/asomiyapratidin/media/media_files/2025/01/17/ZHKPdtYGPyzD6uRrDOMk.jpg)
"বিজ্ঞানে ভৌতিক জগতখনক ব্যাখ্যা কৰাত সহায় কৰে কিন্তু ইয়াৰ গভীৰ অধ্যয়নে আমাক অনিবাৰ্যভাৱে আধ্যাত্মিকতাৰ দিশে লৈ যায়। জীৱনৰ প্ৰকৃত সত্যই হৈছে আধ্যাত্মিকতাৰ জৰিয়তে মোক্ষ লাভ কৰা"- এয়া এগৰাকী এৰোস্পেচ অভিযন্তাৰ ভাষ্য। সামাজিক মাধ্যমত আই আই টিয়ান বাবা হিচাপে খ্যাতি লাভ কৰা এইগৰাকী অভিযন্তাই বিজ্ঞানৰ যুক্তিসংগত জগতখন এৰি কিয় আধ্যাত্মিকতাৰ জীৱন বাছি ল'লে আৰু ই কিমান যুক্তিসংগত? এই সন্দৰ্ভত চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন...
প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত ভিৰ কৰিছে নাগা বাবা,অঘোৰী সাধুৰ লগতে সমগ্ৰ বিশ্বৰ বহু আধ্যাত্মিক কৰ্ণধাৰে। গংগাৰ পাৰত পুণ্যস্নানৰ বাবে শাৰী পাতি থকা ভক্তৰ ভিৰত আছে এজন ‘আই আই টিয়ান বাবা’। সামাজিক মাধ্যমত ইতিমধ্যে চৰ্চিত এইগৰাকী আই আই টিয়ান বাবা ওৰফে অভয় সিং। বিজ্ঞানৰ যুক্তিসংগত জগতখন এৰি আধ্যাত্মিকতাৰ জীৱনটো বাছি লোৱা বাবে একাংশৰ বাবে প্ৰেৰণা হৈ পৰিছে তেওঁ।
কানাডাত ৩ লাখ টকীয়া দৰমহাৰে কৰ্মৰত অভয়ে প্ৰেমত প্ৰতাৰিত হোৱা বাবেই সংসাৰৰ মোহ ত্যাগ কৰি ভগৱানৰ আশ্ৰয় লোৱা কাৰ্যক সমৰ্থন কৰিছে বহু লোকে। চাকৰি এৰি আধ্যাত্মিকতাৰ সন্ধানত ওলাই অহা কাৰ্যক একাংশই যিদৰে প্ৰশংসা কৰিছে সমান্তৰালকৈ একাংশৰ সমালোচনাৰ সন্মুখীন হৈছে অভয় সিং।
বৰ্তমান এগৰাকী পূৰ্ণাংগ শিৱ ভক্ত অভয় এসময়ত আছিল আই আই টি বম্বেৰ ছাত্ৰ। হাৰিয়ানাৰ যুৱক অভয়ে আই আই টি বম্বেৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ডিজাইনিঙত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। লগতে ফটোগ্ৰাফীৰো ডিপ্লমাধাৰী অভয়। অৱশ্যে বিজ্ঞানৰ জ্ঞান অভয়ৰ বাবে যথেষ্ট নাছিল, জীৱনৰ অৰ্থৰ সন্ধানত তেওঁ দৰ্শনৰো পাঠ্যক্ৰম গ্ৰহণ কৰিছিল।
তেওঁৰ ভাষ্য আছিল এনে ধৰণৰ- “মই ইঞ্জিনিয়াৰিং কৰি থকাৰ সময়তে জীৱনৰ অৰ্থ বুজিবলৈ দৰ্শনৰ শিক্ষা লৈছিলো। পোষ্ট মডাৰ্নিজম, চক্ৰেটিছ, প্লেটো ইত্যাদিৰ পাঠ পঢ়িছিলো। তাৰ পিছত মই বুজি পালো সন্যাসে প্ৰকৃত জ্ঞান। যদি মন বা মানসিক স্বাস্থ্য বুজিব লাগে, তেন্তে আধ্যাত্মিকতাৰ জৰিয়তে বুজিব কৰিব পাৰি।
অভয়ৰ এনে চিন্তাধাৰাৰ বাবেই ইণ্টাৰনেটত চৰ্চিত হৈ পৰিছে তেওঁ। ধনৰ পৰিৱৰ্তে জ্ঞানক সাৰথি কৰি লোৱা অভয়ক লৈ আমোদ প্ৰকাশ কৰিছে বহুজনে। এগৰাকী এক্স ব্যৱহাৰকাৰীয়ে পোষ্ট কৰিছে যে, “আজিলৈকে যিমান বাবাক মই দেখা পাইছো, সেই সকলোবোৰক প্ৰৱঞ্চনা যেন লাগিছিল। কিন্তু আই আই টি বম্বেৰ এইগৰাকী ছাত্ৰই প্ৰমাণ কৰিলে জ্ঞান আৰু আধ্যাত্মিকতাই হৈছে মূল সম্পদ"।
ইফালে আন এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে, "আমাৰ লাখ লাখ শিক্ষাৰ্থীয়ে আই আই টিৰ সপোন পুহি ৰাখিছে,কিন্তু এইগৰাকী বাবাক দেখি মই শব্দহীন হৈ পৰিছো"। প্ৰশংসাৰ সমান্তৰালকৈ সমলোচনাৰো সমুখীন হৈছে আই আই টিয়ান বাবাগৰাকী।
দৰাচলতে অভয় সিঙে আইআইটি বম্বেৰ পৰা এৰোস্পেচ ইঞ্জিনিয়াৰিঙত বি.টেক কৰি পিছত তেওঁ ভাৰত আৰু কানাডাত কৰ্মৰত আছিল । কিন্তু আধ্যাত্মিকতাৰ প্ৰতি থকা তেওঁৰ আকৰ্ষণে জীৱনতো সম্পূৰ্ণ সলনি কৰি পেলালে। পূৰ্বৰ আইআইটিয়ান অভয় সিঙৰ পৰিচয় হৈ পৰিল এতিয়া এজন বাবা।
বাবা হিচাপে এতিয়া সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে অভয় সিং। প্ৰয়াগৰাজ মহাকুম্ভত অভয় সিং যথেষ্ট জনপ্ৰিয়। কিন্তু এনেধৰণৰ জনপ্ৰিয়তা জানো তেওঁৰ পিতৃ-মাতৃৰ কাম্য ?
অভিভাৱক আমাৰ জীৱনদাতা, পালনকৰ্তা আৰু জীৱনৰ দিশ নিৰ্ণয়কাৰী। মাক-দেউতাকে বহুত কষ্ট আৰু ত্যাগৰ বলত ল’ৰা-ছোৱালীক জন্ম দিয়া লগতে ডাঙৰ-দীঘল কৰে। সন্তানে নিজৰ কেৰিয়াৰ প্ৰতিষ্ঠা কৰিবৰ বাবে যিমান কষ্ট কৰি আহিছে,তাতোকৈ বহুগুণে অভিভাৱকে নিজৰ সন্তানৰ জীৱনতো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্রত চিন্তা কৰে।
বৰ্তমান সময়ত উচ্চ ডিগ্ৰী-ডিপ্লমাৰে মানুহবোৰ শিক্ষিত হৈছে । পূৰ্বতকৈ মানুহ বেছি সচেতন হোৱা বুলি গণ্য কৰা হয়। বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ বলত মানুহে অসম্ভৱকো সম্ভৱ কৰি তুলিছে। কিন্তু একে সময়তে একাংশ ল'ৰা-ছোৱালী দায়িত্বহীন,উশৃংখল আৰু বেপেৰোৱা চৰিত্রৰ হৈ পৰা বুলি অভিযোগ উত্থাপন হৈ আহিছে ।
ভাং,চিগাৰেট, ড্ৰাগছৰ দৰে অপকাৰী দ্ৰব্যৰ কবলত পৰি উছন হৈ গৈছে যুৱ-প্ৰজন্ম। আৰু এই সমাজখনকে প্ৰতিনিধিত্ব কৰিছে অভয় সিঙৰ দৰে একাংশ তথাকথিত বাবই। মহাদেৱৰ নামত সন্য়াস লোৱা এইগৰাকী অভয় সিঙৰ মাদক দ্ৰব্য সেৱনৰ ফটো ইতিমধ্যে সামাজিক মাধ্যমত উপলব্দ।
অভয় সিঙৰ পিতৃ এগৰাকী অধিবক্তা। পিতৃ কৰণ গ্ৰেৱালৰ পৰা জানিব পৰা মতে, প্ৰায় ৬ মাহ পূৰ্বে পুত্ৰ অভয় সিঙৰ সৈতে যোগাযোগ হৈছিল পৰিয়ালটোৰ। তেতিয়াৰে পৰা পিতৃয়ে নাজানে অভয় ক'ত আছে। তেওঁ আৰু তেওঁৰ পৰিয়ালে অভয় সিঙক পুনৰ ঘৰলৈ উভতি অহাটো বিচাৰে। কিন্তু তেওঁ এইটোও বিশ্বাস কৰে যে অভয়ৰ আৰু ঘৰলৈ উভতি অহাৰ সম্ভাৱনা নাই।
ইফালে অভয়ক লৈ উদ্বিগ্ন মাতৃ আৰু ভগ্নীও। বিভিন্ন স্থানত বিচাৰ-খোচাৰ কৰিও পুত্ৰৰ কোনো শুংসূত্ৰ নোপোৱাত অভিভাৱক চিন্তিত হোৱাতো স্বাভাৱিক। কিন্তু পিতৃ-মাতৃৰ চিন্তা-ভাবনাক অগ্ৰাধিকাৰ নিদিয়া পুত্ৰই ইতিমধ্যে মহাকুম্ভ মেলাৰ পৰাও পলায়ন কৰাৰ খবৰ পোৱা গৈছে।
বৃহস্পতিবাৰে নিশা তেওঁৰ পিতৃ-মাতৃয়েও জুনা আখৰাৰ ১৬ নং মাদি আশ্ৰমত অভয়ক বিচাৰি উপস্থিত হয় যদিও ইতিমধ্যে মহাকুম্ভ ত্যাগ কৰিছে অভয়ে। আশ্ৰমৰ সন্তসকলৰ মতে, সংবাদ মাধ্যমক অহৰহ সাক্ষাৎকাৰ দি থকা ফলত বাবা অভয় সিঙৰ মানসিক চাপ বাঢ়ি আহিছিল। ইয়াৰ বাবেই আশ্ৰম এৰি যোৱাৰ সিদ্ধান্ত লয় অভয়ে। চুইচ অফ হৈ আছে তেওঁৰ মোবাইল নম্বৰটোও।
যিসময়ত অভিভাৱকৰ সাৰথি হৈ দেশক এগৰাকী এৰোস্পেচ অভিযন্তা হিচাপে প্ৰতিনিধিত্ব কৰিব লাগিছিল সেই সময়ত আধ্যাত্মিকতাৰ দোহাই দি পলায়ন কৰি ফুৰিছে এইগৰাকী আই আই টিয়ান বাবাই. আৰু পুত্ৰ উভতি অহালৈ অহৰহ বাট চাইছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে...