জীৱন, জীৱিকা আৰু ঘটিগৰম...

ৰাজনীতিক ‘সেৱা’ৰ নাম দি ক্ষমতা দখলেৰে চন্দুক ভৰোৱাৰ দৰেই আকৌ তেওঁলোকৰে অনুগত, একাংশ চৰকাৰী বিষয়া, কৰ্মচাৰীয়ে টেবুলৰ তলেৰে ধন গোটাই সাত পুৰুষে শুই-বহি খাব পৰা হৈছে।

author-image
Tushar Pratim
New Update
জীৱন, জীৱিকা আৰু ঘটিগৰম...

ধৰ্মীয় আবেগক ন্যস্ত স্বাৰ্থত ব্যৱহাৰৰ উদাহৰণ এই দেশত নতুনকৈ দিয়াৰ প্ৰয়োজন নাই। আজিৰ তাৰিখত ক্ষমতা দখলৰেই প্ৰধান অস্ত্ৰ ধৰ্মীয় আবেগ। ৰাজনৈতিক দল, নেতাৰ সেই ধৰ্মীয় বেপাৰক আওকান কৰাসকলেই আকৌ সমাজিক মাধ্যমত ঘটিগৰমৰ দৰে মানুহক প্ৰশ্ন কৰে। প্ৰশ্ন নকৰে ঘটিগৰমৰ সৃষ্টিৰ আঁৰত কোন? প্ৰশ্ন নকৰে ক্ষমতাশালীক। এই সন্দৰ্ভতে তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন। 

Advertisment

জীৱন নিৰ্বাহৰ বাবে মানুহে কি নকৰে? ব্যৱসায়, বাণিজ্য, চাকৰি, কৃষি, দিন হাজিৰা সকলো কৰে। কোনোৱে যদি ব্যৱসায়, বাণিজ্য, চাকৰি, ৰাজনীতি আদি বিভিন্ন পন্থাৰে কোটিৰ ঘৰত ধন উপাৰ্জন কৰি বিলাসী জীৱনৰ গৰাকী হৈছে আন কোনোবাই আকৌ ক্ষুদ্ৰ ব্যৱসায়, কৃষি, দিন হাজিৰাৰ দৰে কাম কৰি পৰিয়াল পোহপাল দি আহিছে। 

বহুতেই আকৌ বিলাসীতা অথবা উচ্চাকাংক্ষা, সহজ ধনৰ লোভ, শ্ৰমৰ এলাহত অসৎ পথেৰেও ধন উপাৰ্জনত জপিয়াই পৰিছে। এই সকলোবোৰৰ আঁৰৰ কাৰণ জীৱন নিৰ্বাহ। তাৰ মাজতো এতিয়াও এনে বহু মানুহ আছে যিয়ে জীয়াই থকাৰ তাড়ণাত পৰি, দুবেলা-দুমুঠি খাদ্য, লজ্জা নিবাৰণৰ বাবে বস্ত্ৰ, আশ্ৰয়ৰ বাবে এটা সৰু ঘৰৰ কাৰণে হাহাকাৰ কৰি আহিছে। 

এই মানুহখিনিৰ বাবে সৎ পথত থাকি যিকোনো প্ৰকাৰে দুপইছা উপাৰ্জন কৰি নূন্যতম প্ৰয়োজনীয়খিনি যোগাৰ কৰিব পাৰিলেই জীৱন যেন সাৰ্থক। তেওঁলোকৰ নাথাকে জীৱনৰ বিশেষ উদ্দেশ্য। জীয়াই থকাটোৱেই তেওঁলোকৰ প্ৰধান আৰু মুখ্য উদ্দেশ্য। 

অথচ এই মানুহখিনিৰ বুকুচাত উঠিয়েই একাংশই আকাশ স্পৰ্শ কৰাকৈ বৰ ঘৰ সাজিছে, বিলাসী বিচনাত সুখ নিদ্ৰাত মগ্ন হৈছে। ৰাজনীতিক ‘সেৱা’ৰ নাম দি ক্ষমতা দখলেৰে এইসকলে চন্দুক ভৰোৱাৰ দৰেই আকৌ তেওঁলোকৰে অনুগত, একাংশ চৰকাৰী বিষয়া, কৰ্মচাৰীয়ে টেবুলৰ তলেৰে ধন গোটাই সাত পুৰুষে শুই-বহি খাব পৰাকৈ ধন, সোণ গোটাইছে।

এইবোৰক স্পৰ্শ কৰিব নোৱাৰা, তেওঁলোকৰ বিৰুদ্ধে মাত মাতিব নোৱাৰাসকলেই সামাজিক মাধ্যমত যেতিয়া সৰু সৰু কিছু মানুহে নকৰিবলগীয়া কিছু কাম কৰাৰ খবৰ পাই তেতিয়াই তেওঁলোকৰ ওপৰত জপিয়াই পৰে। এনে মানুহে কৰা সৰু সৰু ভুলবোৰক ভুল বুলি দেখুৱাই নিদি কেৱল গালি-গালাজ কৰি ক্ষোভ, হাতাশাক বাহিৰ কৰে। 

তেজপুৰৰ এটা চিনাকী নাম ‘ঘটিগৰম’। ঘটিগৰমৰ প্ৰকৃত নাম পৰিতোষ মণ্ডল। পেচাত তেওঁ এগৰাকী চানা ব্যৱসায়ী। তেজপুৰ চহৰত সকলোৰে মাজত ঘটিগৰম হিচাপেই পৰিচিত চানা ব্যৱসায়ীগৰাকী ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো যথেষ্ট জনপ্ৰিয়। চানা বিক্ৰীৰ জৰিয়তে তেওঁ বিভিন্ন ধৰণে দিয়ে মনোৰঞ্জন। 

আনকি জুবিন গাৰ্গৰো প্ৰিয় তেওঁ। তেজপুৰলৈ আহি জুবিনে তেওঁৰ চানা খাইছে। বিপদৰ সময়ত তেওঁৰ কাষতো থিয় দিছে। লকডাউনৰ সময়ত, দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ হাস্পতালত থকাৰ সময়ত জুবিনে তেওঁক আৰ্থিকভাৱে সহায়ো কৰিছে। সেয়ে সুধাকণ্ঠৰ দৰেই জুবিনকো প্ৰাণ ভৰি ভাল পাই তেওঁ।

পৰিতোষ মণ্ডল নামৰ এই চানা বিক্ৰেতাগৰাকীয়ে বিভিন্ন সময়ত বিভিন্ন ৰূপ ধাৰণ কৰে। ভোগালী বিহুৰ সময়ত প্ৰতীকি গৰু, নাঙল, যুঁৱলিলৈ মূৰত জাপি পিন্ধি খেতিয়কৰ ৰূপ ধাৰণ কৰি সুধাকণ্ঠৰ ‘’অ’ মোৰ ধৰিত্ৰী আই/ খেতিয়কৰ নিস্তাৰ নাই/ মাটি বিনে অসহায়/ দয়া কৰা দয়াশীলা আই…’’ শীৰ্ষক গীতৰ পোষ্টাৰ আৰি তেজপুৰৰ ৰাজপথত কৃষি সচেতনতা বৃদ্ধিৰে বিহুৰ শুভেচ্ছা জনোৱাৰ দৃশ্য এতিয়াও সামাজিক মাধ্যমত উপলব্ধ। 

একেদৰে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণতো ভাৰতীয় ত্ৰিৰংগা পতাকা লৈ চানা বিক্ৰীৰ সমান্তৰালকৈ দেশপ্ৰেমমূলক বাণী বিলোৱা দৃশ্যও দেখিছে ভিন্নজনে। বিভিন্ন উপলক্ষত এইদৰে বিভিন্ন ৰূপ ধাৰণ কৰি চানা বিক্ৰী কৰি অহা পৰিতোষ মণ্ডল ওৰফে ঘটিগৰমে শেহতীয়াকৈ অশোক অষ্টমীৰ দিনাও তেওঁৰ চানা বিক্ৰী কৰা ক্ষুদ্ৰ বাহনখন লৈ হনুমানৰ দৰে সাজ পৰিধান কৰি গণেশ ঘাটলৈ ওলাই আহিছিল। 

অৱশ্যে তেওঁৰ বাহনত সেই সময়ত নাছিল চানা। আছিল চানা বিক্ৰী কৰাৰ সময়ত অনলাইন যোগে পইচা ল’বলৈ লগাই থোৱা ‘কিউ আৰ কোড’ আৰু খুচুৰা পইচা থোৱা লাউৰ খোলাটো। বিভিন্নজনে তেওঁক এই ৰূপত দুপইচা দিছিল। ঘটিগৰমেও বহুতকে তেওঁৰ কাষলৈ মাতি মনোৰঞ্জন দি পইচা লোৱাও দৃশ্য দেখা গৈছে। 

পৰিতোষ মণ্ডলৰ এই দৃশ্য ভাইৰেল হৈ পৰাৰ পাছতে বহুতেই তেওঁক সামাজিক মাধ্যমৰ জৰিয়তে গালি-গালাজ কৰিছে। হয়, পৰিতোষ মণ্ডলৰ সেয়া ভুল আছিল। এইদৰে ধৰ্মীয় আবেগক ব্যৱহাৰ কৰি ধন ঘটাৰ তেওঁৰ এই পন্থা উচিত নাছিল। 

সেই সময়ত তেওঁক কোনেও তেওঁৰ এই ভুল দেখুৱাই দিবলৈ আগবাঢ়ি নাহিল। কেৱল ফেচবুকৰ জৰিয়তে গালি-গালাজ কৰিয়েই ক্ষোভ উজাৰিলে। এই কথা অৱগত হোৱাৰ পাছত হয়তো এই ভুল এতিয়া তেওঁ উপলব্ধি কৰিছে। তেওঁক পুনৰ সেই ঘটিগৰমৰ ৰূপতেই তেজপুৰত বহুতে প্ৰত্যক্ষ কৰিছে।

পৰিতোষৰ দৰেই ধৰ্মৰ নামত বিভিন্নজৰে বেপাৰ চলাই আহিছে। ধৰ্মীয় অনুষ্ঠানৰ সন্মুখত তেনে অধৰ্মীৰ ভিৰ চকুতলগাকৈ বৃদ্ধি হৈছে। কোনো কোনো ধৰ্মীয় স্থানত ধৰ্মীয় আৱেগত মানুহৰ জেপো উদং হয়। ধৰ্মীয় আৱেগৰ গইনা লৈয়ে বহুতে সহজে ধন ঘটি কোটিপতি হৈছে।

সৌ সিদিনা মহাকুম্ভ মেলাৰ সময়তো ‘হোৱাটছএপ’ৰ জৰিয়তে এখন ফটো পঠিয়াই দিলেই মহাকুম্ভত ডিজিটেল স্নান কৰোৱাৰ এক বেপাৰ সুন্দৰকৈ চলি আছিল। তেনে ডিজিটেল স্নানৰ বাবে হাজাৰ টকা এটা পঠিয়াই দিলেই হ’ল। এনে ডিজিটেল স্নানৰ বহু পূৰ্বৰে পৰা আকৌ অসমত ধৰ্মীয় অনুষ্ঠানৰ ডিজিটেল আশীৰ্বাদো চলি আহিছে।

অসমত যোৱা দুটামান বছৰত ভাইৰেল হৈ পৰা এটা মন্দিৰত অনলাইন মাধ্যমেৰে সেৱা কৰাৰ ব্যৱস্থা আছে। ব্যক্তিগত মালিকানাধীন মন্দিৰটোৰ গৰাকী সেই নিৰ্দিষ্ট মহিলাগৰাকীৰ একাউণ্টলৈ অনলাইন মাধ্যমেৰে নিৰ্ধাৰিত পৰিমাণৰ টকা পঠিয়াই দিলেই আশীৰ্বাদ দিয়া হয় ভিডিঅ’ কলৰ জৰিয়তে। 

ধৰ্মীয় আৱেগৰ নামত চলি থকা বেপাৰৰ এয়া কেইটামান উদাহৰণহে মাত্ৰ। প্ৰশ্ন হয় পৰিতোষৰ ওপৰত জপিয়াই পৰা মানুহখিনিয়ে ধৰ্মীয় আবেগৰ নামত চলি থকা এনে কাৰ্য আৰু আন আন অপকৰ্মসমূহৰ বিৰুদ্ধেও সেইদৰেই সচেতন হোৱাৰ সাহস দেখুৱাব পাৰবিনে? চাৰিওফালে ঘটি থকা দুৰ্নীতি, অনিয়মৰ বিৰুদ্ধে মাত মাতিবলৈ আগবাঢ়ি আহিব পাৰিবনে? 

দুৰ্বল পৰিতোষক গালি পৰা যিদৰে সহজ, সেইদৰেই হয়তো কঠিন ক্ষমতাশালীসকলৰ বিৰুদ্ধে মাত মতাৰ। সেয়ে আজিৰ তাৰিখত ধৰ্মৰ নামতেই কোনো কোনোৱে আহৰণ কৰি আহিছে ক্ষমতা। ধৰ্মৰ নামত ৰাজনীতিৰে সমাজক ভাগ ভাগ কৰা নেতাসকলক এইসকল সচেতন লোকে প্ৰশ্ন কৰিব পাৰিবনে? 

পাৰিবনে শোণিতপুৰ জিলাৰে সেইগৰাকী মন্ত্ৰীক প্ৰশ্ন কৰিবলৈ যিয়ে ঢেকিয়াজুলীৰ দৰে সকলো ধৰ্মৰ লোকৰ বসতিস্থলত ধৰ্ম চাই মেলাত দোকান দিয়াত বাধা দিয়াৰ দৰে চূড়ান্ত সাম্প্ৰদায়িক কথা আৰু কামৰ বিৰোধিতা কৰিবলৈ? পাৰিবনে সেই মন্ত্ৰীক প্ৰশ্ন কৰিবলৈ সংবিধানৰ শপত লৈ মন্ত্ৰীত্বৰ দায়িত্ব পালন কৰা তেওঁ দৰাচলতে এটা ধৰ্মীয় পন্থা অনুসৰণ কৰা মানুহৰহে মন্ত্ৰী নে বিভিন্ন ধৰ্মীয় পন্থা অনুসৰণ কৰা জনসাধাৰণেৰে ভৰপূৰ এখন ৰাজ্যৰ মন্ত্ৰী?

পাৰিবনে ৰাজনীতিলৈ অহাৰ পাছত কি এনে আলাউদিনৰ চাকি হাতত পৰে যাৰ জৰিয়তে মন্ত্ৰী, বিধায়ক ৫ টা বছৰতে শ শ কোটি টকাৰ গৰাকী হয়? কিদৰে সাধাৰণ এটা চৰকাৰী চাকৰিত যোগদান কৰাৰ পাছতে টকাৰ পাহাৰ গঢ়ে একাংশই? 

ঘটিগৰমৰ কাৰ্য যিদৰে গ্ৰহণযোগ্য নহয় সেইদৰেই গ্ৰহণযোগ্য নহয় এনে কাম-কাজো। সামাজিক মাধ্যমত এনে সাধাৰণ সৰু সৰু মানুহৰ ওপৰত জপিয়াই উঠাৰ দৰেই, প্ৰশ্ন কৰাৰ দৰেই প্ৰশ্ন কৰিব পাৰিব লাগিব ক্ষমতাবানজনকো। 

কোনোমতে পেটে-ভাতে খাই থকাসকলক ভাতে মৰাৰ ব্যৱস্থা কৰাতকৈ দুৰ্নীতি পৰায়ণ সেইসকলক প্ৰশ্ন কৰিবলৈ সাহস কৰিব লাগিব যিয়ে ক’লা ধনেৰে দালান সাজিছে, বিলাসী বিচনাত সুখ নিদ্ৰাত পাৰ কৰিছে আৰু ক্ষমতাৰ বলত প্ৰশাসনক নিজৰ জেপত ভৰাই ৰাখিছে। এইসকলক প্ৰশ্ন কৰিবলৈ যেতিয়াই সাহস কৰিব তেতিয়াই শোষণ, বঞ্চনাৰো অৱসান ঘটিব। ঘটিগৰমৰ দৰে আৰু দ্বিতীয়জন হয়তো সৃষ্টি নহ'ব। 

তেজপুৰ