Advertisment

দেৱলালৰ পত্নীৰ নামত উমৰাংছুত খনন চলাৰ বাবেই নিষ্ক্ৰিয় আছিল দিছপুৰ...

ৰাজ্যত অবৈধ কয়লা খননৰ ফলত সংঘটিত হোৱা দুৰ্ঘটনা এয়াই প্ৰথম নহয়। প্ৰায়ে এইধৰণৰ ঘটনা সংঘটিত হৈ আহিছে অবৈধ এই কয়লা খনিবোৰত। ইয়াৰ পাছতো ৰাজ্য আৰু প্ৰশাসনে কোনো ব্যৱস্থা...

author-image
Asomiya Pratidin
New Update
দেৱলালৰ পত্নীৰ নামত উমৰাংছুত খনন চলাৰ বাবেই নিষ্ক্ৰিয় আছিল দিছপুৰ

দেৱলালৰ পত্নীৰ নামত উমৰাংছুত খনন চলাৰ বাবেই নিষ্ক্ৰিয় আছিল দিছপুৰ Photograph: (দেৱলালৰ পত্নীৰ নামত উমৰাংছুত খনন চলাৰ বাবেই নিষ্ক্ৰিয় আছিল দিছপুৰ)

উমৰাংছুত সংঘটিত হোৱা ঘটনাই এতিয়া ৰাজ্যৰ লগতে সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছে।  কাৰ ভুলৰ বাবে এনে ঘটনা সংঘটিত হবলৈ পালে সেই প্ৰশ্ন এতিয়া সকলোৰে মনত উদয় হৈছে। এনে পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। ডিমা হাচাওৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱলাল গাৰ্লোচাৰ পত্নীৰ নামত উমৰাংছুত এনে অবৈধ খনন চলাৰ বাবেই নিষ্ক্ৰিয় আছিল দিছপুৰ। এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন...

Advertisment

ৰাজ্যত অবৈধ কয়লা খননৰ ফলত সংঘটিত হোৱা দুৰ্ঘটনা এয়াই প্ৰথম নহয়। প্ৰায়ে এইধৰণৰ ঘটনা সংঘটিত হৈ আহিছে অবৈধ এই কয়লা খনিবোৰত। ইয়াৰ পাছতো ৰাজ্য আৰু প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰা পৰিপ্ৰেক্ষিততে উমৰাংছুৰ ৰেট হোল মাইনিং স্থলীত সংঘটিত হল আন এক শোকাৱহ ঘটনা।

এই পৰ্যন্ত লৈকে সেই অবৈধ কয়লাখনিটোত কিমান শ্ৰমিক আৱদ্ধ হৈ আছে তাৰ সঠিক তথ্য প্ৰশাসনৰ হাতত নাই যদিও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই খনিটোৰ ভিতৰত আৱদ্ধ হৈ থকা ৯জন শ্ৰমিকৰ নাম ৰাজহুৱা কৰিছে। অৱশ্যে স্থানীয় সূত্ৰৰ মতে, এই ৰেট হোল মাইনিংস্থলীত অতি কমেও ৪০জন শ্ৰমিক নিয়োজিত হৈ আছিল।

ইয়াৰ ১০জন এই ঘটনা সংঘটিত হোৱা পূৰ্বেই খনিৰ ভিতৰভাগৰ পৰা ওলাই অহা বুলি এক সূত্ৰই সদৰি কৰিছে। আনহাতে আন তিনিজন শ্ৰমিকৰ মৃতদেহ পানীত ওপঙি অহাৰ সময়ত উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰি সেই শ্ৰমিক কেইজনৰ মৃতদেহ লুকুৱাই ৰখা বুলিও আন এক অভিযোগ উঠিছে।

দীৰ্ঘদিন ধৰি ডিমা হাচাওৰ অন্তৰ্গত উমৰাংছুৰ ভিন্ন স্থানত এই ধৰণৰ অবৈধ কয়লা খনন চলি আহিছে। পানীৰে ভৰপূৰ হৈ যোৱা এই অবৈধ ৰেট হোল মাইনিঙটো দেৱলাল গাৰ্লোচাৰ পত্নী কণিকা হোজাইপ তত্বাৱধানতে চলি থকা বুলি অভিযোগ উত্থাপন হৈছে। যাৰ বাবে আৰক্ষী আৰু প্ৰশাসনে ইয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে। 

জানিব পৰা মতে, অসম খনি উন্নয়ন নিগমৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অঞ্চলৰ বাহিৰত আছিল এই ৰেট হোল মাইনিঙটো। উমৰাংছুত কপিলী নদীৰ ওপৰত নদী বান্ধৰ লগতে নিপকো জলবিদ্যুত প্ৰকল্প থকা সূত্ৰে এই অঞ্চলটো অতিকৈ স্পৰ্শকাতৰ। যিকোনো মূৰ্হুততে সমগ্ৰ অঞ্চলটো ৱাৰ্চ আউট হৈ যোৱা সম্ভাৱনা থকা সূত্ৰে এই স্থানত ৰেট হোল কয়লা খনন অতি বিপদজনক। তাৰ পাছতো কেৱল ক্ষমতাৰ জোৰত ৩০০ফুট গভীৰতাৰ লৈকে এই কয়লা খনন চলাই গৈছিল এই চক্ৰটোৱে। 

কয়লা খনন কৰি থকাৰ সময়তে সুৰংগৰ ভিতৰত পানীৰে উপচি পৰাৰ পাছত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। এন ডি আৰ এফ আৰু এছ ডি আৰ এফে উদ্ধাৰ অভিযান চলাবলৈ গৈ অতি বিপদসংকুল এই স্থানত সফলভাৱে উদ্ধাৰ অভিযান চলোৱাত বিফল হয়।

তাৰ পাছতে নতুন দিল্লীত থকা মুখ্যমন্ত্ৰীয়ে সেনা বাহিনীক উদ্ধাৰ অভিযানত নামিবলৈ অনুৰোধ কৰাৰ পাছতেই সেনাৰ এটা উদ্ধাৰকাৰী দল অত্যাধুনি সা-সৰঞ্জামসহ উক্ত স্থানত উপস্থিত হয়গৈ। কিন্তু এই দলটোৱেও সুৰংগৰ সন্মুখৰ ভাগলৈ পানীৰে পূৰ্ণ হৈ পৰা খনন স্থলীত অভিযান চলোৱাত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হয়।

তাৰ পাছতেই নৌ বাহিনীৰ বিশেষজ্ঞ উদ্ধাৰকাৰী দল উক্ত স্থানলৈ পঠাবৰ বাবে মুখ্যমন্ত্ৰীয়ে নৌ সেনাক অনুৰোধ কৰিব লগা হয়। মুখ্যমন্ত্ৰী নিৰ্দেশৰ পাছতে ঘটনাস্থলীত গৈ উপস্থিত হৈছিলগৈ মন্ত্ৰী কৌশিক ৰয়। তাৰ লগতে উদ্ধাৰ অভিযান তদাৰক কৰে ডিমা হাচাওৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে।

উল্লেখযোগ্য যে, উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা আছে ৰেট হোল মাইনিঙৰ ক্ষেত্ৰত। সেই নিষেধাজ্ঞা লৈ পিঠি দি এনেদৰে অবৈধ কয়লা খনন চলাই থকা হৈছিল। মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰা তথ্য অনুসৰি, উমৰাংছু কয়লাখনিত আৱদ্ধ হোৱা শ্ৰমিক ৯জন হৈছে- দৰঙৰ জাকিৰ হুছেইন, হুছেইন আলী আৰু মুস্তাফা শ্বেইখ। নেপালৰ শ্ৰমিকজনৰ নাম গংগা বাহাদুৰ শেথ।

কোকৰাঝাৰৰ শ্ৰমিক দুজন হল ছাৰফা বৰ্মন, খুশী মোহন ৰায়। আৱদ্ধ হৈ থকা পশ্চিম বংগৰ শ্ৰমিকজনৰ নাম সঞ্জীৱ সৰকাৰ। শোণিতপুৰৰ শ্ৰমিকজনৰ শৰৎ গয়াৰী। আৰু ডিমা হাচাওৰ শ্ৰমিক জনৰ নাম লিজন মাগাৰ। 

ইফালে উমৰাংছুৰ এই ঘটনাৰ সমান্তৰালভাৱে হাফলঙত বিজেপিৰ একাংশ নেতা-কৰ্মীয়ে ডিমা হাচাওৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোচাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। বিজেপিৰ নেতা-কৰ্মীয়ে অভিযোগ কৰা মতে, ডিমা হাচাওত একনায়ত্ববাদ চলাই গাৰ্লোচাই দুৰ্নীতিৰ বেহা মেলিছে। 

উমৰাংছু