/asomiyapratidin/media/media_files/2025/02/12/0u75Jnd0IOZgee9EEqq0.jpg)
উচ্চতম ন্যায়ালয়
নিৰ্বাচন যেতিয়া আহে, তেতিয়াই চৰ্চালৈ আহে ই ভি এম টেম্পাৰিঙৰ বিষয়টো। বিৰোধীয়ে সকলো দোষ ঠেলি দিয়ে ই ভি এমৰ ওপৰতে। নিৰ্বাচন আয়োগে বাৰে বাৰে বিৰোধীৰ এই অভিযোগ খাৰিজ কৰি আহিলেও এইবাৰ নিৰ্বাচনী আয়োগক জবাবদিহি কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ পাছতে বিৰোধী শিবিৰ উৎফুল্লিত হৈ পৰিছে। সমগ্ৰ বিষয়টোক লৈ ডিম্পুল বৰগোহাঁইৰ এক প্ৰতিবেদন...
নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াক লৈ ইভিএমৰ বিৰ্তক নতুন নহয়। নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ পাছতে প্ৰায়ে বিৰোধীয়ে ইভিএমৰ গ্ৰহণযোগ্যতাক লৈ প্ৰশ্ন কৰি আহিছে। শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ নিৰ্বাচনতো ভোটৰ ক্ষেত্ৰত ব্যাপক খেলমেলিৰ অভিযোগ উত্থাপন কৰিছিল বিৰোধীয়ে। আনকি ভোটদানৰ হাৰতকৈ প্ৰায় ৫লক্ষাধিক ভোট গণনাত বেছিকৈ ওলাইছিল বুলি এক খবৰো প্ৰকাশ পাইছিল।
বিৰোধীৰ সেই অভিযোগ নিৰ্বাচনী আয়োগে প্ৰতিবাৰেই খাৰিজ কৰি আহিলেও এইবাৰ নিৰ্বাচনী আয়োগক জবাবদিহি কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। ইভিএমক লৈ চলি অহা সেই বিতৰ্কত ইন্ধন যোগালে উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশে।
ভোটদানৰ পিছত ইভিএমৰ পৰা কোনো তথ্য ডিলিট কৰিব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে। আদালতে পৰ্যবেক্ষণ কৰে যে নিৰ্বাচন আয়োগে ইভিএমৰ সৈতে জড়িত সকলো তথ্য সংৰক্ষণ কৰিব লাগিব আৰু ভোটদানৰ পিছতো ইয়াৰ ‘মেম’ৰি’ পৰীক্ষা কৰিব লাগিব।
এই গোচৰৰ আবেদনকাৰী এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ চমুকৈ এডিআৰে আদালতত যুক্তি দিয়ে যে ভোটদানৰ পিছতো ইভিএম সংৰক্ষণ আৰু পৰীক্ষণৰ ব্যৱস্থা আয়োগৰ এছঅ’পিত অন্তৰ্ভুক্ত কৰা উচিত। তেওঁলোকে দাবী কৰে যে ইভিএমৰ হাৰ্ডৱেৰ আৰু চফটৱেৰ বিশ্লেষণ কৰি বুজিব লাগে যে ইয়াক কোনো ধৰণে হেক কৰাটো সম্ভৱ নেকি।
যোৱা মঙলবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দিপাংকৰ দত্তৰ বিচাৰপীঠে। আদালতে কয়, "অনুগ্ৰহ কৰি ইভিএম ডাটা ডিলিট বা ৰিলোড নকৰিব। অন্ততঃ কোনোৱে পৰীক্ষা কৰা উচিত।"
উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণে আয়োগৰ ভূমিকা আৰু কঠোৰ কৰি তুলিছে, কিয়নো ভোটদান সম্পৰ্কীয় সকলো তথ্য আদালতৰ নিৰ্দেশ অনুসৰি সংৰক্ষণ কৰিব লাগিব। ইফালে, শেহতীয়া নিৰ্বাচনত পৰাস্ত হোৱা বিৰোধী দলসমূহে হাৰিয়ানা আৰু মহাৰাষ্ট্ৰকে ধৰি ইভিএমৰ খেলিমেলিৰ অভিযোগ বাৰে বাৰে উত্থাপন কৰি আহিছে।
অৱশ্যে নিৰ্বাচন আয়োগে প্ৰতিবাৰেই এই অভিযোগ খাৰিজ কৰিছে। বিগত সময়ত ইভিএম বিলুপ্তিৰ দাবীত একাধিক গোচৰ আৰু আন্দোলন চলি আহিছে যদিও উচ্চতম ন্যায়ালয়ে কেতিয়াও ইভিএম বিলুপ্তিৰ নিৰ্দেশ দিয়া নাই। এই নিৰ্দেশে বিৰোধীৰ অভিযোগক সামান্য হ’লেও ন্যায্যতা প্ৰদান কৰিছে।
ই ভি এম হেক কৰাক লৈ এলন মাস্ক আৰু ভাৰতৰ প্ৰাক্তন মন্ত্ৰীৰ যুক্তিযুদ্ধ-
কিছুদিনৰ পূৰ্বে টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে ইলেক্ট্ৰনিক ভোটিং মেচিন (ই ভি এম) হেক হোৱাৰ উচ্চ বিপদাশংকাৰ বাবে বৰ্জন কৰাৰ আহ্বান জনাইছিল ৷ এই বিবৃতিক প্ৰাক্তন কেন্দ্ৰীয় তথ্য প্ৰযুক্তি ৰাজ্যমন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে শক্তিশালীভাৱে প্ৰতিৰোধ কৰিছিল, যিয়ে দেওবাৰে মাস্কৰ বিবৃতিক "বৃহৎ ব্যাপক সাধাৰণীকৰণ" বুলি অভিহিত কৰিছিল যাৰ কোনো সত্যতা নাই ৷
প্ৰাক্তন মন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়াৰ উত্তৰত ইলন মাস্কে "যিকোনো বস্তু হেক কৰিব পাৰি" বুলি উত্তৰ দিয়ে ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও মাস্কৰ পোষ্টৰ ওপৰত নিজৰ মতামত আগবঢ়াইছিল, কিয়নো তেওঁ ভাৰতৰ ই ভি এমক “ব্লেক বক্স” বুলি অভিহিত কৰে, যাৰ কাকো তন্ন তন্নকৈ পৰীক্ষা কৰিবলৈ দিয়া হোৱা নাই ৷ লগতে তেওঁ ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াত স্বচ্ছতাৰ সন্দৰ্ভত “গুৰুতৰ উদ্বেগ” উত্থাপন কৰা হৈছে বুলি দৃঢ়তাৰে কয় ৷
ভোটদানৰ অনিয়মৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপন কৰা প’ৰ্ট’ ৰিকোৰ প্ৰাথমিক নিৰ্বাচনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মাস্কে এক্সত নিজৰ পোষ্টত লিখিছে যে, “আমি ইলেক্ট্ৰনিক ভোটিং মেচিনসমূহ নিৰ্মূল কৰা উচিত ৷ মানুহ বা এ আইয়ে হেক কৰাৰ আশংকা সৰুকৈ হ’লেও এতিয়াও অতি বেছি” ৷
টেক বিলিয়নাৰগৰাকীৰ এই পোষ্টৰ উত্তৰত চন্দ্ৰশেখৰে কয় যে, এইটো একেবাৰেই নহয়, আনকি টেছলাৰ চি ই অ’ক ভাৰতত কিছু শিক্ষা ল’বলৈ আহিবলৈ আমন্ত্ৰণ জনায় তেওঁ ৷
এইটো এটা বিশাল ব্যাপক সাধাৰণীকৰণ বিবৃতি যিয়ে বুজায় যে, কোনেও সুৰক্ষিত ডিজিটেল হাৰ্ডৱেৰ নিৰ্মাণ কৰিব নোৱাৰে, ভুল- উত্তৰ দিলে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷ চন্দ্ৰশেখৰৰ মতে, মাস্কৰ মতামত আমেৰিকা আৰু অন্যান্য ঠাইত প্ৰযোজ্য হ’ব পাৰে, য’ত তেওঁলোকে নিয়মীয়া কম্পিউটিং প্লেটফৰ্ম ব্যৱহাৰ কৰি “ইণ্টাৰনেট সংযুক্ত ভোটিং মেচিন” নিৰ্মাণ কৰে ৷
চন্দ্ৰশেখৰে মাস্কৰ এই বক্তব্য পুনৰ নাকচ কৰি কয় যে, ভাৰতীয় ই ভি এমসমূহ কাষ্টম ডিজাইন কৰা, সুৰক্ষিত আৰু যিকোনো নেটৱৰ্ক বা সংবাদ মাধ্যমৰ পৰা পৃথক ৷ “কোনো সংযোগ নাই, নাই ব্লুটুথ, ৱাই-ফাই, ইণ্টাৰনেট, কাৰখানাত প্ৰগ্ৰেম কৰা নিয়ন্ত্ৰক যিবোৰ পুনৰ প্ৰগ্ৰেম কৰিব নোৱাৰি” প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে জনায় ৷
চন্দ্ৰশেখৰৰ মন্তব্যৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি মাস্কে লিখে- "যিকোনো বস্তু হেক কৰিব পাৰি", যাৰ উত্তৰত প্ৰাক্তন মন্ত্ৰীজনে কয়: "কাৰিকৰীভাৱে আপুনি শুদ্ধ- যিকোনো সম্ভৱ যেনে কোৱাণ্টাম কম্পিউট, মই যিকোনো স্তৰৰ এনক্ৰিপশ্বন ডিক্ৰিপ্ট কৰিব পাৰো, পৰীক্ষাগাৰ স্তৰৰ প্ৰযুক্তিৰ সৈতে প্ৰচুৰ সম্পদৰ সৈতে, মই যিকোনো ডিজিটেল হাৰ্ডৱেৰ/চিষ্টেম ইনক্লেং ফ্লাইট নিয়ন্ত্ৰণ ককপিট আদিহে হেক কৰিব পাৰো ৷ কিন্তু ই ভি এমবোৰ কাগজৰ ভোটদানৰ তুলনাত সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য" প্ৰাক্তন ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে তেওঁৰ পোষ্টত প্ৰত্যুত্তৰ দিয়ে এইদৰে৷
উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি কংগ্ৰেছৰ-
ই ভি এমক লৈ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা এই ৰায়ক লৈ উতফুল্লিত হৈ পৰিছে কংগ্ৰেছ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে, কংগ্ৰেছে পূৰ্বৰে পৰাই যি অভিযোগ কৰি আহিছিল সেয়াই সচাঁ হবলৈ গৈ আছে। ই ভি এম মেচিনত খেলিমেলি থকাৰ বাবেই কংগ্ৰেছে বহু নিৰ্বাচনত শোচনীয় পৰাজয় হোৱা বুলিও কয় ৰাহুল গান্ধীয়ে। কংগ্ৰেছ নেতাগৰাকীয়ে লগতে উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক আদৰণি জনায়। আৰু অচিৰেই সত্য পোহৰলৈ আহিব বুলিও কয়।
উচ্চতম ন্যায়ালয়ৰ ৰায়ক লৈ বিজেপিয়ে কি কয়-
উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানক লৈ বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতাই কয় যে, ই ভি এমত যে কোনো খেলিমেলি নাই এইবাৰ প্ৰমাণ হব। কংগ্ৰেছৰ মুখ বন্ধ কৰিবলৈকে উচ্চতম ন্যায়ালয়ে এই ব্যৱস্থা গ্ৰহণ কৰা বুলি কয় বিজেপিৰ নেতৃত্বই। উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক আদৰণি জনায় বিজেপিৰ নেতৃত্বও।
ই ভি এমত খেলিমেলি আছে নে নাই, এই বিষয়টোক লৈ বিৰ্তকৰ যে কেতিয়াবা অৱসান পৰিব সেয়া পোনচাতেই কৈ দিব নোৱাৰি। ই ভি এমক গ্ৰহণযোগ্যতাক লৈ নিৰ্বাচনী আয়োগে বহুবাৰ ৰাজনৈতিক দলসমূহক স্পষ্টীকৰণ দিছে যদিও, নিৰ্বাচনত পৰাজিত হোৱাৰ পাছত ৰাজনৈতিক দলসমূহে ই ভি এমৰ ওপৰতে দোষ জাপে। এতিয়া উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানে কি তথ্য পোহৰলৈ আনে, সেয়া সময়েহে ক'ব...