/asomiyapratidin/media/media_files/2025/01/22/UTpTOnF7nSekzDlFSuGq.png)
যৌতুক আৰু নীৰজ চোপ্ৰা Photograph: (যৌতুক আৰু নীৰজ চোপ্ৰা)
বিয়া খন সৰুকৈ আয়োজন কৰা হৈছিল। পৰিয়াল আৰু কিছু আপোন মানুহৰ উপস্থিতিত জীৱনৰ দ্বিতীয়টো ইনিংছৰ পাতনি মেলিলে অলিম্পিকত দুবাৰকৈ দেশলৈ পদক আজুৰি অনা নীৰজ চোপ্ৰাই। বিয়াখন সৰুকৈ পাতিলেও এই বিয়াখনৰ পৰা দেশ তথা বিশ্বলৈ এটা ডাঙৰ বাৰ্তা দিলে তেওঁ। ডিম্পুল বৰগোহাঁইৰ এক প্ৰতিবেদন...
অলিম্পিকত ভাৰতলৈ সোণ পদক আজুঁৰি অনাৰ পাছতে প্ৰতিগৰাকীৰ ভাৰতীয়ৰ হৃদয়ত তেওঁ এখন সুকীয়া আসন দখল কৰিছিল। সকলোৱে মৰমতে তেওঁক নাম দিছিল গোল্ডন বয়। শান্ত, সৈম্য স্বভাৱৰ গৰাকী নীৰজ চোপ্ৰাৰ ব্যক্তিত্বই সকলোকে আকৰ্ষিত কৰিছিল।
ধাৰাবাহিকভাৱে ভাৰতলৈ অলিম্পিকৰ পদক আঁজুৰি অনা নীৰজ চোপ্ৰা সাধাৰণতে প্ৰচাৰৰ পৰা এক ব্যৱধান বজাই ৰাখে। কিন্তু তেওঁ আঁতৰি থাকিলেও তেওঁৰ কাম-কাজে দখল কৰে সংবাদমাধ্যমৰ শিৰোনাম। শেহতীয়াকৈ তেওঁ পুনৰ চৰ্চালৈ আহিছে এটা বিশেষ কামৰ বাবে।
সাধাৰণতে তাৰকাসকলে তেওঁলোকৰ বিবাহ অনুষ্ঠান যথেষ্ট আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা দেখা যায়। কিন্তু গোল্ডেন বয় নীৰজ চোপ্ৰাৰ বিয়া শেহতীয়াকৈ অতি সাধাৰণভাৱে সম্পন্ন হৈ যায়। পৰিয়ালৰ লোকৰ উপস্থিতিত এই বিয়াখন সাধাৰণ হ'লেও নীৰজে বিবাহস্থলীৰ পৰা দিলে এটা ডাঙৰ বাৰ্তা।
সাধাৰণতে দেখা যায় দেশৰ কিছু ৰাজ্যত এতিয়াও কইনা ঘৰৰ পৰা দৰা ঘৰক যৌতুকত দিয়া হয় মোটা অংকৰ ধন। সেই একে পৰম্পৰা আছে নীৰজ চোপ্ৰাৰ সম্প্ৰদায়টো। কিন্তু এই পৰম্পৰা ভংগ কৰি নীৰজে কইনা ঘৰৰ পৰা যৌতুক ল'লে মাত্ৰ ১টকা। কইনাঘৰে অশেষ জোৰ কৰাৰ পাছতো নীৰজে যৌতুক ল'বলৈ অমান্তি প্ৰকাশ কৰে।
কইনাৰ পৰিয়ালে এই বিষয়ৰ সন্দৰ্ভত সংবাদমাধ্যমত জনাইছে যে, নীৰজ তথা পৰিয়ালে নিজেই যৌতুক লবলৈ অমান্তি প্ৰকাশ কৰিছে। তেওঁলোকে বিয়াৰ ক্ষেত্ৰত বৰ বিশেষ বণাৰ্ঢ্য আয়োজন কৰিব বিচৰা নাছিল। পৰিয়ালৰ লোকৰ উপস্থিতিত শান্তিপূৰ্ণভাৱে বিয়াখন হৈ যোৱাৰ আশা কৰিছিল নীৰজৰ পৰিয়ালে। আৰু সেইসময়তেই সুকলমে হৈ যায় সাধাৰণ যেন লগা এই অসাধাৰণ বিয়াখন।
নীৰজ চোপ্ৰাই নিজৰ বিয়াৰ জৰিয়তে সমাজলৈ প্ৰেৰণ কৰা এই বাৰ্তাই অনাগত দিনত যথেষ্ট প্ৰভাৱ পেলাব। সাধাৰণতে এগৰাকী আন্তৰাষ্ট্ৰীয় খেলুৱৈয়ে সামাজিক বিষয়সমূহত দেখুওৱা এনে দায়ৱদ্ধতাই সমাজখনলৈ যোগাত্মক বাৰ্তা প্ৰেৰণ কৰে।
আমাৰ ভাৰতবৰ্ষৰ উপৰিও যৌতুকৰ বাবে মৃত্যু হোৱা মহিলাৰ সংখ্য পাকিস্তান, ভাৰত আৰু ইৰান অতি বেছি। ভাৰতত ২০১০ চনত এনে ধৰণৰ ৮,৩৯১টা মৃত্যুৰ সৈতে সৰ্বাধিক মুঠ যৌতুকৰ বাবে মৃত্যু গোচৰ পঞ্জীয়ন কৰা হৈছিল। অৰ্থাৎ প্ৰতি ১,০০,০০০ গৰাকী মহিলাৰ ভিতৰত ১.৪ গৰাকীৰ মৃত্যু যৌতুকৰ বাবে সংঘটিত হৈছে।
এই পৰিসংখ্যা ১৯৯৯ চনৰ পৰা ২০১৬ চনলৈ এক স্থিৰ প্ৰৱণতাত প্ৰতিনিধিত্ব কৰি আহিছে। জনসংখ্যাৰ বাবে সামঞ্জস্য কৰা পাকিস্তানত প্ৰতি বছৰে ২,০০০ এনে মৃত্যুৰ প্ৰতিবেদনৰ সৈতে যৌতুকৰ বাবে মৃত্যুৰ হাৰ প্ৰতি ১,০০,০০০ গৰাকী মহিলাৰ ভিতৰত ২.৪৫ হাৰত সৰ্বাধিক।
ভাৰতীয় ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো অনুসৰি ভাৰতত এতিয়ালৈকে বিশ্বত সৰ্বাধিক সংখ্যক মহিলাৰ যৌতুক-সম্পৰ্কীয় মৃত্যু হৈছে। ২০১২ চনত সমগ্ৰ ভাৰতত ৮,২৩৩টা যৌতুকৰ বাবে মৃত্যুৰ ঘটনা সংঘটিত হৈছিল। ইয়াৰ অৰ্থ হৈছে প্ৰতি ৯০ মিনিটত এগৰাকী মহিলা যৌতুকৰ বাবে জ্বলাই দিয়া হয়।
ভাৰতীয় আৰক্ষীৰ ১৯৯৬ চনৰ এক প্ৰতিবেদন অনুসৰি প্ৰতি বছৰে ই কইনাক জ্বলাই হত্যা কৰা গোচৰ ২,৫০০০ৰো অধিক পঞ্জীভূক্ত কৰা হয়। ভাৰতীয় ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)ৰ প্ৰতিবেদন অনুসৰি ২০১১ চনত ভাৰতত ৮,৩৩১টা যৌতুকৰ বাবে মৃত্যুৰ গোচৰ ৰুজু হৈছিল। ২০০৮ চনত যৌতুকৰ মৃত্যুৰ ঘটনা (৮,১৭২) ১৯৯৮ চনৰ স্তৰৰ (৭,১৪৬),তুলনাত ১৪.৪ শতাংশ বৃদ্ধি পাইছে, আনহাতে ভাৰতৰ জনসংখ্যা ১০ বছৰৰ সময়ছোৱাত ১৭.৬% হাৰত বৃদ্ধি পাইছে।
আনহাতে পাকিস্তানত যৌতুকক কোৱা হয় যাহেজ। পাকিস্তানত যৌতুক দিয়া আৰু যৌতুকৰ আশা কৰা সংস্কৃতিৰ অংশ বুলি গণ্য কৰা হয়। পাকিস্তানৰ প্ৰতিটো অঞ্চলত ৯৫% তকৈও অধিক বিবাহৰ সৈতে কইনাৰ পৰিয়ালৰ পৰা দৰাৰ পৰিয়াললৈ যৌতুক স্থানান্তৰ কৰা হয়। পাকিস্তানত যৌতুক সম্পৰ্কীয় মৃত্যু প্ৰতি বছৰত ২,০০০ ৰো অধিক।
বাংলাদেশত যৌতুক মহিলাৰ মৃত্যুৰ এক গুৰুত্বপূৰ্ণ কাৰণ। শেহতীয়া বছৰবোৰত যৌতুক সম্পৰ্কীয় হিংসাৰ ফলত প্ৰতি ১,০০,০০০ মহিলাত প্ৰতি বছৰে ০.৬ ৰ পৰা ২.৮ গৰাকী কইনাৰ মৃত্যু হৈছে। ২০১৩ চনত বাংলাদেশে প্ৰতিবেদনত জনাইছিল যে ১০ মাহৰ ভিতৰত ৪,৪৭০ গৰাকী মহিলা যৌতুক সম্পৰ্কীয় হিংসাৰ বলি হৈছিল বা বাংলাদেশত প্ৰতি ১,০০,০০০ মহিলাত প্ৰতি বছৰে প্ৰায় ৭.২ কইনা যৌতুকৰ বাবে হিংসাৰ বলি হৈছিল।
যদিও কেইবা দশক ধৰি যৌতুকৰ বিৰুদ্ধে ভাৰতীয় আইন কাৰ্যকৰী হৈ আহিছে যদিও সেইবোৰৰ ৰূপায়ণ সঠিককৈ নোহোৱাৰ ফলত আৰু বহুতো ত্ৰুটি থকাৰ ফলত সততে সমালোচনাৰ সন্মুখীন হৈ আহিছে। যৌতুকৰ বাবে সৃষ্টি হোৱা এনে পৰিস্থিতিৰ মাজতে নীৰজ চোপ্ৰাই দেখুওৱা এই মহানতাই সমাজত এক গভীৰ প্ৰভাৱ পেলাব বুলি সচেতন মহলে আশা কৰিছে...