Advertisment

২০০০ চনতে বিলুপ্ত হ'লহেতেন বুলেট...

ৰয়েল এনফিল্ড কোম্পানীটো কেতিয়াবাই হয়তো নাইকিয়া হৈ গ'লহেতেন। যদিহে ২০০০চনত এগৰাকী ২৬বছৰীয়া যুৱক সাহসেৰে আগবাঢ়ি নাহিলহেতন।১৯৪৯চনৰ পৰাই ৰয়েল এনফিল্ডৰ বাইক ভাৰতত বিক্ৰী হৈ আহিছিল। 

author-image
Asomiya Pratidin
New Update
 Royal Enfield

Royal Enfield Photograph: ( Royal Enfield)

১৯৪৯চনৰ পৰাই ৰয়েল এনফিল্ডৰ বাইক ভাৰতত বিক্ৰী হৈ আহিছিল। কিন্তু লোকচানৰ বাবে কৰ্তৃপক্ষই লৈছিল এই কঠোৰ সিদ্ধান্ত। কিন্তু ব্যাপক লোকচানৰ বাবে বন্ধ কৰিব দিয়াৰ সিদ্ধান্ত লৈছিল ৰয়েল এনফিল্ড। এই সিদ্ধান্তৰ বিৰুদ্ধে থিয় দিছিল ২৬বছৰীয়া এজন যুৱক। এই যুৱকজনৰ বাবেই আজিও সগৌৰৱেৰে জীয়াই আছে ৰয়েল এনফিল্ড। বৰ্তমান ৫০খন দেশত বিক্ৰী হয় ৰয়েল এনফিল্ডৰ বাইক। ডিম্পুল বৰগোহাঁইৰ এক প্ৰতিবেদন...

Advertisment

সকলোৰে নাথাকিলেও সৰহসংখ্যক বাইকপ্ৰেমীৰে হয়তো বুলেটৰ প্ৰতি দুৰ্বলতা আছে। এই ৰয়েল এনফিল্ড কোম্পানীটো কেতিয়াবাই হয়তো নাইকিয়া হৈ গ'লহেতেন। যদিহে ২০০০চনত এগৰাকী ২৬বছৰীয়া যুৱক সাহসেৰে আগবাঢ়ি নাহিলহেতন।১৯৪৯চনৰ পৰাই ৰয়েল এনফিল্ডৰ বাইক ভাৰতত বিক্ৰী হৈ আহিছিল। 

ভাৰত চৰকাৰে ১৯৫৪চনত ভাৰত-পাক বৰ্ডাৰত নিয়োজিত সেনাৰ বাবে প্ৰায় ৮০০খন বাইক ক্ৰয় কৰিছিল বিট্ৰেইনৰ এনফিল্ড চাইকেল কোম্পানী নামৰ প্ৰতিষ্ঠানটোৰ পৰা। ১৯৫৫চনত বিট্ৰেইনৰ এই প্ৰতিষ্ঠাটোৱে ভাৰতৰ মাদ্ৰাছ মটৰ্ছৰ সৈতে লগ হৈ এটা নতুন কোম্পানীৰ জন্ম দিছিল। নাম থৈছিল- এনফিল্ড ইণ্ডিয়া। 

১৯৭১চনত বিট্ৰেইনৰ এই কোম্পানীটো বন্ধ হৈ যায়। ইয়াৰ পিছতে ১৯৯০চনত বজাৰলৈ অহা চিডি-১০০ নামৰ বাইকখনে বুলেটৰ বজাৰ একেবাৰে নষ্ট কৰি দিছে। এই মন্দাৱস্থাৰ মাজতে এই কোম্পানীটো(এনফিল্ড ইণ্ডিয়া)ক্ৰয় কৰে Eicher নামৰ ভাৰতীয় প্ৰতিষ্ঠানটোৱে। কিনিয়েই এটা বছৰতে প্ৰায় ২০কোটি টকাৰ লোকচান হয় এই কোম্পানীটোৰ। 

এটা বছৰতে ইমান লোকচান হোৱাৰ পাছত Eicherৰ মেনেজমেন্টে সিদ্ধান্ত ল'লে যে, এনফিল্ড ইণ্ডিয়া হয় বন্ধ কৰিব, নহলে বিক্ৰী কৰিব। কিন্তু এই সিদ্ধান্তৰ বিৰুদ্ধে থিয় দিছিল ২৬বছৰীয়া এজন যুৱক । যুৱকজন আছিল Eicher গ্ৰুপৰ চেয়াৰমেন বিক্ৰম লালৰ পুত্ৰ সিদ্ধাৰ্থলাল। 

২৬বছৰীয়া পুত্ৰই পিতৃক কৈছিল যে, এই কোম্পানীটো বন্ধ কৰিব নালাগে। মেনেজমেন্টৰ সকলোৱে কৈছিল যে, ২৬বছৰীয়া এটা সৰু ল'ৰাৰ কথা শুনিলে অধিক লোকচান হৈ  এটা সময়ত ফুটপাথত থাকিব লগা হ'ব। সকলোয়ে বিৰোধিতা কৰিছিল যদিও অৱশেষত ২৬বছৰীয়া সিদ্ধাৰ্থ লালৰ কথামতে এনফিল্ড ইণ্ডিয়া পুনৰ চলাই যোৱাৰ সিদ্ধান্ত ললে Eicher গ্ৰুপে। 

সিদ্বাৰ্থই ২৪মাহৰ ভিতৰত লাভৰ মুখ দেখাম বুলি মেনেজমেন্টক কথা দিলে। সিদ্ধাৰ্থে কলে- এই ২৪মাহত হয় ডুবিম, নহয় কৰিম। কোম্পানীটোৰ দায়িত্ব লৈয়ে সিদ্ধাৰ্থে কেইবাটাও প্লান্ট বন্ধ কৰি দিলে। যাৰ ফলত বছৰি প্ৰায় ৮০লাখ টকা ৰাহি হ'ল। ইয়াৰ পিছতে সিদ্ধাৰ্থে বুলেটত আনিলে বহু নতুনত্ব। 

এগৰাকী বাইক আৰোহীয়ে দূৰ যাত্ৰাৰ বাবে কি কি বিচাৰে তাৰ ওপৰত ধ্যান দি প্ৰস্তুত কৰিলে বুলেট ইলেক্টা-৩৫০। ১৮ৰ পৰা ৩৫বছৰ বয়সৰ লোকসকলক টাৰ্গেট কৰি প্ৰস্তুত কৰা এই বাইকখনে লাভ কৰিলে বিপুল সমাদৰ। ইয়াৰ পিছতে ২০০২চন থাণ্ডাৰবাৰ্ড, ২০০৯চনত ক্লাচিক আৰু বহু মডেল। বৰ্তমান কেইবাটাও মডেলৰ বাইক এনফিল্ডে মুকলি কৰি বিপুৰ সমাদৰ লাভ কৰিছে গ্ৰাহকৰ। 

২০২৩-২৪বৰ্ষত ৰয়েল এনফিল্ডে ১৬,৫৩৬কোটি টকাৰ বাইক বিক্ৰী কৰিছে কোম্পানীটোৱে। এই বৰ্ষটোত ৪হাজাৰো অধিক কোটি টকাৰ টেক্স প্ৰদান কৰিছে কোম্পানীটোৱে। বৰ্তমান ৫০খন দেশত বিক্ৰী হয় ৰয়েল এনফিল্ডৰ বাইক। 

এসময়ত লোকচানত চলি বিক্ৰী কৰিবলৈ ওলোৱা কোম্পানীটো এতিয়া মটৰচাইকেল সাম্ৰাজ্যৰ অধিপতি। এতিয়া বছৰি প্ৰায় ৫লাখৰো অধিক বুলেট বিক্ৰী হয় ভাৰতত। ২৬বছৰীয়া সিদ্ধাৰ্থে কৰি দেখুৱালে নতুন চিন্তা আৰু আত্মবিশ্বাসে কেনেকৈ সলনি কৰিব পাৰে ভাগ্য। সৰু লৰা বুলি ইতিকিং লৰাটোৱে সমগ্ৰ দেশকেই দিলে বাইক চলোৱাৰ নতুন আমেজ। শেহতীয়াকৈ সিদ্ধাৰ্থে এটা সাক্ষাতকাৰত এই সমগ্ৰ যাত্ৰাৰ বৰ্ণনা দি কৈছে-  success is no accident...

বাইক