যুদ্ধ অবিহনেই শেষ হৈ যাব পাকিস্তান !

অৰ্থনৈতিকভাৱে বিধ্বস্ত দেশখনৰ নেতৃত্বৰ দম্ভালি বুজি উঠিছে সাধাৰণ নাগৰিকেও। পেহেলগাম আক্ৰমণৰ পাছত ভাৰতে যি কঠোৰ কূটনৈতিক স্থিতি লৈছে সেই স্থিতিতে দিশহাৰা পাকিস্তান। 

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
যুদ্ধ অবিহনেই শেষ হৈ যাব পাকিস্তান !

সিন্ধু জল চুক্তি বাতিল কৰিলে ভাৰত চৰকাৰে। ভাৰতৰ এই সিদ্ধান্তত একপ্ৰকাৰে দিশহাৰা হৈছে পাকিস্তান। তাৎক্ষণিকভাৱে ইয়াৰ প্ৰভাৱ পাকিস্তানত পৰা নাই যদিও এই চুক্তি বাতিলে দেশখনৰ ভৱিষ্যত যে অন্ধকাৰ কৰি তুলিছে সেয়া স্পষ্ট হৈছে। তাৰ মাজতে চৰ্চালৈ আহিছে কৰাচী বন্দৰৰ প্ৰসংগ। কিয় এই প্ৰসংগ? কৰাচী বন্দৰ কিমান গুৰুত্বপূৰ্ণ? ভাৰতে এই বন্দৰৰ পথ বন্ধ কৰিলে কি হ'ব? সেয়াও হ'ব নেকি এক অন্য যুদ্ধ? এই সকলো দিশ সামৰি অসমীয়া প্ৰতিদিনৰ এক বিশেষ প্ৰতিবেদন। 

Advertisment


মেঘাচ্ছন্ন পাকিস্তানৰ আকাশ। অনিচ্ছয়তাত দিন, ৰাতি একাকাৰ কৰিছে দেশখনৰ সেনা বাহিনীৰ লগতে সাধাৰণ নাগৰিকেও। কোন সময়ত, কি অঘটন ঘটে তাৰ কোনো নিশ্চয়তা নাই। 

অৰ্থনৈতিকভাৱে বিধ্বস্ত দেশখনৰ নেতৃত্বৰ দম্ভালি বুজি উঠিছে সাধাৰণ নাগৰিকেও। পেহেলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে ভাৰতে যি কঠোৰ কূটনৈতিক স্থিতি লৈছে সেই স্থিতিতে একপ্ৰকাৰে দিশহাৰা হৈ পৰিছে পাকিস্তান। 

সিন্ধু জল চুক্তি বাতিলৰ যি সিদ্ধান্ত ভাৰত চৰাকৰে গ্ৰহণ কৰিলে সেই সিদ্ধান্তক যুদ্ধতকৈ কোনো গুণে কম নহয় বুলি মন্তব্য কৰিছে দেশখনৰ লেখক, সাংবাদিক আদিয়ে। অন্ন, বাসস্থান আৰু খাদ্যৰ বাবে হাহাকাৰ কৰি থকা দেশখনৰ সাধাৰণ নাগৰিকে এতিয়া পানীৰ সমস্যাতো ভূগিবলগীয়া হোৱাৰ বিষয়টো চিন্তা কৰিয়েই নিজ দেশৰে নেতৃত্বৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰিছে। 

উল্লেখ্য যে, ভাৰত চৰকাৰে সিন্ধু জল চুক্তি বাতিল কৰাৰ সিদ্ধান্তত বিপদ বাঢ়িছে পাকিস্তানৰ। যদিহে ভাৰতে এই জল চুক্তি বাতিলৰ পাছত পাকিস্তনালৈ বৈ যোৱা নৈৰ পানীৰ গতি স্তব্ধ কৰি দিব পাৰে তেন্তে ই পাকিস্তানত কিমান ভয়ংকৰ পৰিস্থিতিৰ সূচনা হ’ব সেয়া সহজেই অনুমান কৰিছে পাকিস্তানে। 

আনহাতে কৰাচী বন্দৰক লৈয়ো চিন্তা বাঢ়িছে পাকিস্তানৰ। কাৰণ এই বন্দৰটো পাকিস্তানৰ জীৱনৰেখা বুলিলেও অত্যুক্তি কৰা নহ’ব। এই বন্দৰৰ ওপৰতে নিৰ্ভৰ কৰিছে পাকিস্তানৰ বাণিজ্যকে ধৰি আমদানি, ৰপ্তানিৰ গোটেই বিষয়সমূহ। 

জল চুক্তি বাতিল আৰু কৰাচী বন্দৰ বন্ধ মানেই যুদ্ধ !

ছামা টিভি নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ এক অনুষ্ঠানত পাকিস্তানৰ প্ৰখ্যাত সাংবাদিক নজন ছেঠীয়ে দাবী কৰিছে দুটা পৰিস্থিতিত যুদ্ধ ঘোষণা কৰা বুলি ধৰি ল’ব পাৰি। এটা হৈছে সিন্ধু জল চুক্তি বাতিলেৰে পানীৰ গতি বন্ধ কৰি দিয়া আকু কৰাচী বন্দৰ বন্ধ কৰি দিয়া।

পাকিস্তানে এই দুয়োটা পৰিস্থিতিকে যুদ্ধ হিচাপেই মানি ল'ব লাগিব। তেওঁ ভাবুকি দি এই কথাও কয় যে, এনে পৰিস্থিতিত পাকিস্তানৰ হাতত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ বাহিৰে আন বিকল্প একো নাথাকিব। 

পাকিস্তানৰ বাবে কিমান গুৰুত্বপূৰ্ণ কৰাচী বন্দৰ?

কৰাচী বন্দৰ বন্ধ কৰি দিয়া মানে সমগ্ৰ পাকিস্তানকে অৱৰোধ কৰা সদৃশ এক পৰিস্থিতি। এয়া যুদ্ধতকৈ কোনো গুণে কম নহয়।  যদি কৰাচী বন্দৰ বন্ধ কৰি দিয়া হয় তেন্তে সামৰিক যুদ্ধ অবিহনেই ভাৰতে পাকিস্তানৰ বক্ষত আঘাত কৰাৰ দৰে এক অৱস্থাৰ সূচনা হ’ব বুলি মানি লৈছে পাকিস্তানী সাংবাদিকে। 

উল্লেখ্য যে, আৰব সাগৰৰ উপকূলত অৱস্থিত ইয়াৰ কৌশলগত অৱস্থানে ইয়াক সদায় বাণিজ্য আৰু উদ্যোগৰ বাবে এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ কৰি ৰাখিছে। এসময়ত মাছমৰীয়াৰ গাঁৱৰ এই অঞ্চলটো এতিয়া পাকিস্তানৰ মূল বাণিজ্যিক বন্দৰলৈ ৰূপান্তৰিত হৈছে।

১৮ শতিকাৰ আৰম্ভণিতে কৰাচী প্ৰাকৃতিক বন্দৰ আৰু মাছমৰীয়া সম্প্ৰদায়ৰ বাবে পৰিচিত এখন সৰু বসতি প্ৰধান অঞ্চল আছিল যদিও ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৯ শতিকাত নিজৰ সম্ভাৱনাৰ কথা স্বীকাৰ ইয়াত বন্দৰৰ সুবিধাসমূহ গঢ়ি তুলিছিল।

কৰাচী ভাৰত উপমহাদেশ আৰু বিশ্বৰ বাকী অংশৰ মাজত চলাচল কৰা সামগ্ৰীৰ দুৱাৰমুখ হৈ পৰিছিল। কুৰি শতিকাৰ আৰম্ভণিতে কৰাচী ব্ৰিটিছ ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ বন্দৰত পৰিণত হয়। ই অভ্যন্তৰীণ অঞ্চলৰ পৰা ঘেঁহু, কপাহ, আৰু অন্যান্য কৃষিজাত সামগ্ৰী আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ ৰপ্তানি কৰিছিল।

পাকিস্তানৰ সৃষ্টি হোৱাৰ সময়ত কৰাচীক নতুন দেশখনৰ ৰাজধানী হিচাপে গঢ়ি তোলা হয়। ফলত ইয়াৰ অৰ্থনৈতিক গুৰুত্বৰ উপৰিও ৰাজনৈতিক গুৰুত্বও বৃদ্ধি হয়। ১৯৫০ আৰু ৬০ৰ দশকত কৰাচীত দ্ৰুত ঔদ্যোগীকৰণৰ সময়ত ইয়াত চৰকাৰে উৎপাদন, বস্ত্ৰশিল্প, ৰাসায়নিক পদাৰ্থ, খাদ্য প্ৰক্ৰিয়াকৰণৰ বৃদ্ধিৰ বাবে উৎসাহিত কৰিছিল।

কৰাচীৰ বন্দৰটোৱে আমদানি আৰু ৰপ্তানিৰ মূল পথ হিচাপে কাম কৰি আহিছে। এতিয়া কৰাচী পাকিস্তানৰ সৰ্ববৃহৎ চহৰ আৰু বাণিজ্যিক ৰাজধানী। বৰ্তমান কৰাচীত মূলতঃ দুটা  বন্দৰ আছে – কৰাচী বন্দৰ আৰু প’ৰ্ট কাছিম। এই দুই বন্দৰেই পাকিস্তানৰ সাগৰীয় বাণিজ্যৰ সৰহভাগ কাম চম্ভালি আহিছে।

২০২৩-২৪ বিত্তীয় বৰ্ষত কৰাচী বন্দৰে মুঠ ৫১.৬৫ মিলিয়ন টন সামগ্ৰী সৰবৰাহ কৰিছে। যি পূৰ্বৰ বছৰৰ তুলনাত ২৪.৪৩ শতাংশ অধিক আছিল। যোৱা সময়ত এই বন্দৰৰ জৰিয়তে ৰপ্তানি সামগ্ৰীৰ পৰিমাণ ১৮.৮০ মিলিয়ন টন। যি পূৰ্বৰ তুলনাত ৪৭.১৬ শতাংশ অধিক। আনহাতে আমদানি সামগ্ৰীৰ পৰিমাণ ১৩% শতাংশ বৃদ্ধিৰে ৩২.৮৫ মিলিয়ন টনত উপনীত হৈছে। 

পাকিস্তানৰ জিডিপিত ২০ শতাংশতকৈ অধিক অৰিহণা যোগায় কৰাচী বন্দৰে। ভাৰতে যদি অধিক আক্ৰমণাত্মক হৈ এই বন্দৰলৈ জাহাজ চলাচলৰ ক্ষেত্ৰত আৰব সাগৰৰ সাগৰীয় পথত এখন দেৱালৰ দৰে কাম কৰে তেন্তে এই বন্দৰ স্তব্ধ হৈ পৰিব। পূৰ্বে যুদ্ধ পৰিস্থিতিত ভাৰতে এনে কঠোৰ সিদ্ধান্ত লোৱাৰ উদাহৰণ নথকা নহয়।

সিন্ধু জল চুক্তি বাতিলৰ পাছত কৰাচী বন্দৰ বন্ধৰ আশংকাত ভূগিছে পাকিস্তান

ভাৰতে সিন্ধু জল চুক্তি বাতিল কৰাৰ পাছত পাকিস্তানেও কেতবোৰ সিদ্ধান্ত লৈছে যদিও ভাৰত যে বৰ বিশেষ বিপদত পৰিব তেনে কোনো লক্ষ্যণ দেখা দিয়া নাই। কিন্তু পাকিস্তানৰ যে অৱস্থা পানীত হাঁহ নচৰা হৈছে সেয়া স্পষ্ট হৈছে।

সেয়ে এতিয়া কৰাচী বন্দৰৰ পথ বন্ধ কৰাৰ পূৰ্বেই বিভিন্ন ভাবুকি দিবলৈ আৰম্ভ কৰিছে পাকিস্তানে। পাকিস্তানৰ সাংবাদিক নাজিম ছেঠে দাবী কৰি কয়,  যদি যুদ্ধ হয় তেন্তে ঠিকেই আছে। যুদ্ধ হ’লে আমি কি পৰ্যায়ত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিম তাৰ দুটা স্তৰ আছে।”

যদিহে আমাৰ সেনা সীমান্তত পৰাজিত হয় আৰু ভাৰতীয় সেনা আমাৰ ভিতৰলৈ সোমাই আহে তেন্তে আমি এনে পৰিস্থিতিত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিম।

দ্বিতীয়তে যদি ভাৰতীয় সেনাই পাকিস্তানৰ যিকোনো এলেকা দখল কৰে তেন্তে আমি পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰো। আমি প্ৰথমে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ নকৰাৰ বাধ্যবাধকতাত বান্ধ খাই থকা নাই।

ভাৰতে প্ৰথমে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ নকৰে বুলি নীতি মানি চলে। কিন্তু ২০১৯ চনৰ আগষ্ট মাহত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ঘোষণা কৰিছিল, এতিয়ালৈকে আমাৰ নীতি হৈছে আমি প্ৰথমে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ নকৰো কিন্তু ভৱিষ্যতে এই নীতি পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব।"

সিন্ধু জল চুক্তি বাতিলে জ্বলাইছে পাকিস্তান 


বৃহস্পতিবাৰে পাকিস্তানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিয়ে এক সংবাদ মেল সম্বোধন কৰিছিল। এই সংবাদ মেলতে তেওঁলোকে কয়, “সিন্ধু জল চুক্তিৰ অধীনত পাকিস্তানক দিয়া পানী যদি কোনো ধৰণে বন্ধ বা ডাইভাৰ্ট কৰা হয়, তেন্তে ইয়াক যুদ্ধ হিচাপে গণ্য কৰা হ’ব আৰু সম্পূৰ্ণ বল প্ৰয়োগ কৰা হ’ব।”

ইফালে সিন্ধু জল চুক্তি আৰু কৰাচী বন্দৰ সন্দৰ্ভত ভাৰতৰ প্ৰতিৰক্ষা বিশ্লেষক ৰাহুল বেদীয়ে বি বি চিৰ আগত কয়, পাকিস্তানৰ বাবে দুয়োটাই জীৱনৰেখা।যদি পাকিস্তানে সিন্ধু জল চুক্তিৰ পৰা পানী নাপায় তেন্তে ইয়াৰ অৰ্থনীতি ধ্বংস হৈ যাব। 

যদি ভাৰতে কৰাচী বন্দৰৰ পথ বন্ধ কৰি দিয়ে তেন্তে পাকিস্তানৰ সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হ’ব। পাকিস্তানে সেয়ে এই দুই সিদ্ধান্তক স্বাভাৱিক ভাৱে ল’ব নোৱাৰে। 

ৰাহুল বেদীয়ে আৰু কয়, “ভাৰতৰ নৌসেনাৰ অৱস্থা বৰ্তমান অতি ভাল। ভাৰতীয় নৌসেনাৰ হাতত কৰাচী বন্দৰ বন্ধ কৰাৰ যথেষ্ট ক্ষমতা আছে।”

অৱশ্যে ভাৰত চৰকাৰে এই সিদ্ধান্ত যে ইমান সহজে গ্ৰহণ কৰিব নোৱাৰে সেয়াও স্পষ্ট। এই জলপথ কেৱল অকল পাকিস্তানে ব্যৱহাৰ নকৰে। এই পথৰ সৈতে বিশ্বৰ আন আন দেশো জড়িত হৈ আছে যিয়ে পাকিস্তানকে ধৰি এছিয়াৰ আন আন দেশৰ সৈতে বাণিজ্য কৰে। কিন্তু এই কথা ঠিক যে যদিহে ভাৰতৰ কূটনৈতিক স্থিতি শক্তিশালী হয় তেন্তে নিশ্চয়কৈ এনে এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ আশা কৰিব পাৰি। 

ভাৰত-পাকিস্তান পেহেলগাম যুদ্ধ পাকিস্তান