/asomiyapratidin/media/media_files/2025/02/19/xHB6H4Msf0l3NnoJpctN.jpg)
ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্কক লৈ চৰ্চা অব্যাহত আছে। দুয়োখন ৰাষ্ট্ৰই বন্ধুত্বমূলক সম্পৰ্ক অব্যাহত ৰখাৰ পণ লোৱাৰ সময়তে আকৌ নতুনকৈ আৰোপ কৰিবলৈ লৈছে কৰ নীতি। এই নীতি কাৰ্যকৰী হ'লে বৃহৎ লোকচানৰ সন্মুখীন হ'ব ভাৰত। ইয়াৰ পৰা ৰক্ষা পাবলৈ ভাৰতৰ পদক্ষেপ কি? আমেৰিকা কিদৰে লাভাম্বিত হ'ব? বিশ্বৰ অন্যান্য দেশৰ পৰা কিদৰে প্ৰভাৱ আহিব আমেৰিকালৈ? এই সকলো দিশ সামৰি ইতিমধ্যে বহু প্ৰতিবেদন প্ৰকাশ পাইছে। তাৰেই আঁত ধৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰো এক বিশেষ প্ৰতিবেদন।
প্ৰধানন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমেৰিকা ভ্ৰমণ সামৰি ভাৰতলৈ অহাৰ পাছৰে পৰা দুয়ো দেশৰ মাজৰ সম্পৰ্ক, বাণিজ্য, চুক্তি আদি সন্দৰ্ভত নানান চৰ্চা অব্যাহত আছে। বিশেষকৈ ট্ৰাম্পে ঘোষণা কৰা নতুন কৰ নীতিৰ প্ৰভাৱক লৈ চৰ্চা এতিয়াও শেষ হোৱা নাই।
দায়িত্বগ্ৰহণ কৰিয়েই ৰাষ্ট্ৰপতি ট্ৰাম্পে নতুন কৰ নীতি আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল। ট্ৰাম্পৰ এই ঘোষণাই ভাৰতৰো বৃহৎ লোকচান কৰিব বুলি বিশেষজ্ঞসকলে দাবী কৰিছে। ট্ৰাম্পে নতুনকৈ পাৰস্পৰিক কৰ(ৰেছিপ্ৰোকাল টেৰিফ) আৰোপ কৰাৰ হুংকাৰ দিছে।
খবৰ অনুসৰি চলিত বছৰৰ এপ্ৰিলতে মাৰ্কিন যুক্তৰাষ্ট্ৰই নতুন কৰ নীতি আৰম্ভ কৰিব। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এই নতুন কৰ নীতিয়ে ভাৰতৰ ৰপ্তানি বাণিজ্যক যথেষ্ট প্ৰভাৱিত কৰিব বুলি আশংকা কৰা হৈছে। চিটি ৰিচাৰ্ছে মাৰ্কিন যুক্ত ৰাষ্ট্ৰৰ নতুন কৰ নীতি বিশ্লেষণ কৰি ভাৰতক কিদৰে ক্ষতি কৰিব আৰু কোনবোৰ ক্ষেত্ৰত ক্ষতি কৰিব সেই বিষয়েও এক তালিকা প্ৰকাশ কৰিছে।
চিটি ৰিচাৰ্ছে ব্যাখ্যা কৰিছে ট্ৰাম্পে পাৰস্পৰিক কৰ আৰোপ কৰাৰ ফলতে ভাৰতৰ বাৰ্ষিক লোকচান প্ৰায় ৭০০ কোটি ডলাৰ হ’ব বুলি অনুমান কৰা হৈছে। এই নতুন কৰ নীতিৰ ফলত ভাৰতৰ অটো মোবাইল নিৰ্মাণ খণ্ডই সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে।
ভাৰত চৰকাৰে আমেৰিকাৰ এই নতুন কৰ নীতিৰ চৰকাৰী নিৰ্দেশনাৰ বাবে অপেক্ষা কৰিছে। চৰকাৰী নিৰ্দেশনা প্ৰকাশ পোৱাৰ পাছতে এই ক্ষেত্ৰৰ লোকচান কিদৰে হ্ৰাস কৰিব পাৰি সেই ক্ষেত্ৰত পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব।
বিশ্লেষকসকলৰ মতে আমেৰিকাৰ নতুন কৰ নীতিয়ে ভাৰতৰ ৰাসায়নিক পদাৰ্থ, ধাতু, গহণা, ঔষধ, গাড়ী আৰু খাদ্য সামগ্ৰীৰ ৰপ্তানিৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব। চৰকাৰী তথ্য অনুসৰিয়েই ভাৰতে যোৱা বছৰত আমেৰিকালৈ ৭৪০০ কোটি ডলাৰৰ সামগ্ৰী ৰূপ্তানি কৰিছিল। ইয়াৰ ভিতৰত বিভিন্ন ৰত্ন আৰু গহণাই ৰপ্তানি হৈছিল ৮৫০ কোটি ডলাৰ।
যোৱা বছৰ, কেইবাটাও ভাৰতীয় কোম্পানীয়ে আমেৰিকা যুক্তৰাজ্যলৈ ৮০০ কোটি ডলাৰৰ মূল্যৰ ঔষধ আৰু ৪০০ কোটি ডলাৰ মূল্যৰ পেট্ৰ'লিয়াম সামগ্ৰী ৰপ্তানি কৰিছিল। ২০২৩ চনত, নতুন দিল্লীয়ে আমেৰিকাৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ১১ শতাংশ কৰ আৰোপ কৰিছিল।
এই পৰিমাণ ভাৰতীয় সামগ্ৰীৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰই আৰোপ কৰা কৰতকৈ প্ৰায় ৮.২ শতাংশ বেছি আছিল। যোৱা বছৰ, ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ৪২০০ কোটি ডলাৰ মূল্যৰ সামগ্ৰী আমদানি কৰিছিল।
নতুন দিল্লীয়ে ঔদ্যোগিক সামগ্ৰী আৰু যন্ত্ৰপাতিৰ ওপৰত ৭ শতাংশ, জোতা আৰু পৰিবহন সঁজুলিৰ ওপৰত ১৫-২০ শতাংশ আৰু খাদ্যসামগ্ৰীৰ ওপৰত ৬৮ শতাংশ কৰ আৰোপ কৰিছে। ফলস্বৰূপে, ঘৰুৱা বজাৰত এই সামগ্ৰীবোৰৰ মূল্য যথেষ্ট বেছি আছিল।
উল্লেখ্য যে, আমেৰিকাই নতুন দিল্লীৰ কৰ নীতিৰ ওপৰত শেহতীয়াকৈ ক্ষোভ প্ৰকাশ কৰিছিল। হোৱাইট হাউচে যোৱা বছৰ এক বিবৃতিত কৈছিল যে "সৰ্বাধিক অনুকূল ৰাষ্ট্ৰসমূহে" আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষিজাত সামগ্ৰীৰ ওপৰত ৫ শতাংশ কৰ আৰোপ কৰিছিল। সেই সময়ত ভাৰতত সেই পৰিমাণ আছিল ৩৯ শতাংশ।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ মটৰচাইকেলৰ ওপৰত ভাৰতত ৫০ শতাংশ কৰ আছে। ইয়াৰ বিপৰীতে যুক্তৰাষ্ট্ৰত ভাৰতীয় মটৰ চাইকেল নিৰ্মাতা সংস্থাসমূহে মাত্ৰ ২.৪ শতাংশ কৰ পৰিশোধ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বজাৰত বাইক বিক্ৰী কৰিব পাৰে।
চিটি ৰিচাৰ্ছৰ গৱেষকসকলে দাবী কৰিছে যদি ট্ৰাম্প প্ৰশাসনে কৃষিজাত সামগ্ৰীৰ ওপৰত পাৰস্পৰিক কৰ আৰোপ কৰে, ভাৰত লোকচানৰ সন্মুখীন হ'ব। ইয়াৰ কাৰণ হৈছে নতুন দিল্লীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বজাৰলৈ কম কৃষি আৰু খাদ্যশস্য ৰপ্তানি কৰে।
ষ্টেণ্ডাৰ্ট চাৰ্টাৰ্ড বেংকৰ আৰ্থিক বিশ্লেষকসকলৰ দাবী অনুসৰি ভাৰতৰ পৰা আমাদানি কৰা সামগ্ৰীৰ ওপৰত মাৰ্কিন প্ৰশাসনে ১০ শতাংশ কৰ আৰোপ কৰিলেই ভয়ংকৰ পৰিস্থিতিৰ সূচনা হ'ব। নতুন দিল্লীৰ অৰ্থনীতি ৫০ ৰ পৰা ৬০ শতাংশৰো অধিক পইণ্ট লোকচানৰ মুখত পৰিব। তাৰোপৰি যুক্তৰাষ্ট্ৰৰ পৰা আমাদিন হ্ৰাস পাব ১১ ৰ পৰা ১২ শতাংশলৈ।
বিশেষজ্ঞসকলৰ মতে এই বিষয়টোৰ ওপৰত গুৰুত্ব দিয়েই আমাদানি কৰা বহু কেইটা সামগ্ৰীৰ কৰ হ্ৰাসৰ সিদ্ধান্ত লৈছিল কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। এই তালিকাত আছে মটৰ চাইকেলো। পূৰ্বে আমেৰিকাৰ পৰা আমাদানি কৰা মটৰ চাইকেলৰ ওপৰত কৰ আছিল ৫০ শতাংশ। এতিয়া সেই পৰিমাণ হৈছে ৩০ শতাংশ।
তাৰোপৰি আমেৰিকাৰ বৰ্বন হুইস্কিৰ ওপৰতো কৰ হ্ৰাস কৰা হৈছে। ইয়াত কৰ ১৫০ শতাংশৰ পৰা ১০০ শতাংশলৈ হ্ৰাস কৰা হৈছে। নতুন দিল্লীয়ে অতিৰিক্ত কৰৰ বিষয়টো পুনৰীক্ষণ কৰাৰ প্ৰতিশ্ৰুতি দিছে।
একাংশ বিশ্লেষকে দাবী কৰিছে, নৰেন্দ্ৰ মোডী চৰকাৰে আমেৰিকাৰ মন ভাল লগাবলৈ আগন্তুক দিনত আমেৰিকাৰ পৰা শক্তি আৰু প্ৰতিৰক্ষা সঁজুলিৰ আমদানি বৃদ্ধি কৰিব। ট্ৰাম্পে যোৱা ২০ জানুৱাৰীত দ্বিতীয়বাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিয়েই কানাডা আৰু মেক্সিকোৰ ওপৰত ২৫ শতাংশ কৰ আৰোপ কৰিছিল।
একেদৰে, চীনৰ ওপৰত ১০ শতাংশ কৰ আৰোপ কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে চীনৰ ইস্পাত আৰু এলুমিনিয়ামৰ ওপৰত ২৫ শতাংশ কৰৰ নিৰ্দেশ দিছে। বেইজিঙে অৱশ্যে ৱাশ্বিংটন ডিচিকো ইয়াৰ প্ৰত্যুত্তৰ দিছে।
তেওঁলোকে আমেৰিকাৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ১০ ৰ পৰা ১৫ শতাংশ কৰ আৰোপ কৰিছে। আনহাতে কানাডা আৰু মেক্সিকোৰ অনুৰোধ সাপেক্ষে সাময়িকভাৱে কৰ আৰোপ কৰাৰ বিষয়টো স্থগিত ৰখা হৈছে।
উল্লেখ্য যে, ১৩ আৰু ১৪ ফেব্ৰুৱাৰীত নৰেন্দ্ৰ মোডীয়ে আমেৰিকা ভ্ৰমণ কৰাৰ পূৰ্বেই পাৰস্পৰিক কৰ আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল ট্ৰাম্পে। এই নীতি কাৰ্যকৰী হ’লে মাৰ্কিন সামগ্ৰীৰ ওপৰত যিমান কৰ আৰোপ কৰা হ’ব আমেৰিকাও ঠিক সিমানেই কৰ আৰোপ কৰিব। ট্ৰাম্পৰ মতে এনে নীতি কাৰ্যকৰী হ’লেহে আন্তৰ্জাতিক বাণিজ্যৰ ক্ষেত্ৰত ন্যায় প্ৰতিষ্ঠা হ’ব।
ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভ্ৰমণৰ সময়তে দিয়া এক যৌথ বিবৃতিত উল্লেখ কৰা হৈছিল যে, অহা ৫ বছৰত দ্বিপাক্ষিক বাণিজ্যক ৫০,০০০ ৰোটি ডলাৰত উপনীত কৰোৱা হ’ব। এই সম্পৰ্কীয় চুক্তি সম্পন্ন হ’লে অৱশ্যে পৰিশেষত নতুন দিল্লী কিছু পৰিমাণে লাভাম্বিত হোৱাৰ সম্ভাৱনা আছে।
মন কৰিবলগীয়া যে, ২০২৪ ত দুয়ো পক্ষৰ বাণিজ্য আছিল প্ৰায় ১৩,০০০ কোটি। ইয়াৰ ভিতৰত, ভাৰতৰ একপক্ষীয় বাণিজ্য আছিল ৪৫০০ কোটি ডলাৰ। অৰ্থাৎ নতুন চুক্তি কাৰ্যকৰী হ'লে দুয়ো দেশৰ বাণিজ্যৰ পৰিমাণ চাৰিগুণ হ'ব।
ফলত ৰপ্তানি কোম্পানীবোৰে বৃহৎ লাভৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ প্ৰযুক্তি, প্ৰতিৰক্ষা আৰু বৈকল্পিক শক্তি উপাদানৰ সৈতে জড়িত কোম্পানীবোৰ লাভান্বিত হ'ব বুলি আশা কৰা হৈছে।
খবৰ অনুসৰি আমেৰিকাই পাৰস্পৰিক কৰ আৰোপৰ ওপৰত যিমানেই জোৰ দিছে ভাৰতে আকৌ সিমানেই দ্বিপাক্ষীক চুক্তি সম্পন্ন কৰাৰ পৰত জোৰ দিছে।
এই চুক্তি সম্পন্ন হ’লেই পাৰস্পৰিক কৰ সংক্ৰান্তীয় চাপ ভাৰতত হ্ৰাস পাব। আনহাতে অৰ্থনীতিবিদসকলে দাবী কৰিছে ট্ৰাম্পৰ এনে নীতি আমেৰিকাৰ বাবে হিতে বিপৰীত হোৱাৰহে সম্ভাৱনা আছে। কাৰণ আমেৰিকাই এনে নীতি কাৰ্যকৰী হ’লে আন আন দেশসমূহেও একেদৰেই আমেৰিকাৰ ওপৰত কৰ আৰোপ কৰিবলৈ বাধ্য হ’ব। তেনে হ’লে আমেৰিকাৰ ঘৰুৱা বজাৰত মুদ্ৰাস্ফীতি যথেষ্ট বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আনকি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যও যথেষ্ট বৃদ্ধি পাব।