জেইল ফেৰৎ এগৰাকী কৰ পৰিদৰ্শকে চলাইছে ৰাজ্যৰ কৰ বিভাগ!
ৰাজ্যৰ কৰ বিভাগত এজন কৰ পৰিদৰ্শকৰ কৰ্মকাণ্ডই বিভাগটোৰে ভিতৰচৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিভাগটোৰ উচ্চ পদস্থ বিষয়াৰ আৰ্শীবাদত উঠি ৰজা-বহি ৰজা হৈ পৰা এই কৰ পৰিদৰ্শকজনৰ নাম বেদব্ৰত শইকীয়া। উল্লেখযোগ্য যে, কৰ পৰিদৰ্শক চাকৰি পোৱাৰ পূৰ্বেই এক অৰ্থনৈতিক অপৰাধ সংঘটিত কৰি দুৰ্নীতি আৰু চক্ৰান্ত গোচৰত অভিযুক্ত হৈছিল শইকীয়া।
২০১৩চনৰ ৩০ছেপ্টেম্বৰত গোচৰ নং- ৭৫/২০০৫ত দোষী সাব্যস্ত হৈছিল শইকীয়া। ভাৰতীয় দণ্ডবিধি ১২০বি/৪২০/৪৬৮/৪৭১ আৰু দুৰ্নীতি প্ৰতিৰোধ আইনৰ ১৩(২)আৰু ১৩(১)(ডি) ধাৰাত দোষী সাব্যস্ত কৰি চি বি আইৰ বিশেষ আদালতে তেওঁক ৩বছৰ কাৰাদণ্ড বিহিছিল।
সেই বেদব্ৰত শইকীয়াই এই আদেশৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন কৰি বক্ৰপথেৰে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বহি কৰ পৰিদৰ্শকৰ দৰে গুৰুত্বপূৰ্ণ পদবী লাভ কৰিছিল। এই পদবী লাভ কৰাৰ পাছত দুৰ্নীতি আৰু তথ্য বিকৃত কৰাত পাকৈত বেদব্ৰত শইকীয়াই উচ্চ পদস্থ বিষয়াক সন্তুষ্ট কৰি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ন ন কৌশলেৰে অবৈধ ধন আহৰণ কৰাৰ অভিযোগ আছে।
অভিযোগ মতে, ব্যৱসায়িক ভিত্তি প্ৰদৰ্শন কৰিবলৈ বিভিন্ন ইউনিট আৰু জি এছ টি ইন্টেলিজেন্স ইউনিট বনাই কৰ সংগ্ৰহৰ নামত নিজৰ জেপ গধুৰ কৰি আহিছে এই কুখ্যাত কৰ পৰিদৰ্শক গৰাকীয়ে। কৰদাতা ব্যৱসায়ীৰ বাবে আতংকৰ কাৰন হৈ পৰা শইকীয়াৰ বিৰুদ্ধে বিভিন্ন সময়ত অভিযোগো দাখিল কৰা হৈছিল।
২০২৩ৰ ৪নৱেম্বৰত তেনে অভিযোগ ভিত্তিতেই ততকালীন কৰ আয়ুক্ত ৰাকেশ আগৰৱালাই বেদব্ৰত শইকীয়াক ই আই ইউৰ পৰা অব্যাহতি দিছিল। কিন্তু বিভাগটোৰ পৰা কৰ আয়ুক্ত আগৰৱালা আঁতৰ হোৱাৰ পাছতেই নৱনিযুক্ত কৰ আয়ুক্ত গৰাকীৰ আৰ্শীবাদ লৈ পুনৰ এনে অবৈধ কাম-কাজত নামি পৰিছে বেদব্ৰত শইকীয়া।
বিভাগটোত অবৈধ ধন সংগ্ৰহত ওস্তাদ হিচাপে নাম আছে শইকীয়াৰ। গুৱাহাটীৰ কৰ ভৱনলৈ সন্ধিয়া ব্যৱসায়ীক মাতি নি জি এছ টিৰ বিভিন্ন নিয়ম ভংগ কৰা বুলি ভয় দেখুৱাই বৰ্তমান প্ৰচুৰ পৰিমাণৰ ধন সংগ্ৰহ কৰি আহিছিল।
বেদব্ৰত শইকীয়া বৰ্তমান মৰিগাওঁ জিলাৰ কৰ বিভাগত নিযুক্ত হৈ আছে আৰু একেই প্ৰক্ৰিয়াৰে ব্যৱসায়ীক হাৰাশাস্তি কৰি এই ধন অভিযান অব্যাহত ৰাখিছে। দুৰ্নীতিৰ ধনেৰে ৰজাৰ দৰে জীৱন কটোৱা এই কৰ বিষয়াগৰাকীৰ বিৰুদ্ধে তদন্ত কৰি বিহিত ব্যৱস্থা লবলৈ আহ্বান জনাইছে ব্যৱসায়ীসকলে।
মুখ্যমন্ত্ৰীক হস্তক্ষেপ কৰি অত্যাচাৰী শইকীয়াৰ বিৰুদ্ধে উত্থাপিত অভিযোগ তদন্ত কৰিবলৈ দাবী জনোৱা ব্যৱসায়ীসকলৰ অভিযোগ কৰ ভৱনৰ আৰ্শীবাদ পায়েই ৰাজ্যৰ যিকোনো স্থানতে এইজন বিষয়াই এনে দুৰ্নীতিৰ সম্ৰাজ্য চলাই আহিছে।
মৰিগাঁৱত কৰ পৰিদৰ্শক হিচাপে কাগজে-কলমে নিযুক্তি লাভ কৰিলেও এই দুৰ্নীতিগ্ৰস্ত বিষয়াজনে কৰ ভৱনৰ কনফিডিচিয়েল শাখাৰ জৰিয়তে এই দুষ্কাৰ্য চলাই আহিছে। কৰ আয়ুক্ত গৰাকীক বিপথে পৰিচালিত কৰি শইকীয়াই নিজৰ মতে ইউনিট গঠন কৰি চলাই থকা এই অনিয়মৰ ফলত ৰাজ্যৰ ৰাজহ সংগ্ৰহতো প্ৰভাৱ পৰিছে।