Advertisment

বিদ্যুৎ, খোৱাপানী, শিক্ষক, ইন্টাৰনেট, কম্পিউটাৰ, অবিহনে চলিছে অসমৰ সহস্ৰাধিক স্কুল...

ৰাজ্যৰ ৰাজহুৱা শিক্ষাখণ্ড কিমান সংস্কাৰ হৈছে? কিমান উন্নতি হৈছে অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থা? এনে প্ৰশ্নবোৰৰ উত্তৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীয়ে ৰাজ্যৰ শিক্ষাখণ্ড ব্যাপক সংস্কাৰ হৈছে বুলি দাবী কৰি অহাৰ সময়তে শেহতীয়াকৈ পোহৰলৈ আহিছে অন্য এখন ছবি।

author-image
Asomiya Pratidin
New Update
অসমৰ শিক্ষাখণ্ড

অসমৰ শিক্ষাখণ্ড Photograph: (অসমৰ শিক্ষাখণ্ড)

অসমৰ শিক্ষা ব্যৱস্থাৰ আঁচল স্বৰূপ পোহৰলৈ আনিলে কেন্দ্ৰীয় চৰকাৰে। ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অসমৰ শিক্ষাখণ্ডক লৈ কৰি অহা দাবীৰ বিপৰীত এখন ছবি পোহৰলৈ আহিল কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ প্ৰতিবেদনত। এই সন্দৰ্ভত ডিম্পুল বৰগোহাঁইৰ এক প্ৰতিবেদন...

Advertisment

ৰাজ্যৰ ৰাজহুৱা শিক্ষাখণ্ড কিমান সংস্কাৰ হৈছে? কিমান উন্নতি হৈছে অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থা? এনে প্ৰশ্নবোৰৰ উত্তৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীয়ে ৰাজ্যৰ শিক্ষাখণ্ড ব্যাপক সংস্কাৰ হৈছে বুলি দাবী কৰি অহাৰ সময়তে শেহতীয়াকৈ পোহৰলৈ আহিছে অন্য এখন ছবি।

অতি শেহতীয়াকৈ দেশৰ শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা ইউ ডাইচ প্লাছ তথা ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেচন চিষ্টেম ফৰ এডুকেচন প্লাছ ২০২৩-২৪ৰ প্ৰতিবেদনত অসমৰ শিক্ষা ব্যৱস্থাৰ শোচনীয় ৰূপতো প্ৰতিফলিত হৈছে।

নতুন শিক্ষানীতি অনুসৰি দেশৰ শিক্ষা ব্যৱস্থাৰ লগতে অসমতো শিক্ষাৰ স্বৰূপ আমূল পৰিৱৰ্তন হব বুলি দাবী কৰি অহাৰ সময়তে প্ৰাথমিক বিদ্যালয় পৰ্যায়তে আধাতে স্কুল এৰা শিক্ষাৰ্থীৰ হাৰ ৬.২শতাংশ। সৰ্বভাৰতীয় পৰ্যায়ত এই হাৰ হৈছে ১.৯শতাংশ।

উদ্বেগজনক কথাটো হৈছে উত্তৰ-পূবৰ অইন ৰাজ্যতকৈ আধাতে স্কুল এৰা শিক্ষাৰ্থীৰ হাৰ অসমতে বেছি। আনফালে উচ্চ প্ৰাথমিক বিদ্যালয় পৰ্যায়ত আধাতে স্কুল এৰা শিক্ষাৰ্থীৰ হাৰ সৰ্বভাৰতীয় পৰ্যায়ত ৫.২শতাংশ হোৱাৰ বিপৰীতে এই হাৰ অসমত হৈছে ৮.২শতাংশ।

মাধ্যমিক পৰ্যায়ত অসমত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ হৈছে ২৫.০৭শতাংশ। সৰ্বভাৰতীয় পৰ্যায়ত এই হাৰ ২৫.০৭শতাংশ। ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ শিক্ষাখণ্ডৰ আন্তগাথঁনিক লৈ ফটাঢোল কোবালেও কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ত প্ৰকাশ পাইছে এনে উদ্বেগজনক তথ্য।

আনফালে প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি বিদ্যালয়ৰ আন্তঃগাথঁনিৰ ক্ষেত্ৰতো অসম অতিকৈ পিছ পৰা। প্ৰতিবেদন অনুসৰি, ৰাজ্যৰ ৫৬,৬৩০খন বিভিন্ন পৰ্যায়ৰ বিদ্যালয়ৰ ভিতৰত ৪৯,২৬২খন বিদ্যালয়ত বিদ্যুতৰ সংযোগ আছে। কিন্তু লক্ষ্যণীয় কথাটো হৈছে ইয়াৰ ভিতৰত ৪৮,৮৫০খন বিদ্যালয়তহে বিদ্যুত যোগান বৰ্তি আছে। এই তথ্যৰ পৰা জানিব পাৰি যে, বৰ্তমান সময়তো ৰাজ্যৰ ৭,৭৮০খন বিদ্যালয়ত নাই বিদ্যুত সেৱা।

অসমৰ ৫৬, ৬৩০খন বিদ্যালয়ৰ ভিতৰত খোৱাপানী ব্যৱস্থা থকা বিদ্যালয় আছে ৫৩,২৯৪খন। ৰাজ্যৰ ৩,৩৩৬খন বিদ্যালয়ত নাই খোৱাপানীৰ ব্যৱস্থা। আনহাতে ডিজিটেলৰ এই দিনত ৰাজ্যৰ ১৮,১৬৭খন বিদ্যালয়ত নাই কম্পিউটাৰৰ সুবিধা। ৰাজ্যৰ ৫৬,৬৩০খন বিদ্যালয়ৰ ভিতৰত ৩৮, ৪৬৩খন বিদ্যালয়হে আছে কম্পিউটাৰৰ সুবিধা। আনহাতে ইন্টাৰনেট সেৱাৰ উপলদ্ধতাৰ ক্ষেত্ৰত অসমৰ বিদ্যালয়ৰ অৱস্থা অতিকৈ শোচনীয়। অসমত বৰ্তমান ৪৫শতাংশ বিদ্যালয়তহে ইন্টাৰনেটৰ সুবিধা আছে। বৰ্তমান ৰাজ্যৰ ৩১,১৪০খন বিদ্যালয়ত নাই ইন্টাৰনেট সেৱা।

আনহাতে অসমত এতিয়াও ২,৬৩৩খন বিদ্যালয় চলি আছে এজনীয়া শিক্ষকেৰে। প্ৰতিবেদনত উল্লেখ কৰা তথ্য অনুসৰি, অসমৰ ৫৬,৬৩০খন বিদ্যালয়ত আছে ৬৯,২২,৫৩৩গৰাকী ছাত্ৰ-ছাত্ৰী। ইয়াৰ বিপৰীতে শিক্ষকৰ সংখ্যা হৈছে ৩,৪২,১৯৯গৰাকী।

আনহাতে শেহতীয়াকৈ গাঁৱে-ভূঞে ক্ৰীড়াৰ ক্ষেত্ৰত চৰকাৰে অধিক মনোনিৱেশ কৰিছে বুলি দাবী কৰি অহাৰ সময়তে খোদ কেন্দ্ৰীয় চৰকাৰৰ তথ্যত প্ৰকাশ পাইছে যে, ৰাজ্যৰ ১০, ৪৪৪খন বিদ্যালয়তেই নাই খেলপথাৰ। ইফালে প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ অনুসূচিত জনজাতিৰ মাত্ৰ ৭.২শতাংশ ছাত্ৰ-ছাত্ৰীয়েহে নামভৰ্তি কৰে।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ এই প্ৰতিবেদনত উল্লেখিত তথ্য অনুসৰি, ৰাজ্যৰ ৭,৭০৯খন বিদ্যালয় ছাত্ৰৰ শৌচাগাৰ আৰু ৬,৫৫৮খন বিদ্যালয়ত নাই ছাত্ৰীৰ শৌচাগাৰৰ ব্যৱস্থা। এনেদৰেই চলি আছে এতিয়া ৰাজ্যৰ শিক্ষা খণ্ড।

নতুন শিক্ষানীতিৰ প্ৰৱৰ্তন আৰু বিভিন্ন আঁচনি ৰূপায়ন কৰি ৰাজ্যৰ শিক্ষাৰ্থী সমাজৰ ব্যাপক কল্যাণ সাধন কৰা বুলি ৰাজ্য চৰকাৰে দাবী কৰিলেও কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনতে প্ৰকাশ পাইছে এনে উদ্বেগজনক তথ্য। ইয়াৰ পিছতো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে কেনেকৈ আৰু কোনখন মুখেৰে দাবী কৰে অসমৰ শিক্ষা ব্যৱস্থাৰ ব্যাপক উন্নতি হৈছে বুলি...

 

অসম