কাজাখাস্তানত আজাৰবাইজান এয়াৰলাইন্স বিমানৰ ভয়ংকৰ দুৰ্ঘটনা আঁচলতে দুৰ্ঘটনা আছিল নে? কাৰোবাৰ পৰিকল্পিত আক্ৰমণ আছিল নেকি এয়া? শেহতীয়াকৈ উত্থাপিত হৈছে এই প্ৰশ্নৰ। এই সমগ্ৰ ঘটনাৰ প্ৰেক্ষাপটৰ লগতে ২০২৪ত সংঘটিত হোৱা বিমান দুৰ্ঘটনাসমূূহক লৈ ডিম্পুল বৰগোহাঁইৰ এক বিশেষ প্ৰতিবেদন...
কাজাখাস্তানত আজাৰবাইজান এয়াৰলাইন্সৰ ভয়ংকৰ দুৰ্ঘটনাই এতিয়া বিশ্বজুৰি শোকৰ ছাঁ পেলাইছে। বিমানখনত থকা মুঠ ৬৭গৰাকী যাত্ৰীৰ ভিতৰত ৩৮গৰাকীৰ মৃত্যু হয় এই দুৰ্ঘটনাত। শেহতীয়াকৈ প্ৰশাসনে সদৰি কৰা অনুসৰি, এই বিমানখনত ৩৭গৰাকী অজৰবেজান আৰু ১৬গৰাকী যাত্ৰীয়া আছিল ৰাছিয়াৰ নাগৰিক। চৰাইক খুন্দা মৰাৰ পাছতে বিমানখনৰ অক্সিজেন ট্ৰেংক বিকল হোৱাৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হবলৈ পালে বুলি প্ৰশাসন তথা বিমান কৰ্তৃপক্ষই সদৰি কৰিছে।
কিন্তু এই বিমান দুৰ্ঘটনাক লৈ শেহতীয়াকৈ সৃষ্টি হৈছে ৰহস্যৰ। একাংশই এই বিমান দুৰ্ঘটনাক দুৰ্ঘটনা বুলি মানি লোৱাত দ্বিমত প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে, ৰাছিয়াৰ বিৰুদ্ধে শত্ৰু পক্ষই এই আক্ৰমণ কৰিছে। কিয়নো বিমানখনৰ বাহিৰভাগত আক্ৰমণ ৰ কিছু চিহ্ন প্ৰত্যক্ষ কৰিছে বহুলোকে। যাৰ ফলত এই প্ৰশ্নৰ উদয় হৈছে।
শেহতীয়াকৈ এই বিষয়টোক লৈ কেইবাগৰাকীও নিৰাপত্তা বিশেষজ্ঞই মত প্ৰকাশ কৰিছে। তেওঁলোকেও এই ঘটনাত তৃতীয় পক্ষ জড়িত থকা বিষয়টোক নস্যাত কৰা কৰা নাই। বিমানখনৰ বহিঃভাগত থকা আক্ৰমণৰ চিন দেখি তেওঁলোকেও সন্দেহ প্ৰকাশ কৰিছে যে, এয়া কোনো শত্ৰু পক্ষৰে আক্ৰমণ।
ইফালে বিমানখন দুৰ্ঘটনাতপতিত হোৱাৰ ঠিক আগমূৰ্হুতত ৰাছিয়া সেনাই বিমানখনৰ পাইলটলৈ এক জৰুৰী সংকেত প্ৰেৰণ কৰিছিল। সেই সময়ত ৰাছিয়ান সেনাই আকাশত ইউক্ৰেইনৰ এখন ড্ৰোণ প্ৰত্যক্ষ কৰিছিল, এই জৰুৰী বাৰ্তা ৰাছিয়ান সেনাই প্ৰেৰণ কৰিছিল বিমানখনৰ পাইলটলৈ।
এই সংকেত দিয়াৰ ঠিক কিছু মূৰ্হুতৰ পাছতেই ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল বিমানখন। এতিয়া ৰাছিয়ান সেনাই এই সন্দেহো কৰিছে যে, ইউক্ৰেইনৰ ড্ৰোণৰ আক্ৰমণতেই হয়তো বিকল হৈছিল বিমানখনৰ অক্সিজেন ট্ৰেংক। অৱশ্যে এতিয়ালৈকে এই তথ্য আনুষ্ঠানিকভাৱে সদৰি কৰা নাই ৰাছিয়া তথা ৰাছিয়ান সেনাই।
ইফালে, দেশখনৰ স্থানীয় সংবাদমাধ্যমে প্ৰকাশ কৰা খবৰ অনুসৰি, আজাৰবাইজান এয়াৰলাইন্সৰ বিমানখনক দুৰ্ঘটনা আখ্যা দিয়া নাই কাজাকিস্তানৰ উপ প্ৰধানমন্ত্ৰীগৰাকীয়েও। তেওঁৰ মতে, সময়তকৈ পূৰ্বে কোনো কথা ৰাজহুৱা কৰাতো অযুক্তিকৰ। স্থানীয় সংবাদ মাধ্যমে এই খবৰো প্ৰকাশ কৰিছে যে, দুৰ্ঘটনাৰ আগমূৰ্হুতত বিমানখনে নিজ গতিপথ সলনি কৰিছিল। J2-8243 নম্বৰৰ এই বিমানখনে পূৰ্বতে কোনো আগজাননী প্ৰেৰণ কৰা নাছিল বুলিও খবৰ প্ৰকাশ হৈছে।
এই দুৰ্ঘটনাত ৩২গৰাকী যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰিল। বৰ্তমান সকলোকে স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে। বিমানখনত থকা ৫গৰাকী পাইলটৰো মৃত্যু হৈছে এই দুৰ্ঘটনাত। দেশখনৰ চৰকাৰে এই দুৰ্ঘটনাৰ পিছতে ৰাষ্ট্ৰীয় শোক দিৱসৰ ঘোষণা কৰিছে। ২৬ডিচেম্বৰ, ২০২৪ৰ দিনটো কাজাকিস্তানত পালন কৰা হব ৰাষ্ট্ৰীয় শোক দিৱস হিচাপে।
আনফালে শেহতীয়াকৈ ভাইৰেল হৈছে বিমান দুৰ্ঘটনাৰ আগমূৰ্হুতৰ বিমানৰ ভিতৰভাগৰ কিছু দৃশ্যৰ ভিডিঅ। বিমান যাত্ৰীসকলে দুৰ্ঘটনাৰ পূৰ্বে পৰিয়ালৰ লোকলৈ প্ৰেৰণ কৰিছিল এই ভিডিঅসমূহ। এই ভিডিঅসমূহত দেখা গৈছে যে, দুৰ্ঘটনাৰ আগমূৰ্হুতত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল বিমানৰ ভিতৰভাগত।
ভিডিঅত দেখা গৈছে, যাত্ৰীসকলৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। বহু যাত্ৰীয়ে ভগৱানৰ নাম লৈছিল। বহু যাত্ৰীৰ পেৰাচ্যুট জুইয়ে পুৰি পেলাইছিল। একাংশ যাত্ৰীয়ে বিমানখনৰ খিৰিকী খুলিবলৈ যত্ম কৰিছিল। অসু্স্থ হৈ পৰিছিল বহু যাত্ৰী। বিমানখনৰ ভিতৰত থকা সামগ্ৰী চেদেলি-ভেদেলি হৈ পৰিছিল চাৰিওদিশে।
মুঠৰ ওপৰত বছৰটোৰ শেষৰভাগত সংঘটিত হোৱা এই বিমান দুৰ্ঘটনাই দেশজুৰি শোকৰ ছাঁ পেলাইছে। ২০২৪বৰ্ষটোত বিশ্বত ৭টা বিমান দুুৰ্ঘটনা সংঘটিত হল। ইয়াৰ পূৰ্বে ২৫নৱেম্বৰ, ২০২৪ত লিথিওনিয়াত সংঘটিত হৈছিল বিমান দুৰ্ঘটনা। এই বিমান দুৰ্ঘটনাত ১গৰাকী লোকৰ মৃত্যু হৈছিল।
৯আগষ্ট, ২০২৪তো এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছিল ব্ৰাজিলত। এই দুৰ্ঘটনাত বিমানখনত থকা আটাইকেইগৰাকী অৰ্থাত ৬২গৰাকী যাত্ৰীৰে মৃত্যু হৈছিল। ১২জুলাই, ২০২৪ত ৰাছিয়াত সংঘটিত হোৱা আন এক বিমান দুৰ্ঘটনাত ৩গৰাকীকৈ লোকৰ মৃত্যু হৈছিল।
৯মে, ২০২৪ত ছেনেগালত সংঘটিত হৈছিল এক বিমান দুৰ্ঘটনা। অৱশ্যে এই দুৰ্ঘটনাত কোনো লোক মৃত্যু হোৱা নাছিল। ৫মে, ২০২৪ত কংগোত সংঘটিত হোৱা বিমান দুৰ্ঘটনাতো কোনো লোকৰ মৃত্যু হোৱা নাছিল। ৩১মাৰ্চ, ২০২৪ত দক্ষিণ চুডানত সংঘটিত হৈছিল এক ভয়ংকৰ বিমান দুৰ্ঘটনা। ২০২৩ আৰম্ভণিতে অৰ্থাত ২জানুৱাৰীত জাপানৰ টকিঅত সংঘটিত হোৱা বিমান দুৰ্ঘটনাত ৫গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল।
এনেকৈয়ে বছৰটোত বহুকেইটা সৰু-বৰ বিমান দুৰ্ঘটনা সংঘটিত হ'ল। অৱশ্যে ভাল লগা কথাটো হৈছে যে, ২০২৩ত বৰ্ষত বিশ্বত ৩০টাকৈ সৰু-বৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছিল। বিগত বৰ্ষৰ তুলনাত এই বৰ্ষত হ্ৰাস পালে বিমান দুৰ্ঘটনা।