৯ মে’ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেটে প্ৰাথমিক বিদ্যালয়ত চাওঁতালী ভাষাত শিক্ষা দানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই দাবী দীৰ্ঘদিন ধৰি চাওঁতালী সাহিত্য সভা, সদৌ চাওঁতাল ছাত্ৰ সন্থাই উত্থাপন কৰি আহিছিল।

জনগোষ্ঠীটোৰ আজিও লিখিত পৰ্যাপ্ত সাহিত্যৰ অভাৱ যদিও মৌখিক সাহিত্যৰে অতি চহকী। জনগোষ্ঠীটোৰ অল চিকি নামেৰে এক লিপি আছে যদিও এই লিপি এতিয়াও বহুল ভাৱে প্ৰচলন হোৱা নাই। ২০২৫ বৰ্ষতে এই অল চিকি লিপিয়ে এশ বছৰ সম্পূৰ্ণ কৰিছে। 

ভাৰতে স্বাধীনতা লাভ কৰাৰ ৫৭ বছৰ পিছত সুদীৰ্ঘ কাল ধৰি চলোৱা ভাষা আন্দোলনৰ অন্তত ২০০৩  চনৰ ২২ ডিচেম্বৰত চাওঁতালী ভাষাক সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰা হয়। তাৰ পিছত এই ভাষাৰ বিকাশৰ বাবে Central Institute of Indian Language (CIIL) –এ সহায়ৰ হাত আগবঢ়াইছে।

মাৰ্টিনা টুডু
চাওঁতালী জনগোষ্ঠাীৰ প্ৰথমগৰাকী এম বি বি এছ মাৰ্টিনা টুডুক অভিনন্দন চাওঁতাল ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু হেমৰম আৰু সতীৰ্থৰ

 

এইদৰে এটা পিছপৰা জনগোষ্ঠীৰ পৰা আহি মাৰ্টিনা টুডুৱে লাভ কৰা সফলতাই জনগোষ্ঠীটোৰ তৰুণ আৰু অনাগত প্ৰজন্মলৈ আশাৰ কিৰণ কঢ়িয়াই আনিছে। সদৌ চাওঁতাল ছাত্ৰ সন্থাই মাৰ্টিনাৰ এই সফলতাত আনন্দ প্ৰকাশ কৰিছে। 

সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু হেমৰমে মাৰ্টিনাৰ এই সফলতাত আনন্দ প্ৰকাশ কৰি মাৰ্টিনাৰ আদৰ্শৰে জনগোষ্ঠীটোৰ শিক্ষাৰ্থীসকল আগবাঢ়িব বুলি কয়। জনগোষ্ঠীটোৰ পৰা সীমিত সংখ্যক লোক প্ৰশাসনীয় ব্যৱস্থাটোৰ সৈতে জড়িত হৈছে যদিও এম বি বি এছ ডিগ্ৰীধাৰী কোনো নাছিল। সেই অভাৱ মাৰ্টিনাই পুৰণ কৰিলে। তেওঁ মাৰ্টিনাক অভিনন্দনো জ্ঞাপন কৰিছে। 

ইফালে মাৰ্টিনাৰ এই সফলতাৰ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱেই উল্লেখ কৰি মাৰ্টিনাক অভিনন্দন জনাইছে। ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ এক ফেচবুক পোষ্টত কয়, ''ৰাজ্যৰ সৰ্বাংগীণ উন্নয়ন আৰু বিকাশৰ দিশত আমি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাটো আপোনালোকৰ জ্ঞাত৷ এই ক্ষেত্ৰত চাহ বাগিচা অঞ্চলত বিদ্যালয়ৰ পৰা চিকিৎসা শিক্ষা অনুষ্ঠানত সংৰক্ষণলৈ সামৰি আমি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিলোঁ৷

আজি এটি ভাললগা খবৰ শুনি সঁচাকৈয়ে মনটো ভৰি পৰিল৷ সদ্যঘোষিত এম বি বি এছ পৰীক্ষাৰ ফলাফলত মাৰ্টিনা টুডুৱে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম বি বি এছ ডিগ্ৰী লাভ কৰিছে৷ জানি আপোনালোকেও ভাল পাব যে এই ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীগৰাকী হৈছে অসমৰ প্ৰথমগৰাকী চাওতাল কন্যা! জন্ম জিলা হোজাইৰ লগতে সমগ্ৰ চাওতাল জনগোষ্ঠীৰ বাবে ভাল খবৰ কঢ়িয়াই অনা মাৰ্টিনাৰ অনাগত সময় কৃতকাৰ্যতাৰে ভৰি পৰক, সেয়াই কামনা কৰিলোঁ৷''

মুখ্যমন্ত্ৰীৰ এনে ভাষ্যৰ বিপৰীতে পিছে এই প্ৰশ্নও স্বাভাৱিকতে উত্থাপন হয়, ৰাজ্যৰ সকলো জাতি, জনগোষ্ঠীকে সমভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত অসম চৰকাৰ ব্যৰ্থ হৈছে নেকি? কিয় স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো একাংশ জনগোষ্ঠীয়ে আন বহুতৰে দৰে শৈক্ষিক, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক ভাৱে আগুৱাই যাব পৰা নাই? 

মাৰ্টিনা অসমৰ চাওঁতালী জনগোষ্ঠীৰ প্ৰথমগৰাকী মহিলা এম বি বি এছ হ’ল। কিন্তু এতিয়াও আন বহু ক্ষুদ্ৰ জনগোষ্ঠীয়ে যে এতিয়াও এনে সফলতাৰ মুখ দেখা নাই সেয়াও কিন্তু সত্য। সেয়ে সকলো জনগোষ্ঠীকে শৈক্ষিক ক্ষেত্ৰত সমানে আগুৱাই নিয়াৰ বাবে চৰকাৰে এক বস্তুনিষ্ঠ পদক্ষেপ গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী। কেৱল সংৰক্ষণেই তেনে সমস্যাৰ সমাধান কৰিব বুলি আশা কৰিলে নহ’ব। 

চাওঁতালী জনগোষ্ঠী এম বি বি এছ