নীলাচলত অম্বুবাচী,জগন্নাথত ৰথযাত্ৰাৰ প্ৰস্তুতি...

নীলাচলত অম্বুবাচী,জগন্নাথত ৰথযাত্ৰাৰ প্ৰস্তুতি...

author-image
Asomiya Pratidin
New Update
নীলাচলত অম্বুবাচী,জগন্নাথত ৰথযাত্ৰাৰ প্ৰস্তুতি...

বৈচিত্ৰতাৰে ভৰা দেশ ভাৰতবৰ্ষ। প্ৰতিখন অংগ ৰাজ্যৰে আছে সুকীয়া বৈচিত্ৰ,আছে সুকীয়া নীতি-নিয়ম তথা পৰম্পৰা-লোকাচাৰ। যিবোৰৰ মেটমৰা সম্ভাৰে বিনন্দিয়া কৰে বৃহত্তৰ ভাৰতৰ পবিত্ৰ ভূ-খণ্ড। মঠ-মন্দিৰ তথা ধৰ্মীয় উপাসনাস্থলীসমূহৰো আছে ঠাই বিশেষে সুকীয়া নীতি-নিয়ম। সেই সন্দৰ্ভতে অম্বুবাচীৰ এই শুভক্ষণত চয়নিকা শইকীয়াৰ এই প্ৰতিবেদন...

Advertisment

"বিশ্বাসে মিলয় হৰি"

বিশ্বাস! যি সময়ত পৃথিৱীক অশুচি বুলি বিশ্বাস কৰি মঠ-মন্দিৰ বন্ধ ৰখা হয় ঠিক সেই সময়তে এনে বহু তীৰ্থস্থান আছে য'ত ভক্তই পূজা-অৰ্চনা আগবঢ়ায়। উদাহৰণস্বৰূপে অতিজৰে পৰা কামাখ্যা মন্দিৰত চলি আহিছে "অম্বুবাচী-ষাঁঠ বা আমতি"।

সংস্কৃতত 'অম্বু'ৰ অৰ্থ পানী আৰু 'বাচী'ৰ অৰ্থ পুষ্পিতা হোৱা। লোক বিশ্বাস মতে অম্বুবাচীত পৃথিৱী ৰজস্বলা হয়। এই ৩ দিন পৃথিৱী অশুচি হৈ থাকে। এই সময়ছোৱাত হাল-কোৰ নোবোৱাৰ লগতে বহু নীতি-নিয়ম মানি চলা হয়। বিধৱা আৰু ঋতুমতী সকলে ৩ দিন উপবাসে থাকি ব্ৰত পালন কৰে। পূজা-পাৰ্বণকে ধৰি কোনো ধৰণৰ মাংগলিক অনুষ্ঠান এই ৩ দিনত পালন কৰা নহয়।

এই ৩ দিনত লোকে লোকাৰণ্য হৈ পৰে নীলাচলৰ বুকু। ৩ দিনৰ অন্তত মন্দিৰ শুচি কৰাৰ লগতে মানুহে ঘৰ-দুৱাৰ মচি কাপোৰ-কানি ধুই অম্বুবাচীৰ নিবৃত্তি পালন কৰে। কামাখ্যা মন্দিৰৰ পাণ্ডাসকলে ভক্তক ৰক্তবস্ত্ৰ আগবঢ়ায়।

আনহাতে ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি এখন প্ৰতিফলিত হয় পুৰীৰ জগন্নাথ মন্দিৰত!

২২ জুনত কামাখ্যা মন্দিৰত অম্বুবাচীৰ প্ৰবৃত্তি হোৱাৰ পাছতো জগন্নাথ মন্দিৰত অব্যাহত আছে পূজা-অৰ্চনা। আজিও অষ্ট ধাতুৰে নিৰ্মিত "নীল চক্ৰত" পতাকা উৰুৱাইছে। ইয়াৰোপৰি জগন্নাথৰ ভোজনালয়ত ভক্তই একেলগে মহাপ্ৰসাদ গ্ৰহণ কৰিছে।

নাই কোনো অম্বুবাচীৰ নীতি-নিয়ম। নাই কোনো অশুচি। জগন্নাথ প্ৰভুৰ আগন্তুক ৰথ যাত্ৰাক লৈ ব্যস্ত কৰ্তৃপক্ষ। কেৱল উৰিষ্যাৰ জগন্নাথ মন্দিৰে নহয় ৰঙিয়াৰ সীতাৰাস্থিত শ্ৰী শ্ৰী জগন্নাথ ও বুঢ়াগোসাইৰ থানতো ৰথযাত্ৰা মহোৎসৱ উপলক্ষে অম্বুবাচীৰ দ্বিতীয় দিনটোত পানী তোলা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। উক্ত কাৰ্যসূচীৰ সমান্তৰালকৈ আজি স্নান যাত্ৰা কৰা লগতে বিয়লি সন্ধ্যা আৰতি অনুষ্ঠিত কৰা হয়।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজনীয় যে,কেৱল জগন্নাথ মন্দিৰে নহয় অম্বুবাচীৰ সময়ছোৱাত বন্ধ নহয় পশ্চিমবংগৰ অন্তৰ্গত দক্ষিণেশ্বৰ কালী মন্দিৰ। মুঠৰ ওপৰত এখন দেশতে বিভিন্ন নিয়মৰ মাজেৰে চলিছে ভিন্ন সমাজ। কোনোৱে যদি অম্বুবাচীৰ নামত ৩ দিনলৈ মন্দিৰ বন্ধ ৰাখিছে, আন কোনোৱে আকৌ ভগৱানক সন্তুষ্ট কৰিবলৈ অহৰ্নিশে আগবঢ়াইছে পূজা-অৰ্চনা...

Also Read: অম্বুবাচী মেলাঃ উদুলি মুদুলি নীলাচলৰ বুকু

Jagannath temple ambubasi not celebrated No Ambubasi