/asomiyapratidin/media/media_files/2025/05/30/0r6kOV4P90xTcssLixND.jpeg)
বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা বৰষুণৰ ফলত সমগ্ৰ গুৱাহাটী কৃত্ৰিম বানৰ কৱলত। স্তব্ধ হৈ পৰিছে মহানগৰ। প্ৰশাসন তথা চৰকাৰে সুৰক্ষামূলক ভাৱে একাধিক সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও এতিয়াও বহু বিষয়ত দৃষ্টি দিয়া পৰিলক্ষিত হোৱা নাই। চৰকাৰ তথা প্ৰশাসনৰ তেনে কিছু অলক্ষিত তথা অতি প্ৰয়োজনীয় বিষয় সামৰিয়েই অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে গুৱাহাটী মহানগৰীতো বৃহস্পতিবাৰৰ পৰাই অব্যাহত আছে বৰষুণ। শুকুৰবাৰে পুৱতি নিশাৰ পৰা এই বৰষুণে নেৰানেপেৰা ৰূপ ধাৰণ কৰাত পুৱাৰে পৰা গুৱাহাটীৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে।
ঠায়ে ঠায়ে কৃত্ৰিম বান এককালৰ পৰা এবুকু পৰ্যন্ত হৈছে। ফলত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি বাসগৃহলৈকে সকলো ক্ষতিগ্ৰস্ত হৈছে। স্তব্ধ হৈ পৰিছে যান-বাহন। ইফালে চুবুৰীয়া মেঘালয়তো নেৰানেপেৰা বৰষুণ অব্যাহত থকাত মেঘালয়ৰ পাহাৰৰ পানীও গুৱাহাটীলৈ নামি আহিছে।
এনে এক পৰিস্থিতিত গুৱাহাটী মহানগৰীত অবৰ্ণনীয় পৰিবেশৰ সূচনা হৈছে। ইফালে অহা দুদিনলৈ বতৰৰ পৰিবৰ্তনৰ কোনো সম্ভাৱনা নথকাৰ বাবে ৰাজ্য চৰকাৰেও কামৰূপ আৰু কামৰূপ গ্ৰাম্য জিলাত শনিবাৰে সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰাৰ লগতে চৰকাৰী কৰ্মচাৰীসকলৰো কেজুৱেল ছুটি ঘোষণা কৰিছে।
শিক্ষাৰ্থী আৰু চৰকাৰী কৰ্মচাৰীৰ প্ৰতি লক্ষ্য ৰাখি এই সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিছে যদিও কৃত্ৰিম বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকসকলৰ সাহায্যৰ বিষয়ত কোনো বিশেষ পদক্ষেপৰ কথা ঘোষণা কৰা পৰিলক্ষিত হোৱা নাই। কেৱল সাৱধানতা অৱলম্বন কৰাৰ আহ্বান জনায়েই দায়িত্ব শেষ কৰিছে চৰকাৰে।
মন কৰিবলগীয়া যে, বৃহস্পতিবাৰৰ পৰাই আৰম্ভ হোৱা এই বৰষুণ জাকৰ বাবে গুৱাহাটীৰ পদপথৰ হাজাৰ হাজাৰ ব্যৱসায়ীৰ ব্যৱসায় এই দুটা দিনত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে। সমান্তৰালকৈ আজিৰ বান পৰিস্থিতিত যিসমূহ অঞ্চল ডুব গৈছে সেই অঞ্চলৰ বান পীড়িতক উদ্ধাৰ তথা তেওঁলোকৰ বাবে শিবিৰ স্থাপন কৰাও পৰিলক্ষিত হোৱা নাই।
নবীন নগৰ, বৰাগাওঁ, ৰুক্মিনী গাঁও, বশিষ্ঠ, আদি অঞ্চলত বান পানী এবুকু পৰ্যন্ত হৈছে। এই অঞ্চলৰ যিসকল বাসিন্দা আছে তেওঁলোকৰ খাদ্য, খোৱা পানী আদিৰ সন্দৰ্ভতো কোনো সিদ্ধান্ত লোৱা হোৱা নাই। যিসকল একেবাৰে সাধাৰণ লোক, যি এনে বান পীড়িত অঞ্চলত ভাড়াতীয়া হিচাপে আছে, যাৰ ঘৰ এচলীয়া টিনৰ চালিৰ বা তলৰ মহলাৰ সেইসকলৰ ঘৰ পানীৰ তলত ডুব গৈছে।
সাত মাইল, পাঞ্জাবাৰী, জুৰিপাৰ আদি অঞ্চলতো বাসগৃহ আধালৈকে পানীত ডুব গৈছে। এই অঞ্চলৰ লোকসকল সম্পূৰ্ণৰূপে আৱদ্ধ হৈ পৰিছে। অঞ্চলটোৰ পৰা বাহিৰলৈ অহা অথবা তাত প্ৰৱেশ কৰাটো এতিয়া হৈ পৰিছে অসম্ভৱ। গৰিষ্ঠ সংখ্যক সাধাৰণ ক্ষুদ্ৰ ব্যৱসায়ীকে ধৰি শ্ৰমিকৰ আৱাসস্থলী এই অঞ্চলৰ লোকসকলক লৈ প্ৰশাসনে বিশেষ তেনে পদক্ষেপ গ্ৰহণ কৰা নাই।
এইসকল লোকৰ হাতত জমা নাই পৰ্যাপ্ত খাদ্য সামগ্ৰীও। বতৰ যদি সলনি নহয় তেন্তে এইসকল লোকে কিদৰে সেই অঞ্চলত বান পানীৰ মাজত, খাদ্য, খোৱা পানী অবিহনে থাকিব সেয়াও চিন্তনীয় বিষয় হৈ পৰিছে। এই সন্দৰ্ভত কিন্তু এতিয়ালৈকে কোনো চৰকাৰী সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই।
আনহাতে মহানগৰীৰ প্ৰতিটো উপ-পথকে ধৰি প্ৰতিটো গলিত হাজাৰ হাজাৰ ই-ৰিক্সাকে ধৰি সাধাৰণ অটোৰিক্সা আদিয়ে ভাড়া মাৰে। শুকুৰবাৰৰ দিনটোত সম্পূৰ্ণৰূপে এইসকল ৰিক্সা চালকৰ ব্যৱসায় লোকচান হ’ল। আটাইতকৈ ডাঙৰ কথা এইসকলৰ বহুতৰে আকৌ ই-ৰিক্সাত পানী সোমাই বিজুতিও ঘটিল। প্ৰতিকুল বতৰৰ বাবেই সাম্ভাব্য দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটিৰ সংবেনশীল বহু অঞ্চলত কৰ্তন কৰা হৈছে বিদ্যুত সেৱা।
এইসকল সাধাৰণ ই-ৰিক্সা অথবা অটো ৰিক্সা চালকৰ সাহায্যৰ বাবেও এই পৰ্যন্ত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই চৰকাৰে। গুৱাহাটীত আজি যি পৰিস্থিতিৰ সৃষ্টি হৈছে সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সাহায্য তথা আশ্ৰয় শিবিৰ স্থাপন কৰিবলগীয়া আছিল যদিও তেনে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।
অনুমান অনুসৰি শুকুৰবাৰৰ দিনটোতে গুৱাহাটীৰ পদপথৰ ব্যৱসায়, বজাৰ, ক্ষুদ্ৰ ব্যৱসায়ী, ই-ৰিক্সা, কেব, অটো ৰিক্সা আদি ক্ষেত্ৰক সামৰি কেইবা কোটি টকাৰ লোকচান নিশ্চিত হৈছে। বান পানীৰ মাজত পথৰ ওপৰতে বিকল হৈ পৰিছে শ শ দুই, তিনি, চাৰি চকীয়া বাহন।
যোৰাবাটত ৰোগী কঢ়িওৱা এম্বুলেঞ্চো পানীৰ মাজত আৱদ্ধ হৈ পৰাৰ দৃশ্য কেমেৰাত বন্দী হৈছে। বৰগাঁৱৰ ৰাজপথৰ এবুকু পানীত বিকল হৈছে এখনৰ পিছত সিখন বাহন। ৰুক্মিনীগাওঁ, নবীন নগৰ, চানমাৰী, বশিষ্ঠ, বামুণীমৈদাম, জু-ৰোড, ৰাজগড় আদি অঞ্চলতো বহু বাহন বিকল হৈ পৰিছে।
এনে ভয়াৱহ পৰিস্থিতি প্ৰত্যক্ষ কৰাৰ লগতে বাঢ়ি অহা কৃত্ৰিম বান পানীৰ বাবে দিনৰ মাজ ভাগৰ পৰাই বাছ আদিৰ চলাচল বন্ধ হৈ পৰিল। ফলত বিদ্যালয়, মহাবিদ্যালয়ৰ পৰা শিক্ষাৰ্থীসকলে বানপানী ফালি খোজেৰেই স্বগৃহলৈ ৰাওনা হ’ল।
ইফালে গুৱাহাটীৰ প্ৰায় প্ৰতিটো পথ, উপ-পথত চলি থকা নিৰ্মাণ কাৰ্যৰ বাবে বহু নলা উন্মুক্ত হৈ আছে। ৰিজাৰ্ভ বেংকৰ পৰা নুনমাটিলৈ নিৰ্মাণ হৈ থকা উৰণীয়া সেতুখনৰ বাবেই চানমাৰী অঞ্চলত বিধ্বস্ত হৈ আছে পথ আৰু নলা।
ইয়াৰে উন্মুক্ত নলাত আজি এগৰাকী ছাত্ৰী থিয়ই থিয়ই সোমাই যোৱাৰ দৃশ্যও কেমেৰাত বন্দী হৈছে। সৌভাগ্যবশতঃ সেই সময়ত পথৰ কাষত ৰৈ থকা বহুজনে দৌৰি আহি ছাত্ৰীগৰাকীক নলাৰ পৰা উদ্ধাৰ কৰে। অন্যথা সেই নলাৰে যে ছাত্ৰীগৰাকী উটি নগ’ল হয় সেই সম্ভাৱনাক নস্যাত কৰিব নোৱাৰি।
গুৱাহাটীৰ এই কৃত্ৰিম বানপানীৰ ফলত আজি গুৱাহাটী অভিমুখী মালবাহী ট্ৰাকবোৰ অসম আৰক্ষীয়ে চিৰাং জিলাৰ কাচিকত্ৰাত আৰু বাক্সা জিলাৰ কদমতলতে আবদ্ধ কৰি ৰাখিছে। উজনিৰ পৰা অহা তেনে বাহনসমূহ যোৰাবাট নাপাওঁতেই আৱদ্ধ কৰি ৰাখিছে।
গুৱাহাটীৰ এনে পৰিবেশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে কেৱল মাত্ৰ জৰুৰীকালীন পৰিস্থিতিৰ বাবে মুকলি কৰিছে টোলফ্ৰী নম্বৰ। ০৩৬১-১০৭৭ আৰু ৯৩৬৫৪-২৯৩১৪ মোবাইল নম্বৰত জৰুৰীকালীন অৱস্থাত ফোন কৰিবলৈ আহ্বান জনাইছে প্ৰশাসনে। সাময়িকভাৱে এই সিদ্ধান্ত ল’লেও ভৱিষ্যত পৰিস্থিতি অধিক অৱনতি ঘটিলে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া কিন্তু এতিয়াও স্পষ্ট নহয়।
স্মৰ্তব্য বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক দুটা দিনৰ বাবে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত ৰেড এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে।
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অৱনুসৰি ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী, তামুলপুৰ, নলবাৰী, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত আগন্তুক দুটা দিনৰ বাবে ‘ৰেড এলাৰ্ট’ জাৰি কৰা হৈছে।
সেইদৰে কামৰূপ, কামৰূপ মহানগৰ, দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, হোজাই, কাৰ্বি আংলং, গোলাঘাট আৰু শোণিতপুৰ জিলাৰ বাবে ‘অৰেঞ্জ এলাৰ্ট’ জাৰি কৰা হৈছে। ৰেড এলাৰ্ট জাৰি কৰা জিলা কেইখনত অতি প্ৰচণ্ড বৰষুণৰ সৈতে ঘণ্টাত প্ৰায় ৬০ কিলোমিটাৰ পৰ্যন্ত বেগেৰে বেগেৰ ধুমুহা অহাৰ সম্ভাৱনা আছে।
অৰেঞ্জ এলাৰ্ট’ জাৰি কৰা জিলা কেইখনত ধুমুহা আৰু বজ্ৰপাতৰ লগতে ঘণ্টাত ৩০ ৰ পৰা ৪০ কিলোমিটাৰ বেগেৰে ধুমুহা অহাৰ সম্ভাৱনা আছে। উল্লেখ্যে যে, চিৰাং, বাকছা, বৰপেটা, বঙাইগাঁও, বজালী, তামুলপুৰ, দৰং আৰু উদালগুৰি জিলাত শনিবাৰৰ বাবেও আৰ এম চিয়ে জাৰি কৰিছে ‘ৰেড এলাৰ্ট’।