Advertisment

দেশবাসীয়ে এই ৫টা কাৰণত মনমোহন সিঙক সদায়েই দিব ধন্যবাদ...

কঠোৰ পৰিশ্ৰম, কামৰ ক্ষেত্ৰত বৌদ্ধিক দৃষ্টিভংগী আৰু নম্ৰ ব্যৱহাৰৰ বাবে সকলোৰে মন জয় কৰি যোৱা মানুহজন নোহোৱা হ'ল। মনমোহন সিঙক যেতিয়াই তেওঁৰ সফলতাৰ বিষয়ে প্ৰশ্ন কৰা হয় তেতিয়াই তেওঁ উত্তৰ দিয়ে-

author-image
Asomiya Pratidin
New Update
ত্ৰয়োদশ প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙ

ত্ৰয়োদশ প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙ Photograph: (ত্ৰয়োদশ প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙ)

প্ৰয়াত ড০ মনমোহন সিঙৰ কৰ্মৰাজিক লৈ ডিম্পুল বৰগোহাঁইৰ এক বিশেষ প্ৰতিবেদন...

Advertisment

কঠোৰ পৰিশ্ৰম, কামৰ ক্ষেত্ৰত বৌদ্ধিক দৃষ্টিভংগী আৰু নম্ৰ ব্যৱহাৰৰ বাবে সকলোৰে মন জয় কৰি যোৱা মানুহজন নোহোৱা হ'ল। মনমোহন সিঙক যেতিয়াই তেওঁৰ সফলতাৰ বিষয়ে প্ৰশ্ন কৰা হয় তেতিয়াই তেওঁ উত্তৰ দিয়ে- ‘‘আজি যদি মই কিবা এটা কৰিব পাৰিছো সেয়া একমাত্ৰ মই পঢ়া-শুনা কৰাৰ বাবেহে সম্ভৱ হৈ উঠিছে৷’’

সিঙৰ জন্ম গৃহত নাছিল বিজুলী ব্যৱস্থ। গাঁৱত নাছিল বিদ্যালয়, নাছিল হস্পিতাল৷ চাৰিওফালে নাই কেৱল নাই৷ বহু মাইল দূৰ খোজকাঢ়ি সিং স্কুললৈ গৈছিল৷ মাটি চাকি আৰু কেৰাচিন লেম্পৰ পোহৰত পঢ়ি পঢ়ি তেওঁৰ দৃষ্টিশক্তিও দুৰ্বল হৈছিল কিন্তু তেওঁ পঢ়িবলৈ এৰা নাছিল৷

প্ৰধানমন্ত্ৰী হোৱাৰ পাছত মনমোহন সিঙে ২০০৫ চনত INDIA-ASEAN সন্মিলনৰ বাবে মালেয়চিয়ালৈ গৈছিল৷ তাত তেওঁৰ পৰিচয় দিয়া হৈছিল পৃথিৱীৰ আটাইতকৈ বেছি শিক্ষিত প্ৰধানমন্ত্ৰী হিচাপে৷  প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে এনে ৫ টা সৰ্বোৎকৃষ্ট কাম কৰি থৈ গৈছে যাৰ বাবে তেওঁৰ ওচৰত ভাৰতবাসী আজীৱন কৃতজ্ঞ হৈ থাকিব৷ আহকচোন জানো দেশক প্ৰগতিৰ পথেৰে আগুৱাই নিবলৈ তেওঁ হাতত লোৱা ৫ টা কামৰ বিষয়ে।

১। ১৯৯১ অৰ্থনৈতিক সংস্কাৰঃ

৯০ দশকৰ আৰম্ভণিতে ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থা একেবাৰে বেয়া দিশৰ ফালে গতি কৰিছিল৷ সেইসময়ত পেট্ৰ’লিয়ামৰো নাটনি চলি আছিল৷ যেনেতেনে দেশখন চলাই নিবলৈও সেইসময়ত ভাৰতত টকাৰ নাটনি হৈছিল৷ নবনিৰ্বাচিত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাৱে সকলোকে আচৰিত কৰি অ-ৰাজনৈতিক ডঃ মনমোহন সিঙক ভাৰতৰ অৰ্থনৈতিক সংকট দূৰ কৰিবৰ বাবে বিত্তমন্ত্ৰী হিচাবে কেবিনেটত মকৰল কৰে। প্ৰতিপক্ষৰ তীব্ৰ বিৰোধিতা সত্বেও পাচৰ কেইবছৰত ডঃ সিঙে ভাৰতৰ অৰ্থনীতিক মুক্ত অৰ্থনীতি হিচাবে গঢ়ি তুলিবলৈ এলানি অৰ্থনৈতিক সংস্কাৰৰ পদক্ষেপ গ্ৰহণ কৰে। একমাত্ৰ মনমোহন সিঙৰ সবল নেতৃত্বত ভাৰতৰ বিত্তীয় সংকট আঁতৰিল আৰু সংস্কাৰবাদী অৰ্থনীতিবিদ হিচাবে গোলকীয়ভাৱে সিঙৰ প্ৰতিষ্ঠা হ'ল৷ আৰ্থিক সংস্কাৰৰ ব্যাপক নীতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা এতিয়াও বিশ্বজুৰি সমাদৃত।

২। RTI আইন ২০০৫

ভাৰতত এনে দুখন আইনৰ প্ৰণয়ন কৰা হৈছে য’ত জনসাধাৰণৰ সুবিধা আটাইতকৈ বেছি৷ সেয়া হ’ল উপভোক্তা আইন আৰু RTI৷ মনমোহন সিং প্ৰধানমন্ত্ৰী হিচাপে ক্ষমতালে অহাৰ পাছতেই এই বিধেয়ক দুখন গৃহীত হৈছিল৷ ইয়াৰ বাবে ভাৰতবাসীয়ে দীৰ্ঘদিন ধৰি যুঁজ দি আছিল৷ এই আৰটিআই আইনৰ বাবেই পৰৱৰ্তী সময়ত বিভিন্ন বিভাগত সংঘটিত অনিয়ম পোহৰলৈ আহিছিল।

৩। মনৰেগা ২০০৬

এয়া এনে এখন আইন যাৰদ্বাৰা চৰকাৰ আৰু জনসাধাৰণৰ সম্পৰ্ক সলনি হৈছিল৷ ইয়াত মহিলাসকলক বিশেষকৈ প্ৰাধান্য দিয়া হৈছিল৷ গাঁৱৰ সকলো মানুহে নিজৰ এলেকাৰ আশেপাশে যাতে কৰ্মসংস্থাপন পায় তাৰবাবে গুৰুত্ব প্ৰদান কৰা হৈছিল৷ গোটেই পৰিয়ালটোকেই মূল লক্ষ্য কৰি লোৱা হৈছিল এই আঁচনিত৷ কৰ্মদক্ষহীন কৰ্মকৰ্তাৰ বাবে পিছলৈ পাছে এই আইন প্ৰসহনত পৰিণত হৈছিল৷ 

৪।  চিভিল নিউক্লিয়েৰ ডীল ২০০৮

ভাৰতৰ প্ৰগতিৰ লগে লগে শক্তিখণ্ডৰো প্ৰয়োজনীয়তা ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছিল। প্ৰতিখন গাঁৱলৈ বিজুলী যোগান ধৰিবৰ বাবে বিজুলী শক্তি উৎপাদনো অৱশ্যাম্ভাৱী হৈ পৰিছিল। ইয়াৰ বাবে নিউক্লিয়েৰ প্লাণ্ট স্থাপন কৰাটোৱেই হৈছে আটাইতকৈ সহজ। কিন্তু ইয়াৰ ফলত দায়ৱদ্ধতা আৰু বিপদো বাঢ়ি যায়। লগতে সেই সময়ত এনে প্ৰচাৰ ব্যাপক হৈ পৰিছিল যে চৰকাৰে আমেৰিকাৰ ওচৰত এইবোৰ কৰি দেশখন বন্ধকত থব বিচাৰিছে। মনমোহন চৰকাৰৰ সহযোগী কমিউনিষ্ট দলে ঘোষণা কৰিছিল নিউক্লিয়েৰ চুক্তি সম্পন্ন হ’লে তেওঁলোকে চৰকাৰৰ পৰা সমৰ্থন উঠাই ল’ব। এইবোৰৰ মাজতে মনমোহন সিঙে এই ঐতিহাসিক চুক্তি সম্পন্ন কৰিছিল। এয়া আছিল ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক বৃহৎ কূটনৈতিক জয়।

৫। খাদ্য সুৰক্ষা বিধেয়ক-২০১৩

স্বাধীনতাৰ দিনদিয়েক পূৰ্বে পশ্চিম বংগত দুৰ্ভিক্ষই দেখা দিছিল। সেই দুৰ্ভিক্ষত ৩০ লাখ লোকৰ মৃত্যু হৈছিল। চীনৰ সৈতে যুদ্ধ হোৱাৰ পিচত পুনৰ দুৰ্ভিক্ষই দেখা দিছিল। একে সময়তে পাকিস্তানৰ সৈতেও যুদ্ধ লাগিছিল। সেউজ বিপ্লৱৰ পিছত স্থিতি কিছু সুস্থিৰ হৈ পৰিছিল। কিন্তু ইমানৰ পিছতো দেশৰ কোটি কোটি লোকে পেট পূৰাই খাবলৈ পোৱা নাছিল। এনে সময়তে মনমোহন চৰকাৰে খাদ্য সুৰক্ষা বিধেয়কৰ জৰিয়তে বিশ্বত এক আদৰ্শ দাঙি ধৰিবলৈ সমৰ্থ হৈছিল। খাদ্য সুৰক্ষা আইনখন কিছু পৰিমাণে সমালোচিত হ’লেও এটা পৰ্যায়লৈকে ই দেশৰ কোটি কোটি দৰিদ্ৰ লোকক সকাহ দিবলৈকো সমৰ্থ হয়। সেয়ে খাদ্য সুৰক্ষা আইনখনক সমগ্ৰ বিশ্বতে মনমোহন চৰকাৰৰ দেশবাসীৰ প্ৰতি থকা দায়ৱদ্ধতাৰ নমুনা হিচাপে আজিও গণ্য কৰি অহা হৈছে।

মনমোহন সিঙৰ বিষয়ে কিছু কথাঃ 

ডঃ মনমোহন সিঙক তেওঁৰ কঠোৰ পৰিশ্ৰম, কামৰ ক্ষেত্ৰত বৌদ্ধিক দৃষ্টিভংগী আৰু নম্ৰ ব্যৱহাৰৰ বাবে অত্যধিক সন্মান দিয়া হয়। ৰাজহুৱা জীৱনত ড০ সিঙে কেইবাটাও বঁটা আৰু সন্মানেৰে সন্মানিত হৈছে। সেইবোৰৰ ভিতৰত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ(১৯৮৭), ভাৰতী বিজ্ঞান সমাৰোহৰ জৱাহৰলাল নেহৰু জন্ম শতবৰ্ষ বঁটা(১৯৯৫), বৰ্ষশ্ৰেষ্ঠ বিত্ত মন্ত্ৰীৰ বাবে এছিয়া মনি বঁটা(১৯৯৩ আৰু ১৯৯৪), বৰ্ষশ্ৰেষ্ঠ বিত্ত মন্ত্ৰীৰ ইউৰো মনি বঁটা(১৯৯৩), কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ আদাম স্মিথ পুৰষ্কাৰ(১৯৫৬), আৰু কেম্ব্ৰিজত ছেইণ্ট জ’নছ কলেজত আগবঢ়োৱা বিশিষ্ট সেৱাৰ বাবে ৰাইট পুৰষ্কাৰ(১৯৫৫) ইত্যাদি উল্লেখযোগ্য। ডঃ সিঙক জাপানীজ নিহন কেইজাই শ্বিমবুনকে ধৰি কেইবাটাও সংস্থাই সন্মান আগবঢ়াইছে। কেম্ব্ৰিজ আৰু অক্সফৰ্ডকে ধৰি কেইবাখনো বিশ্ববিদ্যালয়ৰ পৰা ডঃ সিঙে সম্মানীয় ডিগ্ৰী লাভ কৰিছে।

ডঃ সিঙে বহু সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু একাধিক আন্তঃৰাষ্ট্ৰীয় সংস্থাত ভাৰতক প্ৰতিনিধিত্ব কৰিছে। তেওঁ চাইপাছ(১৯৯৩)ত কমনৱেল্থ দেশসমূহৰ মুৰব্বীসকলৰ বৈঠকত আৰু ভিয়েনাত ১৯৯৩ত আয়োজিত বিশ্ব মানৱাধিকাৰ সন্মিলনত ভাৰতীয় প্ৰতিনিধিবৰ্গৰ নেতৃত্ব বহন কৰে। নিজৰ ৰাজনৈতিক কেৰিয়াৰত ডঃ সিঙে ১৯৯১চনৰ ভাৰতীয় সংসদৰ উচ্চ সদন(ৰাজ্যসভা)ৰ সদস্য হিচাপে নিৰ্বাচিত হয়, য’ত তেওঁ ১৯৯৮ৰ পৰা ২০০৪লৈ বিৰোধীৰ নেতা হিচাপে আছিল। ডঃ মনমোহন সিঙে ২০০৪ৰ নিৰ্বাচনৰ পাছত ২২ মে’ত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে আৰু ২০০৯ৰ ২২ মে’ত দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে, ৯১ বৰ্ষীয় মনমোহন সিং ইন্দিৰা গান্ধী (প্ৰথম কাৰ্যকালত) আৰু ইন্দ্ৰ কুমাৰ গুজৰালৰ পিছত ৰাজ্যসভাৰ পৰা তৃতীয় প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতৰ একমাত্ৰ শিখ প্ৰধানমন্ত্ৰীগৰাকী কৃপা আৰু ভদ্ৰতাৰ প্ৰতিমূৰ্তি হিচাপে বহুজনৰ বাবে পৰিচিত আছিল। যেতিয়া United Progressive Alliance (UPA)ৰ চৰকাৰ গঠন হৈছিল আৰু ডঃ মনমোহন সিং দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল, তেতিয়া প্ৰণৱ মুখাৰ্জী আছিল দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী।
 
প্ৰণৱ মুখাৰ্জীক তেতিয়া মনমোহন সিঙে অভ্যাসবশতঃ ‘ছাৰ’ বুলি সম্বোধন কৰিছিল, কিয়নো ডঃ সিং যেতিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হৈ আছিল তেতিয়া প্ৰণৱ মুখাৰ্জী কেন্দ্ৰীয় বিত্ত মন্ত্ৰী আছিল। প্ৰণৱ মুখাৰ্জীয়ে জোৰ কৰি মনমোহন সিঙক তেওঁক ‘ছাৰ’ বুলি সম্বোধন নকৰিবলৈ কেইবাবাৰো অনুৰোধ কৰিছিল।  ১৯৯১ চনৰ জুন মাহত কেন্দ্ৰীয় বিত্তমন্ত্ৰী হোৱাৰ চাৰি মাহৰ পিছতে ১৯৯১ চনৰ অক্টোবৰ মাহত উচ্চ সদনত প্ৰৱেশ কৰে ডঃ মনমোহন সিঙে। ডঃ সিঙে ৰাজ্যসভাত পাঁচটা কাৰ্যকাল অসমক প্ৰতিনিধিত্ব কৰি শেষত ২০১৯ চনত ৰাজস্থানলৈ স্থানান্তৰিত হয়।
১৯৫৭ চনৰ পৰা ১৯৫৯ চনলৈকে মনমোহন সিঙে পঞ্জাৱ বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৬৬ চনত সিঙ Delhi School of Economics ত অধ্যাপক হিচাপে কৰ্মৰত আছিল। ইয়াৰ উপৰিও তেওঁ ১৯৬৬ চনৰ পৰা ১৯৬৯ চন লৈকে ৰাষ্ট্ৰসংঘত কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৬৯ চনত, মনমোহন সিঙে দিল্লী স্কুল অফ ইকনমিক্সত আন্তৰ্জাতিক বাণিজ্যৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ১৯৭২ চনত মনমোহন সিঙে বিত্ত মন্ত্ৰালয়ৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা হিচাপে দায়িত্বভাৰ পালন কৰিছিল।

ইয়াৰ পৰৱৰ্তী সময়ত ১৯৭৬ চনত তেওঁ বিত্ত মন্ত্ৰালয়ৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মনমোহন সিঙে ১৯৮০ চনৰ পৰা ১৯৮২ চনত পৰিকল্পনা আয়োগৰ লগত জড়িত হৈ আছিল। অন্যহাতে তেওঁ ১৯৮২ চনত প্ৰাক্তন বিত্ত মন্ত্ৰী প্ৰণৱ মুখাৰ্জীৰ অধীনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপে নিযুক্ত হৈছিল।

 

ড০ মনমোহন সিং