/asomiyapratidin/media/media_files/2024/12/10/VLafCuZlM0ua52sZpYHX.jpg)
হেমকোষেৰে ভাষাৰ ওখ দৌল বন্ধা মানুহজনৰ আজি ওপজা দিন। ৰাজ্যৰ ভিন্ন প্ৰান্তত ভাষাৰ ওজাগৰাকীক কৰা হল সশ্ৰদ্ধ সোঁৱৰণ। নাহৰৰ দেশতো আজি উন্মোচন হল তেওঁৰ এটি বঞ্জৰ প্ৰতিমূৰ্তি। ভাষাৰ ওজাগৰাকীৰ জীৱন কৃতি আৰু ১৯০ সংখ্যক জন্ম জয়ন্তীক লৈ অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...
বিজ্ঞান মনস্কতাৰে অসমীয়া সমাজলৈ, ভাষালৈ যিসকল মহান অসমীয়াই বিশেষ অৱদান আগবঢ়াই গৈছে সেইসকলৰ ভিতৰত সদায় শীৰ্ষস্থানত থাকিব হেমচন্দ্ৰ বৰুৱা। প্ৰবাদপ্ৰতীম এইগৰাকী যুগদ্ৰষ্টাৰ জন্ম হৈছিল আজিৰ ১৮৬বছৰৰ পূৰ্বে।
তেওঁ আছিল নৱজাগৰণৰ পোহৰ বিলাই সময়তকৈ আগত চিন্তা কৰিব পৰা এক অন্বেষণৰ গৰাকী। যিসময়ত সমাজৰ চৌপাশে কুসংস্কাৰ আৰু স্থিতাৱস্থা বিৰাজ কৰিছিল সেই সময়ত সত্য অন্বেষণেৰে, বিজ্ঞান মানসিকতাৰে জাতিৰ আৰু ভাষাৰ হকে কাম কৰিছিল তেওঁ।
তাহানিতেই তেওঁ গ্ৰহণ কৰা সিদ্ধান্ত, যুক্তি আৰু ভাষাৰ প্ৰতি থকা অৱদানৰ সুফল আজি আমি পাইছো। মানৱতাৰ সপক্ষে থাকি মানৱধিকাৰ সপক্ষে সমাজৰ বিৰুদ্ধে গৈও তেওঁ মাত মাতিছিল। জাতি আৰু ভাষাক পোহৰৰ বাট দেখুৱাই আধুনিক সমাজ আৰু ভাষা গঢ়াৰ বাবেই তেওঁ আছিল প্ৰতিশ্ৰুতিৱদ্ধ।
এক জটিল সন্ধিক্ষণত এফালে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে আনফালে ভাষাৰ বাবে হেমচন্দ্ৰ বৰুৱাই যুঁজ দিছিল। উচ্চ-নীচ ভেদাভেদ পৰিহাৰ কৰি অসমীয়া ব্ৰাহ্মিণ পৰিয়ালৰ জন্মগ্ৰহণ কৰিলেও যুক্তি-আৱেগক সদায় প্ৰাধান্য দিছিল।
স্বাধীনচিতীয়া আৰু অন্যায়- অবিচাৰৰ হকে কঠোৰ স্থিতি গ্ৰহণ কৰি সমাজৰ কল্যাণৰ হকে উৰ্ছগা কৰিছিল এই জীৱন। সেই সময়ত কানি বৰবিহে ছানি ধৰিছিল অসম। বিধৱা বিবাহৰ কথা কল্পনাই কৰিব নোৱাৰি। ৰক্ষণশীল সমাজত আছিল কেৱল বাধা। তেওঁ সেই সোঁতৰ বিপৰীতে গৈ ৰক্ষণশীল নীতি-নিয়ম ভাঙি মূল্যবোধৰ আধাৰত যুক্তিবাদী আৰু সংস্কাৰমুক্ত এখন সমাজ গঢ়িবলৈ চেষ্টা কৰি সফল হৈছিল।
তেওঁ এনে চিন্তাৰ গৰাকী আছিল যে মৃত্যুৰ পাছত তেওঁ নশ্বৰ দেহ ধৰ্মীয় ৰীতি-নীতিৰে শেষকৃত্য সম্পন্ন কৰাৰ সলনি হাবিত পেলাই দিবলৈ কৈ গৈছিল। তাৰ কাৰণ আছিল জীৱ-জন্তুয়ে তেওঁৰ দেহ ভক্ষণ কৰিব। দেহদানৰ এই প্ৰক্ৰিয়া আৰু চিন্তাৰ বীজ তেতিয়াই তেওঁ মনত ৰোপন হৈছিল।
সেইগৰাকী মনিষী তথা ভাষাৰ ওজাৰ ১৯০সংখ্যক জন্ম জয়ন্তী ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপিত হ'ল। ইলোৰা বিজ্ঞান মঞ্চই সমগ্ৰ ৰাজ্যত এই দিনটো উদযাপন কৰিলে কুসংস্কাৰ বিৰোধী দিৱস হিচাপে। আজিৰ এই পৱিত্ৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদ তথা মূল প্ৰৱেশদ্বাৰ জ্যোতি বাটচ'ৰাৰ কাষতে উন্মোচন কৰা হল তেওঁৰ পূৰ্ণায়ৱব বঞ্জৰ প্ৰতিমূৰ্তি।
এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট চিন্তাবিদ তথা সাহিত্যিক ড০ নগেন শইকীয়াই উন্মোচন কৰে এই প্ৰতিমূৰ্তিভাগ। পুৱা ১০.৩০বজাৰ পৰা আৰম্ভ হোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ আঁত ধৰে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই। অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা হেমচন্দ্ৰ বৰুৱাৰ পৰিনাতি জয়ন্ত বৰুৱাৰ উদ্যোগত স্থাপন হোৱা এই প্ৰতিমূৰ্তিটো উন্মোচন কৰাৰ পাছতে নগেন শইকীয়াই এই কামৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে।
প্ৰতিমূৰ্তিটো উন্মোচন কৰি ড০ নগেন শইকীয়াই অসমীয়া সাহিত্য তথা সমাজ জীৱনলৈ হেমচন্দ্ৰ বৰুৱাৰ অৱদানৰ কথা সোঁৱৰণ কৰে। তেওঁ কয় যে, হেমচন্দ্ৰ বৰুৱাৰ অভিধানখন অসমীয়া জাতিৰ বাবে এটা ডাঙৰ উপহাৰ। হেমকোষখন প্ৰকাশৰ সময়চোৱাৰ কথা সোঁৱৰি নগেন শইকীয়া এই প্ৰক্ৰিয়াটোৰ সৈতে কিদৰে জড়িত হৈ আছিল সেই কথাও ভাষণত প্ৰকাশ কৰে।
উল্লেখ কৰা প্ৰয়োজন যে, আজিৰ এই অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জীতেন হাজৰিকা লগতে পঞ্জীয়ক ড০ পৰমানন্দ সোণোৱালৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে । জয়ন্ত বৰুৱাৰ সমূহ পৰিয়ালবৰ্গ এই অনুষ্ঠানত উপস্থিত থাকি ভাষাৰ ওজা গৰাকীক শ্ৰদ্ধা নিবেদন কৰে।
এই অনুষ্ঠানতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এতিয়াৰে পৰা হেমচন্দ্ৰ বৰুৱাৰ জন্ম দিৱসটি বিশ্ববিদ্যালয়ত আনুষ্ঠানিকভাৱে উদযাপন কৰাৰ কথাও ঘোষণা কৰে উপাচাৰ্যই। আনফালে জাতীয় জীৱনৰ সংকট কালত অসমীয়া ভাষাৰ পুনৰ প্ৰাণ প্ৰতিষ্ঠা কৰা ভাষাৰ ওজা গৰাকীৰ জন্মদিনটোত প্ৰতিবছৰৰ দৰে এইবেলিও ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাকৰিত হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱা হয়।
পুৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত স্থাপিত হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰা হয়। এই অনুষ্ঠানত ইলোৰা বিজ্ঞান মঞ্চৰ বিষয়ববীয়াৰ লগতে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ উৎপল শৰ্মা, অধ্যাপক ড০ চন্দন গোস্বামী,মঞ্চৰ কাৰ্যকৰী সভাপতি ডাঃ জয়দেব শৰ্মা, গুৱাহাটী বিশ্ববিদ্য়ালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়া,বিভিন্ন বিভাগৰ মূৰব্বী অধ্যাপক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।
হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক উৎপল শৰ্মাই। লগতে অসমীয়া ভাষাক ন-ৰূপ প্ৰদান কৰাত হেমচন্দ্ৰ বৰুৱাৰ যি অৱদান তাক স্মৰণ কৰে পঞ্জীয়ক গৰাকীয়ে।উক্ত অনুষ্ঠানত উপস্থিত থকা যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মূৰব্বী অধ্যাপক ড০ চন্দন গোস্বামীয়ে ভাষাৰ ওজাগৰাকীক স্মৰণ কৰি চমু ভাষণ ৰাখে।
উল্লেখযোগ্য যে ইলোৰা বিজ্ঞান মঞ্চই প্ৰতি বছৰে ভাষাৰ ওজাগৰাকীৰ জন্মদিনটো কু-সংস্কাৰ অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি হেমচন্দ্ৰ উদ্যানত গছপুলি ৰোপণ কাৰ্যসূচীও অনুষ্ঠিত কৰা হয়।
ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত অসমৰ ১০০খন বিদ্যালয়ত ভাষাৰ ওজাগৰাকীক সোঁৱৰি অনুষ্ঠানৰো আয়োজন কৰে। কটন বিশ্ববিদ্যালয়তো ভাষাৰ ওজাগৰাকীক সশ্ৰদ্ধ স্মৰণ কৰা হয়। অসমীয়া বিভাগৰ উদ্যোগত উদযাপিত কৰা হয় এই দিনটো। ইয়াৰোপৰি শিৱসাগৰ, গোলাঘাট, লখিমপুৰ, যোৰহাটকে ধৰি বহুকেইখন জিলাত উদযাপিত হয় ভাষাৰ ওজাগৰাকীৰ জন্মজয়ন্তী।
১৮৩৫চনৰ ১০ডিচেম্বৰত যোৰহাটৰ ৰজাবাহৰ গাঁৱত জন্ম হৈছিৱ হেমচন্দ্ৰ বৰুৱাৰ। তেওঁৰ পিতৃৰ নাম আছিল মুক্তাৰাম বৰুৱা আৰু মাতৃৰ নাম ৰূপহী দেৱী। হেমচন্দ্ৰ বৰুৱাই না না প্ৰতিকূল পৰিৱেশৰ মাজত জীৱন আগুৱাই নিছিল। অসমীয়া ভাষা-সাহিত্যলৈ হেমকোষৰ উপৰিও অসমীয়া ব্যাকৰণ, অসমীয়া লৰাৰ ব্যাকৰণ, তুলনামূলক ব্যাকৰণ, অসমীয়া ল'ৰাৰ আদিপাঠ, পাঠমালা, স্বাস্থ্যৰক্ষা বা গা ভালে ৰখাৰ উপায়, কানীয়া কীৰ্তন, বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী, আছামিজ মেৰিজ চিষ্টেম আদি অন্যতম।
হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাই ১৯৫২চনত বিবাহপাশত আৱদ্ধ হৈছিল। গোলাঘাটৰ ৰাজহ বিভাগৰ পেচকাৰ পদৰ পৰা আৰম্ভ কৰি তেওঁ বিভিন্ন চৰকাৰী পদত কাৰ্যনিৰ্বাহ কৰাৰ লগতে আচাম নিউজ কাকত প্ৰকাশ কৰি সম্পাদকো হৈছিল।
কানীয়া কীৰ্তন হেমচন্দ্ৰ বৰুৱাৰ এক উল্লেখযোগ্য সৃষ্টি। সেই সময়ত কানিয়ে চানি ধৰিছিল সেয়েহে তেওঁ এই গ্ৰন্থৰ জৰিয়তে ভ্ৰুকূটি কৰিছিল কানি নিচাগ্ৰস্থ সকলোকে। সমাজলৈ প্ৰেৰণ কৰিছিল ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ বাৰ্তা। তেওঁ যেতিয়া ইংৰাজী শিকিছিল তেতিয়া ইংৰাজী শিকাটো আছিল অপৰাধৰ দৰেই। কিন্তু সেই ইংৰাজী শিক্ষাগ্ৰহণে আধুনিক এক মনৰ গৰাকী হৈ স্ত্ৰী শিক্ষাৰ পোষকতাৰে তেওঁ অৰণোদয়ৰ পাতত লেখা লিখিছিল।
হেমচন্দ্ৰ বৰুৱাই আজীৱন কু সংস্কাৰ বিপক্ষে বৌদ্ধিক আৰু সামাজিক নেতৃত্ব লৈছিল। অসমীয়া জাতি গঢ়িবলৈ হেমচন্দ্ৰ বৰুৱাই চূড়ান্ত ত্যাগ কৰাৰ লগতে অসমীয়া ভাষাৰ প্ৰথমখন ব্যাকৰণ লিখি ভাষাৰ আধাৰ তেতিয়াই গঢ়িছিল। এইগৰাকী মহান অসমীয়াৰ ১৮৬সংখ্যক জন্মজয়ন্তী ১০ডিচেম্বৰ ২০২১ত শিৱসাগৰ যুগদলত আয়োজন কৰা হয়।
এইগৰাকী সমাজ সংস্কাৰকক জন্মজয়ন্তীত সোঁৱৰণ কৰি বৰ্তমানৰ সমাজত মানৱতাবাদী ধ্বজা বাহকৰূপত নতুন প্ৰজন্মক গঢ়ি তুলিবৰ বাবে তেখেতৰ কৰ্মৰাজি মূল্যায়ন আৰু অৱলোকনৰ প্ৰয়োজন হৈ পৰিছে।
তেখেতৰ চিন্তাৰ প্ৰসাৰ প্ৰতিজন লোকৰ মনলৈ প্ৰসাৰিত হলেহে তেওঁ পৃষ্ঠপোষকতা কৰা এখন শক্তিশালী সমাজ আৰু এটা শক্তিশালী জাতি তথা ভাষা গঢ় লৈ উঠিব। পৰম্পৰাক দোহাই দি একবিংশ শতিকাতো কু সংস্কাৰক আশ্ৰয় দিয়া লোকৰ অভাৱ নাই।
যিসময়ত ধৰ্মীয় গোড়ামি, উচ্চ-নীচ, জাত-পাতৰ মনোভাৱে চানি ধৰিছে সেই সময়ত এইগৰাকী মহান অসমীয়াৰ আদৰ্শই আমাক সঠিক বাট দেখুৱাব। তেওঁ আছিল সমাজ বিজ্ঞানী আৰু ভাষা-সাহিত্যৰ একনিষ্ঠ সাধক।
হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটোতে উদযাপন হয় মানৱ অধিকাৰ দিৱস আৰু শ্বহীদ দিৱস। বৈষম্যহীন সমাজৰ সপোন দেখিছিল তেতিয়াই তেওঁ। প্ৰতিজন মানুহৰে অধিকাৰ আছে, সেই নীতিত তেওঁ অটল আছিল। একেদৰে অসম আন্দোলন আছিল অসম আৰু অসমীয়াৰ অস্তিত্বৰ বাবে এক যুঁজ। সেয়েহে তেখেতৰ জন্মদিনটো অসমীয়া জাতিয়ে বিশেষ দিনৰূপে উদযাপন কৰাৰ অৱকাশ আছে। হব পাৰে এয়া অসমীয়া জাতিৰ স্বাভিমান আৰু মৰ্যদাক প্ৰতিফলিত কৰা এটা দিন।
যুক্তিবাদী চিন্তাৰে সংস্কাৰমুক্ত মনেৰে মানুহৰ কল্যানৰ হকে তেওঁ আগবঢ়াই যোৱা প্ৰেৰণাময় অৰিহণাক অসমীয়াইও বুজিব লাগিব। এই খনিকৰগৰাকীৰ বিজ্ঞানমনস্কৰ বাহকৰূপে প্ৰগতিশীল চিন্তাৰ দৃষ্টিভংগীক তেতিয়াই প্ৰতিফলিত কৰিছিল।
তেখেত কেৱল এগৰাকী সাহিত্য সাধকেই নাছিল। তেখেত আছি অসমীয়া ভাষাৰ প্ৰাণ আৰু অন্যান্য পুৰুধা ব্যক্তি। এই জাতিৰ গৌৰৱ তথা দেউলৰূপে অসমীয়া ভাষাক প্ৰাণ দিয়া মহান অসমীয়াগৰাকীক জীয়াই ৰখাৰ দায়িত্ব আমাৰ আৰু প্ৰতিজন অসমীয়াৰ…