Advertisment

২০২৪- ত ক্ৰীড়া বিশ্বত মূৰ দাঙি থিয় দিলে ভাৰতে

২০২৪ ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ বাবে কেইবাটাও কাৰণত উল্লেখনীয় হৈ থাকিব। ২০২৪ ত ভাৰতে ক্ৰীড়া ক্ষেত্ৰত লাভ কৰা সফলতা আৰু বিফলতাসমূহ বহু বছৰলৈ চৰ্চাত থাকিব।

author-image
Asomiya Pratidin
New Update
২০২৪- ত ক্ৰীড়া বিশ্বত মূৰ দাঙি থিয় দিলে ভাৰতে

অন্ত হোৱাৰ দিশে ২০২৪ বছৰটো। মাজত মাত্ৰ কেইটামান দিন। ২০২৪ ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ বাবে কেইবাটাও কাৰণত উল্লেখনীয় হৈ থাকিব। ২০২৪ ত ভাৰতে ক্ৰীড়া ক্ষেত্ৰত লাভ কৰা সফলতা আৰু বিফলতাসমূহ বহু বছৰলৈ চৰ্চাত থাকিব।

এই বছৰটোত যিদৰে ডবাৰ ক্ষেত্ৰখনত ভাৰতে বিশ্বজুৰি ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ’ল সেইদৰেই অলিম্পিকতো নতুন নতুন ইতিহাস গঢ়িবলৈ সক্ষম হ’ল। তাৰ মাজতেই অলিম্পিকৰ জৰে মঞ্চতে আকৌ বহু স্বপ্ন ভংগ হ’ল ভাৰতৰ।

অৱশ্যে বছৰৰ এই অন্তিম সময়ত ক্ৰীড়া অনুৰাগীৰ অন্তৰত আঘাত দিয়া সেইসমূহ ঘটনাক পুনৰ এবাৰ ৰোমন্থন কৰিব বিচৰা নাই। এই প্ৰতিবেদনত মাত্ৰ ৫ টা উল্লেখনীয় ঘটনাৰ বিষয়েহে উল্লেখ কৰা হ’ব। ভাৰতীয় ক্ৰীড়া জগততে নহয় বিশ্ব ক্ৰীড়া জগততো সুকীয়া স্থান অৰ্জন কৰা ভাৰতৰ এই ৫ টা সফলতাই ২০২৪ ক বহু বছৰলৈ যে স্মৰণীয় কৰি ৰাখিব সেয়া নিশ্চিত। 

Advertisment

টি-২০ বিশ্বকাপ জয়

ভাৰতীয় ক্ৰিকেট দলটোৱে ২০২৩ ত ঘৰৰ মাটিতে এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত পৰাস্ত হোৱাৰে পাছতেই একপ্ৰকাৰে ভাঙি পৰিছিল ভাৰতীয় ক্ৰিকেট অনুৰাগীসকল। ৰোহিত শৰ্মাৰ নেতৃত্বত গঠিত সেই দলটোৱে এখনো মেচত পৰাজয় বৰণ নকৰাকৈ ফাইনেলত অৱতীৰ্ণ হৈছিল। কিন্তু অষ্ট্ৰেলিয়াৰ হাতত আহমেদাবাদত বিশ্ব জয়ৰ সেই স্বপ্ন ভংগ হৈছিল।

২০২৪ ত সেই স্বপ্ন ভংগৰ পীড়াৰ পৰা কিছু উপসম হ’ল ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ। বাৰ্বাডোছত টি-২০ বিশ্বকাপত মূৰ তুলি থিয় দিলে ৰোহিত শৰ্মা নেতৃত্বাধীন দলটোৱে। বি চি চি আইৰ তদানীন্তন সচিব জয় শ্বাহে কোৱাৰ দৰেই বাৰ্বাডোছত জাতীয় পতাকা উৰুৱালে ভাৰতীয় দলটোৱে।

লগে লগে ১১ বছৰীয়া এক শূন্যতাৰ অৱসান। এই ১১ বছৰত ভাৰতে এটাও আই চি চি ট্ৰফী জয় কৰিব পৰা নাছিল। অৱশ্যে কেইবা বাৰো আই চি চিৰ ট্ৰফী হাতত তুলিব পৰাকৈ দুৱাৰ মুখত গৈ উপনীত হৈছিল। শেষ মুহূৰ্ততে লাগিছিল খেলিমেলি। যিদৰে আহমেদাবাদত হৈছিল সেই খেলিমেলি।

চিৰকাললৈ স্মৰণীয় হৈ থাকিব বাৰ্বাডোছৰ সেই ফাইনেল। ল’ স্ক’ৰৰ মেচখনত ভাৰতীয় দলটোৰ বিজয়ৰ নায়ক আছিল কেইবাজনো। ক্ৰিকেট ইতিহাসে মনত ৰাখিব সেই মেচখনৰ ৰোহিত, অৰ্শ্বদীপ সিঙৰ সেই অভাৰ কেইটাৰ লগতে পাণ্ডিয়াৰ সেই অন্তিম অভাৰ। সূৰ্য কুমাৰ যাদৱৰ সেই কেচ আৰু ৰোহিত শৰ্মাৰ আক্ৰমণাতক বেটিং শৈলী।

বিশ্ব চেম্পিয়ন ডি গোকেশ

বছৰটোৰ শেষত ভাৰতক বিশ্বত গৌৰৱাম্বিত কৰি তুলিছিল ১৮ বছৰীয়া এজন যুৱকে। সেইদিনা বিশ্ব দবা চেম্পিয়নশ্বিপৰ ফাইনেলত তেওঁ পৰাস্ত কৰিছিল চীনৰ জিং লিৰেনক। লগে লগে ভাৰতৰ এই ১৮ বছৰীয়া যুৱকজন হৈ পৰিছিল বিশ্ব দবাৰ নতুন চেম্পিয়ন। কেৱল চেম্পিয়নেই নহয় তেওঁ হৈছিল বিশ্ব দবাৰ সৰ্ব কনিষ্ঠ বিশ্ব দবা চেম্পিয়ন।

ডোমৰাজু গুকেশ- বিশ্বত এতিয়া ভাৰতৰ অন্যতম পৰিচয়। ২০১২ চনত বিশ্বনাথন আনন্দ হৈছিল দবাৰ চেম্পিয়ন। কেৰিয়াৰত বিশ্বনাথন আনন্দে মুঠ ৫ বাৰ এই সফলতা অৰ্জন কৰিছিল।  এনে সফলতা অৰ্জন কৰা প্ৰথমজন ভাৰতীয় বিশ্বনাথন আনন্দ। সেই বিশ্বনাথন আনন্দৰে অনুৰাগী তথা শিষ্য ডি গোকেশ। 

ডি গোকেশ দ্বিতীয় জন ভাৰতীয় হিচাপে পৰিগণিত হৈছে যিয়ে বিশ্ব দবা চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। এই গৌৰৱৰ অৰ্জনৰ পূৰ্বে তেওঁ আকৌ দবা অলিম্পিয়াডতো স্বৰ্ণ অৰ্জন কৰি আন এক সফলতা অৰ্জন কৰিছিল। স্বাভাৱিকতে ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে এয়া আছিল যোগাত্মক আৰু প্ৰেৰণাদায়ক খবৰ।

অলিম্পিকত মনু ভাকেৰৰ অবিস্মৰণীয় সফলতা

এগৰাকী ক্ৰীড়াবিদৰ চূড়ান্ত লক্ষ্য অলিম্পিক। অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰিবলৈ, দেশৰ হৈ পদক অৰ্জন কৰিবলৈ ক্ৰীড়াবিদে বছৰ বছৰ ধৰি তপস্যা কৰে, সাধনা কৰে। অশেষ কষ্ট আৰু ত্যাগৰ বিনিময়তো হাজাৰ হাজাৰ খেলুৱৈৰ এই সপোন সপোন হৈয়ে থাকে। মাত্ৰ কেইজনমান খেলুৱৈয়েহে দেশক প্ৰতিনিধিত্ব কৰি পদক অৰ্জনৰ সপোন পূৰণ কৰিবলৈ সক্ষম হয়।

বিশেষকৈ ভাৰতৰ দৰে এখন দেশত অলিম্পিকৰ এটা পদকৰ মূল্য কিমান সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। তেনে অৱস্থাত এখন অলিম্পিকতেই এজন খেলুৱৈয়েই দুটাকৈ পদক অৰ্জন কৰাটো ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবেই আছিল গৌৰৱৰ মুহূৰ্ত।

পেৰিছ অলিম্পিকত এইবাৰ শ্বুটাৰ মনু ভাকেৰে লিপিবদ্ধ কৰিলে এক নতুন ইতিহাস। অলিম্পিকত ১০ মিটাৰ এয়াৰ পিষ্টলৰ ব্যক্তিগত আৰু দলীয় শাখাত তেওঁ দুটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।  ইয়াৰ লগে লগে তেওঁ ভাৰতৰ দ্বিতীয়গৰাকী এথলিটলৈ পৰিগণিত হৈছে যিয়ে এখন অলিম্পিকত দুটাকৈ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

তাৰোপৰি মনু ভাকেৰ প্ৰথমগৰাকী মহিলা শ্বুটাৰ যি এখন অলম্পিকত দুটা পদক লাভ কৰিছে। এই সফলতা অৰ্জন কৰাৰ পাছতে মনু ভাকেৰ হৈ পৰিছে দেশৰ বহুতৰ বাবেই আদৰ্শ স্বৰূপ। 

'গ’ল্ডেন বয়' নীৰজ চোপ্ৰাই দেশবাসীক পুনৰ কৰিলে গৌৰৱাম্বিত


টকিঅ’ অলিম্পিকত ট্ৰেক এণ্ড ফিল্ড ইভেণ্টত প্ৰথমবাৰৰ বাবে সোণৰ পদক অৰ্জন কৰি ইতিহাস সৃষ্টি কৰিছিল নীৰজ চোপ্ৰাই। জেভলীন থ্ৰ’ৰে বিশ্ব জয় কৰা নীৰজে সফলতাৰ সেই ধাৰাবাহিকতা অব্যাহত ৰাখিলে পেৰিছ অলিম্পিকতো।

অৱশ্যে পেৰিছত তেওঁ সোণৰ পদকৰ বিপৰীতে পালে ৰূপৰ পদক। সোণৰ পদক লাভ কৰিলে পাকিস্তানৰ আৰ্ছাদ নাডিমে। এই আৰ্ছাদ নাডিমৰ সৈতেও নীৰজে যিদৰে অলিম্পিকত সম্পৰ্ক বিশ্ববাসীক দেখুৱালে সেই সম্পৰ্কও চৰ্চাৰ বিষয় হৈ পৰিছিল। 

নীৰজ চোপ্ৰাই দ্বিতীয়বাৰৰ বাবে অলিম্পিকত পদক অৰ্জন কৰি লাভ কৰা এই সফলতাও বহু বছৰলৈ দেশবাসীয়ে নিশ্চয় মনত ৰাখিব।

দবা অলিম্পিয়াডত উৰিল ভাৰতীয় ত্ৰিৰংগ

২০২৪ ত ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰত উচ্চ শিখৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত অন্যতম সফলতা আছিল দবা অলিম্পিয়াডৰ সফলতা। প্ৰথমবাৰৰ বাবে এইবাৰ দবা অলিম্পিয়াডত ভাৰতৰ পুৰুষ আৰু মহিলা দুয়োটা দলেই সোণৰ পদক অৰ্জন কৰিছে।

ভাৰতীয় পুৰুষ দলটোৱে শ্ল’ভেনিয়াক পৰাস্ত কৰাৰ বিপৰীতে মহিলা দলটোৱে  আজাৰবাইজানক পৰাস্ত কৰি এই সফলতা অৰ্জন কৰিছিল। তাৰোপৰি দবা অলিম্পিয়াডত  ডি গুকেশ, অৰ্জুন এগাছি আৰু দিব্য দেশমুখে ব্যক্তিগতভাৱেও লাভ কৰিলে সোণৰ পদক।

দবা অলিম্পিয়াডত সোণৰ পদক অৰ্জন কৰা ভাৰতী পুৰুষ দলটোৰ সদস্য কেইজন আছিল ক্ৰমে ডি গোকেশ, আৰ প্ৰজ্ঞানন্দ, অৰ্জুন এগাছি, ভিডিট গুজৰাথি আৰু পেণ্টালা হৰিকৃষ্ণণ।

মহিলা দলটোৰ সদস্যসকলৰ ভিতৰত আছিল হৰিকা দ্ৰোণাভল্লি, বৈশালী ৰমেশবাবু, দিব্যা দেশমুখ, ভাণ্টিকা আগৰৱাল আৰু টানিয়া ছচদেৱা। ভাৰতৰ দবা দলৰ এই অভিযানতো নিৰ্ণায়ক ভূমিকা লৈছিল ডি গোকেশেই।  তেওঁ মুকলি শাখাত ১১ টা ৰাউণ্ডৰ ভিতৰত ১০ টাতে জয়লাভ কৰিছিল।  

অলিম্পিক ক্ৰিকেট ক্ৰীড়া খেল