দিল্লী নিৰ্বাচনত সফল হ'লনে অসমৰ মুখ্যমন্ত্ৰী...

মুখ্যমন্ত্ৰীৰ সামাজিক মাধ্যমৰ পৰা লাভ কৰা তথ্য অনুসৰি ড০ হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ মুঠ ৯সমষ্টিত জোৰদাৰ প্ৰচাৰ চলাইছিল। এই ৯টা সমষ্টিৰ ভিতৰত অধিকাংশ সমষ্টিতে বিজয় সাব্যস্ত কৰে বিজেপিয়ে।

author-image
Asomiya Pratidin
New Update
ফলাফল

ফলাফল Photograph: (ফলাফল)

দিল্লী নিৰ্বাচনত বিজেপিৰ শক্তিশালী প্ৰত্যাৱৰ্তনত অসমৰ  বিশেষ ভূমিকা আছে। অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত প্ৰায় ১৮জনীয়া এটা দলে দিল্লীৰ কেইবাটাও সমষ্টিত চলাইছিল প্ৰচাৰ। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ চলোৱা সমষ্টিবোৰৰ ভিতৰত কিমানটা সমষ্টিত সফল হ'ল বিজেপি? অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...

Advertisment

দিল্লীত বাজী মাৰিলে বিজেপিয়ে। ৭০খন আসনৰ ভিতৰত ৪৮খন আসন দখল কৰি বিজেপিয়ে ২৭বছৰৰ পাছত দিল্লী নিজৰ হাতলৈ আনে। ধৈৰ্য আৰু সময়ৰ শেল সময়ত প্ৰক্ষেপ কৰি দিল্লীত এই সফলতা লাভ কৰিলে বিজেপিয়ে। এই বিজয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উন্নয়ন আৰু বিকাশৰ জয় বুলি অভিহিত কৰে। 

দিল্লী নিৰ্বাচনৰ বাবে বিজেপিৰ আছিল নিঁখুত ৰণনীতি। বাচি বাচি দেশৰ কেইবাগৰাকীও চৰ্চিত বিজেপি নেতাক ষ্টাৰ কেম্পেইনাৰৰ দায়িত্ব অৰ্পন কৰিছিল বিজেপিয়ে। এই ষ্টাৰ কেম্পেইনাৰৰ তালিকাত অন্যতম এটা নাম আছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

২৯জানুৱাৰী, ২০২৫ৰ পৰা দিল্লীত প্ৰচাৰ আৰম্ভ কৰিছিল অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। দিল্লীৰ প্ৰচাৰ আৰম্ভ কৰিছিল এক ব্যতিক্ৰমী কাৰ্যসূচীৰে। দিল্লীৰ অসমীয়া ভোটাৰক আকৰ্ষণ কৰিবৰ বাবে হিমন্ত বিশ্ব শৰ্মাই আয়োজন কৰিছিল ভোগালীৰ জীপাল সন্ধিয়া নামেৰে এক ভোজমেলৰ।

তাৰ পিছতে দিল্লীত পূৰ্ণগতিত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছিল ড০ শৰ্মাই। এখনৰ পাছত আনখন প্ৰচাৰ সভাত আপ আৰু অৰবিন্দ কেজৰিৱালক তীক্ষ্ণ সমালোচনা কৰিছিল অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

কেৱল মুখ্যমন্ত্ৰীয়েই নহয়, অসমৰ প্ৰায়কেইগৰাকী মন্ত্ৰী আৰু নেতাই দিল্লীৰ প্ৰায়কেইটা সমষ্টিত প্ৰচাৰ চলাইছিল। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াও প্ৰচাৰ সভাত অংশ লৈছিল। মুঠ ১৭জনীয়া এটা অসম বিজেপিৰ এটা টীমে দিল্লীত প্ৰচাৰ চলাইছিল। মুঠৰ ওপৰত দিল্লী নিৰ্বাচনত অসমৰ ভূমিকা আছিল উল্লেখনীয়।

দিল্লীত বাজী মাৰিলে বিজেপিয়ে। ৭০খন আসনৰ ভিতৰত ৪৮খন আসন দখল কৰি বিজেপিয়ে ২৭বছৰৰ পাছত দিল্লী নিজৰ হাতলৈ আনে। ধৈৰ্য আৰু সময়ৰ শেল সময়ত প্ৰক্ষেপ কৰি দিল্লীত এই সফলতা লাভ কৰিলে বিজেপিয়ে। এই বিজয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উন্নয়ন আৰু বিকাশৰ জয় বুলি অভিহিত কৰে।

দিল্লী নিৰ্বাচনৰ বাবে বিজেপিৰ আছিল নিঁখুত ৰণনীতি। বাচি বাচি দেশৰ কেইবাগৰাকীও চৰ্চিত বিজেপি নেতাক ষ্টাৰ কেম্পেইনাৰৰ দায়িত্ব অৰ্পন কৰিছিল বিজেপিয়ে। এই ষ্টাৰ কেম্পেইনাৰৰ তালিকাত অন্যতম এটা নাম আছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

২৯জানুৱাৰী, ২০২৫ৰ পৰা দিল্লীত প্ৰচাৰ আৰম্ভ কৰিছিল অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। দিল্লীৰ প্ৰচাৰ আৰম্ভ কৰিছিল এক ব্যতিক্ৰমী কাৰ্যসূচীৰে। দিল্লীৰ অসমীয়া ভোটাৰক আকৰ্ষণ কৰিবৰ বাবে হিমন্ত বিশ্ব শৰ্মাই আয়োজন কৰিছিল ভোগালীৰ জীপাল সন্ধিয়া নামেৰে এক ভোজমেলৰ।

তাৰ পিছতে দিল্লীত পূৰ্ণগতিত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছিল ড০ শৰ্মাই। এখনৰ পাছত আনখন প্ৰচাৰ সভাত আপ আৰু অৰবিন্দ কেজৰিৱালক তীক্ষ্ণ সমালোচনা কৰিছিল অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

কেৱল মুখ্যমন্ত্ৰীয়েই নহয়, অসমৰ প্ৰায়কেইগৰাকী মন্ত্ৰী আৰু নেতাই দিল্লীৰ প্ৰায়কেইটা সমষ্টিত প্ৰচাৰ চলাইছিল। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াও প্ৰচাৰ সভাত অংশ লৈছিল। মুঠ ১৭জনীয়া এটা অসম বিজেপিৰ এটা টীমে দিল্লীত প্ৰচাৰ চলাইছিল। মুঠৰ ওপৰত দিল্লী নিৰ্বাচনত অসমৰ ভূমিকা আছিল উল্লেখনীয়।

মুখ্যমন্ত্ৰীৰ সামাজিক মাধ্যমৰ পৰা লাভ কৰা তথ্য অনুসৰি ড০ হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ মুঠ ৯সমষ্টিত জোৰদাৰ প্ৰচাৰ চলাইছিল। এই ৯টা সমষ্টিৰ ভিতৰত অধিকাংশ সমষ্টিতে বিজয় সাব্যস্ত কৰে বিজেপিয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলোৱা কৰোলবাগ সমষ্টিত অৱশ্যে আপৰ প্ৰাৰ্থীগৰাকীৰ বিজয় হয়। আপৰ বিনেশ ৰবি নাম প্ৰাৰ্থী গৰাকীৰ হাতত ৭৪৩০টা ভোটত পৰাজয় হয় বিজেপিৰ প্ৰাৰ্থী দুষ্মন্ত গৌতম। সমষ্টিটোত আপৰ প্ৰাৰ্থীগৰাকীয়ে ৫২,২৯৭টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে ৪৪,৮৬৭টা ভোট।

গোকলপুৰ সমষ্টিতো অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ চলাইছিল যদিও সমষ্টিটোত ৮,২০৭টা ভোটত পৰাস্ত হয় বিজেপিৰ প্ৰাৰ্থীগৰাকী। সমষ্টিটোত আপৰ প্ৰাৰ্থী সুৰেন্দৰ কুমাৰে ৮০,৫০৪টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে ৭২,২৯৭টা ভোট।

বাবৰপুৰ সমষ্টিতো হিমন্ত বিশ্ব শৰ্মাই জোৰদাৰ প্ৰচাৰ চলাইছিল যদিও বিজেপিক ৰক্ষা কৰিব নোৱাৰিলে তেওঁ। সমষ্টিটোত আপৰ প্ৰাৰ্থীগৰাকী ১৮,৯৯৪টা ভোটৰ ব্যৱধানত জয়ী হল। আপৰ জ্যেষ্ঠ নেতা গোপাল ৰায়ে সমষ্টিটোত ৭৬,১৯২টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী অনিল কুমাৰ বসন্তে লাভ কৰে ৫৭, ১৯৮টা ভোট।

দিল্লীৰ এটা অন্যতম সমষ্টি হৈছে চান্দনীপুৰ। সমষ্টিটোত প্ৰচাৰ চলাইছিল ড০ শৰ্মাই। উক্ত সমষ্টিটোতে মুখ থেকেচা খালে বিজেপিয়ে। আপৰ প্ৰাৰ্থী পুণৰদ্বীপ সিঙে ৩৮,৯৯৩টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী সতীশ জৈনে লাভ কৰে ২২,৪২১টা ভোট। সমষ্টিটোত আপৰ হাতত ১৬,৫৭২টা ভোটত পৰাস্ত হয় বিজেপি।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলোৱা মুঠ ৯টা সমষ্টিৰ ভিতৰত ৪টাত বিজেপিৰ পৰাজয় হলেও ৫টা সমষ্টিত বিপুল জয় সাব্যস্ত কৰিলে বিজেপিয়ে। আদৰ্শনগৰ সমষ্টিত ১১,৪৮২টা ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিলে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে। সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী ৰাজ কুমাৰ ভাটিয়াই ৫২,৫১০টা ভোট লাভ কৰাৰ বিপৰীতে আপৰ মুকেশ কুমাৰ গোৱেলে লাভ কৰে ৪১,০২৮টা ভোট।

শুকুৰবস্তিত সমষ্টিতো প্ৰচাৰ চলাইছিল হিমন্ত বিশ্ব শৰ্মাই। সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী কৰনাল সিঙে ৫৬,৮৬৯টা ভোট আৰু আপৰ সত্যেন্দ্ৰ জৈনে লাভ কৰিলে ৩৫,৮৭১টা ভোট। সমষ্টিটোত আপৰ হেভীৱেট প্ৰাৰ্থীগৰাকীগৰাকী ২০,৯৯৮টা ভোটত পৰাস্ত হয়।

কাৰৱাল নগৰত বিজেপিৰ প্ৰাৰ্থীগৰাকী ২৩,৩৫৫টা ভোটত জয়ী হয়। সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী কপিল মিশ্ৰাই ১,০৭,৩৬৭টা ভোট লাভ কৰাৰ বিপৰীতে আপৰ প্ৰাৰ্থী মনোজ কুমাৰ ত্যাগীয়ে লাভ কৰে ৮৪,০১২টা ভোট।

ঘোণ্ডা সমষ্টিতো প্ৰচাৰ চলাইছিল হিমন্ত বিশ্ব শৰ্মাই। সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থীগৰাকী ২৬হাজাৰৰো অধিক ভোটত জয়ী হৈছে। বিজেপিৰ প্ৰাৰ্থী অজয় মাহাৱাৰে লাভ কৰে ৭৯,৯৮৭টা ভোট আৰু আপৰ গৌৰৱ শৰ্মাই লাভ কৰে ৫৩,৯২৯টা ভোট।

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব দিয়া আন এটা সমষ্টি আছিল উত্তম নগৰ। সমষ্টিটোত ২৯,৭৪০টা ভোটত জয়ী হয় বিজেপিৰ প্ৰাৰ্থীগৰাকী। বিজেপিৰ পৱন শৰ্মাই ১,০৩,৬১৩টা ভোট লাভ কৰাৰ বিপৰীতে আপৰ পোছ বালৱানে লাভ কৰে ৭৩,৮৭৩টা ভোট।

এনেদৰেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলোৱা ৯সমষ্টিৰ ভিতৰত ৫সমষ্টিত বিপুল জয় সাব্যস্ত কৰিলে বিজেপিয়ে। এই সমষ্টিবোৰৰ প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে কেজৰিৱালৰ দু্ৰ্নীতি আৰু উন্নয়নৰ নামত কৰা ভেকোভাওঁনাৰ তথ্য উদঙাই দিছিল।

দিল্লীৰ ভিতৰুৱা পথক লৈ কটাক্ষ কৰিছিল অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। দিল্লীৰ ভিতৰুৱা পথতকৈ গুৱাহাটীৰ বাট-পথ বহু উন্নত বুলি কটাক্ষ কৰিছিল ড০ শৰ্মাই। কেজৰিৱালৰ আকোঁৰগোজ স্বভাৱ আৰু সকলোৰে সৈতে মিলি কাম কৰিব নোৱাৰা মনোভাৱ বাবে দিল্লীৰ উন্নয়ন বহুখিনি পিছ পৰি থকাৰ কথাইও মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰচাৰ সভাৰ বক্তব্যত স্থান পাইছিল।

সম্পূৰ্ণ পৰিকল্পিত ৰণনীতি আৰু বাচি বাচি কিছু এজেণ্ডা লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দিল্লীত চুকে-কোণে সৰু সৰু প্ৰচাৰ সভাত অংশ লৈছিল অসমৰ এই ১৮জনীয়া দলটোৱে। ধাৰাবাহিক এনে প্ৰচাৰ সভাৰ অন্তঃত আপৰ ফালে থকা কেইবাটাও সমষ্টিত জয়ৰ মুখ দেখিছিল বিজেপিয়ে।

বিজেপিৰ দিল্লী দখলৰ পাছত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে সন্তুষ্টি ব্যক্ত কৰিলে। কাৰ্যকতাসকলৰ অপাৰ আৰু অবিৰত পৰিশ্ৰমৰ বাবে এই ফলাফল সম্ভৱ হোৱা বুলি সকলোকে ধন্যবাদ জ্ঞাপন কৰিলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ২৭বছৰৰ পাছত দিল্লীত বিজেপিৰ শক্তিশালী প্ৰত্যাৱৰ্তনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিশ্ৰমো নস্যাত কৰিব নোৱাৰি...

ড০ হিমন্ত বিশ্ব শৰ্মা