/asomiyapratidin/media/media_files/2025/01/21/a1feSgKrClhCfg5Lu2bv.png)
বনতাৰা Photograph: (বনতাৰা)
উত্তৰ-পূব তথা অসমৰ হাতী 'বনতাৰা'ত কেনেকৈ থাকিব! আম্বানীৰ 'বনতাৰা'ত কি কি সুুবিধা আছে জন্তুৰ বাবে। তথ্য অনুসৰি, আমি যি মূলটানি মিট্টী মুখৰ সৌন্দৰ্যৰ বাবে ব্যৱহাৰ কৰো, সেই মাটি 'বনতাৰা'ত হাতীক ধূলি খেলিবলৈ দিয়া হয়। সবিশেষ সামৰি ডিম্পুল বৰগোহাঁইৰ এক বিশেষ প্ৰতিবেদন...
হাতীক লৈ আৰম্ভ হোৱা বিৰ্তকৰ এতিয়াও অন্ত পৰা নাই। সূত্ৰপাত হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি অনন্ত আম্বানীয়েও স্পষ্টীকৰণ দিলে। ২০টা হাতীৰ বন্দীত্বৰ জীৱন অৱসান ঘটোৱাৰ উদ্দেশ্যৰেই সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে এই কাম কৰা হৈছে বুলি ক’লে অনন্ত আম্বানীয়ে।
আনকি এই হাতী সৰবৰাহৰ বাবে উচ্চতম ন্যায়ালয়ৰ যাৱতীয় অনুমতি লোৱাৰ কথাও সদৰি কৰিলে অনন্ত আম্বানীয়ে। এই হাতীকেইটাৰ কোনো অসুবিধা নোহোৱাকৈ গুজৰাটৰ বনতাৰাত ৰখা হব বুলি স্পষ্টীকৰণত উল্লেখ কৰে আম্বানীয়ে।
অসমত হাতীৰ সংখ্যা বৃদ্ধি...
আম্বানী পৰিয়াল তথা ৰিলায়েন্সৰ পৰা এই আনুষ্ঠানিক স্পষ্টীকৰণ পোৱাৰ পাছতো অসমত এই বিৰ্তকৰ ওৰ পৰা নাই। একাংশই এই সমগ্ৰ প্ৰক্ৰিয়াক নাটক বুলি অভিহিত কৰিছে। ইয়াৰ মাজতে অসম চৰকাৰ বন বিভাগে হাতীৰ সংখ্যাক লৈ সদৰি কৰিছে এক তথ্য।
বন বিভাগে সদৰি কৰা তথ্য অনুসৰি, অসমত হাতীৰ সংখ্যা ৭ বছৰৰ ভিতৰত ১৩৯ টা বৃদ্ধি পাইছে । ৰাজ্যখনত ২০১৭ চনত হাতীৰ সংখ্যা আছিল আনুমানিক ৫,৭১৯ টা আৰু এই সংখ্যা বৃদ্ধি হৈ ২০২৫ত হৈছেগৈ ৫,৮২৮ টা। আনুমানিক গণনা অনুসৰি ৰাজ্যখনত ৩৬ শতাংশ প্ৰাপ্তবয়স্ক মাইকী হাতীৰ (মাখুন্দী) সৈতে ৫৮২৮ টা ডাঙৰ হাতী ধৰা পৰিছে।
উল্লেখ্য যে শেহতীয়াকৈ মুকলি কৰা ইণ্ডিয়া ষ্টেট অব ফৰেষ্ট ৰিপ'ৰ্ট (আইএছএফআৰ) ২০২৩-ত স্পষ্টকৈ কোৱা হৈছে যে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বনাঞ্চল হ্ৰাস হোৱা অব্যাহত আছে । এই সময়ছোৱাত মুঠ বনাঞ্চল হ্ৰাস হৈছে ৩২৭.৩০ বৰ্গ কিলোমিটাৰ ।
২০২৪ চনৰ ডিচেম্বৰত মুকলি কৰা আইএছএফআৰ ২০২৩-এ উল্লেখ কৰিছিল যে মিজোৰাম হৈছে অঞ্চলটোৰ একমাত্ৰ ৰাজ্য য'ত বনাঞ্চল বৃদ্ধি পাইছে আনহাতে অসম, মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাত বনাঞ্চলৰ সৰ্বাধিক হ্ৰাস পোৱা দেখা গৈছে ।ততসত্বেও অসমত হাতীৰ সংখ্যা বৃদ্ধিটো এটা শুভ কাৰক বুলি সদৰি কৰিছে বন বিভাগে।
বনতাৰা কি...
এতিয়া আহো পুনৰ আম্বানীৰ বনতাৰাৰ প্ৰসংগলৈ। বনতাৰা আচঁলতে কি? বনতাৰাক লৈ ভিন্ন বিৰ্তক অব্যাহত আছে। কিন্তু বনতাৰা হৈছে মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ এটা সপোনৰ প্ৰজেক্ট। এই বনতাৰাত ভাৰতৰ লগতে বিদেশৰ ভিন্ন প্ৰান্ত আঘাতপ্ৰাপ্ত আৰু দুৰ্বিসহ জীৱন কটোৱা জন্তুক উদ্ধাৰ কৰাৰ লগতে প্ৰয়োজনীয় চিকিতসা, লালন-পালন কৰা হয়।
জন্তুয়ে যি পৰিৱেশ ভাল পায়, তেনে পৰিৱেশতেই ৰখা হয় এই বনতাৰাত। ভাৰতৰ ভিতৰত বনতাৰা হৈছে এনে এক প্ৰতিষ্ঠান যি প্ৰতিষ্ঠানত জন্তুক উদ্ধাৰ কৰাৰ লগতে সম্পূৰ্ণ মুকলি পৰিৱেশত জন্তুক চিকিৎসা কৰা হয়। বনতাৰাত ৰখা হৈছে প্ৰায় ২১০০গৰাকী কৰ্মচাৰী।
আম্বানীৰ পৰিয়ালৰ মতে, এয়া তেওঁলোকৰ এটা সপোনৰ প্ৰজেক্ট। বিশেষকৈ সৰুৰে পৰা জীৱ-জন্তু ভাল পোৱা অনন্ত আম্বানীৰ বাবে এই বনতাৰা হৈছে দ্বিতীয়খন ঘৰ। সেয়েহে অনন্ত আম্বানীয়ে নিজৰ বিবাহ অনুষ্ঠানৰ মাজতেই বনতাৰা মুকলি কৰিছিল। বনতাৰাক লৈ আম্বানীয়ে কোনো লাভালাভৰ ব্যৱসায় নকৰে বুলি আৰম্ভণিতেই স্পষ্ট কৰি দিছিল। এক কথাত তেওঁলোকে কৈছিল যে, বনতাৰা হৈছে তেওঁলোকৰ ননপ্ৰফিট বিচনেছ...
এতিয়া জানো আহক, বনতাৰাত হাতী সমূহক কেনেকৈ ৰখা হয় আৰু কিদৰে লালন-পালন কৰা হয়। বৰ্তমানলৈকে আম্বানীৰ বনতাৰাই ২০০ৰো অধিক হাতীক উদ্ধাৰ কৰিছে। এই সকলোবোৰ হাতী আছিল ৰুগীয়া, আঘাতপ্ৰাপ্ত আৰু দুৰ্বিসহ জীৱন যাপন কটোৱা।
হাতীৰ উপযোগীকৈ বনতাৰাত ৬০০একৰ মাটিত বনাঞ্চলৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ মাজতে আছে হাতীয়ে গা ধুব পৰাকৈ জুৰি-পুখুৰী। গা ধোৱাৰ পূৰ্বে হাতীয়ে ধেমালি কৰিবলৈ ধূলিৰ ব্যৱস্থাও আছে। উল্লেখ কৰা প্ৰয়োজন যে, এই বনতাৰা হাতীয়ে ধেমালি কৰিবলৈ ধূলিৰ পৰিৱৰ্তে দিয়া হয় মূলটানি মিট্টী। যি মূলটানি মিট্টী আমি সৌন্দৰ্য বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰো।
কৃত্ৰিমভাৱে নহয়, বনতাৰাৰ হাতীসমূহক প্ৰাকৃতিক এখন ঘৰ দিয়াৰ বাবে যত্ন কৰা হয়। প্ৰতিটো হাতীক চিকিতসাৰ লগতে দৈনিক শুশ্ৰুষা কৰিবলৈ ৰখা হৈছে ৪-৫জন কৰ্মচাৰী। অভিজ্ঞ চিকিতসকে দিনটোত কমেও ৫বাৰকৈ পৰীক্ষা কৰে হাতীসমূহৰ স্বাস্থ্য।
হাতীসমূহৰ বাবে বনতাৰাত আছে দৈনিক ফিজিঅথেৰাপীৰ ব্যৱস্থাও। হাতীৰ শাৰিৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দি তেনে এক পৰিৱেশ সৃষ্টিৰ বাবে অহৰহ কাম কৰে ইয়াৰ বিশেষজ্ঞই। হাতীসমূহক প্ৰদান কৰা খাদ্যত উপযুক্ত ভিটামিন, প্ৰটিন আছে নে নাই তাৰ ওপৰতো নজৰ ৰাখে বিশেষজ্ঞই।
এক কথাত এক ৰাজকীয় জীৱন দিয়া হয় এই বনতাৰাত। কেৱল হাতীৰে নহয় সকলো জন্তুক একেই যতন লোৱা হয়। সকলো জন্তুৰ বাবে এক্সৰে, এম আৰ আই, চিটি স্কেনৰ দৰে ব্যৱস্থাও আছে বনতাৰাত। বিশেষ যতনত থাকিও যাতে জন্তুসমূহে স্বাভাৱিকভাৱেই কটাব পাৰে তাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হয় বনতাৰাত।
হাতীৰ বাবে বনতাৰাত আছে অসমৰ বিশেষজ্ঞ চিকিৎসকঃ-
বনতাৰালৈ হাতীসমূহ নিয়া হয় ৰাধে কৃষ্ণ মন্দিৰ হাতী কল্যাণ ন্যাসৰ দ্বাৰা। জামনগৰত অৱস্থিত ৰাধে কৃষ্ণ মন্দিৰ হাতী ন্যাস ২০১৩-১৪ চনত প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰতিষ্ঠা কালৰ পিছৰে পৰা ন্যাসে পৰিত্যক্ত আৰু আঘাতপ্ৰাপ্ত হাতী আনি যত্ন লৈ আহিছে। বিভিন্ন স্থানৰ পৰা হাতী উদ্ধাৰ কৰি ন্যাসৰ সংৰক্ষিত ঠাইত ৰাখে যদিও চাৰ্কাছ আৰু অন্যান্য কামত ব্যৱহাৰ নকৰে বুলি পেজটোত উল্লেখ কৰে।
উক্ত ন্যাসক সহযোগিতা আগবঢ়াই আহিছে ৰিলায়েন্স গ্ৰুপে। ন্যাসে পূৰ্ণকালীন আৰু অস্থায়ীভাৱে নিয়োগ কৰা পশু চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদান কৰে। অসমৰ প্ৰখ্যাত পশু চিকিৎসক পদ্মশ্ৰী ডাঃ কুশল কুমাৰ শৰ্মাই প্ৰতিমাহে এই ন্যাসত উপস্থিত চিকিৎসা প্ৰদান কৰি আহিছে।
শেহতীয়াকৈ উত্তৰ-পূবৰ পৰা নিয়া হাতীসমূহৰ নাম আৰু বয়সঃ-
শেহতীয়াকৈ দাবী কৰা হৈছে যে বনতাৰালৈ প্ৰেৰণ কৰা হাতী সমূহ অসমৰ নহয়। কিন্তু হাতীৰ আচলতে কোনো নিৰ্দিষ্ট বাসস্থান নাথাকে। অৱশ্যে প্ৰেৰণ কৰা হাতীকেইটা পোহনীয়া বুলি দাবী কৰা হৈছে। কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপিত হৈছে হাতীকেইটাৰ নামক লৈ। প্ৰেৰণ কৰা হাতীকেইটাৰ নাম সচৰাচৰ অসমীয়া সমাজত পোহনীয়া হাতীক দিয়া নামৰ নিচিনা। লক্ষ্মী, মায়া, ৰংমতি, ৰমো, বাবুলাল নামেৰে হয়তো অৰুণাচলত কোনেও হাতী নুপুহে! এই প্ৰশ্নও সামাজিক মাধ্যমত উত্থাপিত হৈছে।
/asomiyapratidin/media/media_files/2025/01/21/xQvBkJysvCXsXDg1PNU0.jpg)
অসম চৰকাৰৰ সৈতে বনতাৰাই কি চুক্তি কৰিছে...
২০২২ৰ ৫মেত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আম্বানীৰ প্ৰতিষ্ঠানৰ এক চুক্তি সম্পন্ন হৈছিল। এই বুজাবুজি চুক্তি সম্পাদন হোৱাৰ পাছতে ২০২২ৰ ৯নৱেম্বৰত অসম ৰাজ্যিক চিৰিয়াখানাৰ সৈতে পুনৰ এখন চুক্তি স্বাক্ষৰ হৈছিল আম্বানীৰ গ্ৰীণ জুলজিকেল ৰেচকিউ আৰু ৰিহেহিলিটেশ্যেন চেন্টাৰৰ সৈতে।
এই চুক্তি সম্পাদন হোৱাৰ আগতেই অসমৰ পৰা আম্বানীৰ চিৰিয়াখানালৈ প্ৰেৰণ কৰা হৈছিল দুটা ব্লেক পেন্থাৰ। ২০২১ৰ ১৬জানুৱাৰীত এই ব্লেক পেন্থাৰ দুটা নিয়া হৈছিল অসমৰ পৰা। অথচ বন্যপ্ৰাণী আদান-প্ৰদান চুক্তি স্বাক্ষৰ হৈছিল ২০২২চনতহে।
বনতাৰাৰ সৈতে এই আদান-প্ৰদান চুক্তিৰ জৰিয়তে এতিয়ালৈকে ৬৬টা জন্তুক প্ৰেৰণ কৰা হৈছে বনতাৰালৈ। কিন্তু ইয়াৰ বিপৰীতে এটাও জীৱ অসমলৈ পঠোৱাৰ তথ্য নাই। বনতাৰালৈ প্ৰেৰণ কৰা প্ৰাণীসমূহৰ ভিতৰত আছে- ২টা ব্লেক পেন্থাৰ, ২টা এশিঙিয়া গড়, ১৭টা আফ্ৰিকান কাছ, এটা কাংগাৰুৰ লগতে অন্য বহু প্ৰজাতিৰ জীৱ।
এই তথ্য ৰাজহুৱা হোৱাৰ পাছতে সচেতন মহলৰ মাজত চৰ্চা হৈছে যে, আম্বানীয়ে অসমৰ পৰা কেৱল জন্তু নিয়েই থাকিব নে চুক্তি অনুসৰি অসমত কিবা দিব?
বিদেশতো বনতাৰাৰ এক বিশেষ অভিযান...
কিছুদিনৰ আগৰ কথা। ব্যাপক খাদ্য সংকটে দেখা দিছে নামিবিয়াত। চৰকাৰে সিদ্ধান্ত লৈছিল যে মানুহে ভক্ষণ কৰিবলৈ তেওঁলোকে বধ কৰিব ৭০০ৰো অধিক বন্যপ্ৰাণী। এই প্ৰাণীবোৰৰ ভিতৰত আছিল ৮৩টা হাতী, ৩০টা জলহস্তী, ৬০টা ভালুক, ৩০০টা জেব্ৰা, ১০০টা বিশেষ হৰিণৰ দৰে জন্তু।
ইয়াৰে প্ৰায় ১৫৭টা প্ৰাণী বধ কৰি ৬৩টন মাংস জনতাৰ মাজত বিলাই দিয়া হৈছে। এই জন্তুবোৰক উদ্ধাৰৰ বাবে নামিবিয়াৰ চৰকাৰৰ সৈতে কথা পাতিছে আম্বানীৰ পৰিয়াল তথা বনতাৰাৰ কৰ্তৃপক্ষই। সকলো ঠিকে ঠাকে থাকিলে মূল্য দি এই সকলোবোৰ জন্তু উদ্ধাৰ কৰিব বনতাৰাই।
এনেদৰেই আম্বানীয়ে সপোনৰ প্ৰজেক্ট বনতাৰাক ন ৰূপ প্ৰদান কৰিছে। বিৰ্তক হ'লেও সচাঁকৈয়ে যদি উত্তৰ-পূবৰ ২০টা হাতীক বন্দীত্বৰ জীৱনৰ পৰা উদ্ধাৰ কৰি বনতাৰাক এনে সুবিধা দি ৰখা হয়, তেন্তে সেয়া হব ঐৰাৱতৰ বাবে এক প্ৰকাৰৰ স্বৰ্গসুখ...