Advertisment

জানুৱাৰী, ফেব্ৰুৱাৰীৰ পাছত মাৰ্চ! কেতিয়া পৃথিৱী পাবহি সুনীতা উইলিয়ামছ?

বৰদিনৰো বানচ সোমাল। ভাৰতীয় টকাৰ হিচাপত প্ৰায় ১ লাখ ৯ হাজাৰ টকা। এই খবৰো তেওঁ লাভ কৰিলে, অথচ বৰদিনৰ আনন্দত তেওঁ চামিল হোৱাৰ কোনো সুযোগ নাপাব।

author-image
Asomiya Pratidin
New Update
জানুৱাৰী, ফেব্ৰুৱাৰীৰ পাছত মাৰ্চ! কেতিয়া পৃথিৱী পাবহি সুনীতা উইলিয়ামছ?

১০ দিনৰ বাবে মহাকাশলৈ যোৱা সুনীতা উইলিয়ামছ আৰু তেওঁৰ সতীৰ্থ ৬ মাহ অতিক্ৰম কৰিলে। বাৰে বাৰে নাছাই তেওঁলোকক পৃথিবীলৈ ঘূৰাই অনাৰ তাৰিখ ঘোষণা কৰিও ব্যৰ্থ হৈছে। সুনীতা উইলিয়ামছ আৰু তেওঁৰ সতীৰ্থ বুশ্ব উইলমেয়াৰৰ সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন। 

Advertisment

 

বৰদিনৰো বানচ সোমাল। ভাৰতীয় টকাৰ হিচাপত প্ৰায় ১ লাখ ৯ হাজাৰ টকা। এই খবৰো তেওঁ লাভ কৰিলে, অথচ বৰদিনৰ আনন্দত তেওঁ চামিল হোৱাৰ কোনো সুযোগ নাপাব। এই আক্ষেপ তেওঁৰ মনলৈ আহিব নে নাই সেয়া জানিব পৰা নাই যদিও, এই কথা নিশ্চিত যে তেওঁৰ বাবে এইবাৰৰ বৰদিন চিৰকাললৈ হৈ ৰ'ব স্মৰণীয়। 

চলিত বছৰৰ জুন মাহৰ ৫ তাৰিখে সতীৰ্থ বুশ্ব উইলমেয়াৰৰ সৈতে মহাকাশ যাত্ৰা কৰিছিল সুনীতা উইলিয়ামছে। মাত্ৰ ১০ দিনৰ বাবে মহাকাশ অভিযানলৈ যোৱা সুনীতা উইলিয়ামছে এদিন দুদিন কৈ অতিক্ৰম কৰিলে ২০০ দিন।

১০ দিনীয়া অভিযানৰ অন্তত পৃথিৱীলৈ ঘূৰাই অনাৰ কথা কোৱা নাছাই এই পৰ্যন্ত দুই মহাকাশচাৰীক ঘূৰাই আনিবলৈ সক্ষম হোৱা নাই। তাৰিখৰ পাছত তাৰিখ ঘোষণা কৰা নাছাই অতি শেহতীয়াকৈ ২০২৫ ৰ ফেব্ৰুৱাৰীত ঘূৰাই আনিব বুলি ঘোষণা কৰিছিল যদিও সেয়াও বাস্তৱ নহয় বুলি নাছাই স্পষ্ট কৰিলে।

নাছাই আনুষ্ঠানিকভাৱেই ঘোষণা কৰিছে ২০২৫ ৰ ফেব্ৰুৱাৰী নহয়, মাৰ্চতহে দুয়োকে পৃথিৱীলৈ ঘূৰাই অনাৰ চেষ্টা কৰিব। কিন্তু মাৰ্চত সঁচাকৈয়ে তেওঁলোক পৃথিৱীলৈ ঘূৰি আহিবনে বা নাছাই ঘূৰাই আনিব পাৰিবনে তাৰো কোনো স্পষ্ট উত্তৰ নাই। নাছাই কেৱল আশাহে প্ৰকাশ কৰিছে।

যোৱা সময়ছোৱাত সুনীতা উইলিয়ামছৰ মহাকাশ কেন্দ্ৰৰ পৰা কেইবাখনো ফটো প্ৰকাশ পাইছে। তেওঁৰ যিসমূহ ছবি পোহৰলৈ আহিছে সেইসমূহত তেওঁক ৰোগাক্ৰান্ত যেন দেখা গৈছে। তেওঁৰ ফটো দেখি মানুহে কৈছে- ''কেনেকৈ জীয়াই আছে তেওঁলোক? শৰীৰত সেয়া হাড়ৰ ওপৰত ছালহে। শৰীৰ মাংস ক?''

অৱশ্যে নাছাৰ মতে সম্পূৰ্ণ সুস্থ আছে সুনীতা আৰু তেওঁৰ সতীৰ্থ বুশ্ব উইলমেয়াৰ। তেওঁলোকৰ দেহত ৰোগৰ কোনো লক্ষণ নাই। দুয়োৰে নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰা হৈছে। আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত পৰ্যাপ্ত খাদ্য আৰু দৰৱ মজুত আছে।  

নাছাই এইদৰে দুয়ো মহাকাশচাৰীৰ স্বাস্থ্যৰ বিষয়ে উত্তৰ দিলেও কিন্তু মূল প্ৰশ্নৰ কোনো সঠিক উত্তৰ দিব পৰা নাই। ৫ বাৰৰো অধিক সুনীতা আৰু উইলমেয়াৰৰ পৃথিৱীলৈ ঘূৰি অহাৰ তাৰিখ সলনি কৰা হৈছে।

নিশ্চয়কৈ ই মহাকাশত আবদ্ধ দুই মহাকাশচাৰীৰো মানসিক চাপ বৃদ্ধি কৰিছে। তেওঁলোকৰ মানসিক অৱস্থা কেনে পৰ্যায়ত আছে সেই বিষয়ে জানিবলৈয়ো আগ্ৰহী হৈ পৰিছে পৃথিৱীৰ ভিন্ন প্ৰান্তৰ লোক।

দুই মহাকাশচাৰীৰ প্ৰত্যাৱৰ্তনত পলম হোৱাৰ মূলতে হৈছে,  তেওঁলোকে মহাকাশযান বয়িং ষ্টাৰলাইনৰ নিৰাপত্তা সংক্ৰান্তিয় উদ্বেগ। জুন মাহত মাহাকাশ যাত্ৰা কৰা বয়িং ষ্টাৰলাইনৰ যদিও মহাকাশচাৰীৰ নিৰাপত্তাৰ দিশটো পৰ্যালোচনা কৰি ডিজাইন কৰা হৈছিল তথাপিও ইয়াত দেখা দিলে প্ৰযুক্তিগত জটিলতা। যাৰ বাবে এই মহাকাশযানৰে দুই মহাকাশচাৰীক পৃথিৱীলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত নাছাই পুনৰ বিবেচনা কৰিবলৈ বাধ্য হয়।

ইয়াৰ বিকল্প হিচাপে এতিয়া নাছাই তেওঁলোকক পৃথিৱীলৈ ঘূৰাই আনিবলৈ ইলন মাস্কৰ স্পেছ এক্স সংস্থাৰ মহাকাশ যান ক্ৰিউ-১০  ব্যৱহাৰ কৰিব। ক্ৰিউ-১০ ৰ জৰিয়তে মহাকাশৰ পৰা দুই মহাকাশছাৰীক পৃথিৱীলৈ ঘূৰাই অনাৰ চেষ্টা চলাব।

এই মহাকাশযান ফেব্ৰুৱাৰীত মহাকাশ অভিমুখে ৰাওনা হোৱাৰ কথা আছিল যদিও সেই দিন পিছুৱাই মাৰ্চলৈ লৈ যোৱা হৈছে। নাছাই বিভিন্ন পৰ্যালোচনা কৰাৰ পিছত এই সিদ্ধান্ত লৈছে বুলি প্ৰকাশ কৰিছে। ফেব্ৰুৱাৰীৰ পৰা মাৰ্চলৈ এই অতিৰিক্ত সময়ত স্পেছ এক্স আৰু নাছা উভয়ে এই অভিযানৰ বাবে প্ৰয়োজনীয় এক ড্ৰোণ স্পেছক্ৰাফ্টৰ প্ৰস্তত কৰি তুলিব। 

নাছাৰ মতে ২০২৫ ৰ মাৰ্চ মাহৰ শেষৰ সপ্তাহত ক্ৰিউ-১০ ৰ মহাকাশ অভিযান আৰম্ভ হব। উল্লেখ্য যে, নাছাই পৰীক্ষামূলকভাৱে যোৱা ৫ জুনত বয়িং ষ্টাৰলাই মহাকাশলৈ প্ৰেৰণ কৰিছিল। এই মহাকাশ যানৰ সৈতে প্ৰেৰণ কৰিছিল সুনীতা আৰু উইলমেয়াৰক।

১০ দিনীয়া এই অভিযানৰ বাবে যোৱা দলটোৱে এতিয়া ২০০ দিন অতিক্ৰম কৰিলে। এই অনাকাংক্ষিত পৰিস্থিতিৰ মূল কাৰণ হৈছে বয়িং ষ্টাৰলাইনৰ কেপচুলত যান্ত্ৰিক বিজুটি। এই বিজুটিৰ বাবেই এতিয়া আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰতে আৱদ্ধ দুই মহাকাশচাৰী।

যদিহে মাৰ্চত সঁচাকৈয়ে তেওঁলোকে পৃথিবীলৈ ঘূৰি আহিব পাৰে তেন্তে তেওঁলোকে মহাকাশত অতিক্ৰম কৰা মুঠ সময় হবগৈ ৯ মাহ। দুয়োকে পৃথিৱীলৈ ঘূৰাই আনিবলৈ মহাকাশলৈ গৈছে আন দুই মহাকাশচাৰী নিক হগ আৰু আলেকজেণ্ডাৰ গৰ্বুনভ। 

মহাকাশচাৰীৰ  শাৰীৰিক প্ৰভাৱ আৰু স্বাস্থ্য

মহাকাশত দীঘলীয়া সময় অতিবাহিত কৰিলে মহাকাশচাৰীসকল যথেষ্ট শাৰীৰিক প্ৰত্যাহ্বানৰ সন্মুখীন হয়। মধ্যাকৰ্ষণ শক্তিৰ সৈতে মানৱ শৰীৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। কিন্তু মহাকাশৰ ''জিৰ' গ্ৰেভিটি'' পৰিবেশত মহাকাশচাৰীৰ শৰীৰত বিভিন্ন পৰিবৰ্তন দেখা যায়।

এই পৰিবৰ্তনৰ ভিতৰত হাড়ৰ ঘনত্ব আৰু পেশীৰ ভৰ হ্ৰাস হোৱা, হৃদযন্ত্ৰ আৰু যকৃতৰ দৰে অংগৰ পৰিবৰ্তন অন্যতম।  অৱশ্যে পৃথিৱীলৈ ঘূৰি অহাৰ পাছত এইসমূহ পুনৰ সুস্থ অৱস্থালৈ ঘূৰাই আনিব পৰা যায়।

মহাকাশচাৰী পৃথিৱীলৈ ঘূৰি অহাৰ পিছত আৰু পুনৰ্সংস্থাপন প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোকৰ শৰীৰৰ হাড়ৰ ঘনত্ব, পেশীৰ ভৰ আদিৰ পুনৰুদ্ধাৰ সম্ভৱ হৈ উঠে। কিন্তু দীঘলীয়া এক সময়ত শৰীৰত দেখা এনে বিসংগতি দূৰ কৰি কিদৰে সম্পূৰ্ণ সুস্থ কৰিব পাৰি সেয়া এক ডাঙৰ প্ৰশ্ন।

 

মহাকাশ সুনীতা উইলিয়ামছ