কংগ্ৰেছে এলাগী কৰা নেতা হ'ব মিজোৰামৰ মুখ্যমন্ত্ৰী...

কংগ্ৰেছে এলাগী কৰা নেতা হ'ব মিজোৰামৰ মুখ্যমন্ত্ৰী...
কংগ্ৰেছে এলাগী কৰা নেতা হ'ব মিজোৰামৰ মুখ্যমন্ত্ৰী...

কিং মেকাৰ নহয়, কিং হ’ব তেওঁ। উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ ৰাজ্য মিজোৰাম বিধানসভা নিৰ্বাচনত এইবাৰ জোৰাম পিপলছ মোভমেণ্টৰ সমৰ্থন অবিহনে কোনেও চৰকাৰ গঠন কৰিব নোৱাৰিব বুলি ধাৰণা কৰা হৈছিল। সেই ধাৰণা যে ভুল তাক প্ৰমাণ কৰিলে দলটোৱে।

জোৰাম পিপলছ মোভমেণ্টে আন কোনো দলৰ সহায় অবিহনেই চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে মিজোৰামত। ক্ষমতালৈ আহিবৰ বাবে প্ৰয়োজনীয় ২১ খন আসন অনায়াসে দখল কৰিবলৈ আগবাঢ়িছে দলটো। ২০১৮ চনত জন্মগ্ৰহণ কৰা জোৰাম পিপলছ মোভমেণ্টৰ এনে উত্থাপনৰ মূলতে এজন বিশেষ ব্যক্তি।

এসময়ত তেওঁ আছিল ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ দায়িত্বত। আজি তেওঁ মিজোৰামত চৰকাৰ গঠনত মুখ্য ভূমিকা লোৱাই নহয়, মুখ্যমন্ত্ৰী হ’বলৈকো আগবাঢ়িছে। পেছাগতভাৱে তেওঁ আছিল ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া।

৮০ ৰ দশকত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ দায়িত্ব পালন কৰি থকাৰ মাজতে ইন্দিৰা গান্ধীৰ কথা মতেই তেওঁ চাকৰিৰ পৰা অব্যাহতি লৈ যোগদান কৰিছিল ৰাজনীতিত। ৰাজনীতিত যোগদান কৰিয়েই তেওঁ নিৰ্বাচিত হয় লোকসভাৰ সাংসদ হিচাপে।

ইয়াৰ পাছত আহে ৰাজীৱ গান্ধীৰ সময়। ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী হিচাপে থকাৰ সময়েত স্বাক্ষৰিত হৈছিল ঐতিহাসিক মিজো শান্তি চুক্তি। যি চুক্তিৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম অশান্ত ৰাজ্য মিজোৰামলৈ শান্তিৰ পৰিৱেশ ঘূৰি অহাৰ বাট মুকলি হয়।

এই চুক্তি আৰু মিজোৰামৰ শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আছিল একালৰ দক্ষ প্ৰশাসনিক বিষয়া তথা সফল ৰাজনীতিবিদ লালডুহোমা। মিজোৰামৰ অন্যতম শক্তিশালী আঞ্চলিক ৰাজনৈতিক দললৈ ৰূপান্তৰ হোৱা জোৰাম পিপলছ মোভমেণ্টৰ নেতা।

এইগৰাকী নেতাই ২০১৮ ত মিজোৰামত ভংগ কৰিছিল দুই দশকৰ দ্বিমেৰু ৰাজীতিৰ প্ৰথা। ২০১৮ ৰ আগলৈকে ৰাজ্যখনৰ ৰাজনীতিত মূলতঃ কংগ্ৰেছ আৰু এম এন এফেই আছিল প্ৰধান শক্তি।

২০১৮ ত ৰাজ্যখনত শক্তিশালী কংগ্ৰেছক তৃতীয়স্থানলৈ অৱনমিত কৰাই জেড পি এম হৈ পৰিছিল মিজোৰাম বিধানসভাৰ দ্বিতীয় সৰ্বাধিক সদস্যৰ দল। নিৰ্বাচনৰ সময়ত এইগৰাকী নেতাৰ অনুগামীৰ দাবী আছিল এইবাৰ মিজোৰামত শাসকীয় এম এন এফক পৰাস্ত কৰি আইজল দখল কৰিব জেড পি এমে।সেয়াই এতিয়া শুদ্ধ হ’বলৈ আগবাঢ়িছে।

নিৰ্বাচনৰ পূৰ্বে আৰু ভোটগ্ৰহণৰ পাছত প্ৰকাশ পোৱা বিভিন্ন সমীক্ষাতো কোৱা হৈছিল এইবাৰো লালডুহোমাৰ জেড পি এমে মিজোৰামত চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। তেওঁক বাদ দি মিজোৰামত কোনেও চৰকাৰ গঠন কৰিবলৈ সক্ষম নহ'ব।

এই সমীক্ষাক অসত্য প্ৰমাণিত কৰি জেড পি এমে অকেলই চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে। ৪০ খন আসনৰ ভিতৰত প্ৰতিবেদন লিখি থকা সময়লৈকে ১৯ খন আসনত জেড পি এমৰ প্ৰাৰ্থী বিজয় সাব্যস্ত কৰাৰ লগতে আন ৮ খন আসনত আগবাঢ়ি আছে। অৰ্থাৎ দলটোৱে সৰ্বমুঠ ২৭ খন আসনত আগবাঢ়িছে। মন কৰিব চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ২১ খন আসনৰ।

নিৰ্বাচনৰ পূৰ্বে লালডুহোমা মিজোৰামৰ কিং মেকাৰ হ'ব বুলি ধাৰণা কৰা হৈছিল। কিন্তু ভোটগ্ৰহণ চলি থকাৰ সময়ত স্পষ্ট হৈছে, লালডুহোমা মিজোৰামৰ 'কিং মেকাৰ' নহয়, 'কিং' হোৱাৰ বাবেহে আগ্ৰহী। ইয়াৰ পৰাই অনুমান কৰিব পাৰি মিজোৰামৰ ৰাজনীতিত এতিয়া তেওঁৰ শক্তি কিমান।

প্ৰতিবেদন লিখি থকাৰ সময়ত ৰাজ্যখনত শাসকীয় এম এন এফ ৩ খন আসনত বিজয়ী হোৱাৰ বিপৰীতে আন ৭ খন আসনত আগবাঢ়ি আছে। বিজেপিয়ে ২ খন আসন লাভ কৰিছে। কংগ্ৰেছ আগবাঢ়ি আছে মাত্ৰ এখন আসনত।

আজি কংগ্ৰেছ এনে দুৰৱস্থাৰ সন্মুখীন হোৱাৰ আঁৰত যে ৰাজ্যখনৰ কংগ্ৰেছ নেতাসকলে একালত কৰা ভুল সেয়া পুনৰবাৰে স্পষ্ট হৈছে। এতিয়াৰ জেড পি এমৰ নেতা তথা একালৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া লালডুহোমাই চৰকাৰী চাকৰি ত্যাগ কৰি প্ৰথমে যোগদান কৰিছিল কংগ্ৰেছতে।

কংগ্ৰেছৰ পৰাই তেওঁ প্ৰথমে নিৰ্বাচিত হৈছিল লোকসভাৰ সাংসদ হিচাপে। পালন কৰিছিল মিজোৰাম কংগ্ৰেছৰ সভাপতিৰো দায়িত্ব। ১৯৮২ চনৰ আগলৈকে অসমত কৰ্মৰত হৈ থকা লালডুহোমাক সেই বছৰ দিল্লীলৈ বদলি কৰি লৈ যোৱা হৈছিল।

দিল্লীত তেওঁক নতুনকৈ প্ৰদান কৰা হৈছিল প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ দায়িত্ব। ১৯৭৭ চনৰ পূৰ্বে আই পি এছ হিচাপে নিযুক্তি লাভৰ আগতে ৰাজ্যৰ প্ৰশাসনিক বিষয়া হিচাপে মিজোৰামৰ প্ৰথম মুখ্যমন্ত্ৰী চি চুংগাৰ সহায়ক আছিল তেওঁ।

এই কথা জানিছিল ইন্দিৰা গান্ধীয়ে। প্ৰধানমন্ত্ৰী গান্ধীয়ে তেওঁৰ নিৰাপত্তাৰ দায়িত্বত থকা লালডুহোমাৰ ৰাজনৈতিক বিচক্ষণতাৰ কথাও জানিছিল। সেয়ে তেওঁক ১৯৮৪ ত মিজোৰামলৈ ঘূৰাই পঠিয়াইছিল।

আৰক্ষী সেৱাৰ চাকৰি ত্যাগ কৰি সেইবাৰেই তেওঁ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতা কৰে। মিজোৰামৰ জনসাধাৰণেও তেওঁক বিপুল ভোটত বিজয় সাব্যস্ত কৰোৱাই দিল্লীলৈ প্ৰেৰণ কৰে।

ইয়াৰ পাছত তেওঁৰ মধ্যস্থতাতে মিজোৰামৰ বিদ্ৰোহী নেতা লালডেংগাৰ সৈতে কেন্দ্ৰীয় চৰকাৰে ঐতিহাসিক মিজো শান্তি চুক্তি স্বাক্ষৰিত কৰে। এই লালডেংগাই পৰৱৰ্তী সময়ত গঠন কৰিছিল মিজোৰমাত এতিয়া শাসন কৰি থকা মিজো নেচনেল ফ্ৰণ্ট চমুকৈ এম এন এফ।

কংগ্ৰেছে লালডুহোমাক ৰাজ্যখনত বিভিন্ন দায়িত্ব প্ৰদান কৰিছিল। দিল্লীয়ে তেওঁক গুৰুত্ব দিছিল। কিন্তু পৰৱৰ্তী সময়ত ৰাজ্যখনৰ আন এগৰাকী কংগ্ৰেছ নেতা লালথানহাওলাৰ সৈতে সংঘাত হয় লালডুহোমাৰ।

এই সংঘাতে চূড়ান্ত ৰূপ লোৱাত তেওঁ কংগ্ৰেছ ত্যাগ কৰি গঠন কৰে মিজো নেচনেল ইউনিয়ন। অৱশ্যে পিছত যোগদান কৰিলে পিপলছ কনফাৰেন্সত। ইয়াতো তেওঁ বেছি দিন তিস্তি থাকিব নোৱাৰিলে।

পিপিলছ কনফাৰেন্স ত্যাগ কৰি তেওঁ যোগদান কৰে এম এন এফত। এম এন এফৰ মুৰব্বী তথা একালৰ বিদ্ৰোহী নেতা লালডেংগা যি লালডুহোমাৰ মধ্যস্থতাতে শান্তি চুক্তি কৰি ৰাজনীতিত অংশগ্ৰহণেৰে মিজোৰামৰ মুখ্যমন্ত্ৰী হৈছিল তেওঁৰ জীৱিত অৱস্থালৈকে এম এন এফত লালডুহোমাও ঠিকেই আছিল।

কিন্তু লালডেংগাৰ মৃত্যুৰ পাছত তেওঁৰ উত্তৰসুৰি জোৰামথাংগাৰ সৈতে সংঘাত হয় লালডুহোমাৰ। সেয়ে তেওঁ দল ত্যাগ কৰি গঠন কৰে জোৰাম নেচনেলিষ্ট পাৰ্টি। ২০০৩ আৰু ২০০৮ চনৰ মিজোৰাম বিধানসভাত তেওঁ দলটোৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।  

২০১৮ চনত তেওঁ হৈ পৰে বিৰোধী দলৰ নেতা। সেইবাৰ বিধানসভাৰ নিৰ্বাচনৰ ঠিক আগে আগে এইগৰাকী নেতাৰ উদ্যোগতে জোৰাম নেচনেলিষ্ট পাৰ্টীসহ মিজোৰামৰ মুঠ ৭ টা ৰাজনৈতিক দলে একত্ৰিত হৈ গঠন কৰে এক উমৈহতীয়া মঞ্চ- জোৰাম পিপলছ মোভমেণ্ট।

ফলত এই মঞ্চই একত্ৰিতভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি দখল কৰে ৮ খন আসন। ইয়াৰ লগে লগে দলটো মিজোৰাম বিধানসভাত হৈ পৰে দ্বিতীয় বৃহত্তম শক্তি। সেইবাৰ এম এন এফে ২৬ খন আসনত জয়েৰে দখল কৰে আইজল।

কংগ্ৰেছে লাভ কৰে ৫ খন আসন। ফলত কংগ্ৰেছ ৰাজ্যখনত থাকে তৃতীয় স্থানত। এই নিৰ্বাচনত লালডুহোমাই ছেৰচিপ আসনত পৰাস্ত কৰিছিল কংগ্ৰেছৰ তদানীনন্তন মুখ্যমন্ত্ৰী লালথানহাওলাক।

কিন্তু নিৰ্বাচনৰ পাছতে ৭ টা ৰাজনৈতিক দলৰ উমৈহতীয়া মঞ্চ জেড পি এমে ৰাজনৈতিক দল হিচাপে আত্মপ্ৰকাশ কৰে। দলটোৰ সভাপতিৰ দায়িত্ব কান্ধ পাতি লয় লালডুহোমাই। নতুন দলৰ পদ গ্ৰহণ কৰাৰ বাবে দলত্যাগ আইনৰ আওতাত পৰি তেওঁ বিধায়ক পদ হেৰুৱাবলগীয়া হয়।

কিন্তু তেওঁৰ জনপ্ৰিয়তা ইমানেই বৃদ্ধি পালে যে, পুনৰ উপ-নিৰ্বাচনত বিজয়ী হৈ মিজোৰাম বিধানসভালৈ আহি বিৰোধী দলৰ নেতাৰ ভূমিকা পালন কৰে। শেহতীয়াকৈ অনুষ্ঠিত হোৱা লুংলেইৰ পৌৰসভা নিৰ্বাচনত এই দলটোৱে ১১ সন আসনৰ ১১ খনতেই জয় লাভ কৰিছে। ই প্ৰমাণ কৰে দলটোৰ বৰ্তমানৰ জনপ্ৰিয়তা।

২০২৩ ৰ বিধানসভা নিৰ্বাচনত ৪০ খন আসনৰ মিজোৰাম বিধানসভাত শাসকীয় এম এন এফ অথবা কংগ্ৰেছ কোনোটো দলেই মেজিক নম্বৰ ২১ স্পৰ্শ কৰিব নোৱাৰিব বুলি সমীক্ষাই কৈছিল। যদিও ৰাহুল গান্ধীৰ আগমণে কংগ্ৰেছক ৰাজ্যখনত এক্সট্ৰা মাইেলেজ দিছিল তথাপিও সেয়া যথেষ্ট নহ’ল। দলটোৰ পূৰ্বতকৈ শক্তি হ্ৰাসহে পালে।

একেই অৱস্থা হ’ল এম এন এফৰো। নিৰ্বাচনৰ পূৰ্বে এ বি পি- চি ভোটাৰৰ এক সমীক্ষাত প্ৰকাশ পাইছিল  মিজোৰামত শাসকীয় এম এন এফে ১৩ ৰ পৰা ১৭ খন আসন দখল কৰিব।

ইয়াৰ পাছত ৩০ নৱেম্বৰত প্ৰকাশ পোৱা এ বি পি চি ভোটাৰৰ এক্সিট পোল অনুসৰি ৰাজ্যখনত শাসকীয় মিজো নেচনেল ফ্ৰণ্টেই পুনৰ ক্ষমতা দখল কৰাৰ কথা। এই সংস্থাটোৰ এক্সিট পোলে কৈছিল মিজো নেচনেল ফ্ৰণ্টে ১৫ ৰ পৰা ২১ খন, জোৰাম পিপলছ মোভমেণ্টে  ১২ ৰ পৰা ১৮ খন আসন দখল কৰিব। কংগ্ৰেছে লাভ কৰিব ২ ৰ পৰা ৮ খন আসন।

ৰিপাব্লিকৰ এক্সিট পোলে প্ৰকাশ কৰা অনুসৰি এম এন এফে ১৭ ৰ পৰা ২২ খন আসন, জেড পি এমে ৭ ৰ পৰা ১২ খন আসন, কংগ্ৰেছে পাব ৭ ৰ পৰা ১০ খন আসন পোৱাৰ কথা। ইণ্ডিয়া টুডে' চি এন এক্সৰ এক্সিট পোল অনুসৰি আকৌ এম এন এফে ১৪ ৰ পৰা ১৮ খন, জেড পি এমে ১২ ৰ পৰা ১৬ খন, কংগ্ৰেছে ৮ ৰ পৰা ১০ খন, বিজেপিয়ে ০ অথবা ২ খন আসন লাভ কাৰ কথা।

কিন্তু এই সকলো সমীক্ষাকে অশুদ্ধ প্ৰমাণ কৰি জেড পি এমে অকলেই ২৭ খন আসন লাভ কৰিবলৈ আগবাঢ়িছে। অৱশ্যে মিজোৰামত জেড পি এমৰ চৰকাৰ হ’লেও ইয়াত বিজেপিৰো অৱদান নথকা নহয়।

মিজোৰামত ক্ষমতা দখলৰ বাবে অসমৰ্থ দলটোৱে যিকোনো প্ৰকাৰে চৰকাৰৰ অংশীদাৰ হ’বলৈ, ৰাজ্যখনত নিয়ন্ত্ৰণ ৰাখিবলৈ জেড পি এমক সহায় কৰাৰ অভিযোগো নথকা নহয়। জেড পি এমৰ প্ৰাৰ্থীৰ বিৰুদ্ধে দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ লগতে একাধিক সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পৰা বিৰত আছিল।

সেয়া যিয়েই নহওক কংগ্ৰেছ নেত্ৰী তথা একালৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ৰাজনীতিলৈ অনা এইগৰাকী নেতাই আজি মিজোৰামত সকলোকে উফৰাই চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে। একালত ক্ষমতাত থকা কংগ্ৰেছক অস্তিত্বহীন কৰি তুলিবলৈ সক্ষম হৈছে।

জোৰামথাংগাৰ দৰে অহংকাৰী নেতাক এক পাঠ দিবলৈ সক্ষম হৈছে। একালত সকলোৱে কাষৰ পৰা আঁতৰাই পঠিওৱা লালডুহোমা এতিয়া নিজেই নেতা। মিজোৰামৰ ভাবি মুখ্যমন্ত্ৰী। এয়াই ৰাজনীতি। এয়াই সফলতা।

কংগ্ৰেছে এলাগী কৰা নেতা হ'ব মিজোৰামৰ মুখ্যমন্ত্ৰী...
আকৌ আহিল ৰাসঃ সজীৱ হ'ব জাতীয় সংস্কৃতি, শক্তিশালী হ'ব গ্ৰাম্য অৰ্থনীতিৰ ভেঁটি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in