আপোনাৰ আৰু আপোনাৰ সন্তানৰ শৈক্ষিক জীৱনৰ সমস্ত তথ্য এতিয়া এটা ফাইলত লৈ ফুৰিব নালাগে। এখন কাৰ্ডতেই থাকিব এগৰাকী ব্যক্তিক শৈক্ষিক জীৱনৰ সমস্ত তথ্য। কি এই কাৰ্ড? ডিম্পুল বৰগোহাঁইৰ এক প্ৰতিবেদন...
APAAR ID CARD- এক ৰাষ্ট্ৰৰ এক শিক্ষাৰ্থী পৰিচয় পত্ৰ। অনাগত কেইটামান বছৰৰ ভিতৰতে দেশৰ শিক্ষাৰ্থী সমাজৰ বাবে জৰুৰী এক নথি হৈ পৰিব এই APAAR ID CARD। ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ৰ অধীনত আৰম্ভ হোৱা এই পৰিচয় পত্ৰ প্ৰস্তুতকৰণৰ কাম দেশজুৰি ইতিমধ্যে আৰম্ভ হৈছে।
এই পত্ৰখনৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ পূৰ্বে জানি লওঁ আহক APAAR ৰ সম্পূৰ্ণ নাম কি? APAAR ৰ সম্পূৰ্ণ নাম হৈছে- Automatic Permanent Academic Account Registry. এইখিনিতে জানি থোৱা ভাল যে, ২০২৩চনত অখিল ভাৰতীয় শিক্ষা সমাগমৰ সময়ত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে এই পৰিযোজনা দেশত কাৰ্যকৰী কৰাত বিশেষ জোৰ দিছিল।
দেশৰ প্ৰায় ৩০কোটি শিক্ষাৰ্থীৰ পৰিচয় একত্ৰিত কৰাৰ উদ্দেশ্যৰে এই পৰিযোজনাৰ কাম আৰম্ভ কৰিছে ভাৰত চৰকাৰে। এই ৩০কোটিৰ ভিতৰত ৪.১কোটি উচ্চ শিক্ষাৰ শিক্ষাৰ্থী আৰু ৪কোটি শিক্ষাৰ্থী দক্ষতা বিকাশৰ বিভিন্ন কাৰিকৰী শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীক সামৰি লব। উল্লেখযোগ্য কথাটো হল যে, চৰকাৰী আৰু বেচৰকাৰী দুয়োক্ষেত্ৰৰ শিক্ষাৰ্থীক সাঙুৰি লব এই আপাৰ (appar) কাৰ্ডে।
ডিজিটেল এই যুগত এই APAAR ID CARDএ কেৱল শিক্ষাৰ্থীসকলৰ তথ্য সংগ্ৰহে নহয়, তেওঁলোকৰ শৈক্ষিক জীৱনৰ দিক নিৰ্ণয় কৰাৰ লগতে তেওঁলোকৰ অধ্যয়নৰ ক্ষেত্ৰসমূহৰ ওপৰতো চৰকাৰে চকু ৰাখিব । মুঠৰ ওপৰত এই APAAR ID CARDএ শিক্ষাৰ্থীসকলৰ জীৱন যথেষ্ট পৰিমাণে সৰল কৰিব বুলি কেন্দ্ৰীয় চৰকাৰে আশা প্ৰকাশ কৰিছে।
ইফালে বিদ্যালয়ৰ যিসকল ছাত্ৰ-ছাত্ৰীৰ নামত ‘আপাৰ’ কাৰ্ড প্ৰদান কৰা হ’ব, তেওঁলোকৰ আধাৰ কাৰ্ডো থাকিব। আপাৰ কাৰ্ডখনত শিক্ষাৰ্থীজনৰ জীৱনকালীন শিক্ষাৰ গ্ৰাফহে নথিভুক্ত থাকিব। এক কথাত, আপাৰ কাৰ্ড হৈছে ছাত্ৰ-ছাত্ৰীৰ আজীৱন চিনাক্তকৰণ ব্যৱস্থা।
আপাৰ কাৰ্ডৰ দ্বাৰা, শিক্ষাৰ্থীৰ প্ৰাক-প্ৰাথমিক শিক্ষাৰ পৰা উচ্চ শিক্ষালৈ শৈক্ষিক অগ্ৰগতিৰ অনুসৰণ কৰিব পৰা যাব। এই কাৰ্ডৰ জৰিয়তে প্ৰতিজন ছাত্ৰই একাডেমিক বেংক ক্ৰেডিট (এবিচি)ৰ সৈতে একক এপিএআৰ আইডি লাভ কৰিব।
উল্লেখ্য যে, আপাৰ কাৰ্ড ডিজিলকৰ সৈতে সংযোগ হৈ থাকিব। যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ ফলাফল আৰু প্ৰমাণ পত্ৰৰ দৰে গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ ডিজিটেলী লাভ কৰিব পাৰে আৰু তাতেই সংৰক্ষণ কৰিব পাৰে। ইয়াৰ বাবে তেওঁলোকে কেৱল জি মেইল বা ই মেইলটো মনত ৰাখিলেই হল।
অনলাইন জৰিয়তে শিক্ষাৰ্থীসকলে প্ৰস্তুত কৰিব পাৰে নিজ নিজ আপাৰ কাৰ্ড। এটা লিংকত গৈ প্ৰথমে ৰেজিষ্ট্ৰেচন কৰিব লাগিব। ইয়াৰ বাবে অৱশ্যে শিক্ষাৰ্থীগৰাকীৰ আধাৰ কাৰ্ড থকাতো বাধ্যতামূলক। কিন্তু যি সকল নাবালক তেওঁলোক নিজ নিজ শিক্ষানুষ্ঠানত এখন ফৰ্ম ভৰ্তি কৰি জমা কৰি এই আপাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব।
আপাৰ কাৰ্ডৰ বাবে অনলাইন ৰেজিষ্ট্ৰেচনৰ লিংকটো হৈছে-https://apaar.education.gov.in/ . প্ৰথমে এই লিংকটোত ক্লিক কৰি 'Resources' অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াৰ পাছতে 'APAAR Parental Consent ফৰ্মখন ডাউনলোড কৰি এই ফৰ্ম ভৰ্তি কৰি স্কুলত জমা দিব লাগিব।
আপাৰ কাৰ্ডৰ অন্য এটা ইতিবাচক দিশ হৈছে যে, এই প্ৰক্ৰিয়াৰ জৰিয়তে ভুৱা শিক্ষা প্ৰমাণ পত্ৰবোৰ সহজে ধৰা পেলাব পৰা যাব। ইয়াৰ লগতে শিক্ষাৰ্থীসকলৰ শৈক্ষিক নথি পত্ৰ আজীৱন সুৰক্ষিত হৈ থাকিব ডিজিটেলীভাৱেও।
এই আপাৰ কাৰ্ডৰ জৰিয়তে চৰকাৰেও শিক্ষাৰ্থীসকলৰ শৈক্ষিক যাত্ৰাৰ বিষয়ে অৱগত থাকিব আৰু সময়ত তেওঁলোকৰ নিয়োগৰ বাবে বাবেও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। ভিন্ন ক্ষেত্ৰত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ বাবে স্কলাৰশ্বীপৰ ক্ষেত্ৰতো সহায়ক হব আপাৰ কাৰ্ড।
মন কৰিবলগীয়া কথাটো হৈছে, শিক্ষা সাং কৰাৰ পাছত যেতিয়া কোনো চাকৰিৰ বাবে আবেদন কৰিব তেতিয়া আবেদনকাৰীয়ে সকলো নথি-পত্ৰৰ সলনি আপাৰ কাৰ্ডৰ নম্বৰ দিলেই হব। মুঠৰ ওপৰত ভৱিষ্যতে শিক্ষাৰ্থীসকলৰ বহু কাম সৰল কৰিব এই আপাৰ কাৰ্ডে।
কিন্তু এই পদক্ষেপে উল্লেখযোগ্য সুবিধা প্ৰদান কৰিলেও তথ্যৰ গোপনীয়তা আৰু আধাৰ ব্যৱহাৰৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰি একাংশ অভিভাৱক তথা শিক্ষাৰ্থীয়ে। একাংশ অভিভাৱকে সন্তানৰ ব্যক্তিগত তথ্যৰ সম্ভাৱ্য অপব্যৱহাৰৰ আশংকা কৰিছে।
অৱশ্যে চৰকাৰে আশ্বাস দিছে যে, সকলো তথ্য গোপনীয় হৈ থাকিব আৰু শৈক্ষিক উদ্দেশ্যতহে এইবোৰ প্ৰণালীৱদ্ধ ভাৱে ব্যৱহাৰ কৰা হ’ব। তদুপৰি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে যিকোনো সময়তে আপাৰ কাৰ্ডৰ তথ্য সংৰক্ষণৰ সন্মতি প্ৰত্যাহাৰ কৰিব পাৰে, যাৰ ফলত বন্ধ হৈ পৰিব আপাৰ কাৰ্ডৰ একাউন্ট।
ছাত্ৰ-ছাত্ৰীসকলে নাম, বয়স, জন্ম তাৰিখ, লিংগ, আৰু এখন ফটো আদি মৌলিক তথ্য প্ৰদান কৰি এই ব্যৱস্থাত নামভৰ্তি কৰিব পাৰে। আধাৰ ভিত্তিক পৰীক্ষণ ঐচ্ছিক আৰু কেৱল এই বিৱৰণসমূহ ক্ৰছ-চেক কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইমানবোৰ আশ্বাস দিয়াৰ পিছতো অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলে তথ্য সুৰক্ষাৰ বিষয়ে বিশেষকৈ আধাৰ সংহতিৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে। একাংশই চিন্তিত যে স্পৰ্শকাতৰ তথ্য বাহ্যিক পক্ষলৈ ফাদিল হ’ব পাৰে।
এই আশংকাসমূহৰ সমাধানৰ বাবে চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। কেৱল শিক্ষামূলক উদ্দেশ্যত ব্যৱহাৰ কৰাৰ আশ্বাস প্ৰদান কৰিছে চৰকাৰে। তদুপৰি এই প্ৰক্ৰিয়াত ছাত্ৰ-ছাত্ৰীসকলে যিকোনো সময়তে ডাটা শ্বেয়াৰিং বন্ধ কৰাৰ বিকল্প আছে।
মুঠৰ ওপৰত আপাৰ কাৰ্ডক লৈ এতিয়া একাংশ উতসাহিত হৈ থকাৰ বিপৰীতে একাংশই চিন্তা ব্যক্ত কৰা দেখা গৈছে। কিন্তু এটা কথা ঠিক যে, দেশ শৈক্ষিক ক্ষেত্ৰত এক যুগান্তকাৰী পৰিৱৰ্তন সাধন কৰিবলৈ আহিব আছে- Automatic Permanent Academic Account Registry বা আপাৰ কাৰ্ড...