Advertisment

অদম্য, অপ্ৰতিৰোধ্যঃ ভাৰতীয় সেনা বাহিনীৰ কিমান শক্তি জানেনে আপুনি...

আজি ভাৰতীয় সেনা দিৱস। এই দিৱস দেশৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়া সকলো ছহিদ সেনা সকললৈ শ্ৰদ্ধা নিবেদন কৰিবলৈ উদযাপন কৰা হয়। আপুনি জানেনে প্ৰতিৰক্ষা তথা সামৰিক

author-image
Asomiya Pratidin
New Update
ভাৰতীয় সেনা

ভাৰতীয় সেনা Photograph: (ভাৰতীয় সেনা)

আজি ভাৰতীয় সেনা দিৱস। এই দিৱস দেশৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়া সকলো ছহিদ সেনা সকললৈ শ্ৰদ্ধা নিবেদন কৰিবলৈ উদযাপন কৰা হয়। আপুনি জানেনে প্ৰতিৰক্ষা তথা সামৰিক দিশত ভাৰত কিমান শক্তিশালী। চিৰবৈৰী পাকিস্তানক পৰাভূত কৰা শক্তি ভাৰতৰ আছেনে! সবিশেষ সামৰি এক প্ৰতিবেদন...

Advertisment

 

ভাৰতীয় সেনা দিৱসৰ ইতিহাস-

এই দিনটোতে ১৯৪৯ চনৰ ১৫ জানুৱাৰীত ফিল্ড মাৰ্শ্বেল কে এম কেৰয়াপ্পা ব্ৰিটিছ জেনেৰেল ছাৰ ফ্ৰান্সিছ বুচাৰৰ ঠাইত ভাৰতীয় সেনাৰ প্ৰথম ভাৰতীয় কমাণ্ডাৰ-ইন-চীফ হয় । এই দিনটো স্বাধীনতাৰ পিছত ভাৰতৰ সামৰিক স্বায়ত্তশাসনৰ দাবীৰ প্ৰতীক, যি ভাৰতীয় নেতৃত্বক আদেশ হস্তান্তৰ কৰে ।ভাৰতীয় সেনাৰ শিপা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেনাৰ সৈতে সম্পৰ্কিত, যি পিছলৈ ব্ৰিটিছ ভাৰতীয় সেনাৰ অংশ হৈ পৰে । স্বাধীনতাৰ পিছত, ই ভাৰতীয় সেনা হৈ পৰে আৰু দেশক সুৰক্ষা দিয়া আৰু মানৱীয় সংকটত সহায় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

ভাৰতীয় সেনা দিৱসৰ তাৎপৰ্য-

সামৰিক নেতৃত্বৰ ভাৰতীয়কৰণৰ বাবে এয়া এক ঐতিহাসিক মুহূৰ্ত । ই দেশৰ সাৰ্বভৌমত্ব ৰক্ষা কৰা সৈনিকসকলৰ সাহসিকতাক স্বীকাৰ কৰে । ভাৰতীয় সেনা হৈছে বৈচিত্ৰ্যৰ মাজত একতাৰ প্ৰতীক, কিয়নো দেশৰ সকলো অঞ্চলৰ পৰা কৰ্মী আহে । গেলেণ্ট্ৰি এৱাৰ্ড আৰু ইউনিট চাইটেচনৰ দৰে বঁটা প্ৰদান কৰা হয়। সেনা দিৱসৰ পেৰেডত উন্নত অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক প্ৰযুক্তিকে ধৰি ভাৰতৰ প্ৰতিৰক্ষা সামৰ্থ্য প্ৰদৰ্শন কৰা হয় । সেনা দিৱসৰ কুচকাৱাজত উন্নত অস্ত্ৰ আৰু সামৰিক প্ৰযুক্তিকে ধৰি ভাৰতৰ প্ৰতিৰক্ষা সামৰ্থ্য প্ৰদৰ্শন কৰা হয় ।

পুনেত উদযাপন ভাৰতীয় সেনা দিৱস-

মহাৰাষ্ট্ৰৰ পুনেত ২০২৫ চনৰ ৭৭ সংখ্যক ভাৰতীয় সেনা দিৱস উদযাপন কৰা দিল্লীৰ পৰম্পৰাগত স্থানৰ পৰা ১৫ জানুৱাৰীত প্ৰথমবাৰৰ বাবে পুনেত সেনা দিৱস আয়োজন কৰা হৈছে । সেনা দিৱস ২০২৩ আৰু ২০২৪ত ক্ৰমে বেংগালুৰু আৰু লক্ষ্ণৌত উদযাপন কৰাৰ বিপৰীতে দিল্লীৰ বাহিৰত তৃতীয়বাৰৰ বাবে পুনেত সেনা দিৱসৰ অনুষ্ঠিত হল।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ শুভেচ্ছাবাণী-

ভাৰতীয় সেনাক উদ্দেশ্যি দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “২০২৫ চনৰ সেনা দিৱস উপলক্ষে ভাৰতীয় সেনালৈ মোৰ উষ্ম অভিনন্দন জ্ঞাপন কৰিছোঁ । ৰাষ্ট্ৰীয় নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্ৰত ভাৰতীয় সেনাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । দেশৰ প্ৰগতি আৰু সমৃদ্ধিৰ বাবে দেশত শান্তিপূৰ্ণ পৰিৱেশ গঢ়ি তোলাত আমাৰ জোৱানসকলে অৰিহণা যোগায়। সাহসী সেনা জোৱানসকলে আমাৰ সীমান্ত ৰক্ষাৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে অসাধাৰণ সাহস আৰু উচ্চ মানদণ্ডৰ পেছাদাৰিত্ব প্ৰদৰ্শন কৰিছে । ভাৰতীয় সেনাই সন্ত্ৰাসবাদ বিৰোধী অভিযানত জড়িত হৈ আহিছে আৰু সন্ত্ৰাসবাদ নিয়ন্ত্ৰণত যথেষ্ট সহায় কৰিছে ।”

ভাৰতীয় সেনাক প্ৰধানমন্ত্ৰী মোদীৰ শুভকামনা-

“ভাৰতীয় সেনাৰ বীৰ জোৱান, প্ৰাক্তন সৈনিক, বীৰ মহিলা আৰু পৰিয়ালৰ সদস্যলৈ সেনা দিৱসৰ আন্তৰিক শুভেচ্ছা । দেশৰ প্ৰতি নিজৰ জোৱানসকলৰ অদম্য সাহস, ত্যাগ আৰু অতুলনীয় সমৰ্পণৰ বাবে দেশ গৌৰৱান্বিত। ভাৰতীয় সেনাৰ নিষ্ঠা আৰু পেছাগতভাৱে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ ক্ষমতাই সেৱাৰ উচ্চ মানদণ্ড নিৰ্ধাৰণ কৰিছে । দেশৰ দুৰ্গম সীমা, দুৰ্যোগৰ পৰিস্থিতি আৰু আভ্যন্তৰীণ অসুবিধাৰ সৈতে মোকাবিলা কৰাৰ আমাৰ সেনাৰ গৌৰৱময় ইতিহাস আছে। এক সংগঠিত, অনুশাসিত আৰু শক্তিশালী শক্তি হিচাপে, ভাৰতীয় সেনাই বিশ্বত এক অনন্য পৰিচয় প্ৰতিষ্ঠা কৰিছে ।” বাৰ্তাটোত লগতে কয় প্ৰধানমন্ত্ৰীয়ে । ভাৰত মাতৃৰ সেৱাৰ বাবে আমাৰ জোৱানসকলৰ সাহস, ত্যাগ আৰু বীৰত্বক দেশে কৃতজ্ঞতাৰে স্মৰণ কৰে । সেনা দিৱসৰ গুৰুত্বপূৰ্ণ উপলক্ষে সকলো দেশবাসীৰ হৈ বীৰ শ্বহীদ, সাহসী মহিলা আৰু প্ৰাক্তন সেনাকক প্ৰণাম জনাইছো ।” শ্বহীদবৰণ কৰা বীৰ সৈনিকক স্মৰণ কৰি এইদৰে কয় প্ৰধানমন্ত্ৰীয়ে ।

কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ শুভেচ্ছা বাৰ্তা-

‘‘সেনা দিৱসৰ শুভক্ষণত ভাৰতীয় সেনাবাহিনীৰ সকলো বীৰ জোৱান, বিষয়া, আৰু তেওঁলোকৰ পৰিয়াললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ । আমাৰ জাতিৰ নিৰাপত্তা আৰু অখণ্ডতাৰ প্ৰতি তেওঁলোকৰ অদম্য সাহস, সাহস, আৰু নিস্বাৰ্থ সেৱাক প্ৰণাম জনোৱাৰ সুযোগ এই দিনটোৱে প্ৰদান কৰে । ভাৰতীয় সেনাই কেৱল দেশৰ সীমা ৰক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰাই নহয়, দুৰ্যোগ ব্যৱস্থাপনা, শান্তি ৰক্ষা, মানৱীয় সাহায্যৰ ক্ষেত্ৰতো ব্যতিক্ৰমী অৱদান আগবঢ়ায়। ই প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱ আৰু বিশ্বাসৰ প্ৰতীক ।’’

মই আনন্দিত যে ভাৰতীয় সেনাই সকলোধৰণৰ পৰম্পৰাগত আৰু অগতানুগতিক ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ সদায় সাজু হোৱাই নহয়, দেশখনক উন্নত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । পৰিৱৰ্তন আৰু আধুনিক প্ৰযুক্তি গ্ৰহণ, আত্মনিৰ্ভৰশীলতাক প্ৰসাৰিত কৰা আৰু থলুৱা প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধিৰ ক্ষেত্ৰতো সেনাই দ্ৰুতগতিত আগবাঢ়িছে ।’’

সামৰিক ক্ষেত্ৰত ভাৰত পাকিস্তানতকৈ কিমান শক্তিশালীঃ-

ভাৰতৰ প্ৰতিৰক্ষা বাজেট ৫৫.৯ বিলিয়ন মাৰ্কিন ডলাৰ। ইয়াৰ বিপৰীতে পাকিস্তানৰ প্ৰতিৰক্ষা বাজেট ১০.৮ বিলিয়ন মাৰ্কিন ডলাৰ। সৈনিক আৰু অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰ ক্ষেত্ৰত আগবাঢ়ি আছে ভাৰত। ভাৰতৰ সৈনিকৰ সংখ্যা প্ৰায় ১৪ লাখ। কিন্তু পাকিস্তানৰ সৈনিকৰ সংখ্যা ৬.৪ লাখ। অৰ্থাৎ পাকিস্তানতকৈ ভাৰতৰ সৈনিকৰ সংখ্যা প্ৰায় দুগুনতকৈও অধিক। যুদ্ধৰ বাবে প্ৰয়োজনীয় টেংক। এখন যুদ্ধত এই টেংক সমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভাৰতৰ ৪২২৬ টা টেংক থকাৰ বিপৰীতে পাকিস্তানৰ আছে ২১৮২ টা যুদ্ধ টেংক। যুদ্ধ বাহনতো আগবাঢ়ি আছে ভাৰত। পাকিস্তানৰ যুদ্ধ বাহনৰ সংখ্যা ২৬০৪ খন। ভাৰতৰ এই সংখ্যা ৩১৫২ খন।

আৰ্টিলাৰি ভাৰতৰ আছে ১৯০ টা। এই দিশত আগবাঢ়ি আছে পাকিস্তান। পাকিস্তানৰ আছে ৩০৭ টা আৰ্টিলাৰী। টৌড আৰ্টিলাৰীৰ দিশত অৱশ্যে পিছ পৰি আছে পাকিস্তান। পাকিস্তানৰ টৌড আৰ্টিলাৰীৰ সংখ্যা ১২৪০। ভাৰতৰ এই সংখ্যা ৪১৫২ টা। ভাৰতৰ হাতত থকা মুঠ ৰকেট প্ৰজেক্টৰ সংখ্যা ২৬৬। পাকিস্তানৰ এই সংখ্যা ১৪৪। ভাৰতৰ এয়াৰক্ৰাফ্টৰ মুঠ সংখ্যা ২১৮৪। কিন্তু পাকিস্তানৰ হাতত মুঠ এয়াৰক্ৰাফট আছে ১২৮১ খন।

ট্ৰেন্সপ'ৰ্ট এয়াৰক্ৰাফ্টৰ সংখ্যা ভাৰতৰ হৈছে ৭০৮। তাৰ বিপৰীতে মাত্ৰ ২৯৬ খনহে আছে পাকিস্তানৰ হাতত। ফাইটাৰ জেটছ ভাৰতৰ আছে ৫৯০ খন। কিন্তু পাকিস্তানৰ হাতত আছে ৩২০ খন। ভাৰতৰ ফাইটাৰ এয়াৰক্ৰাফ্টৰ সংখা ৮০৪ খন কিন্তু পাকিস্তানৰ এই সংখ্যা ৪১০ খন।

ভাৰতৰ নৌ সেনাৰ যুদ্ধ জাহাজৰ সংখ্যা ২৯৫ খন। আনহাতে পাকিস্তানৰ নৌ সেনা যুদ্ধ জাহাজৰ সংখ্যা হৈছে ১৯৭ খন। ভাৰতৰ নৌ বাহিনীৰ ডেষ্ট্ৰয়াৰ্ছৰ সংখ্যা হৈছে ১১ খন। ইয়াৰ বিপৰীতে পাকিস্তানৰ এখনো নাই ডেষ্ট্ৰয়াৰ্ছ। ভাৰতৰ ছাবমেৰিণৰ সংখ্যা ১৬ খন। পাকিস্তানৰ ৭ খন। এয়াৰক্ৰাফ্ট কেৰিয়াৰ ৩ খন আছে ভাৰতৰ। পাকিস্তানৰ এখনো এয়াৰক্ৰাফ্ট কেৰিয়াৰ নাই। ফ্ৰিগেটছ ভাৰতৰ হাতত আছে ১৪ খন।

পাকিস্তানৰ হাতত আছে ১০ খন। পেট্ৰ'ল ক্ৰাফ্ট ভাৰতৰ সংখ্যা হৈছে ১৩৯ খন। কিন্তু মাত্ৰ ১১ খনহে পেট্ৰ'ল ক্ৰাফ্ট আছে পাকিস্তানৰ হাতত। ভাৰতৰ ওচৰত থকা মাইৱ ওৱাৰফেয়াৰ হৈছে ৪ খন। পাকিস্তানৰ হৈছে ৩ খন।

নিউক্লিয়াৰ ওৱাৰহেটছৰ ক্ষেত্ৰত ভাৰততকৈ আগবাঢ়ি আছে পাকিস্তান। পাকিস্তানৰ ওচৰত থকা নিউক্লিয়াৰ ওৱাৰহেটছৰ সংখ্যা হৈছে ১৩৯ খন। ভাৰতৰ হাতত আছে ১০৯ খন নিউক্লিয়াৰ ওৱাৰহেটছ। পৰমাণু বোমাৰ ক্ষেত্ৰত ভাৰতৰ হাতত আছে ১৩০ টা আৰু পাকিস্তানৰ হাতত আছে ১২০ টা। মিছাইলৰ ক্ষেত্ৰত বহুগুণেই আগবাঢ়ি আছে ভাৰত। ভাৰতৰ হাতত ২৬৬ টা মিছাইল থকাৰ বিপৰীতে পাকিস্তানৰ হাতত আছে মাত্ৰ ১৪৪ টা।

পাৰমানবিক অস্ত্ৰ শস্ত্ৰৰ ক্ষেত্ৰত অৱশ্যে আগবাঢ়ি আছে পাকিস্তান। ভাৰতৰ হাতত মুঠ যুদ্ধৰ হেলিকপ্টাৰ আছে ৭২৫ খন। পাকিস্তানৰ এই সংখ্যা ৩২৩ খন। অৱশ্যে পাকিস্তানৰ পিছত আছে চীন। যিকোনো প্ৰকাৰে ভাৰতৰ বিৰুদ্ধে যুদ্ধত সহায় কৰিব পাৰে চীনে। বিশ্বৰ বৃহৎ সামৰিক শক্তিৰ ভিতৰত চীন অন্যতম। চীনৰ সেনাৰ সংখ্যা ২৩ লাখ। যুদ্ধৰ টেংক আছে ৬৪৫৭টা। চীনৰ যুদ্ধ জাহাজৰ সংখ্যা ৭১৪খন। ২৭০ টা নিউক্লিয়াৰ অস্ত্ৰ আছে চীনৰ হাতত।

 

ভাৰত