Advertisment

অস্বাস্থ্যকৰ ৰাজনৈতিক পৰিবেশক স্বাস্থ্যকৰ কৰিব পাৰিবনে?

এটা বিশেষ দৃশ্য। কিছু মুহূৰ্তৰ পূৰ্বে বিধানসভাৰ মজিয়াত দুই নেতাৰ মাজত হৈছিল বাকযুদ্ধ। তাৰ কিছু সময়ৰ পাছতে আকৌ বিধানসভাৰ বাহিৰত দুয়োকে দেখা গৈছে আন্তৰিকতাপূৰ্ণ এক পৰিবেশত।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
অস্বাস্থ্যকৰ ৰাজনৈতিক পৰিবেশক স্বাস্থ্যকৰ কৰিব কোনে?

ৰাজ্যৰ অস্বাস্থ্যকৰ ৰাজনৈতিক পৰিবেশত মূল্যবোধৰ ৰাজনীতিৰ অভাৱ কোনো নতুন অভিযোগ নহয়। শাসক, বিৰোধী সকলোৱেই এই অভিযোগত অভিযুক্ত। তাৰ মাজতো একাংশই মাজে মধ্যে আওঁৰাই ৰাজনৈতিক আদৰ্শৰ বাণী। কিন্তু কাৰ্যত তেনে মূল্যবোধ, আদৰ্শৰ সৌন্দৰ্য উপভোগ কৰাৰ পৰা বঞ্চিত হয় সাধাৰণ জনতা। আজি অসম বিধানসভাৰ ভিতৰত মুখ্যমন্ত্ৰী আৰু বিধায়ক অখিল গগৈৰ মাজত হোৱা তীব্ৰ বাকযুদ্ধৰ পাছত বিধানসভাৰ বাহিৰত তেওঁলোকে যি সৌজন্যতা দেখুৱালে সেয়া আছিল আকংক্ষিত সেই সৌন্দৰ্যৰ এটা পলক। এই সন্দৰ্ভতে তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

Advertisment

 


এটা বিশেষ দৃশ্য। কিছু মুহূৰ্তৰ পূৰ্বে অসম বিধানসভাৰ মজিয়াত দুয়ো নেতাৰ মাজত হৈছিল তীব্ৰ বাকযুদ্ধ। তাৰ কিছু সময়ৰ পাছতে আকৌ বিধানসভাৰ বাহিৰত দুয়োকে দেখা গৈছে আন্তৰিকতাপূৰ্ণ এক পৰিবেশত। এই দুই নেতাৰ মাজত সাধাৰণতে অসমৰ ৰাইজে দেখা পাই ‘সাপ-নেউল’ৰ সম্পৰ্ক। সেয়ে স্বাভাৱিকতে এই দুই নেতাৰ এনে আচৰণ বহুতৰ বাবেই অস্বাভাৱিক। 

ৰাজনৈতিক শত্ৰুতা ত্যাগ কৰি এই ক্ষন্তেক সময়ৰ আন্তৰিক কথোপকথনৰ বিষয় কি আছিল সেয়া সাধাৰণ ৰাইজে নুশুনিলে যদিও এজন নেতাই অৱশ্যে সামাজিক মাধ্যমৰ জৰিয়তে সেই কথা ৰাজহুৱা কৰিলে। ৰাজ্যৰ মুৰব্বী হিচাপে মুখ্যমন্ত্ৰীয়ে আনগৰাকী নেতাক প্ৰশ্ন কৰিলে ‘’সমষ্টিৰ কিবা কাম কৰি দিবলগীয়া আছে নেকি?’’

মুখ্যমন্ত্ৰীৰ সেই প্ৰশ্নত বিধায়ক নেতাই ক’লে, ‘’শিৱসাগৰৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ ফাইলটো আপোনাৰ টেবুলত পৰি আছে।‘’ বিধায়কৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিলে সেই ফাইলটো চাই দিয়াৰ। ড০ হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ এই আন্তৰিকতাপূৰ্ণ আচৰণ অৱশ্যে আজিৰ ৰাজনৈতিক পৰিস্থিতিত অতিকৈ প্ৰয়োজন।

ৰাজনীতিত শত্ৰু অথবা মিত্ৰ বুলি কোনো কথা নাই। আগনিশালৈকে বিৰোধীৰ আসনত বহি শাসক পক্ষক সমালোচনাৰে অগ্নিবৰ্ষা ভাষণ দিয়া নেতাই পিছদিনা পুৱাই বিৰোধীৰ ভূমিকা ত্যাগ কৰি শাসক পক্ষত চামিল হোৱাৰ নজিৰ এইখন অসমতে প্ৰায়ে দেখি আহিছে সাধাৰণ ৰাইজে। 

ৰাজনৈতিক উচ্চাকাংক্ষা, ক্ষমতা আহৰণৰ স্বাৰ্থত নেতাৰ পাভলুটি অসমত যোৱা ডেৰটা দশকত ৰাইজে ইমান বেছিকৈ প্ৰত্যক্ষ কৰিছে যে আজিৰ তাৰিখত কোনোবা নেতাই বিপৰীত পক্ষক চোকা সমালোচনা কৰিলেই সাধাৰণ ৰাইজে ভাবিবলৈ আৰম্ভ কৰে শীঘ্ৰেই সেই নেতাৰ পৰিচয় সলনি হ’ব। 

এয়াই বৰ্তমানৰ ৰাজনীতি। ইয়াত ব্যক্তিগত আদৰ্শ অথবা দলীয় মতাদৰ্শৰ কোনো গুৰুত্ব নাই। গুৰুত্ব আছে কেৱল ব্যক্তি স্বাৰ্থৰ। কোনে পাহৰিব পাৰিব প্ৰায় এটা দশকৰ পূৰ্বে আজিৰ মুখ্যমন্ত্ৰী  ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ অনুগত বিধায়কসকলে কিদৰে এসময়ত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত চামিল হোৱাৰ সেই দৃশ্য!

কংগ্ৰেছৰ দখলত থকা সেই সময়ৰ ৰাজ্যখনত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্ত্ৰী সভাৰ আটাইতকৈ শক্তিশালী মন্ত্ৰী জনেই আছিল ড০ হিমন্ত বিশ্ব শৰ্মা। সেই প্ৰতাপী মন্ত্ৰীগৰাকীয়েই ৰাজনৈতিক পৰিস্থিতিত পৰি কংগ্ৰেছ ত্যাগ কৰি বিজেপিত চামিল হৈছিল। অথচ এই বিজেপিক সেই সময়ত অসমত সৰ্বাধিক সমালোচনা কৰা নেতাগৰাকীয়েই আছিল ড০ শৰ্মা। 

তেওঁ বিজেপিক সমালোচনা কৰিবলৈ যিবোৰ শব্দ বাক্য ব্যৱহাৰ কৰিছিল সেয়া এতিয়া আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। সেইদৰেই ৰাজ্যত কংগ্ৰেছ ক্ষমতাত থকাৰ সময়তে ৰাজ্যসভাৰ নিৰ্বাচনৰ সময়ত কিদৰে বিজেপি আৰু এ আই ইউ ডি এফ বিধায়ক হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইনৰ বাহনত বহি আহি কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দি বিজয়ী কৰিছিলি সেই দৃশ্যও ৰাজ্যবাসীৰ মানসপটত উজ্জ্বল হৈ আছে।

অৱশ্যে সময়ৰ সৈতে পৰিস্থিতি সলনি হ'ল। এসময়ত কংগ্ৰেছ নেতাৰ গাড়ীত উঠি বিজেপি নেতাই ভোট দিবলৈ অহাৰ দৰেই এতিয়া কংগ্ৰেছৰ পৰা নেতাৰ বিজেপিলৈ আগমণ ঘটে। কংগ্ৰেছৰ পৰা ইমান বেছি নেতাৰ বিজেপিলৈ আগমণ ঘটিছে যে, বিজেপিত তেওঁলোকৰ বাবে আজিৰ তাৰিখত বহিবলৈয়ো এখন আসনৰ অভাৱ পৰিলক্ষিত হৈছে। 

আজিৰ কেন্দ্ৰীয় মন্ত্ৰী, পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো একালত আছিল অসম গণ পৰিষদৰ নেতা। আঞ্চলিক দলটোৰ পৰা বিজেপিলৈ আহি তেওঁ কম দিনতেই লাভ কৰিছিল দলীয় সভাপতিৰো দায়িত্ব। বিজেপি, কংগ্ৰেছত এনে বহু নেতা আছে যাৰ পূৰ্বৰ ৰাজনৈতিক আদৰ্শ আছিল আঞ্চলিকতাবাদী। কিন্তু ক্ষমতা আহৰণৰ লোভত তেওঁলোক আজি ৰাষ্ট্ৰীয়তাবাদী দলৰ একান্ত অনুগত হিচাপেই পৰিচিত। 

এই নেতাসকলেই পৰৱৰ্তী সময়ত একালৰ সতীৰ্থক ৰাজনৈতিক কাৰণত সমালোচনা কৰিবলৈ গৈ কিদৰে ব্যক্তিগত আক্ৰমণ, প্ৰত্যাক্ৰমণ কৰিছে সেয়া সকলোৱে দেখিছে। বিধানসভাৰ মজিয়াত কিদৰে কাৰোবাৰ পত্নীও আলোচনাৰ বিষয় হৈছে, সমালোচনাৰ কাৰণ হৈ পৰিছে সেইবোৰ দৃশ্য এতিয়াও সামাজিক মাধ্যমত বিয়পি আছে।  

ৰাজ্যৰ বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপট বহু কেইটা কাৰণত অতি গুৰুত্বপূৰ্ণ। সন্মুখত আছে ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচন। তাৰ পূৰ্বে আছে পঞ্চায়ত নিৰ্বাচন। তাৰোপৰি চলি আছে অসম বিধানসভাৰ বাজেট অধিবেশন। 

এই অধিবেশনৰ মাজতে আকৌ অসম চৰকাৰে প্ৰকাশ কৰিছে অসম লোকসেৱা আয়োগৰ দুৰ্নীতি, কেলেংকাৰীৰ সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ এজনীয়া তদন্ত কমিটীৰ প্ৰতিবেদন। এনে ৰাজনৈতিক পৰিস্থিতিৰ মাজতেই ৰাজহুৱাকৈ প্ৰহৃত হৈছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন।

ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ আয়োগৰ প্ৰতিবেদনক কেন্দ্ৰ কৰি ৰাজ্যত এক ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও তেনে নহ’ল। বৰঞ্চ এই প্ৰতিবেদনক লৈ অসম বিধানসভাত শাসকপক্ষই ‘’এডভাণ্টেজ’’ লৈছে। বিৰোধী নিস্প্ৰভ হৈ আছে। প্ৰতিবেদনত বিধায়ক অখিল গগৈৰ নাম থকাক লৈ শাসক পক্ষই তেওঁক উভতি ধৰিছে। 

ইফালে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা ঘটনাক লৈ কংগ্ৰেছতকৈ অধিক আক্ৰমণাত্মক হৈ আছে বিধায়ক অখিল গগৈ। আজিও অসম বিধানসভাত প্ৰশ্নোত্তৰ কালৰ পাছতেই সভাস্থগিতৰ প্ৰস্তাৱ আনিছিল কংগ্ৰেছে। কিন্তু সেই প্ৰস্তাৱ অধ্যক্ষই অগ্ৰাহ্য কৰাৰ পাছতে বিষয়টোক লৈ হুলস্থুলীয়া পৰিবেশৰ সূচনা হয়। পূৰ্বৰ দৰেই আজিও ৰকিবুল হুছেইনৰ ঘটনাক লৈ অধিক আক্ৰমণাত্মক হৈ পৰে বিধায়ক অখিল গগৈ। 

এসময়ত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰীকাই বিধানসভাৰ মজিয়াতে বিধায়ক অখিল গগৈক ধমক দিয়াও পৰিলক্ষিত হ’ল। মন্ত্ৰী হাজৰীকা আৰু বিধায়ক গগৈৰ বাকযুদ্ধই অধিক গৰম কৰি তুলিলে বিধানসভাৰ মজিয়া। 

মন কৰিবলগীয়া যে, আজি কিছু মাহৰ আগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভাৰ আটাইতকৈ সক্ৰিয় আৰু দক্ষ মন্ত্ৰী হিচাপে ৰাজহুৱাকৈ পীযুষ হাজৰীকা বুলি মন্তব্য কৰিছিল এইগৰাকী অখিল গগৈয়ে। তাৰোপৰি কাজিৰঙাৰ অৰ্কিড উদ্যানলৈয়ো পীযুষ হাজৰীকা যাওঁতে অখিল গগৈয়ে কৰা আপ্যায়ন তথা আতিথ্য অসমৰ ৰাইজে দেখিছে।   

বিধানসভাৰ মজিয়াত এই নেতাসকলে বাকযুদ্ধত লিপ্ত হ’লেও অৱশ্যে বিধানসভাৰ বাহিৰত তেওঁলোকে পাহৰে বিধানসভাৰ ভিতৰত তেওঁলোকে কৰা আচৰণ। অৱশ্যে একাংশই আকৌ বিধানসভাৰ ভিতৰত বাহিৰত কেনে আচৰণ কৰিব লাগে সেই সাধাৰণ জ্ঞানখিনিও আজিলৈকে অৰ্জন কৰিব নোৱাৰিলে। অসংসদীয় আচৰণ কৰি তেওঁলোকে একপ্ৰকাৰে ইতিহাসেই গঢ়িছে। 
 
বিধানসভালৈ ৰাইজে নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰি পঠিয়াই তেওঁলোকৰ সমস্যা উত্থাপন কৰিবলৈ।বিধানসভাত সক্ৰিয় হোৱোটো বিধায়কসকলৰ দায়িত্ব আৰু কৰ্তব্য। সমষ্টি উন্নয়নেই তেওঁলোকৰ প্ৰধান দায়িত্ব। বিধানসভাত শালীনতা বজাই ৰাখি, সংসদীয় আচৰণ আৰু ভাষাৰে শাসক পক্ষৰ ভুল, ত্ৰুটিক তথা ৰাইজৰ পক্ষত থাকি সমালোচনা কৰাটো সুস্থ গণতন্ত্ৰৰ এক লক্ষ্যণ। 

সুস্থ গণতন্ত্ৰৰ বাবে বিধানসভাত বিতৰ্ক হ'ব লাগিব। ৰাইজৰ ধন খৰচ কৰি অনুষ্ঠিত কৰা এই অধিবেশনৰ এটা এটা মুহূৰ্তও যাতে অনৰ্থক কথা-বতৰাৰে অতিবাহিত নহয় সেয়া সুনিশ্চিত কৰিব লাগিব বিধানসভাৰ মজিয়াত থকা জনপ্ৰতিনিধিসকলেই। আনহাতে বিধানসভালৈ গৈ মৌনতাৰে সকলোবোৰ সমৰ্থন কৰি শাসক পক্ষক নিজ ইচ্ছা মতে সকলো কৰিবলৈ এৰি দিবলৈয়ো জনতাই প্ৰতিনিধি কৰি তেওঁলোকক পঠিওৱা  নাই। বিধানসভাৰ মজিয়াত তেওঁলোকে এজনে আনজনক সমলোচনা কৰিলেও বাহিৰতো তেনে সমালোচনাই কৰি থাকিব লাগিব বুলিও কোনো কথা নাই।

ৰাজনৈতিক মতবিৰোধ থাকিলেও এইসকল নেতাৰ মাজত ঘনিষ্ঠতা থাকিব পাৰে। কিন্তু শেহতীয়াকৈ ৰাজ্যৰ ৰাজনৈতিক পৰিবেশেই এনে এক অস্থিৰ আৰু অস্বাস্থ্যকৰ হৈ পৰিছে যে, ইয়াত কোনো এজন নেতাই আন এজন নেতাৰ সৈতে হাঁহি-মাতি দুটা কথা পাতিলেই মানুহৰ মনত সন্দেহ জাগ্ৰত হয়। বিশেষকৈ শাসক পক্ষৰ সৈতে কোনোবা বিৰোধী নেতাৰ আন্তৰিক সম্পৰ্ক দেখিলে মানুহৰ সন্দেহ অধিক প্ৰৱল হৈ পৰে। 

সৌ সিদিনা দিল্লীত কংগ্ৰেছৰ ২০২৬ ৰ নিৰ্বাচনৰ প্ৰসংগত হাইভল্টেজ বৈঠকৰ পাছতে হোটেল ‘আতিথ্য’ত ৬ বুদ্ধিজীৱিৰ তৎপৰতাত বিৰোধীৰ বৈঠক অনুষ্ঠিত হৈ গ’ল। বিৰোধীক ঐক্যবদ্ধ কৰিবলৈ অনুষ্ঠিত কৰা এই বৈঠক পাছত গৈ বিধায়ক অখিল গগৈ আৰু কংগ্ৰেছ নেতাৰ মাজৰ তৰ্কযুদ্ধলৈহে পৰিণত হ’ল। 

বৈঠক আধাতে এৰি সাংসদ প্ৰদ্যুৎ বৰদলৈ ওলাই অহাৰ বিপৰীতে এ পি চি চিৰ সভাপতি ভূপেন বৰাই অকলে নিৰ্বাচন খেলাৰেই এক ইংগিত দিলে বৈঠকৰ পাছৰ দিনটোত। এনে এক ৰাজনৈতিক পৰিবেশ, পৰিস্থিতিৰ মাজতে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক হঠাৎ অসম বিধানসভাৰ বাহিৰত কিছু সময়ৰ বাবে নিজেই বাহনৰ পৰা নামি আহি সাক্ষাৎ কৰিলে। 

অখিল গগৈয়ে ইয়াক ৰাজনৈতিক সৌজন্যতা আখ্যা দি কৈছে, এইদৰে ‘’মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ গাড়ীৰ পৰা নামি আহি মাত দিলে। মাত্ৰ ২০ মিনিট মানৰ আগতে সদনৰ মজিয়াত উত্তপ্ত বাক-বিতণ্ডা হৈছিল আমাৰ দুয়োজনৰ মাজত। বাক-বিতণ্ডা মানে চূড়ান্ত পৰ্যায়ত। তাৰ পাছতে সদনৰ পৰা ওলাই আহোতেই ঘটিল ঘটনাটো।

মই খোজ কাঢ়ি সদনৰ পৰা ওলাই আহিছো। মোক আগভেটি ধৰি পুলিচে ৰখাই দিলে। মুখ্যমন্ত্ৰী আহি আছে। ময়ো ৰাস্তাৰ কাষলৈ আঁতৰি দিলো। ক্ষন্তেক পাছতে গাড়ী আহি মোৰ ওচৰ পালেহি। মই মুখ্যমন্ত্ৰীয়ে নেদেখাকৈ আঁতৰি দিছোঁ। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গাড়ীখন ৰৈ গ’ল। 

মুখ্যমন্ত্ৰী নামি আহি কৰমৰ্দন কৰিলে। হাঁহি হাঁহি সুধিলে, ভালে আছা? তোমাৰ সমষ্টিৰ কিবা কাম তেওঁ কৰি দিবলগীয়া আছে নেকি সুধিলে। মই ক’লোঁ, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ফাইলটো আপোনাৰ টেবুলত পৰি আছে। তেখেতে তৎক্ষণাত কৰি দিব বুলি প্ৰতিশ্ৰুতি দিলে।ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া। এই ৰাজনৈতিক সৌজন্যতা সঁচাই বিৰল।‘’

আঁৰত যিয়েই উদ্দেশ্য নাথাকক অসমৰ ৰাইজে এনে ৰাজনৈতিক সৌজন্যতাই সকলোৰে পৰা আশা কৰে। ৰাজ্যৰ অস্বাস্থ্যৰ ৰাজনৈতিক পৰিবেশক স্বাস্থ্যকৰ কৰি তোলাত হিমন্ত বিশ্ব শৰ্মা, অখিল গগৈ, ভূপেন বৰাৰ দৰে নেতাৰ যথেষ্ট দায়িত্ব আছে। এইসকল নেতাৰ সেই সক্ষমতা আছে। 

কেৱল কিছু সময়ৰ চৰ্চা অথবা আত্মপ্ৰচাৰৰ বাবে এনে সৌজন্যতা দেখুৱাই পৰৱৰ্তী সময়ত পুনৰ ব্যক্তিগত আক্ৰমণ, প্ৰত্যাক্ৰমণ অথবা অশ্লীল গালিগালাজেৰে ৰাজনৈতিক পৰিবেশ প্ৰদূষণ কৰিলে অৱশ্যে এনে সৌজন্যতাৰ কোনো অৰ্থ নাথাকিব। আদৰ্শ, মূল্যবোধ আদিৰ দৰে শব্দবোৰ কেৱল অভিধানতে আৱদ্ধ হৈ নাথাকি বাস্তৱিক কৰি তুলিব পাৰিলেহে এনে সৌজন্যতাৰ সৌন্দৰ্যৰ সুধা পান কৰি ৰাইজ আপ্লুত হ’ব। 

 

ড০ হিমন্ত বিশ্ব শৰ্মা অসম বিধানসভা অখিল গগৈ