পিতৃ যেতিয়া হত্যাকাৰী হয়....

এটা অভিশপ্ত কোঠা। সেই কোঠাটোৰ ভিতৰত এটা পৰিয়ালৰ ৩গৰাকী লোকৰ মৃতদেহ। মাতৃ আৰু কন্যাৰ মৃতদেহ পৰি আছিল বিচনাৰ তলত আৰু পিতৃৰ মৃতদেহ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰিছিল আৰক্ষীয়ে।

author-image
Asomiya Pratidin
New Update
হত্যাকাৰী

হত্যাকাৰী

সতীয়া পিতৃয়ে হত্যা কৰিলে কন্যাক। গুৱাহাটীৰ বামুণীমৈদামত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডৰ আঁৰৰ বহু খবৰ শেহতীয়াকৈ পোহৰলৈ আহিছে। কিয় আৰু কেনেকৈ সতীয় পিতৃ লোহিত ঠাকুৰীয়াই এনে পথ বাচি ললে, তাক লৈ অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...

Advertisment

এটা অভিশপ্ত কোঠা। সেই কোঠাটোৰ ভিতৰত এটা পৰিয়ালৰ ৩গৰাকী লোকৰ মৃতদেহ। মাতৃ আৰু কন্যাৰ মৃতদেহ পৰি আছিল বিচনাৰ তলত আৰু পিতৃৰ মৃতদেহ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। ঘটনাটো গুৱাহাটীৰ বামুণীমৈদামৰ ৰে’লৱে কলনীত সংঘটিত হোৱাৰ পাছতে অঞ্চলটোত লাগিল হুৱা-দুৱা। 

আৰক্ষী আহি মৃতদেহ কেইটা উদ্ধাৰ কৰি আৰম্ভ কৰে তদন্ত। মৃতদেহ কেইটা স্বামী লোহিত ঠাকুৰীয়া, পত্নী জুলি ডেকা আৰু কন্যা ঋত্বিকা ডেকাৰ বুলি আৰক্ষীয়ে চিহ্নিত কৰে। আৰক্ষীৰ তদন্ত যিমানে আগবাঢ়ে, সিমানেই বহু বিস্ফোৰক তথ্য পোহৰলৈ আহে। বামুণীমৈদামৰ ৰে’লৱে’ কলনীৰ K ব্লকৰ ৪২৭ নং কোৱাৰ্টাৰত কি হৈছিল তাৰ সবিশেষ কম সময়ৰ ভিতৰতে ওৱাদিহ লাভ কৰিবলৈ সক্ষম হয় আৰক্ষী।

এই তদন্তত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহে। ঘটনাৰ সবিশেষ জানিবলৈ হলে আমি উভতি যাব লাগিব ১২বছৰৰ আগলৈ। ৰেলৱে বিভাগৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী ভাস্কৰ নাথৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল জুলি ডেকা নামৰ মহিলাগৰাকী। কিন্তু হঠাতে মৃত্যু হয় স্বামী ভাস্কৰ নাথৰ। তাৰ পিছতে স্বামী ভাস্কৰ নাথৰ চাকৰিটো লাভ কৰে পত্নী জুলি ডেকাই। 

দিন বাগৰাৰ লগে লগে জুলি ডেকাৰ চিনাকি হয় এগৰাকী লোকৰ সৈতে। তেৱেঁই হৈছে লোহিত ঠাকুৰীয়া। কিছুদিন সম্পৰ্কত থকাৰ পাছত দুয়ো বুজাপৰাৰে বিবাহপাশত আৱদ্ধ হয়। লোহিত ঠাকুৰীয়াইও সতীয়া কন্যা ঋত্বিকাক নিজৰ কন্যা বুলি গণ্য কৰি মৰম-চেনেহ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে জুলি ডেকাক। 

লাহে লাহে দিন বাগৰিবলৈ ধৰিলে। লোহিত ঠাকুৰীয়াৰ স্বভাৱ-চৰিত্ৰতো আহিল আকাশ-পাতাল পাৰ্থক্য। পেছাত এগৰাকী গেৰেজৰ কৰ্মচাৰী লোহিত ঠাকুৰীয়াই প্ৰথমে মানসিক আৰু পিছত শাৰিৰিক নিৰ্যাতন চলাবলৈ ল'লে মাতৃ-কন্যাৰ ওপৰত। পৰিস্থিতি গৈ এই পৰ্যায় পাইছিলগৈ যে, কন্যাক যৌন নিৰ্যাতন চলোৱাৰ বাবে আৰক্ষীৰ কাষ চাপিব লগীয়া হৈছিল পত্নী জুলি ডেকা। 

সতীয়া কন্যাক নিৰ্যাতন চলোৱাৰ অভিযোগত জে’ললৈ যাব লগীয়া হৈছিল লোহিত ঠাকুৰীয়া। মাত্ৰ কিছুদিন পূৰ্বে জে’লৰ পৰা ওলাই আহিছিল লোহিত ঠাকুৰীয়া। আৰু জে’লৰ পৰা ওলায়েই পত্নী আৰু সতীয়া কন্যাক ভয়-ভাবুকিও দি আহিছিল লোহিত ঠাকুৰীয়াই। চুুবুৰীয়াই সদৰি কৰা অনুসৰি, হত্যাকাণ্ড সংঘটিত হোৱাৰ আগত তেওঁলোকৰ ৰূমৰ ভিতৰতে কাজিয়াৰ সূত্ৰপাত হৈছিল। প্ৰায়ে এনে কাজিয়া তেওঁলোকৰ ঘৰত হয় বুলি ওচৰ চুবুৰীয়াই সদৰি কৰিছে। 

পত্নী আৰু কন্যাই জেললৈ পঠিওৱাৰ খঙত উগ্ৰমূৰ্তি ধৰি আছিল লোহিত ঠাকুৰীয়াই। সেই খঙতে মাতৃ-কন্যাক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰি নিজেও চূড়ান্ত পথ বাচি লয় লোহিত ঠাকুৰীয়াই।  মাতৃ-কন্যাৰ শৰীৰত চোকা অস্ত্ৰৰে আঘাত কৰাৰ চিন স্পষ্ট হৈ আছে।

উল্লেখ কৰা প্ৰয়োজন যে, মৃত জুলী ডেকাৰ ঘৰ মৰিগাঁও জিলাৰ দন্দুৱাত। পূৰ্বে জুলী ডেকা একেখন গাঁৱৰে ভাস্কৰ নাথ নামৰ এজন সৈতে বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু ১২ বছৰ পূৰ্বে স্বামী ভাস্কৰ নাথৰ মৃত্যু হৈছিল। তাৰ পিছতে তেওঁ লোহিত ঠাকুৰীয়াৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।

লোহিতৰ সৈতে বিয়া হোৱাৰ কিছু বছৰৰ পাছৰে পৰা হোৱা ঘৰুৱা অশান্তিয়ে অৱশেষত এই ভয়ংকৰ ঘটনাৰ ৰূপ ল'লে। ঘটনাক লৈ এতিয়াও অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে। 

গুৱাহাটী