প্ৰধানমন্ত্ৰী আহিব বুলি সৰুসজাইত ফইজুল, কৰণ, আৰিফ হ'তৰ টোপনি খতি...

মাজত মাথোঁ কেইটামান দিন। বিহু নৃত্যৰ পিছত ২৪ফেব্ৰুৱাৰী, ২০২৫ৰ দিনটোত আকৌ ইতিহাস ৰচিবলৈ সাজু অসম চৰকাৰ।  সৰুসজাইত ধুমধামেৰে চলিছে আয়োজন। সহস্ৰাধিক শ্ৰমিকে যুদ্ধংদেহীভাৱে চলাইছে প্ৰস্তুতি অভিযান।

New Update
আঁৰৰ মানুহ

আঁৰৰ মানুহ

'ঝুমুৰই বিনন্দিনী-২০২৫'লৈ মাজত মাত্ৰ কেইটামান দিন। অসমৰ চাহ উদ্যোগৰ ২০০বছৰীয়া বৰ্ণিল ইতিহাসক উদযাপন কৰিবলৈ অসম চৰকাৰৰ এই অনুষ্ঠানলৈ আহিব প্ৰধানমন্ত্ৰী। 'ঝুমুৰই বিনন্দিনী-২০২৫'ৰ বাবে মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি মন্ত্ৰী-বিষয়াসকল এইকেইদিন ভীষণ ব্যস্ত। কিন্তু আমি দেখি থকা বা চৰ্চাত থকা মন্ত্ৰী-বিষয়াসকলকৈ ১০গুণ কষ্ট আৰু ব্যস্ত থকা ফইজুল, কৰণ, আৰিফ হ'তক লৈ ডিম্পুল বৰগোহাঁইৰ এক প্ৰতিবেদন...

Advertisment

মাজত মাথোঁ কেইটামান দিন। বিহু নৃত্যৰ পিছত ২৪ফেব্ৰুৱাৰী, ২০২৫ৰ দিনটোত আকৌ ইতিহাস ৰচিবলৈ সাজু অসম চৰকাৰ।  সৰুসজাইত ধুমধামেৰে চলিছে আয়োজন। সহস্ৰাধিক শ্ৰমিকে যুদ্ধংদেহীভাৱে চলাইছে প্ৰস্তুতি অভিযান। চাফাইৰ পৰা আদি কৰি অস্থায়ী মণ্ডপ, চাউণ্ড, ভোজনালয় সকলোবোৰৰ কাম তীব্ৰগতিত আগবাঢ়িছে। 

'ঝুমুৰই বিনন্দিনী-২০২৫'ৰ প্ৰস্তুতিৰ প্ৰায় ৮০শতাংশ কাম শেষ হৈছে। মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি কেইবাগৰাকীও মন্ত্ৰীয়ে প্ৰস্তুতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে। এই অনুষ্ঠানৰ বাবে নিয়োজিত বিষয়াসকলৰ পৰা প্ৰতিটো মূৰ্হুতৰ আপডেট গ্ৰহণ কৰি সামাজিক মাধ্যমযোগে ৰাইজৰ অৱগত কৰিছে মুখ্যমন্ত্ৰীয়ে।

'ঝুমুৰই বিনন্দিনী-২০২৫'ক লৈ মন্ত্ৰী-বিধায়ক আৰু বিষয়াসকলৰ ব্যস্ততাৰ সীমা নাই যদিও এই বৃহৎ অনুষ্ঠানটোক সফল কৰি তোলাত এচাম লোকে দিনে-ৰাতিয়ে কষ্ট কৰিছে। ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি গভীৰ নিশালৈকে ভাগে ভাগে ভগাই কৰি গৈছে কামবোৰ। 

ঝুমুৰই বিনন্দিনীৰ মুখ্য দ্বাৰ
ঝুমুৰই বিনন্দিনীৰ মুখ্য দ্বাৰ 

 অনুষ্ঠানটোৰ মূল তোৰণৰ পৰা আদি কৰি মুখ্য অতিথি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বহিবলগীয়া মণ্ডপৰ লৈকে সকলোখিনি কাম প্ৰায় সম্পন্ন হৈছে। কি পদ্ধতিৰে নৃত্যশিল্পীসকলে নৃত্য প্ৰদৰ্শন কৰিব তাৰ বাবে ফিল্ডত আকি দিয়া হৈছে ঘূৰণীয়া বহুকেইটা বৃত্ত।

এইখিনিতে উল্লেক কৰা প্ৰয়োজন যে, এই 'ঝুমুৰই বিনন্দিনী' অনুষ্ঠানত ২৭খন জিলাৰ ৯,৬৪৮গৰাকী নৃত্যশিল্পীয়ে অংশ গ্ৰহণ কৰিব। ইয়াৰে মহিলা নৃত্যশিল্পী ৫৩৯৯গৰাকী, পুৰুষ নৃত্যশিল্পী ২,১৭৫গৰাকী আৰু বাদ্যশিল্পী হিচাপে থাকিব ২,০৭৪গৰাকী। 

এতিয়া আকৌ আহিছে 'ঝুমুৰই বিনন্দিনী'ৰ আঁৰৰ মানুুহখিনিৰ কথালৈ। 'ঝুমুৰই বিনন্দিনী'ৰ মূল তোৰণখন প্ৰস্তুত কৰা হৈছে খেৰ, বাহঁ আৰু কাঠেৰে। কোকৰাঝাৰ, নলবাৰী, ধুবুৰীৰ প্ৰায় ৪০জনীয়া এটা দলে প্ৰস্তুত কৰিছে 'ঝুমুৰই বিনন্দিনী'ৰ প্ৰায় ৩খনকৈ গেট।

কিছু জিৰণি...
কিছু জিৰণি... 

বিগত প্ৰায় এমাহ ধৰি তেওঁলোক এই কামতে ব্যস্ত হৈ আছে। বৃহস্পতিবাৰে দুপৰীয়া কিছু সময়ৰ গছৰ তলত জিৰণি লওঁতে আমি তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিছিলো। ৪০জনীয়া দলটোক নেতৃত্ব দিয়া ফইজুল নামৰ লোক গৰাকীয়ে আমাক কয় যে, দেখাত যদিও সহজ, এই কামত বহুত ঝামেলা। কেতিয়াবা ডিজাইন পছন্দ হয়, কেতিয়াবা নহয়। ফাইনেল ডিচিশ্যনৰ বাবে বহু পৰ ৰৈ থাকিব লাগে।

মূল তোৰণৰ ছাঁ লৈ কিছু জিৰণি লৈ থকা আন দুগৰাকীৰ ওচৰলৈ যোৱাত গম পালো যে, তেওঁলোকে নতুনকৈ ৰং কৰাৰ কামত ব্যস্ত। ৰাতিপুৱাৰ পৰা ৰাতি এপৰৰ লৈকে তেওঁলোকে এই কাম কৰি আছে। মোবাইলত জুবিনৰ গান লগাই দুপৰীয়া কামৰ পৰা কিছু জিৰণি লোৱা লোক দুজনক আৰু বেছি কথা সুধি তেওঁলোকৰ আৰামত ব্যাঘাত জন্মাবলৈ মন নগ'ল।

ৰং কৰি কৰি ভাগৰি পৰিছে কৰণ
ৰং কৰি কৰি ভাগৰি পৰিছে ৰং কৰা শ্ৰমিক কৰণ 

 সৰুসজাইত ফিল্ডৰ উপৰিও মুখ্যদ্বাৰৰ পৰা ভিতৰৰ লৈকে কাষে কাষে নিৰ্মাণ কৰা হৈছে বহু অস্থায়ী মণ্ডপৰ। যেতিয়া প্ৰধানমন্ত্ৰী সৰুসজাইৰ মুখ্যদ্বাৰৰ পৰা ভিতৰলৈ সোমাই যাব, সেইসময়ত অসমৰ লোককৃষ্টি প্ৰদৰ্শিত হব এই মঞ্চবোৰত। এই মঞ্চবোৰৰ কামো প্ৰায় ৯০শতাঁশ সম্পূৰ্ণ হৈছে।

কাষে কাষে নিৰ্মাণ কৰা হৈছে অস্থায়ী মণ্ডপ
কাষে কাষে নিৰ্মাণ কৰা হৈছে অস্থায়ী মণ্ডপ Photograph: (কাষে কাষে নিৰ্মাণ কৰা হৈছে অস্থায়ী মণ্ডপ)

 সৰুসজাইত ফিল্ডৰ উপৰিও মুখ্যদ্বাৰৰ পৰা ভিতৰৰ লৈকে কাষে কাষে নিৰ্মাণ কৰা হৈছে বহু অস্থায়ী মণ্ডপৰ। যেতিয়া প্ৰধানমন্ত্ৰী সৰুসজাইৰ মুখ্যদ্বাৰৰ পৰা ভিতৰলৈ সোমাই যাব, সেইসময়ত অসমৰ লোককৃষ্টি প্ৰদৰ্শিত হব এই মঞ্চবোৰত। এই মঞ্চবোৰৰ কামো প্ৰায় ৯০শতাঁশ সম্পূৰ্ণ হৈছে।

সৰুসজাইত বৰ্তমান প্ৰায় সহস্ৰাধিক কৰ্মীয়ে কাম কৰি আছে। এগৰাকী লোকে আমাক জনালে যে, বেছিভাগ শ্ৰমিকেই দিন হাজিৰাত ইয়াত কাম কৰি আছে। দৈনিক ৮০০টকাৰ পৰা ১৬০০টকা পৰ্যন্ত ধনৰ বিনিময়ত তেওঁলোকে কাম কৰি আছে ঝুমুৰই বিনন্দিনী অনুষ্ঠানত।

সকলো ব্যস্ত
সকলো ব্যস্ত 

এতিয়া আহিছো সৰুসজাইৰ ভিতৰৰ ভাগৰ প্ৰস্তুতিৰ কথালৈ। সৰুসজাই খেলপথাৰখন ঢাকি পাৰি দিয়া হৈছে গ্ৰীণ কাৰ্পেট। এই গ্ৰীণ কাৰ্পেটৰ ওপৰতে প্ৰদৰ্শন কৰা হব ঝুমূৰই নৃত্য। সম্পূৰ্ণ ষ্টেডিয়ামটোৰ চাৰিওকাষে ছাউণ্ড চিষ্টেমৰ ব্যৱস্থা কৰা হৈছে। জনসংযোগ বিভাগে ষ্টেডিয়ামটোৰ চাৰিওফালে আঁৰি দিছে 'ঝুমুৰই বিনন্দিনী'ৰ পোষ্টাৰ।

গ্ৰীণ কাৰ্পেটৰ আৱৰণ
গ্ৰীণ কাৰ্পেটৰ আৱৰণ 

'ঝুমুৰই বিনন্দিনী'ৰ সম্পূৰ্ণ অনুষ্ঠানটো যিটো মণ্ডপৰ পৰা প্ৰধানমন্ত্ৰীয়ে চাব সেই মণ্ডপটোৰ নিৰ্মাণো প্ৰায় সম্পূৰ্ণ হৈছে। বিশেষভাৱে নিৰ্মাণ কৰা এই মণ্ডপটোতো ১০০ৰো অধিক শ্ৰমিকে কাম কৰি আছে। দুপৰীয়াৰ চোকা ৰদত কাম কৰি শ্ৰমিকসকল কিছু ভাগৰুৱা হৈ পৰিছিল। সেয়েহে তেওঁলোকে গ্ৰীণ কাৰ্পেটৰ ওপৰত এনেদৰেই কিছু জিৰণি লৈছিল। 

কামৰ মাজতে কিছু জিৰণি
কামৰ মাজতে কিছু জিৰণি 

সৰুসজাইৰ খেলপথাৰৰ ভিতৰৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। দৰ্শকসকলে যাতে ভালকৈ চাব পাৰে তাৰ বাবে ষ্টেডিয়ামৰ আসনসমূহ চফা কৰিবলৈ আহিছে লাহৰীঘাটৰ পৰা আহিছে নাছনিমাহতৰ দল। ৰাজ্যৰ বাহিৰৰ পৰা অনা হৈছে ছাউণ্ড চিষ্টেমৰ কিছু উন্নত প্ৰযুক্তিৰ সাঁ-সজুলি।

নাছনিমা হতৰ গাত তৰণি নাই
নাছনিমা হতৰ গাত তৰণি নাই

মুঠৰ ওপৰত এতিয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা তথা মন্ত্ৰীসকলকৈ ঋুমুৰই বিনন্দীয়া অনুষ্ঠানৰ বাবে এই সকল লোকৰহে ব্যস্ততা বেছি। ষ্টেডিয়ামৰ পৰা ওলাই আহি দেখা পোৱা গল যে, এগৰাকী চালক তেওঁ চলাই থকা টেক্টৰখনতে কিছু জিৰণি লৈ ঘৰলৈ ফোন কৰিছে। লৈছে ঘৰৰ খবৰ।

টেক্টৰতে লৈছে জিৰণি
টেক্টৰতে লৈছে জিৰণি Photograph: (টেক্টৰতে লৈছে জিৰণি)

এই অনুষ্ঠানটোৰ বাবে তিনি তৰপীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। সহস্ৰাধিক লোকে যাতে একেলগে আহাৰ গ্ৰহণ কৰিব পাৰে তাৰ বাবে ৯টা ডাঙৰ ডাঙৰ ভোজনালয় নিৰ্মাণ কৰা হৈছে। প্ৰতিটো ভোজনালয়ত ২হাজাৰ লোকে একেলগে গ্ৰহণ কৰিব আহাৰ। জিলা অনুযায়ী ভাগ কৰি দিয়া হৈছে এই ভোজনালয়কেইটা।

৯টা ভোজনালয় সাজু
৯টা ভোজনালয় সাজু 

 'ঝুমুৰই বিনন্দিনী'ৰ বাবে সৰু সজাইৰ চুকে-কোণে চাফাইৰ বাবে ৩০০ৰো অধিক চাফাই কৰ্মী মোতায়েন কৰা হৈছে। অনুষ্ঠানটোৰ বাবে প্ৰয়োজন হোৱা সকলো বাহঁ-বেতৰ সামগ্ৰী তাতেই নিৰ্মাণ কৰিছে শিল্পীয়ে। মুঠৰ ওপৰত সকলোৰে ব্যস্ততাৰ সীমা নাই।

কামৰ মাজে মাজে কিছু জিৰণি
কামৰ মাজে মাজে কিছু জিৰণি

এই বৰ্ণাঢ্য অনুষ্ঠানটোৰ আয়োজনত ব্যস্ত হৈ থকা এইলোকসকলৰ সমান ব্যস্ত মানুহ হয়তো এতিয়া নোলাব। যিসকল লোকে এনে এটা অনুষ্ঠানক জীৱন্ত ৰূপ দিবলৈ দিনে-ৰাতিয়ে কাম কৰিছে, তেওঁলোকেই হয়তো উপস্থিত থাকিবলৈ অনুমতি নাপাব। তথাপিও তেওঁলোকে অন্তঃকৰণেৰে কৰি গৈছে কাম। 

 'ঝুমুৰই বিনন্দিনী'ক লৈ মন্ত্ৰী-বিষয়াসকলকলৈ এওঁলোকেৰ কষ্ট কোনোগুণেই কম নহয়।  অনুষ্ঠানটোক অধিক বিনন্দীয়া কৰিবলৈ তেওঁলোকৰ এই কষ্টক স্বীকাৰ কৰিবলৈ লাগিব। অসমৰ চাহ উদ্যোগৰ ২০০বছৰীয়া বৰ্ণিল ইতিহাসক উদযাপন কৰাৰ এই বিৰল মূৰ্হুতৰ সাক্ষী হবলৈ নাপালেও এওঁলোকেই হৈছে  'ঝুমুৰই বিনন্দিনী'ৰ আঁৰৰ তথা আচঁল মানুহ...

নৰেন্দ্ৰ মোডী