জজ ফীল্ডৰ পৰা উৎপল শৰ্মা...

জজ ফীল্ডত আয়োজন কৰা সদৌ অসম ছাত্ৰ সন্থাৰ ৰঙালী বিহু কাৰ্যসূচীত জাতিয় সংগঠনটোৰ সভাপতি উৎপল শৰ্মাই যি বক্তব্য ৰাখিলে সেই বক্তব্যৰ মাজতেই বৰ্তমান প্ৰতিফলিত হৈছে।

author-image
Asomiya Pratidin
New Update
জজ ফীল্ডৰ পৰা উৎপল শৰ্মা...

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই আজি জজ ফীল্ডত আছুৱে অনুষ্ঠিত কৰা মুকলি বিহুস্থলীৰ পৰা যি ভাষণ আগবঢ়ালে সেই ভাষণ সৰ্বত্ৰে চৰ্চিত হৈছে। সময়োপযোগী শৰ্মাৰ এই ভাষণে জাতীয় সন্ধিক্ষণত দেখুৱাইছে প্ৰকৃত ছবিখন। উৎপল শৰ্মাৰ সেই বিশেষ ভাষণ সন্দৰ্ভতে মৃদুল কুমাৰ সন্দিকৈৰ এক বিশেষ প্ৰতিবেদন।

Advertisment

বহু দিনৰ পাছত ৰঙালী বিহু আয়োজনস্থলীৰ পৰা অসমীয়া জাতিৰ প্ৰতি জনোৱা এক বাস্তৱিক আৰু হৃদয়স্পৰ্শী বক্তব্যই মন চুই গ’ল। সুধাকণ্ঠই কোৱাৰ দৰেই, ব’হাগ মাথোঁ এটা ঋতু নহয়, ই অসমীয়া জাতিৰ সাহ আৰু প্ৰাণস্পন্দন। 

প্ৰতি বছৰে আয়োজন কৰাৰ দৰে এইবাৰো জজ ফীল্ডত আয়োজন কৰা সদৌ অসম ছাত্ৰ সন্থাৰ ৰঙালী বিহু কাৰ্যসূচীত জাতিয় সংগঠনটোৰ সভাপতি উৎপল শৰ্মাই যি বক্তব্য ৰাখিলে সেই বক্তব্যৰ মাজতেই বৰ্তমান প্ৰতিফলিত হৈছে। জাতিয় জীৱনৰ কথা চিন্তা কৰিবলৈ বিহু এক ডাঙৰ উপলক্ষ।

ছাত্ৰ সংগঠনটোৰ নেতাগৰাকীয়ে কাকো দোষাৰোপ নকৰাকৈ অত্যন্ত দায়বদ্ধতা আৰু তথ্যসহকাৰে কোৱা কথাবোৰ প্ৰতিজন অসমীয়াৰ মনৰ কথা হোৱা উচিত। অসমীয়া জাতি ঐতিহ্য আৰু বীৰত্বৰ মাজত নিজস্বতা লৈ জীয়াই থকা জাতি।

অসমীয়া একোটা পৰিয়াল আৰ্থিক, সামাজিক ভাৱে স্বাৱলম্বী জাতি। ঘৰতে মাছ, কাছৰ পৰা আৰম্ভ কৰি বাৰীত পাক মাৰিলেই প্ৰয়োজনীয় সকলোখিনি উৎপাদন কৰিব পৰা সক্ষম এটা জাতি আছিল।

স্বাধীনতাৰ পাছত অসমৰ জনমূৰি আয় দেশতকৈ অধিক আছিল। সেই জাতিটোক আজি আমি ৰাজনৈতিক পাশা খেলত বন্দী কৰি ক'ৰ পৰা ক'লৈ লৈ গ'লো সেয়া প্ৰতিজন অসমীয়াই বিচাৰ কৰা সময় এয়া।

নিমখকনৰ বাহিৰে অসমীয়াই আন একো সামগ্ৰীক লৈ আনৰ ওপৰত নিৰ্ভৰশীল নাছিল। ঘৰৰ পিছফালে তামোলাৰ বাৰী, ঘৰৰ এটা চোকত গোহালি, সন্মুখত ভঁৰাল, বাৰীৰে এটা কোণত এটা পুখুৰী কি নাছিল অসমীয়া জাতিৰ?

পথাৰত নদন, বদন শস্যই উপচি আছিল। মাহ, সৰিয়হ, মুগা এইবোৰ খেতিৰ উপৰিও আন যাৱতীয় সামগ্ৰীৰ খেতি অসমীয়াই কৰিব জানিছিল। বিহু আৰু উৎসৱৰ বতৰত সৰিয়হ পেৰি এফালে তেল আনফালে সেই পেৰা সৰিয়হৰ খলিহৈৰ পৰা পানীটেঙা খাৰলি প্ৰস্তুত কৰিছিল।বাৰীৰ ঢাপত থকা ভোলোকা বাঁহৰ গাজ কাটি খৰিচা বনাইছিল।

অসমীয়া জাতিৰ এটাই ভুল হৈ গ'ল, এই জাতি বেপাৰী নাছিল। আৱেগ, অনুভূতিক লৈ আত্মীয়তাৰে জীয়াই থাকিব খুজিছিল। সময়ৰ পৰিবৰ্তনৰ ধাৰাত ৰাজনৈতিক ভোটৰ অংকৰ চেপাত অসমীয়া জাতি আজি অংগক্ষত হ'ল।

১২৫০ টকা মাহেকত চৰকাৰৰ পৰা পোৱাৰ আশাত হাত পাতি থকা জাতিলৈ পৰিণত হৈ গৈয়ে আছে এই জাতিটো। সেই হিতাধিকাৰীৰ মোহে অসমৰ উৎপাদনশীল এটা জাতিক, তাৰ জাতীয় অৰ্থনৈতিক বুনিয়াদ থানবান কৰি ভিক্ষাৰী সজাই দিয়াৰ পথত।

আৰু তাৰেই গইনা লৈ ৰাজনীতি কৰাসকলে ইয়াৰ আধাৰত অসমীয়া জাতীয় স্বাভিমানক ধ্বংস কৰাৰ পাছতো আমি তাকলৈ সচেতন হ'বলৈ নোৱাৰাতো দুৰ্ভাগ্যজনক। সেই সত্য কথাখিনিয়েই আজি উপলব্ধি কৰিছিল সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ সভাপতিগৰাকীয়ে।

বাজেটত কোন শিতানত কিমান ধন ধায্য কৰা হৈছে তাৰ আভাস দি তেওঁ ইমান সুন্দৰকৈ এই বিষয়টো তুলি ধৰিলে যে, বহু সাধাৰণ মানুহৰ মাজত সেই কথাবোৰ এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। আনকি আই পি এলৰ বতৰত উত্তেজনাময় খেল চাই থকাৰ মাজতো হঠাৎ সেই খেলৰ দৰ্শক হৈ বহি থকা দায়বদ্ধশীল লোকে অকস্মাত কৈ পেলাইছে- আছুৰ সভাপতি উৎপল শৰ্মাই আজি বৰ ভাল কথা কেইটামান ক'লে।

এয়াইতো কোনো এজন জাতীয় সংগঠনৰ নেতাই দিয়া ভাষণৰ পৰিব্যাপ্তি আৰু সাধাৰণ লোকৰ মাজত পৰা প্ৰভাৱৰ নমুনা। বিহুৱানখন আমি আমাৰ কৰি ৰাখিব নোৱাৰা জাতি আমি। কলকাতাৰ পৰা কপৌফুল আনি বিহু পাতিবলৈ কুণ্ঠাবোধ নকৰা জাতি আমি।

গোহালিৰ গৰু বিক্ৰী কৰি দি খেতি পথাৰবোৰ বাহিৰৰ বনিয়াক গতাই নতুন প্ৰজন্মক আত্মনিৰ্ভৰশীলতা হ'বলৈ সুযোগ নিদিয়া জাতি আমি। সেই হেৰাই যোৱা স্বাভিমানক জাগ্ৰত কৰিবলৈ ব'হাগেই সুন্দৰ সময়। এই কথাই ক'লে আছুৰ নেতাগৰাকীয়ে। 

ইয়াত ৰাজনীতি নাই, ৰাজনীতিৰ নামত কৰা বাস্তৱৰ উপলব্ধি আছে। অসমীয়া মানুহক বন্ধকত থৈ আবেগ অনুভূতিৰে খেলা কৰাসকলৰ মুখাৰ আঁৰৰ ছবিবোৰ এই বক্তব্যৰ মাজত উন্মোচিত হৈছে। জাতীয় জীৱনৰ এই সন্ধিক্ষণত এনে এক বাৰ্তাই আমাক প্ৰয়োজন আছিল।যি বাৰ্তাই সমৃদ্ধশীল অসমীয়া জাতিৰ অতীতক ঘূৰাই আনিব পৰাকৈ আমাক সজাগ কৰিব পাৰে।

অম্বিকাগিৰী ৰায়চৌধুৰীয়ে তাহানিতে আমাক সজাগ কৰি থৈছিল। কমলাকান্ত ভট্টাচাৰ্যই এই জাতিটোৰ ভৱিষ্যতৰ কথা তেতিয়াই লিখিছিল। ৰজাঘৰীয়াসকলে কেৱল নিজৰ স্বাৰ্থ দেখে। অতি ভদ্ৰ ভাষাত ৰজা ঘৰৰ স্বাৰ্থৰ বিৰুদ্ধে ৰঙা চকু আৰু তীক্ষ্ণ দৃষ্টি দি জাতিটোক জগাই তুলিব পৰাতো এই সময়ৰ কঠিন প্ৰত্যাহ্বান।

সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি চৌদিশৰ পৰা হেঁচা মাৰি ধৰা সেই ক্ষমতাশালী পক্ষৰ বিৰুদ্ধে এনে উদাত্ত ভাষণ দিব পৰাতো সহজ কথা নহয়। আন বহু কথাও সামৰি থৈছে এই ভাষণত। যিসকলৰ মন, মগজু আৰু বিবেকত এই কথাবোৰ চিন্তা কৰিব পৰা এক পৰিপক্ক দৃষ্টি, ভংগীয়ে ক্ৰিয়া কৰে তেওঁলোক আজি আশ্বস্ত হৈছে।

অন্ততঃ কোনোবা এখন মঞ্চৰ পৰা ৰাজনীতিৰ পৰা আঁতৰত থাকি সঁচা উপলব্ধি কৰি কোনোবাই সত্য কথাখিনি ক'বলৈ সাহস কৰিছে। আজি ন'হলেও এদিন এই সত্যবোৰ আমি উপলব্ধি কৰিলো হেতেন।

বিহুৰ বতৰতে হয়তো ইয়াক তুলি ধৰি কঠিন ৰূঢ় বাস্তৱৰ বিপৰীতে গৈ গৰু বিহুৰ দিনা জজ ফীল্ডৰ পৰা যি বাৰ্তা অসমীয়ালৈ উৎপল শৰ্মাই প্ৰেৰণ কৰিলে সেই বাৰ্তাই এক শুদ্ধ সঠিক বাটৰ কৰ্ষণ কৰি জাতীয় জীৱনক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আমি আশাবাদী। 

সদৌ অসম ছাত্ৰ সন্থা আছু উৎপল শৰ্মা