চীনে লুকুৱাই ৰাখিছিল। কিন্তু শেহতীয়াকৈ পোহৰলৈ আহিল HMPV ভাইৰাছ চীনত কিদৰে বিয়পিছে। ইফালে ভাৰততো সোমবাৰৰ দিনটোতে ৩টিকৈ দেৱশিশু আক্ৰান্ত হ'ল HMPV ভাইৰাছত। এই ভাইৰাছবিধৰ লক্ষণ, কোৰোনাৰ সৈতে সাদৃশ্য আৰু সাৱধানতাৰ সন্দৰ্ভত ডিম্পুল বৰগোহাঁইৰ এক প্ৰতিবেদন...
চীনত এতিয়া হাহাকাৰ পৰিৱেশ। হস্পাতালত বিচনাৰ অভাৱ। চিকিৎসালয়ৰ বাৰাণ্ডাতে বহুজনে চিকিতসা কৰোৱাইছে। অস্থায়ীভাৱে নতুনকৈ নিৰ্মাণ কৰা হৈছে চিকিৎসালয়। আপোনজনৰ চিকিৎসা কৰিব নোৱাৰি বহুজনে চটফটাই ফুৰিছে। মুঠৰ ওপৰত কোৰোনাৰ সময়ত যি পৰিস্থিতিৰ সৃষ্টি হৈছিল, ঠিক একেই পৰিস্থিতি এতিয়া চীনত।
কোৰোনাই বিধ্বংসী ৰূপ ধাৰণ কৰা ৰঙা চীনত আকৌ আৱিৰ্ভাৱ হ'ল এক নতুন ভাইৰাছৰ। এই ভাইৰাছৰ কৱলত এতিয়া চীনৰ লক্ষ লক্ষ লোক। প্ৰথম অৱস্থাত চীনে এই কথা লুকুৱাই ৰাখিছিল। চীনৰ স্বাস্থ্য বিভাগে সদৰি কৰিছিল যে, বিভিন্ন মাধ্যমত ভাইৰেল হৈ থকা চীনৰ ফটো আৰু ভিডিঅসমূহ ভুৱা। তেনে কোনো উদ্বেগজনক পৰিস্থিতি সৃষ্টি হোৱা নাই বুলি দাবী কৰিছিল চীনে।
কিন্তু অৱশেষত পোহৰলৈ আহিল আঁচল তথ্য। চীনত এতিয়া কোৰোনাৰ দৰেই হাহাকাৰ পৰিস্থিতি। ৰঙা চীনত ত্ৰাসৰ সৃষ্টি কৰা এই নতুন ভাইৰাছ বিধৰ নাম হৈছে- হিউমেন মেটানিউমো ভাইৰাছ। চমুকৈ HMPV.
এই ভাইৰাছে এতিয়া চীনত আতংকৰ সৃষ্টি কৰিছে। বিশেষকৈ চীনৰ উত্তৰাঞ্চলত এই ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছে। উত্তৰ চীনৰ প্ৰায়বোৰ চিকিতসালয়ত এতিয়া হাহাকাৰ পৰিৱেশ। উল্লেখ কৰা প্ৰয়োজন যে, চীনৰ লগতে মালয়েছিয়াতো এই ভাইৰাছবিধে আতংকৰ সৃষ্টি কৰিছে।
ভিন্ন খবৰ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, মালয়েছিয়াত এতিয়ালৈকে প্ৰায় ৫শতাধিক লোক এই ভাইৰাছত আক্ৰান্ত হৈছে। কিন্তু লক্ষ্যণীয় কথাটো হৈছে মালয়েছিয়াত ২০২৩বৰ্ষৰ পৰাই এই ভাইৰাছবিধত সংক্ৰমিত হৈছিল বহু লোক। তথ্য অনুসৰি, ২০২৩ বৰ্ষত ২২৫গৰাকী লোকৰ আক্ৰান্ত হৈছিল এই ভাইৰাছত।
সেয়া যি কি নহলেও, মালয়েছিয়াত এতিয়া HMPVক লৈ পৰিস্থিতি নিয়ন্ত্ৰণত আছে যদিও চীনত বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত বুলি জানিব পৰা গৈছে। অৱশ্যে চীনে এতিয়াও এই পৰিস্থিতিৰ সন্দৰ্ভত কাকোৱেই পুংখানুপুংখভাৱে জানিবলৈ দিয়া নাই।
HMPV আঁচলতে কিঃ
হিউমেন মেটানিউমোভাইৰাছ (HMPV) হৈছে এটা শ্বাস-প্ৰশ্বাসত বাধা সৃষ্টি কৰিব পৰা ভাইৰাছ যিয়ে নিম্ন আৰু ওপৰৰ শ্বাস-প্ৰশ্বাসৰ সংক্ৰমণ (চৰ্দিৰ দৰে) সৃষ্টি কৰে। সাধাৰণতে শীতকাল আৰু বসন্তৰ আৰম্ভণিতে দেখা দিয়া ঋতুভিত্তিক ৰোগ, ৰেস্পিৰেটৰী চিনচাইটিয়াল ভাইৰাছ (RSV) আৰু ফ্লুৰ দৰেই হৈছে এই ভাইৰাছবিধ।
নতুন নেকি এই ভাইৰাছঃ
বহুতে ভাৱি থকাৰ দৰে এই ভাইৰাছবিধ নতুন নহয়। ২০০১ চনত ইয়াক প্ৰথম চিনাক্ত কৰা হৈছিল। ২০০১ চনত ইয়াক প্ৰথম আৱিষ্কাৰ কৰা হৈছিল বুলি আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচনে প্ৰকাশ কৰিছে। অৱশ্যে কিছুমান চেৰ’লজিকেল প্ৰমাণৰ পৰা অনুমান কৰিব পাৰি যে কমেও ১৯৫৮ চনৰ পৰাই এই ভাইৰাছ কম বেছি পৰিমাণে বিশ্ব ভিন্ন প্ৰান্তত সংক্ৰমিত হৈছিল।
এই ভাইৰাছত আক্ৰান্ত হলে কি কি হয়ঃ
এইচএমপিভিৰ উপসৰ্গবোৰ হ’ল, চৰ্দি, কাহ, নাক বোৱা, ডিঙিৰ বিষ আজি। এই ভাইৰাছৰ এতিয়ালৈ ভেকচিন নথকাত চিন্তিত হৈছে চিকিৎসকসকল। এই ৰোগ শিশুৰ মাজত সহজে সংক্ৰমিত হ’ব পাৰে, যাৰ ফলত জনস্বাস্থ্যৰ উদ্বেগ অধিক বৃদ্ধি পাইছে। শেহতীয়াকৈ চীনত বিশেষকৈ শিশু আৰু বৃদ্ধসকলৰ মাজত এই শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ ঘটনা অতি দ্ৰুতগতিত বৃদ্ধি পোৱা দেখা গৈছে। এই ভাইৰাছৰ লক্ষণ চৰ্দি আৰু ফ্লুৰ দৰেই – জ্বৰ, কাহ, নাকেৰে পানী ওলোৱা আৰু কেতিয়াবা উশাহ লোৱাত কষ্ট হোৱা। গুৰুতৰ ক্ষেত্ৰত ইয়াৰ ফলত নিউমোনিয়াৰ দৰে জটিলতা আহিব পাৰে।
কোৰানাৰ সৈতে কি কি ক্ষেত্ৰত সাদৃশ্য আছে এই ভাইৰাছৰঃ-
বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কোৰোনা মহামাৰীৰ সৈতে HMPVত আক্ৰান্ত হোৱা সকলৰ ক্ষেত্ৰত আছে যথেষ্ট সাদৃশ্য। এই দুয়োটা ভাইৰাছেই সকলো বয়সৰ লোকৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগ সৃষ্টি কৰে। সৰু ল’ৰা-ছোৱালী, বয়সস্থ প্ৰাপ্তবয়স্ক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকৰ বিপদ বেছি হোৱাৰ সম্ভাৱনা থাকে।
দুয়োটা ভাইৰাছৰ লক্ষণসমূহো একেধৰণৰ। এইচ এম পি ভিৰ সৈতে সাধাৰণতে জড়িত লক্ষণসমূহ হ’ল কাহ, জ্বৰ, নাক বন্ধ হোৱা, উশাহ লোৱাত কষ্ট। কোভিড-১৯ ভাইৰাছত আক্ৰান্ত লোকৰ ক্ষেত্ৰতো দেখা যায় এইবোৰ লক্ষণ।
কাহ আৰু হাঁচিৰ পৰা নিঃসৰণ আৰু ঘনিষ্ঠ ব্যক্তিগত সংস্পৰ্শৰ জৰিয়তে আক্ৰান্ত ব্যক্তিৰ পৰা আনলৈ দুয়োটা ভাইৰাছ বিয়পি পৰাৰ সম্ভাৱনা বেছি। ভাইৰাছ থকা বস্তু বা পৃষ্ঠভাগ স্পৰ্শ কৰি তাৰ পিছত মুখ, নাক বা চকু স্পৰ্শ কৰিলেও বিয়পে এইবিধ ভাইৰাছ।
চাইন্স ডাইৰেক্টৰ মতে ক’ভিড-১৯ উষ্ণতাৰ প্ৰতি সংবেদনশীল আৰু সেয়েহে ঋতুভিত্তিক যেন লাগে। একেদৰে এইচএমপিভিও বাৰ্ষিক ঋতুতহে সংক্ৰমিত হয়। এইদৰে এই দুয়োবিধ ভাইৰাছৰ ক্ষেত্ৰত দেখা যায় কেতবোৰ সাদৃশ্য।
কি কি সাৱধানতা অৱলম্বন কৰিব লাগেঃ
এইবিধ ভাইৰাছ প্ৰতিৰোধৰ বাবে বৰ্তমান কোনো ভেকচিন নাই। কিন্তু ৰোগীয়ে এই পদক্ষেপসমূহ অনুসৰণ কৰি এইচ এম পি ভি আৰু অন্যান্য শ্বাস-প্ৰশ্বাসজনিত ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায়ক হব-
১. চাবোন আৰু পানীৰে কমেও ২০ ছেকেণ্ডৰ বাবে সঘনাই হাত ধুব লাগে
২. হাত নোধোৱাকৈ চকু, নাক বা মুখ স্পৰ্শ কৰাৰ পৰা বিৰত থাকক।
৩. অসুস্থ লোকৰ লগত ঘনিষ্ঠ সংস্পৰ্শৰ পৰা বিৰত থাকক।
৪. চৰ্দিৰ দৰে লক্ষণ থকা ৰোগীয়ে কাহ আৰু হাঁচি কৰোতে মুখ আৰু নাক ঢাকিব লাগে।
৫. খাদ্যৰ বাচন-বৰ্তন আনৰ লগত ভাগ কৰি লোৱাৰ পৰা বিৰত থাকক।
ভাৰতত HMPVৰ সংক্ৰমণত ৩শিশু...
বৰ্তমানলৈকে ভাৰতত ৩গৰাকী আক্ৰান্ত হৈছে এইবিধ ভাইৰাছত। আক্ৰান্ত তিনিওগৰাকী হৈছে শিশু। এইচএমপিভিৰ প্ৰথমজন ৰোগী চিনাক্ত হৈছে কৰ্ণাটকত। কৰ্ণাটকৰ এটি ৮ মহীয়া শিশুৰ দেহত ধৰা পৰিছিল এইচএমপিভি ভাইৰাছ। শিশুটিৰ নাই কোনো ভ্ৰমণ বুৰঞ্জী।
ইয়াৰ পিছতে গুজৰাটৰ আহমেদাবাদৰ দুমহীয়া শিশুৰ দেহত ধৰা পৰে এইবিধ ভাইৰাছৰ উপস্থিতি। HMPVত আক্ৰান্ত তৃতীয় গৰাকীও হৈছে শিশু। বেংগালুৰুৰ ৩মহীয়া এটি কন্যা শিশুৰ দেহত ধৰা পৰিছে এই ভাইৰাছৰ উপস্থিতি। অৱশ্যে চিকিতসকে এই তিনিওগৰাকীৰ স্বাস্থ্য সুস্থিৰ বুলি সদৰি কৰিছে।
কিয় কয় ভাৰতীয় স্বাস্থ্য মন্ত্ৰালয়েঃ
এইচএমপিভি ভাইৰাছক সহজভাৱে লোৱা নাই ভাৰতে। সেয়ে এই লক্ষণসমূহৰ ওপৰত চোকা দৃষ্টি ৰাখিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। লগতে পৰিস্থিতি নিৰীক্ষণ কৰি থকা আৰু এই সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সৈতেও যোগাযোগত আছে স্বাস্থ্য মন্ত্ৰালয়।
স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ ডাঃ অতুল গোৱালে এইচএমপিভি সন্দৰ্ভত ৰাইজক সাধাৰণ সাৱধানতা অৱলম্বন কৰাৰ পৰামৰ্শ দিছে। সমান্তৰালকৈ আতংকিত হ'বলগীয়া একো নাই বুলিও উল্লেখ কৰে গোৱালে।তেওঁ লগতে কয়, "সাধাৰণ সাৱধানতা অৱলম্বন কৰক। ইফালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনস্থ নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’লে শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ আৰু ইনফ্লুৱেঞ্জা ৰোগীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।
মুঠৰ ওপৰত কোৰোনাৰ পিছত এতিয়া HMPV ভাইৰাছেও এক প্ৰকাৰৰ ত্ৰাসৰ সৃষ্টি কৰিছে। বৈজ্ঞানিকসকলে এই ভাইৰাছে বিশেষ চিন্তাজনক পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে বুলি আশ্বাস প্ৰদান কৰিছে যদিও জনতা যেন আশ্বস্ত হব পৰা নাই। কিয়নো কোৰোনাই ভয়ংকৰ ৰূপ লোৱাৰ আগতো বৈজ্ঞানিকসকলে এনে আগজাননী দিছিল যদিও পিছত পৰিস্থিতি হিতে বিপৰীত হৈছিল...