/asomiyapratidin/media/media_files/2024/12/02/wd1VVBtBwftLvBWyBGsY.jpg)
নিজৰ ঘৰখনেই এতিয়া মহিলাসকলৰ বাবে আটাইতকৈ বিপজ্জনক ঠাই! শুনি আচৰিত যেন লাগিলেও শেহতীয়াকৈ এক প্ৰতিবেদনত পোহৰলৈ আহিছে ভয়ংকৰ এক তথ্য। গুৰুত্বপূৰ্ণ এই বিষয়টোক লৈ অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
আপোনজনৰ হাততে এতিয়া সুৰক্ষিত নহয় নাৰী। যাক আপোন বুলি ভাৱি বিশ্বাসত লয়, তেনে লোকৰ হাততে প্ৰাণ হেৰুৱাইছে নাৰীয়ে- এই ভয়ংকৰ তথ্য কোনো এলাপেচা সংস্থাই নহয়, শেহতীয়াকৈ এই ভয়ংকৰ তথ্য ফাদিলেৰে এক প্ৰতিবেদন ৰাজহুৱা কৰিছে ৰাষ্ট্ৰ সংঘই।
শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ মহিলা উন্নয়ন সংস্থা আৰু ড্ৰাগছ আৰু অপৰাধৰ কাৰ্যালয় (ইউএনঅ’ডিচি)য়ে প্ৰকাশ কৰা প্ৰতিবেদনত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য। এই প্ৰতিবেদন অনুসৰি নিজৰ ঘৰখনেই হৈছে মহিলাসকলৰ বাবে আটাইতকৈ বিপজ্জনক ঠাই।
ইউএনঅ’ডিচিয়ে প্ৰকাশ কৰা “ফেমিচাইডছ ইন ২০২৩: গ্ল’বেল এষ্টিমেটছ অৱ ইণ্টিমেট পাৰ্টনাৰ/ফেমিলি মেম্বাৰ ফেমিচাইডছ” শীৰ্ষক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ২০২৩ চনত নিজৰ ঘনিষ্ঠ সংগী অথবা পৰিয়ালৰ সদস্যৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হৈছে প্ৰায় ৫১,১০০ গৰাকী মহিলা আৰু যুৱতীয়ে।
২৫ নৱেম্বৰত পালন কৰা 'মহিলাৰ বিৰুদ্ধে হিংসা নিৰ্মূলৰ আন্তঃৰাষ্ট্ৰীয় দিৱস’ উপলক্ষে প্ৰকাশ কৰা হয় এই প্ৰতিবেদন। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি, সেই বছৰ ইচ্ছাকৃতভাৱে হত্যা কৰা প্ৰায় ৮৫ হাজাৰ মহিলা আৰু ছোৱালীৰ ভিতৰত ৬০ শতাংশই হত্যাৰ বলি হৈছিল ঘনিষ্ঠ সংগী বা পৰিয়ালৰ সদস্যৰ হাতত।
উল্লেখ্য যে, এই সংখ্যা ২০২২ চনত আছিল ৪৮,৮০০ গৰাকী। প্ৰতিদিনে পৰিয়ালৰ সদস্যৰ হাতত গড়ে ১৪০ গৰাকী মহিলা বা যুৱতীৰ মৃত্যু হয়, যিটো প্ৰতি ১০ মিনিটৰ মূৰে মূৰে এগৰাকী মহিলাৰ মৃত্যুৰ সমান।
প্ৰতিবেদত প্ৰকাশ পোৱা অনুসৰি, বিশ্বৰ বিভিন্ন অঞ্চলত মহিলাৰ বিৰুদ্ধে সংঘটিত গাৰ্হস্থ্য হিংসাৰ পৰিসংখ্যা আতংকজনক। আফ্ৰিকাত এই সংখ্যা সৰ্বাধিক, য’ত ২১,৭০০ গৰাকী মহিলাই প্ৰাণ হেৰুৱাইছিল আত্মীয় আৰু পৰিয়ালৰ সদস্যৰ হাতত।
তাৰ পিছতে এই তালিকাত আছে এছিয়া (১৮,৫০০ গৰাকী), আমেৰিকা (৮,৩০০ গৰাকী), ইউৰোপ (২,৩০০ গৰাকী) আৰু ওচেনিয়া (৩০০ গৰাকী)। আমেৰিকা আৰু ওচেনিয়াত মহিলাৰ বিৰুদ্ধে গাৰ্হস্থ্য হিংসাৰ হাৰ ক্ৰমে প্ৰতি এক লাখৰ বিপৰীতে ১.৬ আৰু ১.৫। ইয়াৰ তুলনাত এছিয়াত এই হাৰ ০.৮ আৰু ইউৰোপত ০.৬।
প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে পুৰুষৰ বাবে বেছিভাগ হত্যাকাণ্ড ঘৰৰ বাহিৰত সংঘটিত হয়, আনহাতে ঘৰখনেই মহিলাৰ বাবে হৈছে আটাইতকৈ বিপজ্জনক ঠাই। মাত্ৰ ১১.৬ শতাংশ পুৰুষক পৰিয়ালৰ সদস্যই হত্যা কৰাৰ বিপৰীতে গাৰ্হস্থ্য হিংসাৰ বলি হোৱা মহিলাৰ হাৰ হৈছে ৬০.২ শতাংশ।
ইউৰোপত ২০২৩ চনত হত্যাৰ বলি হোৱা ৬৪ শতাংশ আৰু আমেৰিকাত ৫৮ শতাংশ মহিলাক তেওঁলোকৰ ঘনিষ্ঠ সংগীয়েই হত্যা কৰিছিল। নাৰীৰ প্ৰতি বৈষম্যমূলক মনোভাৱ, সামাজিক নীতি আৰু পুৰুষৰ আধিপত্যৰ মানসিকতাই এই হিংসাক উৎসাহিত কৰে বুলিও প্ৰতিবেদনত আলোকপাত কৰা হৈছে।
প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এনে হিংসা ৰোধৰ বাবে সামাজিক আৰু আইনী সংস্কাৰ অতি গুৰুত্বপূৰ্ণ। ৰাষ্ট্ৰসংঘৰ বাৰ্ষিক সমীক্ষাৰ জৰিয়তে ১১২খন দেশৰ সদস্য ৰাষ্ট্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে।