/asomiyapratidin/media/media_files/2025/02/13/aKb5JBfkQ7Vh5xhyJgwy.jpg)
সন্ধানহীন
নাৰী সৰবৰাহৰ ঘটনা ৰাজ্যত বৃদ্ধি পাই গৈ আছে। বহু নতুন কৌশলৰে আন ৰাজ্যবোৰলৈ সৰবৰাহ কৰা হয় যুৱতী-কিশোৰীসকলক। এই ঘটনা প্ৰতিৰোধত ব্যৰ্থ হৈছে আৰক্ষী-প্ৰশাসন। দিছে কেৱল সন্ধানহীন হোৱাৰ বিজ্ঞাপন। কিন্তু উদ্ধাৰ কৰাত ব্যৰ্থ হৈছে চৰকাৰ। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ এক প্ৰতিবেদন।
ৰাজ্যত অতি ভয়াৱহ ৰূপত নাৰী সৰবৰাহকাৰীয়ে বহিঃৰাজ্যলৈ সৰবৰাহ কৰিছে যুৱতী-কিশোৰী। ন ন কৌশলেৰে বহিঃৰাজ্যলৈ যুৱতী-কিশোৰীক লৈ যোৱা এই চক্ৰৰ বিৰুদ্ধে আৰক্ষী তথা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰাতেই যেন ব্যৰ্থ হৈছে। ভাষণত ৰাজ্যৰ নাৰীৰ নিৰাপত্তাৰ কথা ক'লেও উদ্বেগজনকভাৱে অসমৰ পৰা প্ৰতিদিনাই সন্ধানহীন হোৱা যুৱতী-কিশোৰীক উদ্ধাৰ কৰাত ব্যৰ্থ হৈছে চৰকাৰ।
অতি শেহতীয়াকৈ ওদালগুৰি, বাক্সা, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, শোণিতপুৰ আদি জিলাত নাৰী সৰবৰাহৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ হাতত পৰা তথ্য অনুসৰি আৰক্ষীয়ে এনে সন্ধানহীন যুৱতী বা কিশোৰীক বিচাৰি উলিয়াবলৈ ব্যৱস্থা গ্ৰহণ কৰাতকৈ বহুদিনৰ বিৰতিৰ মূৰত একেলগে কাকতত বিজ্ঞাপন দিয়েই দায়িত্ব সামৰিছে।
যোৱা ২০২৪চনৰ শেষৰফালে সংঘটিত তেনে প্ৰায় ৩৩গৰাকী যুৱতী সন্ধানহীন ঘটনাই এই কথাকে ভাবিবলৈ বাধ্য কৰিছে। ইয়াৰে অধিক সংখ্যক যুৱতী সন্ধানহীন হৈছে ওদালগুৰিৰ পৰা। বহু ক্ষেত্ৰত দেখা যায় সন্ধানহীন যুৱতী, নাৰী বা কিশোৰীৰ সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষীক নজনোৱাত সেইবোৰ ঘটনা আন্ধাৰতেই ৰৈ গৈছে।
/asomiyapratidin/media/media_files/2025/02/13/fHDW2CZdMElN7SC7cNxA.jpg)
যোৱা ৫ডিচেম্বৰ, ২০২৪ত ওদালগুৰি জিলাৰ ছিমলা আৰক্ষী থানাৰ অন্তৰ্গত মাজৰাবাৰী গাঁৱৰ পৰা সন্ধানহীন হৈছিল ২৫বছৰীয়া যুৱতী। মহিলাগৰাকীৰ নাম আছিল নমিতা দাস। যুৱতীগৰাকী নিৰুদ্দেশ হোৱা সন্দৰ্ভত আৰক্ষীয়ে ৬-১২-২০২৪ত জেনেৰেল ডায়েৰীত এন্ট্ৰী কৰি সন্ধানহীনৰ সন্দৰ্ভত ১১/২০২৪ নম্বৰৰ এক সন্ধানহীন গোচৰ ৰুজু কৰে।
/asomiyapratidin/media/media_files/2025/02/13/VdUCl5PqGGTlZkXmvQJf.jpg)
কিন্তু সেই মহিলাগৰাকী এতিয়া ক'ত সেই তথ্য বা তেওঁৰ সন্দৰ্ভত বিচাৰ-খোচাৰ কৰাৰ কোনো ব্যৱস্থাই নকৰিলে আৰক্ষীয়ে। ওদালগুৰি আৰক্ষী অধীক্ষকে এক বিজ্ঞাপন প্ৰস্তুত কৰি তেওঁৰ সন্দৰ্ভত কোনো লোকে কিবা তথ্য পালে বিশেষ নম্বৰত যোগাযোগ কৰিবলৈ কৈয়ে দায়িত্ব সামৰিছে।
/asomiyapratidin/media/media_files/2025/02/13/InkW5wyelrYovUMmdIWH.jpg)
ওদালগুৰিৰ পৰা যোৱা কেইমাহত সন্ধানহীন হোৱা আন এগৰাকী মহিলা হ'ল ইমাৰা খাতুন। ২৯বছৰীয়া এই মহিলগৰাকীক ২২অক্টোবৰ, ২০২৪ত সন্ধানহীন হৈছিল। কিন্তু আজিকোপতি সন্ধান নোলাল ইমাৰাৰ। ওদালগুৰি জিলাৰে হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত পূজা বাকচিং নামৰ ২০বছৰীয়া যুৱতীগৰাকী ২০অক্টোবৰতে সন্ধানহীন হৈছিল যদিও, আজিলৈকে নোলাল সন্ধান।
/asomiyapratidin/media/media_files/2025/02/13/3wDONhPbtY6Tb7leE1N4.jpg)
ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত ২২বছৰীয়া হামিদা খাতুন সন্ধানহীন হৈছিল ২২মাৰ্চস ২০২৪ত। কিন্তু আৰক্ষীয়ে কেৱল বিজ্ঞাপন দিয়েই সামৰিলে হামিদাৰ সন্ধান অভিযান। এনেকৈ প্ৰায় ২২গৰাকীকৈ যুৱতী মহিলা সন্ধানহীন হৈছে ওদালগুৰি জিলাৰ পৰা।
ওদালগুৰিৰ পৰা সন্ধানহীন হোৱো যুৱতী মহিলাৰ তালিকাত নাম আছে- ৪২বছৰীয়া লুইয়াম দৈমাৰী, ৩০বছৰীয়া মল্লিকা খাটুন, ১৯বছৰীয়া মীৰজিনা খাটুন, ২৭বছৰীয়া মণিকা বৰুৱা, ৩৫বছৰীয়া মুস্তা গয়াৰী, ২৮বছৰীয়া ৰশ্মি কুৰ্মীৰ লগতে আৰু বহুকেইৰাকীৰ। লক্ষ্যণীয়ভাৱে এই ২২গৰাকী সন্ধানহীন মহিলাৰ ঘৰ ওদালগুৰি জিলাৰ হৰিশিঙা, ছিমলা আৰু ৰৌতা থানাৰ অন্তৰ্গত।
/asomiyapratidin/media/media_files/2025/02/13/jhPkt0CiZvlKUqJSmp3c.jpg)
এয়া কেৱল উদাহৰণহে। ওদালগুৰিৰ পৰাই ২২ গৰাকী মহিলা সন্ধানহীন হৈছে যোৱা প্ৰায় ৩মাহৰ সময়চোৱাত। ৰাজ্যত বৃদ্ধি পাইছে মহিলা আৰু কিশোৰীৰ সন্ধানহীনৰ সংখ্যা। অনৈতিক কাৰ্যৰ লগতে বিভিন্ন কাৰণত ৰাজ্যৰ পৰা মহিলা সৰবৰাহৰ ঘটনা সংঘটিত হৈ আহিছে। বৰ্তমান সময়ত মানৱ সৰবৰাহ এক ডাঙৰ প্ৰত্যাহ্বান ৰূপে থিয় দিছে।
কেৱল ওদালগুৰিতেই নহয়, ধুবুৰী ডিব্ৰগড়ৰ পৰা সন্ধানহীন হোৱা কেইবাগৰাকীও যুৱতীৰ সন্ধান উলিয়াব পৰা নাই অসম আৰক্ষীয়ে। যোৱা ৬নৱেম্বৰ ২০২৪ত আগমণি থানাৰ অন্তৰ্গত বেলগুৰি গাৱৰ পৰা সন্ধানহীন হৈছিল এগৰাকী ১৮বছৰীয়া যুৱতী। এই যুৱতীগৰাকীৰো নাই কোনো সন্ধান।
/asomiyapratidin/media/media_files/2025/02/13/A6sZMTkrditZCEryNXm9.jpg)
কাবেৰী গগৈ। বয়স আছিল ১৮বছৰ। যোৱা ৯নৱেম্বৰ, ২০২৪ত সন্ধানহীন হোৱা কাবেৰীক লৈ এটা মাত্ৰ বিজ্ঞাপন দিয়েই দায়িত্ব সামৰিলে ডিব্ৰুগড় আৰক্ষীয়ে। এনেদৰেই ৰাজ্যৰ ভিন্ন জিলাৰ পৰা সঘনাই সন্ধানহীন হৈছে অসমৰ জীয়ৰী-বোৱাৰী।
আৰক্ষীয়ে এই সৰবৰাহকাৰী সকলৰ বিৰুদ্ধে বিভিন্ন ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰে। কিন্তু কাৰ্যতঃ মহিলা, শিশু আৰু কিশোৰীক সৰবৰাহ কৰাৰ ঘটনা আৰক্ষী তথা প্ৰশাসনে প্ৰতিৰোধ কৰিব পৰা নাই। অতি উদ্বেগজনকভাৱে সেই তথ্য উদঙাই দিলে এইবোৰ ঘটনাই। এনেদৰে এতিয়া ৰাজ্যৰ বোৱাৰী, জীয়াৰী এই নাৰী সৰবৰাহকাৰী চক্ৰৰ লক্ষ্য হৈ পৰিছে।