/asomiyapratidin/media/media_files/2025/01/19/LkzwrZjcJSm7tB4oHupy.png)
ট্ৰাম্পৰ সৈতে 'ডিনাৰ' কৰা প্ৰথমগৰাকী ভাৰতীয়! Photograph: (ট্ৰাম্পৰ সৈতে 'ডিনাৰ' )
নানান বাধাৰ মাজেৰে মাৰ্কিন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা ড'নাল্ড ট্ৰাম্পৰ শপত গ্ৰহণলৈ মাজত মাত্ৰ কেইটামান ঘন্টা। এই অনুষ্ঠানত উপস্থিত থাকিবৰ বাবে বহু উদ্যোগপতিয়ে মিলিয়ন ডলাৰ বৰঙণি দিয়াৰ পৰিৱৰ্তে ভাৰতৰ মুকেশ আম্বানীক ব্যক্তিগতভাৱে আমন্ত্ৰণ দি একেলগে নৈশ আহাৰো গ্ৰহণ কৰিলে ট্ৰাম্পে। আনহাতে নিমন্ত্ৰণ পায়ো অনুষ্ঠানলৈ নাযায় প্ৰধানমন্ত্ৰী মোডী। এক নিবিড় সম্পৰ্ক থকাৰ পাছতো কিয় এই সিদ্ধান্ত? ডিম্পুল বৰগোহাঁইৰ এক প্ৰতিবেদন...
অৱশেষত আহিল সেই মাহেন্দ্ৰ ক্ষণ! নানান বাধা নেওঁচি আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আসন দখল কৰা ড'নাল্ড ট্ৰাম্পে ২০জানুৱাৰীত শপত গ্ৰহণ কৰিব। ট্ৰাম্পৰ এই শপত গ্ৰহণ অনুষ্ঠানলৈ সমগ্ৰ বিশ্বৰ পৰা ইমূৰৰ পৰা সিমূৰলৈ বাচি বাচি ৯হাজাৰ অতিথিক নিমন্ত্ৰণ কৰা হৈছে।
ট্ৰাম্পৰ শপত গ্ৰহণৰ বাবে কেনেদৰে আয়োজন কৰা হৈছে...
আনহাতে পূৰ্বৰ সূচী সলনি কৰি ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানৰ স্থানো সলনি কৰা হৈছে। এই অনুষ্ঠানত উপস্থিত থাকিবৰ বাবে আমেৰিকাৰ জনতাৰ মাজত প্ৰায় ২.২০লাখ টিকট বিতৰণ কৰা হৈছিল। যদিও এতিয়া মাত্ৰ ৬০০গৰাকী সাধাৰণ নাগৰিকহে এই অনুষ্ঠানত উপস্থিত থাকিব পাৰিব বুলি হোৱাইট হাউচ কৰ্তৃপক্ষই সদৰি কৰিছে। অৱশ্যে প্ৰায় ২০হাজাৰ লোক খেলপথাৰত উপস্থিত থাকিব পাৰিব বুলি কোৱা হৈছে।
এই অনুষ্ঠানৰ বাবে বিশেষভাৱে সংগীতৰ দিহাও কৰা হৈছে। ট্ৰাম্পে শপত গ্ৰহণ কৰাৰ সময়ত বাজি থাকিব America the Beautiful" শীৰ্ষক গীতটো। Carrie Underwood এ কন্ঠ নিগৰোৱা এই গীতটো এই অনুষ্ঠানৰ বাবে বিশেষ ভাৱে সাজু কৰা হৈছে।এই অনুষ্ঠানৰ বাবে নিৰ্বাচিত ৰাষ্ট্ৰপতি ট্ৰাম্পে আমেৰিকাৰ পৰম্পৰা ভংগ কৰিছে।
পূৰ্বতে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিয়ে আমেৰিকাৰ কেপিটেল বিল্ডিঙৰ ছিৰিত উপস্থিত থকা আমেৰিকাৰ বিষয়া, অতীতৰ ৰাষ্ট্ৰপতি আৰু অন্যান্য আমেৰিকান ভিআইপিৰ সৈতে শপত গ্ৰহণ কৰে। চাৰিওফালৰ খেলপথাৰৰ পৰা জনসাধাৰণক চাবলৈ দিয়া হয়। কিন্তু এইবাৰ শপত গ্ৰহণ অনুষ্ঠান হব কিছু পৃথক। এই অনুষ্ঠানলৈ প্ৰায় এক ডজন বিশ্ব নেতাক আমন্ত্ৰণ জনোৱা হৈছে, যাৰ অধিকাংশই ৰক্ষণশীল আৰু সোঁপন্থী।
ট্ৰাম্পৰ বাবে মুকেশ আম্বানী কিয় বিশেষ...
ট্ৰাম্পৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰা বহুকেইগৰাকী হাইপ্ৰফাইল অতিথি ইতিমধ্যে আমেৰিকাত উপস্থিত হৈছে। এই অনুষ্ঠানলৈ ভাৰতৰ পৰা বিশেষভাৱে আমন্ত্ৰণ কৰা উদ্যোপতি মুকেশ আম্বানী আৰু পত্নী নীতা আম্বানী যোৱা শনিবাৰেই উপস্থিত হয় আমেৰিকাত।
আমেৰিকাত উপস্থিত হোৱাৰ পাছতে মুকেশ আম্বানীক ধুমধামেৰে স্বাগতম জনায় ডনাল্ড ট্ৰাম্পে। কেৱল স্বাগতম জনোৱাই নহয়, মুকেশ আম্বানী আৰু পত্নীৰ সৈতে নৈশ আহাৰো গ্ৰহণ কৰে ট্ৰাম্পে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, ট্ৰাম্পৰ সৈতে নৈশ আহাৰ অৰ্থাত ‘কেণ্ডেল লাইট ডিনাৰ’ কৰা প্ৰথমগৰাকী ভাৰতীয় হৈছে মুকেশ আম্বানী।
কেৱল ডনাল্ড ট্ৰাম্পকে নহয় দেওবাৰে আমেৰিকাৰ নৱ নিৰ্বাচিত উপ ৰাষ্ট্ৰপতিকো সাক্ষাত কৰে আম্বানী দম্পত্তিয়ে। উল্লেখ কৰা প্ৰয়োজন যে, আম্বানীৰ পৰিয়ালৰ সৈতে ট্ৰাম্পৰ সম্পৰ্ক ব্যক্তিগতভাৱেও অতিকৈ ভাল।
২০১৭চনত ট্ৰাম্পৰ জীয়াৰী ইবাঙ্কা যেতিয়া হায়দৰাবাদত এক অনুষ্ঠানলৈ ভাগ লবলৈ আহিছিল তেতিয়াও মুকেশ আম্বানীয়ে বিশেষভাৱে যতন হৈছিল। তাৰ পিছতে ২০২০ত মাৰ্কিন ৰাষ্ট্ৰপতি হিচাপে ভাৰতলৈ অহা ট্ৰাম্পে ভাৰতত বিশেষভাৱে সাক্ষাত কৰিছিল মুকেশ আম্বানীক।
২০২৪ৰ মাৰ্চ মাহত জামনগৰত অনুষ্ঠিত হোৱা মুকেশ আম্বানীৰ সৰু পুত্ৰৰ বিবাহ অনুষ্ঠানতো ট্ৰাম্পৰ জীয়াৰীয়ে সপৰিয়ালে ভাগ লৈছিল। বিবাহ অনুষ্ঠানত ভাৰতীয় সাজপাৰো পৰিধান কৰিছিল তেওঁলোকে।
এনেকৈয়ে আম্বানীৰ পৰিয়ালৰ সৈতে ট্ৰাম্পৰ ব্যক্তিগত এক সুসম্পৰ্ক আগৰে পৰাই আছে।
যি সময়ত ট্ৰাম্পৰ এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ দেশ-বিদেশৰ ডাঙৰ ডাঙৰ উদ্যোগপতিয়ে এক মিলিয়ন ডলাৰতকৈ অধিক ধন ব্যয় কৰিছে, তেনে সময়ত এটকাও নিদিয়াকৈ ব্যক্তিগতভাৱে আম্বানীক আমন্ত্ৰণ জনাইছে এই অনুষ্ঠানলৈ।
ট্ৰাম্পৰ শপত গ্ৰহণত কোন কোন ৰাষ্ট্ৰ নেতাক আমন্ত্ৰণ জনোৱা হৈছে...
ট্ৰাম্পৰ এই শপত গ্ৰহণ অনুষ্ঠানত কোন কোন উপস্থিত থাকিব তাক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। হোৱাইট হাউচৰ এক তথ্য অনুসৰি, এই অনুষ্ঠানলৈ প্ৰাক্তন ৰাষ্ট্ৰপতি জ বাইডেন আৰু পত্নী, কমলা হেৰিছ, বৰাক ওবামা, জৰ্জ বুশ্ব আৰু বিল কিল্টনক বিশেষভাৱে আমন্ত্ৰণ জনাইছে খোদ ডনাল্ড ট্ৰাম্পে।
ইয়াৰোপৰি এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে আৰ্জেটিনাৰ ৰাষ্ট্ৰপতি জানিভেৰ মিলেইক। চীনৰ ৰাষ্ট্ৰপতি চি জিংপিঙক আমন্ত্ৰণ জনোৱা হৈছে যদিও উপস্থিত নাথাকে চীনৰ ৰাষ্ট্ৰপতিগৰাকী। ইয়াৰ পৰিৱৰ্তে উপ ৰাষ্ট্ৰপতিয়ে অংশ ল'ব এই অনুষ্ঠানত।
ইটালীৰ প্ৰধানমন্ত্ৰী জিঅজিয়া মেলনী, হাংগেৰীৰ প্ৰধানমন্ত্ৰী ভিক্টৰ অৰবান, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, একোৱাডৰ ৰাষ্ট্ৰপতি ডেনিয়েল নবৱা, ই এল চালভাডৰ ৰাষ্ট্ৰপতি নায়াব বুকলে, ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেৰিৰ বলচনাৰৰ দৰে ৰাষ্ট্ৰ প্ৰধানক।
ট্ৰাম্পৰ শপত গ্ৰহণত কোন কোন ৰাষ্ট্ৰ নেতাক আমন্ত্ৰণ জনোৱা নাই...
আনহাতে লক্ষ্যণীয়ভাৱে এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা নাই বিশেষ কেইগৰাকীমান ৰাষ্ট্ৰ নেতাক। তেওঁলোকৰ ভিতৰত আছে বিট্ৰেইনৰ প্ৰধানমন্ত্ৰী, ইউৰোপিয়ান হাই কমিচনাৰ, জাৰ্মানীৰ ৰাষ্ট্ৰপতিৰ লগতে ফান্সৰ ৰাষ্ট্ৰপতি। এইসকল ৰাষ্ট্ৰ নেতাক পূৰ্বে ট্ৰাম্পে আমন্ত্ৰণ জনাইছিল যদিও এইবাৰ লক্ষ্যণীয়ভাৱে অতিথিৰ তালিকাত নাই তেওঁলোকৰ নাম।
নিমন্ত্ৰণ পায়ো কিয় নাযায় ভাৰতৰ প্ৰধানমন্ত্ৰী...
ডনাল্ড ট্ৰাম্প আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিবিড় সম্পৰ্কৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু ইমান ভাল সম্পৰ্কৰ পাছতো ট্ৰাম্পৰ নিমন্ত্ৰণ ৰক্ষা নকৰে মোডীয়ে। মোডীৰ পৰিৱৰ্তে এই অনুষ্ঠানত অংশ লব বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে।
মোডীৰ এই সিদ্ধান্তৰ পাছতে যথেষ্ট চৰ্চা হৈছে। এক সূত্ৰই সদৰি কৰিছে যে, দুই তালি বজাই ৰখাৰ স্বাৰ্থতে প্ৰধানমন্ত্ৰী মোডীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। দৰাচলতে আমেৰিকাৰ দুয়োটা ৰাজনৈতিক দলডেমক্ৰেটিক আৰু ৰিপাব্লিকান দলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব বিচাৰিছে ভাৰতে। ভাৰতে সুনিশ্চিত কৰিব বিচাৰিছে যে, আমেৰিকাৰ সৈতে ভাৰতৰ সম্পৰ্ক কেৱল ৰাজনৈতিক দলতে যাতে সীমাৱদ্ধ নাথাকে। কূটনৈতিক সন্তোলন বজাই ৰখাৰ স্বাৰ্থতে এই সিদ্ধান্ত মোডীয়ে গ্ৰহণ কৰিছে বুলি চৰ্চা হৈছে।
শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ কোন কোন উদ্যোগপতিয়ে দিছে শকত বৰঙণি...
এই অনুষ্ঠানত উপস্থিত থাকিবৰ বাবে এলন মাস্ক, জেফ বেজৌজ, টিম কুক আৰু মাৰ্ক জুকাৰবাৰ্গ, ছেম আল্টেমেন, সুন্দৰ পিছাই আদি উদ্যোগপতিয়ে তেওঁলোকৰ প্ৰতিষ্ঠানৰ পৰা প্ৰায় ১মিলিয়ন বৰঙণি প্ৰদান কৰিছে। অনুষ্ঠানটোত উপস্থিত থাকিবৰ বাবেই এই বৰঙণি প্ৰদান কৰিছে গুগুল, মেটা, মাইক্ৰফটৰ দৰে বিয়াগোম বিয়াগোম প্ৰতিষ্ঠানে।
ডনাল্ড ট্ৰাম্পৰ ৰাজ অভিষেকৰ বাবে এনেকৈয়ে সাজু কৰা হৈছে সকলোবোৰ। নিৰাপত্তাৰ দিশতো ৰখা হৈছে বিশেষ নজৰ। প্ৰস্তুতিত ভাগ লোৱা কৰ্মচাৰীৰ ওপৰতো তীক্ষ্ণ নজৰ ৰাখিছে সুৰক্ষাকৰ্মীয়ে।এই অভেদ্য দুৰ্গৰ মাজতে পুনৰ আমেৰিকাৰ ৰাজপাতত বহিব ডনাল্ড ট্ৰাম্প...