২০২৪ক বিদায় দিয়াৰ পূৰ্বে সকলোৱে এতিয়া কৰিছে বিদায়ী বৰ্ষটোৰ পোৱা-নোপাৱাৰ হিচাপ। এই সকলো হিচাপৰ মাজতে এই প্ৰতিবেদনত ২০২৪ত অসমে লোৱা ঋণৰ হিচাপ দিবলৈ ওলাইছো। ২০২৪ত অসম চৰকাৰে কিমান টকাৰ ঋণ ললে, ডিম্পুল বৰগোহাঁইৰ এক প্ৰতিবেদন...
নঙলা মুখত ২০২৫বৰ্ষ। এদিন দুদিনকৈ ২০২৪ৰ ৩৬৫টা দিন শেষ হওঁ হওঁ। বছৰটোৰ শেষত এতিয়া সকলোৱে উভতি চাইছে বাগৰা দিনবোৰলৈ। বিগত বছৰটোত সমাজ, সংস্কৃতি, ৰাজনীতিৰ ক্ষেত্ৰলৈ কি কি পৰিৱৰ্তন আহিল, তাৰ হিচাৰ কৰিছে এতিয়া সকলোৱে।
২০২৪বৰ্ষটো সমাজ, সংস্কৃতি, ৰাজনীতিৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰখনৰ বাবেও অসমৰ বাবে আছিল এক উল্লেখযোগ্য বছৰ। ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰখন টনকিয়াল কৰাৰ উদ্দেশ্যৰে অসম চৰকাৰে ২০২৪ৰ প্ৰায় প্ৰতিটো মাহতেই শ শ কোটি টকাৰ ঋণ ল’লে।
অসম চৰকাৰে ঋণ লোৱা প্ৰসংগটোৱে ২০২৪ৰ প্ৰতিটো মাহতেই সংবাদ শিৰোনাম দখল কৰা দেখা গল। বিৰোধীৰ লগতে সচেতন মহলেও ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ সমালোচনা কৰিছিল। কিন্তু এই সকলোবোৰৰ মাজতো ২০২৪ৰ পহিলা মাহটোৰ পৰাই অসম চৰকাৰে ললে শ শ কোটি টকাৰ ঋণ।
জানুৱাৰী, ২০২৪-
২০২৪বৰ্ষটোত অসম চৰকাৰে নৱেম্বৰ মাহৰ বাহিৰে বাকী ১১মাহতেই ৰিজাৰ্ভ বেংকৰ পৰা শ শ কোটি টকা ঋণ লৈছিল। বছৰটোৰ আৰম্ভণিতে অৰ্থাত জানুৱাৰী মাহত অসম চৰকাৰে দুবাৰকৈ ঋণ লৈছিল। ২০২৪ৰ জানুৱাৰী মাহত অসম চৰকাৰে ৯জানুৱাৰীত লৈছিল এক হাজাৰ কোটি টকাৰ ঋণ। ইয়াৰ পিছতে ১৬জানুৱাৰীত পুনৰ ৭৫০কোটি টকাৰ ঋণ লৈছিল অসম চৰকাৰে। মুঠতে জানুৱাৰী মাহটোত অসম চৰকাৰে মুঠ ১৭৫০কোটি টকাৰ ঋণ লৈছিল।
ফেব্ৰুৱাৰী, ২০২৪-
জানুৱাৰী মাহৰ দৰেই ফেব্ৰুৱাৰীতো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুবাৰকৈ ঋণ লৈছিল। ৬ফেব্ৰুৱাৰীত এক হাজাৰ কোটি টকা আৰু ১৩ফেব্ৰুৱাৰীত পুনৰ ৫০০কোটি টকাৰ ঋণ লৈছিল অসম চৰকাৰে। ফেব্ৰুৱাৰী মাহত মুঠ ১৫০০কোটি টকাৰ ঋণ লৈছিল অসম চৰকাৰে।
মাৰ্চ, ২০২৪-
মাৰ্চ মাহটোত ২০২৪ লোকসভা নিৰ্বাচনী আচৰণ বিধি বলবত হৈছিল। কিন্তু তাৰ পূৰ্বেই ১০০কোটি টকা ঋণ লৈছিল অসম চৰকাৰে। এই ঋণ লাভ বাবে অসম চৰকাৰে ফেব্ৰুৱাৰী মাহতে ঋণ লোৱাৰ জাননী জাৰি কৰিছিল।
এপ্ৰিল, ২০২৪-
এপ্ৰিল মাহত চৰকাৰে পুনৰ দুবাৰ ঋণ লৈছিল। এই মাহত মুঠ ২০০০কোটি টকা ঋণ লৈছিল অসম চৰকাৰে। ৮এপ্ৰিল আৰু ৩০এপ্ৰিলত ১হাজাৰ কোটি টকাকৈ ঋণ লৈছিল অসম চৰকাৰে।
মে, ২০২৪-
মে মাহটোত অসম চৰকাৰে লৈছিল ১হাজাৰ কোটি টকাৰ ঋণ। মে মাহৰ ২৮তাৰিখে অসম চৰকাৰে ৰিৰ্জাভ বেংকৰ পৰা লৈছিল এই ১০০০কোটি টকাৰ ঋণ।
জুন, ২০২৪-
জুন মাহটোত অসম চৰকাৰে নাৰ্বাডৰ পৰা লৈছিল ঋণ। এই ঋণৰ পৰিমাণ আছিল ৬৩৪.৫৩কোটি টকা। ৮জুনত এই ধনৰাশি ঋণ লৈছিল অসম চৰকাৰে।
জুলাই, ২০২৪-
গতানুগতিকভাৱে জুলাই মাহত এবাৰ ঋণ লৈছিল অসম চৰকাৰে। জুলাই মাহটোত মুঠ ১০০০কোটি টকাৰ ঋণ লৈছিল অসম চৰকাৰে।
আগষ্ট, ২০২৪-
৭আগষ্টত ১হাজাৰ আৰু ২৭আগষ্টত ১হাজাৰ কোটি টকাৰ ঋণ লৈছিল অসম চৰকাৰে। আগষ্ট মাহটোত দুবাৰত ২০০০কোটি টকা ঋণ লৈছিল অসম চৰকাৰে।
ছেপ্টেম্বৰ, ২০২৪-
বাকী মাহতকৈ ছেপ্টেম্বৰত অসম চৰকাৰে লোৱা ঋণৰ ধনৰ পৰিমাণ তুলনামূলকভাৱে কিছু কম। এই মাহটোত দুবাৰকৈ অসম চৰকাৰে ঋণ লৈছিল যদিও এই মাহটোত ৭৫০কোটি টকা ঋণ লৈছিল অসম চৰকাৰে। ১৭ছেপ্টেম্বৰত ৫০০কোটি আৰু ২৪ছেপ্টেম্বৰত ২৫০কোটি টকা ঋণ লৈছিল অসম চৰকাৰে।
অক্টোবৰ, ২০২৪-
ছেপ্টেম্বৰ মাহৰ তুলনাত অক্টোবৰ মাহত দুগুণ ধনৰ ঋণ লৈছিল অসম চৰকাৰে। মাহটোৰ আৰম্ভণিৰ ১তাৰিখে ৭৫০কোটি আৰু ৮অক্টোবৰত পুনৰ ৭৫০কোটি টকাৰ ঋণ লৈছিল চৰকাৰে। অক্টোবৰ মাহত চৰকাৰে লোৱা ঋণৰ পৰিমাণ আছিল ১৫০০কোটি টকা।
ডিচেম্বৰ, ২০২৪-
ডিচেম্বৰ মাহটো শেষ হবলৈ এতিয়াও মাজত কেইদিনমান বাকী। কিন্তু এতিয়ালৈকে ডিচেম্বৰ মাহটোত দুবাৰকৈ ঋণ ললে অসম চৰকাৰে। ৯০০কোটিকৈ দুবাৰ ঋণ ললে বছৰৰ শেষ মাহটোত। ৩ডিচেম্বৰত ৯০০কোটি আৰু ২৪ডিচেম্বৰত ৯০০কোটি টকা ঋণ লৈছে অসম চৰকাৰে।
মুঠ কিমান ঋণ আৰু ক'ত কিমান কৰিলে ব্যয়-