দুই ৰাজ্যৰ সমান্তৰালভাৱে শনিবাৰে দেশৰ ৪৮টা বিধানসভা সমষ্টি আৰু ২টা সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফলো ঘোষণা হ'ল। এই উপ নিৰ্বাচনতো দেখা গ'ল বিজেপিৰ দখল। উপ নিৰ্বাচনত কোন ৰাজ্যত, কোন সমষ্টিত, কোন দলৰ প্ৰাৰ্থী জয়ী হ'ল অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...
ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ বিধানসভাৰ নিৰ্বাচনৰ উপৰিও আজি ফলাফল ঘোষণা হ'ল দুটা সংসদীয় সমষ্টি আৰু ৪৮টা বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা উপ নিৰ্বাচনৰ ফলাফল। এই ফলাফলত অধিকাংশ সমষ্টিতে ফুলিঁল পদুম। অৱশ্যে পশ্চিম বংগ আৰু ছিক্কিমৰ ছবিখন ইয়াৰ বিপৰীত। কৰ্ণাটক, কেৰালাৰ উপ নিৰ্বাচনত বিজেপিৰ সেই প্ৰকোপ দেখিবলৈ পোৱা নগ'ল।
৪৮টা বিধানসভা সমষ্টিৰ ভিতৰত ২২টাত বিজেপি, ৭টাত কংগ্ৰেছ, ৬টা তৃণমূল আৰু আপে লাভ কৰে ৩খনকৈ আসন। ইয়াৰ বিপৰীতে ৰাজ্যভেদে বাকী অন্য আঞ্চলিক দলবোৰে লাভ কৰে ১খনকৈ আসন। আনহাতে দুই সংসদীয় সমষ্টিৰ নিৰ্বাচনত এটাত কংগ্ৰেছ আৰু এটাত বিজেপিৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰে।
অসমৰ ৫সমষ্টিঃ
অসমত ৫সমষ্টিত অনুষ্ঠিত হৈছিল উপ নিৰ্বাচন। ইয়াৰে ৫টা সমষ্টিতেই জয়ী হল এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী। বঙাইগাঁৱত অসম গণ পৰিষদৰ দীপ্তিময়ী চৌধুৰী আৰু চিদলীত ইউ পি পি এলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম জয়ী হোৱাৰ বিপৰীতে বাকী ৩টা সমষ্টিত জয়ী হল বিজেপিৰ প্ৰাৰ্থী।
চামগুৰিত বলিষ্ঠ যুঁজ দি জয়ী হল বিজেপিৰ প্ৰাৰ্থী দীপ্লুৰঞ্জন দাস। বিহালীত বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাল আৰু ধলাইত জয়ী হ'ল নিহাৰ ৰঞ্জন দাস। উল্লেখ কৰা প্ৰয়োজন যে, যোগদান কৰিয়ে কংগ্ৰেছৰ টিকট পাই নিৰ্বাচনত অৱৰ্তীণ হোৱা জয়ন্ত দাসে বিহালীত যথেষ্ট সবল যুঁজ দিছিল।
বিহাৰৰ ৪সমষ্টিঃ
বিহাৰৰ ৪টা সমষ্টিত অনুষ্ঠিত হৈছিল উপ নিৰ্বাচন। ইয়াৰে দুটাত বিজয় সাব্যস্ত কৰে বিজেপিয়ে। টাৰাৰী সমষ্টি আৰু ২০৩নং ৰামগড় সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰে। বিহাৰৰ ২২৭নং ইমামগঞ্জ সমষ্টিত হিন্দুস্তানী মৰ্চা চেকুলাৰ দলৰ প্ৰাৰ্থী দ্বীপা কুমাৰী জয়। আনফালে বেলাগঞ্জ সমষ্টিত জয়ী হয় জনতা দল ইউনাইটেডৰ প্ৰাৰ্থী মনোৰমা দেৱী।
চত্তীশগড়ৰ ১টা সমষ্টিঃ
চত্তীশগড়ৰ দক্ষিণ ৰায়পুৰ সমষ্টিত অনুষ্ঠিত হোৱা উপ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰায় ৪৬হাজাৰো অধিক ভোটত পৰাস্ত কৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী। বিজেপিৰ প্ৰাৰ্থী সুনীল কুমাৰ ছনিয়ে ৮৯হাজাৰ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী ৪৩হাজাৰ ভোট।
গুজৰাটৰ ১টা সমষ্টিঃ
গুজৰাটৰ ভেব সমষ্টিত অনুষ্ঠিত হোৱা উপনিৰ্বাচনত জয়ী হয় বিজেপিৰ প্ৰাৰ্থী ঠাকুৰ স্বৰূপজী। মাত্ৰ ২৪৪২টা ভোটৰ ব্যৱধানত এই সমষ্টিটোত বিজয় সাব্যস্ত কৰে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে। সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৯২হাজাৰটা ভোটৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে ৮৯হাজাৰটা ভোট।
কৰ্ণাটকৰ ৩টা সমষ্টিঃ
কৰ্ণাটকৰ ৩টা সমষ্টিৰ ভিতৰত ৩টাতে বিজয় সাব্যস্ত কৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে। ছিগগাওঁ, সান্দুৰ আৰু ছানাপাটনা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয়।
কেৰালাৰ ২টা সমষ্টিঃ
কেৰালাৰ দুই সমষ্টিৰ উপ নিৰ্বাচনৰ এটাত কংগ্ৰেছ আৰু এটাত চি পি আই (মাক্সবাদী) দলৰ প্ৰাৰ্থীয়ে বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয়। পাল্লাকড সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰাহুল মামকতাথিলে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীগৰাকীতকৈ প্ৰায় ১৮হাজাৰ অধিক ভোট লাভ কৰি জয় সাব্যস্ত কৰে। আনফালে চেলাক্কাৰা সমষ্টিত চি পি আই (মাক্সবাদী) দলৰ প্ৰাৰ্থী ইউ আৰ প্ৰদীপে ১২হাজাৰ ভোটত বিজয় সাব্যস্ত কৰে।
মধ্যপ্ৰদেশৰ ২টা সমষ্টিঃ
মধ্যপ্ৰদেশৰ ২টা সমষ্টিৰ ভিতৰত এটাত কংগ্ৰেছ আৰু এটাত বিজেপিয়ে বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয়। ৰাজ্যখনৰ বিজয়পুৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী মুকেশ মালহোত্ৰা আৰু বুধিনী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰামাকান্ত ভাৰ্গৱাই বিজয় সাব্যস্ত কৰে।
মেঘালয়ৰ এটা সমষ্টিঃ
মেঘালয়ৰ গেমবিগ্ৰে বিধানসভা সমষ্টিতো অনুষ্ঠিত হৈছিল উপ নিৰ্বাচন। এই সমষ্টিতো এন পি পি প্ৰাৰ্থী জয়ী হয়। জয়ী হোৱা মেহতাব চান্দী আগিটক চাংমা হৈছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী। ৪৫৯৪টা ভোটত এই সমষ্টিটোত এন পি পিৰ প্ৰাৰ্থীগৰাকীয়ে বিজয় সাব্যস্ত কৰে।
পাঞ্জাৱৰ ৪টা সমষ্টিঃ
পাঞ্জাৱৰ উপ নিৰ্বাচনত ৰাজ্যখনৰ শাসনাধিষ্ঠ দল আপৰ সপক্ষে বলিল বতাহ। ৪টা সমষ্টিৰ ভিতৰত ৩টাত আপ আৰু এটাত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হয় ৰাজ্যখনত। দাৰা বাবা নানক সমষ্টিত আপৰ প্ৰাৰ্থী গুৰদ্বীপ সিং ৰাণধাৱা, চাবীৱাল সমষ্টিত আপৰ প্ৰাৰ্থী ডাঃ ঈশানক কুমাৰ আৰু গিড্ডাবাহা সমষ্টিত আপৰ প্ৰাৰ্থী হৰদ্বীপ সিং ডিম্পী জয়ী হয়। ৰাজ্যখনৰ ১০৩নং বাৰনালা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী কুলদ্বীপ সিঙ জয়ী হয়।
ৰাজস্থানৰ ৭টা সমষ্টিঃ
ৰাজস্থানৰ ৭টা সমষ্টিৰ ভিতৰত ৫টাত বিজেপি, এটাত কংগ্ৰেছ আৰু এটা সমষ্টিত ভাৰত আদিবাসী পাৰ্টিৰ প্ৰাৰ্থী জয়ী হয়। চ'ৰাছী সমষ্টিত আদিবাসী পাৰ্টি, চালুমবাৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী, ১১০নং কিহিনশ্বৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী, দেৱলী সমষ্টিত বিজেপি, ডাওচা সমষ্টিত কংগ্ৰেছ, ৰামগড় সমষ্টিত বিজেপি আৰু ঝুহুনঝুহু সমষ্টিত বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়।
ছিক্কিমৰ দুটা সমষ্টিঃ
ছিক্কিমৰ দুটা সমষ্টিৰ উপ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হয় ছিক্কিম ক্ৰান্তিকাৰী মৰ্চাৰ প্ৰাৰ্থী। ৰাজ্যখনৰ ৭নং SORENG আৰু NAMCHI সমষ্টিত বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হয় ৰাজ্যখনৰ শাসনাধিষ্ঠ দলটোৰ প্ৰাৰ্থী। SORENG সমষ্টিত আদিত্য গলাই আৰু NAMCHI সমষ্টিত সত্তীশ চন্দ্ৰ ৰায় বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হয়।
উত্তৰ প্ৰদেশৰ ৯টা সমষ্টিঃ
উত্তৰ প্ৰদেশৰ ৯টা সমষ্টিৰ ভিতৰত ৮টাতে বিজেপিৰ প্ৰাৰ্থী জয়ী হয়। মাজৱান, কেটহৰী, কুলপুৰ, চিচামু, কাৰহাল, কুণ্ডকী, গাজিয়াবাদ আৰু খেৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থীয়ে জয় সাব্যস্ত কৰাৰ বিপৰীতে মীৰপুৰ সমষ্টিত ৰাষ্ট্ৰীয় লোকদলৰ প্ৰাৰ্থী জয়ী হয়।
উত্তৰাখণ্ডৰ এটা সমষ্টিঃ
উত্তৰাখণ্ডৰ কেদাৰনাথ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী আশা নৌটিৱাল জয়ী হয়। ৫৬২২টা ভোটৰ ব্যৱধানত জয়ী হয় বিজেপিৰ প্ৰাৰ্থীগৰাকী। বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ২৩হাজাৰ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে ১৮হাজাৰটা ভোট।
পশ্চিম বংগৰ ৬টা সমষ্টিঃ
পশ্চিম বংগৰ ৬টা সমষ্টিৰ ৬টাতে নিজৰ দখল বজাই ৰাখিবলৈ সক্ষম হয় তৃণমূল কংগ্ৰেছ। ৰাজ্যখনৰ শাসনাধিষ্ঠ দলটোৱে প্ৰক্ষেপ কৰা প্ৰতিগৰাকী প্ৰাৰ্থীয়েই ৰাজ্যখনত বিজয় সাব্যস্ত কৰে। নাইহাটি, হাৰুৱা, মেদিনীপুৰ, তালডাংৰা, মাদৰীহাট আৰু চিতাই সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হয়।
দুই সংসদীয় সমষ্টিৰ ফলাফল, প্ৰিয়ংকালৈ অভূৰ্তপূৰ্ব মৰমঃ
ৱায়নাডঃ
৪৮টা বিধানসভা সমষ্টিৰ বাহিৰেও দুটা সংসদীয় সমষ্টি কেৰালাৰ ৱায়নাড আৰু মহাৰাষ্ট্ৰৰ নানডিদ সমষ্টিত অনুষ্ঠিত হৈছিল উপনিৰ্বাচন। ইয়াৰে ৱায়নাড সমষ্টিত ঐতিহাসিক বিজয় সাব্যস্ত কৰিলে প্ৰিয়ংকা গান্ধীয়ে। ৪লাখ ১০হাজাৰ ৯৩০টা ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে প্ৰিয়ংকা গান্ধীয়ে। ৰাহুল গান্ধীৰ উত্তৰাধিকাৰী আৰু সক্ৰিয় ৰাজনীতিত দৃঢ়তাৰে প্ৰৱেশ কৰিলে কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধীয়ে। ৱায়নাডত ৬লাখ ২২হাজাৰ৩৩৮টা ভোট লাভ কৰিলে প্ৰিয়ংকাই।
নানডিদঃ
মহাৰাষ্ট্ৰৰ ১৬নং লোকসভা সমষ্টি নানডিদত বিজয় সাব্যস্ত কৰে বিজেপিৰ প্ৰাৰ্থী ড০ সন্তুকৰাও মাৰাথাওয়ে। প্ৰায় ৩৮হাজাৰ ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে। সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৪.৮৮লাখ ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৫.২৫লাখ ভোট লাভ কৰে।