Advertisment

দেশত কমিছে! অসমত বাঢ়িছে গাহৰি মাংস প্ৰেমীৰ সংখ্যা...

অসম তথা উত্তৰ-পূবত বিশেষভাৱে সমাদৰ লাভ কৰা মাংসৰ ভিতৰত গাহৰি মাংস অন্যতম। উত্তৰ পূবক বাদ দি অসমতে প্ৰতি বছৰে ১১,০৭,৪৩,২০০ কেজি গাহৰিৰ মাংসৰ প্ৰয়োজন হয়।

author-image
Asomiya Pratidin
New Update
গাহৰি

গাহৰি Photograph: (গাহৰি)

দেশত কমিছে, কিন্তু অসমত বাঢ়িছে গাহৰি মাংস খোৱা লোকৰ সংখ্যা। উত্তৰ-পূবৰ ৩খন ৰাজ্যক বাদ দি বাকী ৰাজ্যকেইখনতো কমিছে গাহৰি খোৱা লোক। গাহৰি মাংস উৎপাদন আৰু কিছু তথ্য সামৰি ডিম্পুল বৰগোহাঁইৰ এক প্ৰতিবেদন...

Advertisment

অসম তথা উত্তৰ-পূবত বিশেষভাৱে সমাদৰ লাভ কৰা মাংসৰ ভিতৰত গাহৰি মাংস অন্যতম। উত্তৰ পূবক বাদ দি অসমতে প্ৰতি বছৰে ১১,০৭,৪৩,২০০ কেজি গাহৰিৰ মাংসৰ প্ৰয়োজন হয়। অসমৰ গাঁৱে-ভূঞেঁ প্ৰায় সংখ্যক লোকে ঘৰতেই গাহৰি পোঁহাৰ উপৰিও বিজ্ঞানসন্মতভাৱে যথেষ্ট ফাৰ্ম আছে যদিও অসমত মাত্ৰ ২০শতাংশ গাহৰিৰ মাংসহে উৎপাদন হয়। অসমত প্ৰয়োজন হোৱা বাকী ৮০ শতাংশ বহিৰাগত গাহৰি পালকৰ ওপৰত অসম নিৰ্ভৰশীল।

অসম তথা উত্তৰ-পূবক বাদ দিও সমগ্ৰ দেশৰ প্ৰেক্ষাপটত চালেও গৰু, ছাগলীৰ, ভেড়া ইত্যাদি জন্তুৰ তুলনাত গাহৰিৰ উৎপাদন খুবেই কম। ২০১৯ৰ এক প্ৰতিবেদন অনুসৰি, জন্তুৰ ফাৰ্মৰ হিচাপত সৰ্বাধিক পোহনীয়া জন্তু হৈছে গৰু। প্ৰায় ৩৫.৯৪শতাংশ লোকে গৰু পালন কৰাৰ বিপৰীতে মহ পালন কৰে ২০.৪৫শতাংশ লোকে।

ঠিক তেনেদৰে ভাৰতত ভেড়া পালন কৰে ১৩.৮৭শতাংশ লোকে, ছাগলী পোহা মানুহৰ সংখ্যা হৈছে ২৭.৮০শতাংশ। এইবোৰৰ তুলনাত দেশত গাহৰি পালন কৰা মানুহৰ সংখ্যা হৈছে মাত্ৰ ১.৬৯শতাংশ। 
ভাৰতত গাহৰি উতপাদনৰ ক্ষেত্ৰত মুখ্য ভূমিকা থকা দেশ কেইখন হৈছে- অসম, ঝাৰখণ্ড, মেঘালয়, পশ্চিম বংগ, চত্তীশগড়, উত্তৰ প্ৰদেশ, নাগালেণ্ড, বিহাৰ, কৰ্ণাটক আৰু মিজোৰাম। ২০২২ৰ এক তথ্য অনুসৰি, সমগ্ৰ বিশ্বত গাহৰিৰ মাংস খোৱা লোকৰ সংখ্যা হৈছে ৭৮৪,২০ মিলিয়ন।  ইয়াৰে ভাৰতত গাহৰি মাংস খোৱা লোকৰ সংখ্যা হৈছে ৯.০৬মিলিয়ন।

উল্লেখনীয় কথাটো হৈছে যে, ২০১২চনৰ তুলনাত ২০১৯চনলৈ ভাৰতত গাহৰি মাংস খোৱা লোকৰ সংখ্যা প্ৰায় ১২শতাংশ হ্ৰাস পাইছিল। ২০১৩বৰ্ষত ভাৰতত গাহৰি মাংসৰ প্ৰয়োজন হৈছিল ৩৫৪.১হাজাৰ মেট্ৰিক টন। কিন্তু ইয়াৰ পৰিৱৰ্তে ২০২৩বৰ্ষত ভাৰতত ২৯২.৫হাজাৰ মেট্ৰিক টন গাহৰি মাংস ভক্ষণ কৰিছিল ভাৰতত। 

জনসংখ্যাৰ দিশৰ পৰা চাবলৈ গলে ভাৰতৰ সৰ্বাধিক গাহৰি মাংস খোৱা ৰাজ্যখন হৈছে অসম। অসমৰ প্ৰায় ২.১০মিলিয়ন লোকে ভক্ষণ কৰে গাহৰিৰ মাংস। উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰ ভিতৰতো সৰ্বাধিক গাহৰি মাংস খোৱা ৰাজ্যখনো হৈছে অসম। অসমৰ প্ৰায় ৪৯.৪৭শতাংশ লোকে খাই গাহৰিৰ মাংস।

ইয়াৰ বিপৰীতে অৰুণাচল প্ৰদেশৰ ৬.৮৯শতাংশ লোকে ভক্ষণ কৰে গাহৰিৰ মাংস। ত্ৰিপুৰাত ০.৬৪শতাংশ, ছিক্কিমত ৪.৮৬শতাংশ, মেঘালয়ত ১৬.৬৫শতাংশ, মণিপুৰত ৫.৫৫শতাংশ, মিজোৰামত ৬.৮৯শতাংশ, নাগালেণ্ডত ৯.৫৪শতাংশ লোকে খায় গাহৰিৰ মাংস। কেন্দ্ৰীয় পশুপালন মন্ত্ৰালয়ে শেহতীয়াকৈ সদৰি কৰিছে এই তথ্য।

লক্ষ্যণীয় কথাটো হৈছে যে, সমগ্ৰ দেশত হ্ৰাস পালেও অসমত ২০১২চনৰ তুলনাত ২০১৯চনত ২৮.৩শতাংশ বৃদ্ধি পালে গাহৰি মাংস খোৱা লোকৰ সংখ্যা। অৰুণাচল প্ৰদেশত ২০১২ৰ তুলনাত ২০১৯ত ২৩.৮২শতাংশ হ্ৰাস পালে গাহৰি মাংস খোৱা লোকৰ সংখ্যা।

মণিপুৰ, নাগালেণ্ড,ছিক্কিম, ত্ৰিপুৰাৰ দৰে ৰাজ্যত পূৰ্বতকৈ বহুগুণে কমিল গাহৰি মাংস খোৱা লোকৰ সংখ্যা। লক্ষ্যণীয়ভাৱে অসমতকৈ অধিক গাহৰি উতপাদন কৰা ত্ৰিপুৰাত ২০১২ৰ তুলনাত ২০১৯ত ৪৩.১৭শতাংশ লোকে খাবলৈ এৰিলে গাহৰিৰ মাংস। কিন্তু এই সময়চোৱাত মেঘালয়ৰ লগতে মিজোৰাম আৰু অসমত বাঢ়িল গাহৰি মাংস প্ৰেমী লোকৰ সংখ্যা।

দেশৰ প্ৰেক্ষাপটত গাহৰি মাংস খোৱা লোকৰ সংখ্যা ১২.০৩শতাংশ হ্ৰাস পালেও উত্তৰ-পূবত বাঢ়িল ৭.২৯ শতাংশ গাহৰিৰ মাংস খোৱা লোকৰ সংখ্যা।  বৰ্তমান উত্তৰ পূবৰ ৪৬.৮৫শতাংশ লোকে ভক্ষণ কৰে গাহৰিৰ মাংস।

২০১২-১৩বৰ্ষত দেশত গাহৰিৰ উৎপাদন হৈছিল ৪৫৩.০৫লাখ মেট্ৰিক টন। ইয়াৰে ৮৫.০২লাখ মেট্ৰিক টন গাহৰি উতপাদন হৈছিল উত্তৰ পূবত। ২০১৩-১৪বৰ্ষত উত্তৰ পূবত গাহৰি মাংসৰ উতপাদনে ১১৩.৩১লাখ মেট্ৰিক টনৰ ঘৰ স্পৰ্শ কৰিছিল।

অধিক সম্ভাৱনা থকা গাহৰিৰ মাংসৰ এই বজাৰখনৰ মূল্য ২০২৩বৰ্ষত আছিল ২.৯বিলিয়ন ডলাৰ। ২০৩০বৰ্ষত এই বজাৰখনে ৩.১বিলিয়নৰ ঘৰ স্পৰ্শ কৰিব বুলি ধাৰণ কৰা হৈছে। ইমান সম্ভাৱনাৰ পিছতো এতিয়াও এই উদ্যোগটোক লৈ এতিয়া সচেতনাৰ যথেষ্ট অভাৱ। চৰকাৰীভাৱেও গাহৰি ফাৰ্মৰ বাবে যথেষ্ট আঁচনি লোৱা হৈছে যদিও এইসমূহৰো উচিত প্ৰয়োগ হোৱা নাই।

উত্তৰ পূবৰ তথা দেশৰ ভিতৰতে সৰ্বাধিক গাহৰি মাংস ভক্ষণ কৰা অসমত প্ৰয়োজন হোৱা মুঠ গাহৰি মাংসৰ মাত্ৰ ২০শতাংশ উতপাদন কৰা বিষয়টো সচাঁকৈয়ে উদ্বেগজনক। অসমলৈ প্ৰতিদিনেই পশ্চিম বংগ আৰু ত্ৰিপুৰাৰ দৰে ৰাজ্যৰ পৰা অনা হয় লাখ লাখ গাহৰি। অইন ৰাজ্যৰ গাহৰি মাংস খায়ে এতিয়া অসমে লাভ কৰিছে ‘সৰ্বাধিক গাহৰি প্ৰেমী’ৰে ভৰি থকা ৰাজ্যৰ স্বীকৃতি। 

অসম