/asomiyapratidin/media/media_files/2025/02/07/KD3JfHmal2npwM2bJXgW.jpg)
মোডী-ট্ৰাম্প
ট্ৰাম্পৰ পৰম মিত্ৰৰ তালিকাত প্ৰথম স্থানতেই আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নাম। কিন্তু সেই পৰম মিত্ৰৰ বুকুতে চৰম আঘাত দিলে ট্ৰাম্পে। নিজ দেশৰ নাগৰিকক কৰা চূড়ান্ত অপমানৰ পাছতো নিশ্চুপ হৈ থাকিল বিশ্বগুৰু। আমেৰিকাৰ সৈতে বৈদেশিক সম্পৰ্ক আৰু কূটনৈতিক নীতি অধিক সুদৃঢ় বুলি দাবী কৰি অহাৰ সময়তে সংঘটিত হল এনে অমানৱীয় ঘটনা। ভাৰত নিশ্চুপ হৈ থাকিলে মেক্সিকোৰ ৰাষ্ট্ৰপ্ৰধানে নিজ দেশৰ নাগৰিকক কৰা অপমানৰ বাবে আমেৰিকাক দিলে কঠোৰ সকিয়নী। মেক্সিকোৰ ৭বিলিয়ন লোকে আমেৰিকাৰ অৰ্থনীতিৰ ভেটিঁ তচনচ কৰি দিব পাৰে বুলি সাহসেৰে ট্ৰাম্পলৈ বাৰ্তা পঠালে মেক্সিকান ৰাষ্ট্ৰপতি ক্লাউডিয়া চেনবামে। সকলোবোৰ সামৰি ডিম্পুল বৰগোহাঁইৰ এক বিশেষ প্ৰতিবেদন...
দ্বিতীয়বাৰৰ বাবে শাসনভাৰ লোৱাৰ পাছতে ভাৰতৰ একান্ত মিত্ৰ বুলি নিজকে দাবী কৰা মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ ফোন কৰিছিল। সেই ফোনত ট্ৰাম্পে গ্ৰহণ কৰা কঠোৰ অভিবাসন নীতি আৰু সীমান্ত সুৰক্ষাৰ সন্দৰ্ভত আলোচনা কৰিছিল।
ট্ৰাম্পে মোডীক জনাইছিল যে, আমেৰিকাত প্ৰায় ১৪.৫লাখ অবৈধ প্ৰৱাসী ভাৰতীয়ৰ ক্ষেত্ৰত অচিৰেই এক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই বিষয়টোক লৈ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মত বিচাৰিছিল ট্ৰাম্পে। বিদেশ অবৈধ প্ৰৱাসীৰ ক্ষেত্ৰত ‘যি ভাল সেই ব্যৱস্থা’ই গ্ৰহণ কৰিবলৈ ট্ৰাম্পক কৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
নৰেন্দ্ৰ মোডীৰ সেই আশ্বাস পোৱাৰ পাছতে ডনাল্ড ট্ৰাম্পে অবৈধ প্ৰৱাসী ভাৰতীয়সকলক অতি অমানৱীয়ভাৱে হাতত শিকলি লগাই দেশলৈ উভতাই পঠাইছিল। আমেৰিকাৰ এই কাৰ্যৰ বিৰুদ্ধে ভাৰতৰ লগতে সমগ্ৰ বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সকলোৱে আশা কৰিছিল যে, ভাৰতেও এই ক্ষেত্ৰত আমেৰিকাৰ বিৰুদ্ধে এক কঠোৰ প্ৰদক্ষেপ গ্ৰহণ কৰিব।
এই ঘটনাক লৈ দুয়োখন সদনতে বিৰোধীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে। বিৰোধীৰ লগতে দেশজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ অন্তত ভাৰত চৰকাৰে এই ঘটনাক লৈ নিজৰ স্থিতি স্পষ্ট কৰিলে। সকলোকে আচৰিত কৰি ভাৰত চৰকাৰে ঘোষণা কৰিলে যে, এই ঘটনাত আমেৰিকাৰ কোনো ভুল নাই। বিদেশ নীতি অনুসৰিয়েই তেওঁলোকে এই ব্যৱস্থা গ্ৰহণ কৰিছে।
প্ৰৱাসী ভাৰতীয়ৰ ওপৰত আমেৰিকাৰ অবৰ্ণনীয় অত্যাচাৰৰ পাছতো ভাৰত চৰকাৰৰ এনে দুৰ্বল স্থিতিয়ে সকলোকে আচৰিত কৰিলে। বিশ্বগুৰু বুলি দাবী কৰা ভাৰতৰ বৈদেশিক নীতি আৰু কূটনৈতিক সম্পৰ্কৰ দৃঢ়তাক লৈও প্ৰশ্নৰ অৱতাৰণা হৈছে।
সাম্প্ৰতিক কালত ভাৰতৰ বৈদেশিক নীতিৰ তেনেই থৰক-বৰক অৱস্থা। চুবুৰীয়া দেশবোৰৰ ভিতৰত ভাৰতৰ বৈদেশিক সম্পৰ্ক কিছু উন্নত হৈছে মাত্ৰ তালিবানে শাসন কৰা আফগানিস্তানৰ লগত হে। বিশ্বৰ তৃতীয় অৰ্থনীতিৰ কথা কোৱা ভাৰতবৰ্ষৰ টকাও এতিয়া আফগানীৰ তুলনাত দুৰ্বল হ'ল। ২০২২ চনত সত্তৰ পইছাত এক আফগানী পোৱা সেই আফগানীকে আজি এটকা ওঠৰ পইছা দি কিনিব লগা অৱস্থা ভাৰতৰ।
কেৱল আমেৰিকা বুলিয়ে নহয়, বৈদেশিক নীতিৰ ক্ষেত্ৰত বিগত কিছুদিনৰ পৰা অতি দুৰ্বল ৰূপ দেখাইছে মোডী নেতৃত্বাধীন ভাৰত চৰকাৰে। পাকিস্তানচীন আমাৰ জনম শত্ৰু হৈ আছেই। আগৰ বন্ধু দেশ বাংলাদেশেও ভাৰতে নিজৰ মাটিত কাঁটা তাৰৰ বেৰ দিবলৈ লওঁতে ৰঙাচকু দেখুৱাবলৈ ললে।মালদ্বীপৰ দৰে ভাৰতীয় পৰ্য্যটকৰ ভৰষাত চলি থকা দেশেওক্ষণে ক্ষণে লুটি-বাগৰ মাৰি আছে।
শ্ৰীলংকাৰ নৌবাহিনীয়ে ভাৰতীয় মাছমৰীয়াৰ ওপৰত গুলিবৰ্ষণ কৰাৰ পিছতো সৰু দ্বীপ ৰাষ্ট্ৰখনক ধমক এটা দিব নোৱাৰিলে ভাৰতে। নেপালৰ দৰে সম্পূৰ্ণ বন্ধুৰাষ্ট্ৰখনেও আজিকালি চীনৰ দৰে ভাৰতৰ শত্ৰু ৰাষ্ট্ৰখনৰ লগত হে অধিক মিতিৰালি পাতিবলৈ লৈছে।
এই সকলোবোৰৰ পিছত এইবাৰ একান্ত মিত্ৰ বুলি দাবী কৰা আমেৰিকাইও ভাৰতৰ বুকুত যেন ডেগাৰহে মাৰিলে। ট্ৰাম্পে অতি পৰম মিত্ৰ বুলি নৰেন্দ্ৰ মোডীক বিশ্বজগতত চিনাকি দিয়াৰ পাছতো সেই পৰম মিত্ৰৰ দেশৰ লোকক অতি নিৰ্মমভাৱে দেশলৈ উভতাই পঠালে। আমেৰিকাৰ প্ৰায় প্ৰতিটো বৈদেশিক, কূটনৈতিক সিদ্ধান্তত সহমৰ্মিতা প্ৰদৰ্শন কৰা ভাৰতক আমেৰিকাই যেন বিশ্বাসঘাটকতা কৰিলে।
ভাৰতীয় সকলক তেনেকৈ কোনোবা ভয়ংকৰ আতঙ্কবাদীৰ দৰে, লোৰ শিকলিৰে বান্ধি আনি, বিদেশৰ সামৰিক বিমানেৰে ভাৰতত নমাই দিয়া কথাটোৱে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবেই অপমান! কলম্বিয়া, মেক্সিকোই দেখুওৱাৰ দৰেও ভাৰতে অন্ততঃ নিজৰ দেশলৈ ওভোটাই লোৱা দেশৰ নাগৰিক সকলৰ সন্মান ৰক্ষাৰ বাবে সবল যুক্তি দি আমেৰিকাক কাঠগড়াত থিয় কৰাব পাৰিলেহেতেন! কিন্তু তেনে নকৰিলে।
ইয়াৰ বিপৰীতে কলম্বিয়া, মেক্সিকোৰ দৰে সৰু ৰাষ্ট্ৰই আমেৰিকাই এনেকৈ পঠোৱা নাগৰিকক পুনৰ আমেৰিকালৈ উভতাই পঠাই সসন্মানেৰে নিজৰ বিমানেৰে দেশলৈ উভতাই নিলে। ভাৰতীয় নাগৰিকক লৈ আমেৰিকাই প্ৰদৰ্শন কৰা এই কাৰ্যত যেন পুনৰ ব্ৰিটিছ ঔপনিৱেশকতাবাদৰ প্ৰতিফলন ঘটিল।
মুখেৰে বন্ধু দেখাই কামেৰে ভাৰতক এতিয়াও তুচ্ছজ্ঞান কৰাৰ যি মানসিকতা সেয়া যেন ফুটি উঠিল ট্ৰাম্পৰ এই আমানৱীয় কাৰ্যত। আমেৰিকাই নিজেই তেওঁলোকক অবৈধ বুলি ঘোষণা কৰি, বিমানত তুলি স্বাধীন ভাৰতবৰ্ষৰ মাটিত তেওঁলোকৰ যুদ্ধৰ বিমান অৱতৰণ কৰাই দিব পাৰিলে। ভাৰতে অকনো চালি-জাৰি চাবলৈ আহৰি নোপোৱাকৈ এশ চাৰিজন লোকক নমাই দিলেহি।
ভাৰতবৰ্ষই সকলোবোৰ তলমূৰকৈ মানি ল'লে! এয়া জানো কম অপমানজনক কথা!ভাৰতৰ বিদেশ মন্ত্ৰীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণৰ আগৰেপৰাই গৈ তাতে খুটি পুতি আছিল। প্ৰধান মন্ত্ৰীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ লগত ফোনত কথাও পাতিলে। অহা সপ্তাহত আমেৰিকালৈ যাব মোডী। মোডী প্ৰধানমন্ত্ৰী হোৱাৰে পৰা এতিয়ালৈকে বহুবাৰ আমেৰিকা গ'ল।
আজিলৈকে কোনো ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নকৰা কাম কৰি বিদেশৰ মাটিত ডনাল্ড ট্ৰাম্পৰ হৈ যোৱাবাৰ নিৰ্বাচনী প্ৰচাৰো কৰিছিল। এই ট্ৰাম্পকে দেশলৈ মাতি আনি আহমেদাবাদত এশ কোটি টকা খৰচ কৰি 'নমস্তে ট্ৰাম্প' পাতিছিল। পিছে গোটেইবোৰ গালোঁ বালোঁ খোলাকটিৰ তাল হ'ল।
কানাডা, মেক্সিকো, চীনৰ দৰে আত্মসন্মানবোধ থকা দেশে আমেৰিকাৰ 'টেৰিফ' প্ৰস্তাৱৰ বিৰোধিতা কৰি নিজৰ দেশতে টেৰিফ লগাই কাঠে কাঠে যুঁজিছে। আমাৰ দেশে 'টেৰিফ' আঁতৰাই দি নিজকে আমেৰিকাৰ একান্ত বাধ্য দেখুৱাবলৈ গৈওঁ তাৰ ফল একো নধৰিল।
এতিয়ালৈকে এনে কোনো এখন দেশ নাই যিখন দেশে অবৈধ প্ৰৱাসীসকলক লৈ এনে অমানৱীয় আচৰণ প্ৰদৰ্শন কৰিছে। আনকি ভাৰতৰ শত্ৰু ৰাষ্ট্ৰসমূহেও অবৈধ ভাৰতীয়সকলক লৈ এনে আচৰণ কৰা নাই। ইয়াৰ বিপৰীতে আমেৰিকাৰ সৈতে সম্পৰ্ক অতি সুদৃঢ় আৰু নিবিড় বুলি দাবী কৰি অহাৰ পাছতো ভাৰতৰ প্ৰতি প্ৰদৰ্শন কৰা এনে আচৰণে ভাৰত এতিয়াও বিদৈশিক নীতি আৰু কূটনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত কিমান দুৰ্বল ইয়াকে প্ৰতিপন্ন কৰিলে।
অবৈধ প্ৰৱাসীসকলৰ ক্ষেত্ৰত আমেৰিকাই গ্ৰহণ কৰিবলগীয়া কঠোৰ স্থিতিৰ বিষয়ে আগতীয়াকৈ কিছু কথা অৱগত কৰা হৈছিল যদিও নিশ্চুপ হৈ থাকিল ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী। কিন্তু তাৰ বিপৰীতে মেক্সিকান ৰাষ্ট্ৰপতি ক্লাউডিয়া চেনবামে আমেৰিকাৰ পৰা উভতাই পঠিয়াব খোজা অবৈধ অনুপ্ৰৱেশকাৰী সন্দৰ্ভত ট্ৰাম্পক সাহসেৰে ক'লে কিছু কথা।
ট্ৰাম্পক উদ্দ্যেশি মেক্সিকান ৰাষ্ট্ৰপতিগৰাকীয়ে কোৱা কথাখিনি এনেধৰণৰ- এখন দেৱাল নিৰ্মাণ কৰিবলৈ ভোট দিয়া হ’ল আপোনাক… বাৰু, প্ৰিয় আমেৰিকানবাসী, যদিওবা আপুনি ভূগোলৰ বিষয়ে বেছি বুজি নাপায়, যিহেতু আমেৰিকা আপোনাৰ বাবে দেশ, মহাদেশ নহয়, এই দেৱালৰ প্ৰথম ইটাটো ৰখাৰ আগতে এই কথা উপলব্ধি কৰাটো গুৰুত্বপূৰ্ণ যে এই দেৱালখনৰ সিপাৰে ৭ বিলিয়ন মানুহ আছে। কিন্তু যিহেতু আপুনি "মানুহ" শব্দটোৰ আচল অৰ্থ হৃদয়ংগম কৰিব সঁচাকৈয়ে নাজানে আমি তেওঁলোকক "উপভোক্তা" বুলি নাম দিছো।
এই ৭ বিলিয়ন উপভোক্তাই ৪২ ঘণ্টাৰো কম সময়ৰ ভিতৰত আইফোনৰ সলনি চেমচাং অথবা হোৱাই ব্যৱহাৰ কৰিবলৈ সাজু। লিভাইচকো জাৰা বা মাছিমো ডুটিকোৰে সলাবলৈ প্ৰস্তুত। ছমাহ নৌহওঁতেই আমি সহজেই ফৰ্ড বা চেভ্ৰলেট গাড়ী কিনা বন্ধ কৰি তাৰ ঠাইত টয়োটা, কিয়া, মাজদা, হোণ্ডা, হুণ্ডাই, ভলভো, চুবাৰু, ৰেন’ বা বিএমডব্লিউ গাড়ী ব্যৱহাৰ কৰিব পাৰো, যিবোৰ আপোনালোকে উৎপাদন কৰা গাড়ীতকৈ কাৰিকৰীভাৱে উন্নত।
এই ৭ বিলিয়ন মানুহে ডাইৰেক্ট টিভিৰ চাবস্ক্ৰাইব কৰা বন্ধ কৰিব পাৰে, আৰু আমি নিবিচাৰিলেও, বন্ধ কৰিব পাৰো হলিউদৰ চিনেমা চোৱা আৰু আৰম্ভ কৰিব পাৰো অধিক লেটিন আমেৰিকান বা ইউৰোপীয় প্ৰডাকচনৰ চিনেমা চাবলৈ যিবোৰৰ আছে আপোনালোতকৈও উন্নত মানদণ্ড, বাৰ্তা, কৌশল আৰু বিষয়বস্তুৰ গুৰুত্ব। যদিও ই অবিশ্বাস্য যেন লাগিব পাৰে, আমি ডিজনী এৰিব পাৰো আৰু কেনকুন, মেক্সিকো, কানাডা বা ইউৰোপৰ এক্সকেৰেট ৰিজৰ্টলৈ যাব পাৰো । দক্ষিণ, পূব আমেৰিকা আৰু ইউৰোপত ইয়াতকৈও আন আন উৎকৃষ্ট গন্তব্যস্থান আছে।
আপুনি বিশ্বাস নকৰিলেও, আনকি মেক্সিকোতে মেকড’নাল্ডছতকৈও ভাল বাৰ্গাৰ পোৱা যায় আৰু আমেৰিকাতকৈও ই পুষ্টিকৰ । কোনোবাই আমেৰিকাত পিৰামিড দেখা পাইছেনে? ইজিপ্ত, মেক্সিকো, পেৰু, গুৱেটামালা, চুডান আদি দেশত অবিশ্বাস্য সংস্কৃতিৰ পিৰামিড আছে। প্ৰাচীন আৰু আধুনিক পৃথিৱীৰ আশ্চৰ্য্য ক'ত আছে আৱিষ্কাৰ কৰক... আমেৰিকাত ইয়াৰ কোনোটোৱেই নাই... ট্ৰাম্প মুৰ্দাবাদ,
এডিডাছ নাইকি বাদ দি আমি পানামৰ দৰে মেক্সিকান টেনিছ জোতা পিন্ধিবলৈ আৰম্ভ কৰিব পাৰো। আপুনি ভবাতকৈ আমি বেছি জানো। আমি জানো, উদাহৰণস্বৰূপে এই ৭ বিলিয়ন গ্ৰাহকে যদি আপোনালোকৰ সামগ্ৰী ক্ৰয় নকৰে তেন্তে নিবনুৱা সমস্যাহে উদ্ভৱ হ’ব আৰু আপোনালোকৰ অৰ্থনীতি ডুবিব (এই বৰ্ণবাদী দেৱালৰ ভিতৰতে) আৰু এসময়ত ই ইমানেই ভয়ংকৰ হ’ব যে আপোনালোকেই এই কুৎসিত দেৱালখন ভাঙি পেলাবলৈ অনুৰোধ কৰিব আমাক। এয়াতো আমি বিচৰা নাছিলোঁ কিন্তু.. আপোনাক এখন দেৱাল লাগে, আজি সেই দেৱালখন পালে...
অপৰাধ কৰিলেও নিজ দেশৰ নাগৰিকক আমেৰিকাই কৰা ব্যৱহাৰৰ বিৰুদ্ধে এনেদৰেই গৰজি উঠিল এখন দেশৰ এগৰাকী মহিলা নেতা। কিন্তু বৈদেশিক নীতি, কূটনৈতিক সম্পৰ্ক সকলো উন্নীত হৈছে বুলি দাবী কৰা আমাৰ দেশৰ নেতাই আমেৰিকাৰ বিৰুদ্ধে এষাৰো মাত মাতিব নোৱাৰিলে, বৰঞ্চ আমেৰিকাক দিলে ক্লীনচিট...