Advertisment

বেমাৰ এতিয়া বতাহত! উশাহ ল'বলৈও ভয় এতিয়া অসমত...

অসমৰ বতাহত এতিয়া বেমাৰ উৰি ফুৰিছে। অসমত এতিয়া ব্যাপক বায়ু প্ৰদূষণ। আমি কুঁৱলী বুলি ভাবি থকাখিনি দৰাচলতে ধূলি-ধোঁৱা আৰু কুঁৱলীৰ মিশ্রিত সমষ্টিহে বুলি সদৰি কৰিছে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে।

author-image
Asomiya Pratidin
New Update
উশাহ ল'লেও হ'ব অৱস্থা কাহিল!

উশাহ ল'লেও হ'ব অৱস্থা কাহিল!

অসমৰ বতাহত এতিয়া বেমাৰ উৰি ফুৰিছে। অসমত এতিয়া ব্যাপক বায়ু প্ৰদূষণ। আমি কুঁৱলী বুলি ভাবি থকাখিনি দৰাচলতে ধূলি-ধোঁৱা আৰু কুঁৱলীৰ মিশ্রিত সমষ্টিহে বুলি সদৰি কৰিছে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে। এনে পৰিস্থিতিত শ্বাস-প্ৰশ্বাসজনিত ৰোগ ব্যাপকভাৱে বৃদ্ধি পাইছে। লগতে এক সমীক্ষাত পোহৰলৈ আহিছে , বায়ু প্ৰদূষণে শাৰিৰিক স্বাস্থ্যৰ উপৰিও মানসিক স্বাস্থ্যতো প্ৰভাৱ পেলায়। হতাশা, উদ্বেগ, মনোৰোগ, আনকি ডিমেনচিয়াও হ’ব পাৰে বুলি বহু আগশাৰীৰ সমীক্ষাত পোহৰলৈ আহিছে। এই সকলোবোৰ দিশ সামৰি ডিম্পুল বৰগোহাঁইৰ এক প্ৰতিবেদন...

Advertisment

উশাহ ল'বলৈও ভয় লগা এক পৰিস্থিতি। উশাহ লবলৈও ১০বাৰ ভাৱিব লগা এক পৰিস্থিতি।  শ্বাহৰুদ্ধ এক পৰিৱেশ। ভয়াৱহ বায়ু প্ৰদূষণৰ কৱলত পৰিছে গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাখনো মূখ্য চহৰ। ধূলি আৰু ধোঁৱাৰ সমষ্টি শীতৰ এই কুৱলীৰ সৈতে মিলি ধূসৰিত হৈ পৰিছে ৰাজ্যৰ ভিন্ন চহৰ।

পৰিস্থিতি গৈ এনে পৰ্যায় পাইছেগৈ যে,  দিল্লীৰ প্ৰদূষণৰ মাত্ৰাকো চেৰাইছে গুৱাহাটীয়ে । কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ তথ্য অনুসৰি, যোৱা ২০ জানুৱাৰীৰ পৰা ৰাজ্যৰ গুৱাহাটী, নলবাৰী আৰু নগাঁৱৰ বায়ুৰ গুণমান নিম্নগামী হৈ 'বেয়া' শ্ৰেণীত অন্তর্ভুক্ত হৈছে ।

কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ পৰিষদ আৰু অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰপৰা লাভ কৰা তথ্য অনুসৰি, ।যোৱা  শুকুৰবাৰে গুৱাহাটীত বায়ুৰ গুণমান সূচকাংক (AQI) বৃহস্পতিবাৰতকৈও অৱনমিত হৈ ৩৪২ হৈছেগৈ । ইয়াৰ বিপৰীতে দিল্লীৰ এ কিউ আই ২৩৯ ।

আনহাতে, দেশৰ ভিতৰতে প্ৰদূষিত অঞ্চল বুলি কুখ্যাতি অর্জা বর্ণিহাটতকৈও (২৫৪) শুকুৰবাৰে গুৱাহাটীৰ বায়ুৰ গুণমান নিম্নগামী হৈছে।  শেহকীয়াকৈ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে দিয়া এক তথ্য অনুসৰি, প্ৰাক মৌচুমী কাল আৰম্ভ নোহোৱালৈ অৰ্থাত অহা মাৰ্চ মাহ পৰ্যন্ত  এই প্ৰদূষিত বায়ুকেই সেৱন কৰিব লাগিব ৰাজ্যবাসীয়ে।

ৰাজ্যত শেহতীয়াকৈ পাহাৰ-নদী খনন, ইটাভাটা আৰু অবৈধ নিৰ্মাণৰ পৰিনামৰ ফল ভুগিছে ৰাজ্যবাসীয়ে। প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে মাত্ৰ কেইখনমান চহৰৰ এ কিউ আইৰ মানহে পৰীক্ষা কৰিছে। গৰিষ্ঠ সংখ্যক চহৰ এতিয়াও পৰীক্ষা আওঁতালৈ অহাই নাই। যিকেইখন চহৰ এই পৰীক্ষাৰ আওঁতালৈ আহিছে তাৰ ফলাফলেই ৰাজ্যৰ বাকী চহৰকেইখনত বায়ুৰ মান কেনে হব পাৰে, তাৰ ইংগিত প্ৰদান কৰিছে।

উল্লেখ্য যে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে এ কিউ আই ০-৫০ৰ ভিতৰত থাকিলে ভাল, ৫১-১০০ৰ ভিতৰত থাকিলে সন্তোষজনক, ১০১-২০২ ভিতৰত থাকিলে মধ্যমীয়া আৰু ২০১-৩০০ৰ ভিতৰত থাকিলে বেয়া, ৩০১-৪০০ৰ ভিতৰত থাকিলে অতি বেয়া হিচাপে সংজ্ঞায়িত কৰিছে ।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ৱেবছাইটত প্ৰকাশিত তথ্য অনুসৰি, যোৱা ২০ জানুৱাৰীত গুৱাহাটীত আই কিউ আই ২৪০ (বেয়া), নলবাৰীত ২১২ ‌(বেয়া), নগাঁৱত ২১২ (বেয়া) আছিল । ঠিক সেইদৰে ২১ জানুৱাৰীত গুৱাহাটীত আই কিউ আই ২৭৭ (বেয়া), নলবাৰীত ২০৭ (বেয়া), নগাঁৱত ২০৪ (বেয়া) আছিল ।

২২ জানুৱাৰীত গুৱাহাটীত আই কিউ আই ২৯০ (বেয়া), নলবাৰীত ২৩১ (বেয়া), নগাঁৱত ২৮০ (বেয়া) আছিল । ২৩ জানুৱাৰীত গুৱাহাটীত আই কিউ আই ২৯৬ (বেয়া), নলবাৰীত ২২৭ (বেয়া), নগাঁৱত ২৬৯ (বেয়া) আছিল । ২৪ জানুৱাৰীত অৰ্থাৎ শুকুৰবাৰে গুৱাহাটীত আই কিউ আই ৩৪২ (অতি বেয়া), নলবাৰীত ২১৭ (বেয়া), নগাঁৱত ২৭৫ (বেয়া) ।

এতিয়া এনেদৰেই ৰাজ্যৰ বায়ুমণ্ডলত বিহ মিহলি হৈছে। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, গুৱাহাটী পৌৰ নিগম আৰু বিভিন্ন চহৰৰ পৌৰ সভা, লোকনিৰ্মাণ বিভাগ,বন বিভাগ, জিলা প্ৰশাসনৰ অকৰ্মণ্যতা আৰু সোপাঢিলা নীতিৰ বাবেই বিভিন্ন চহৰৰ বায়ুমণ্ডলৰ সূচাংক এনে শোচনীয় হৈ পৰিছে।

আনহাতে গুৱাহাটীৰ বায়ু প্ৰদূষণৰ সন্দৰ্ভত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে সদৰি কৰি অনুসৰি, যোৱা বছৰৰ তুলনাত গুৱাহাটীৰ বায়ুৰ গুণমান এইবাৰ অধিক নিম্নগামী হোৱা নাই । গুৱাহাটীত ছালফাৰ-ডাই অক্সাইড আদিৰ দৰে ক্ষতিকাৰক গেছৰ মাত্ৰা নিৰ্দিষ্ট মাত্ৰাৰ ভিতৰতে আছে । গুৱাহাটী বা অন্য প্রদূষিত চহৰত আমি কুঁৱলী বুলি ভাবি থকাখিনি দৰাচলতে ধূলি-ধোঁৱা আৰু কুঁৱলীৰ মিশ্রিত সমষ্টি বুলি সদৰি কৰিছে পৰিষদে। 

জনতাক সজাগ কৰি লগতে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ফালৰ পৰা কোৱা হৈছে যে, বেয়া এ কিউ আইৰ বায়ুত বেছি সময় থকাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক । তেনে বায়ু নাকেৰে গৈ হাওঁফাওঁত সোমালে মানৱ দেহৰ ক্ষতি হয় । অযথা তেনে পৰিৱেশলৈ ওলাই নহা, আহিবলগীয়া হ'লে মাস্ক পৰিধান কৰিহে ওলাই আহিবলৈ পৰামৰ্শ দিছে পৰিষদে। 

কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ তথ্য অনুসৰি, ২০১-৩০০ এ কিউ আইৰ বায়ুত দীর্ঘ সময় ধৰি থাকিলে বেছিভাগ লোকৰেই উশাহ-নিশাহত সমস্যাৰ সৃষ্টি হয় । ১০১-২০০ৰ ভিতৰত এ কিউ আই হ'লেই এজমা থকা, হৃদৰোগ আৰু হাওঁফাওঁৰ ৰোগত আক্রান্ত লোকে উশাহ-নিশাহৰ সমস্যাত ভোগে ।

বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ বাবেও প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে।  আঞ্চলিক বতৰ‌ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, অসমত যোৱা নৱেম্বৰত -৫৮ শতাংশ ঘাটি বৰষুণ হৈছিল । আকৌ অসমত যোৱা ডিচেম্বৰত -৮৩ শতাংশ যথেষ্ট ঘাটি বৰষুণ হৈছিল । যাৰ বাবে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পায়ে আছে। 

আনহাতে বায়ু মণ্ডলৰ এই ভয়ংকৰ পৰিস্থিতিৰ মাজতে গুৱাহাটীৰ কেইবাগৰাকীও বিশিষ্ট চিকিৎসকে সদৰি কৰিছে যে, বিগত দিনকেইটা গুৱাহাটীত হৃদৰোগী, হাঁওফাওঁৰ ৰোগীৰ জটিলতা অধিক বৃদ্ধি পাইছে। শিশুৰ মাজত সাংঘাটিকভাৱে কাহ বৃদ্ধি পোৱাৰ কথাও সদৰি কৰিছে চিকিৎসকে। আনহাতে আন এগৰাকী বিশিষ্ট চিকিৎসক  ডাঃ হিতেশ বৰুৱাই জনাই যে, শ্বাস-পশ্বাসজনিত ৰোগ শেহতীয়াকৈ অতিপাত বৃদ্ধি পাইছে গুৱাহাটীত। 

পূৰ্বৰ তুলনাৰ হৃদৰোগী, এজমাৰ ৰোগী, ষ্ট্ৰক হোৱা লোকৰ সংখ্যা, হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা, অনবৰতে কাহি থকা, ব্ৰংকাইটিছ আদি ৰোগীৰ সংখ্যা ভালেখিনি বাঢ়িছে। ভয়াৱহ বায়ু প্ৰদূষণ এই ৰোগসমূহৰ বৃদ্ধিৰ অন্যতম কাৰন বুলি চিকিৎসকসকলে মতপোষণ কৰিছে।  এনে পৰিস্তিতিত ৰাইজক সজাগ-সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে চিকিৎসকসকলে।

শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে প্ৰদূষিত বায়ুত উশাহ-নিশাহ লোৱা প্ৰক্ৰিয়াইও আমাৰ মানসিক স্বাস্থ্যৰ ওপৰত বাৰুকৈয়ে প্ৰভাৱিত কৰিব পাৰে ৷ কাৰণ বাহিৰৰ আৰু ঘৰৰ ভিতৰৰ দুয়োটা বায়ু প্ৰদূষণ হতাশা, উদ্বেগ আনকি স্কিজ’ফ্ৰেনিয়াৰ দৰে গুৰুতৰ মানসিক স্বাস্থ্যজনিত সমস্যাৰ সৈতেও জড়িত ৷ বায়ু প্ৰদূষণে কেৱল আমাৰ শাৰীৰিক স্বাস্থ্যই নহয় মানসিক স্বাস্থ্যৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে ৷

আমেৰিকান চাইকিয়াট্ৰিক এছ’চিয়েশ্যনৰ মতে বায়ু প্ৰদূষণেও মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলোৱাৰ যথেষ্ট প্ৰমাণ পোৱা গৈছে ৷  ২০২৩ চনত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ মনোৰোগ বিভাগে কৰা আন এক অধ্যয়নত প্ৰমাণ পোৱা গৈছে যে বায়ু প্ৰদূষণৰ সংস্পৰ্শলৈ আহিলে স্নায়ুজনিত বিকাৰ যেনে হতাশা, উদ্বেগ, মনোৰোগ, আনকি ডিমেনচিয়াও হ’ব পাৰে...

অসম বায়ু প্ৰদূষণ