Advertisment

বিশ্বৰ সৰ্ববৃহৎ নদী বান্ধ নিৰ্মাণৰ বাবে সাজু চীন...

অসম, অসমীয়াৰ আয়ুস ৰেখা সদৃশ ব্ৰহ্মপুত্ৰ নদীক নিঃশেষ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে ৰঙা চীন। বিভিন্ন সময়ত ভাৰত বিৰোধী স্থিতি লৈ অহা চীনে এইবাৰ ভাৰতৰ উত্তৰ পূৰ্ব প্ৰান্তক মৰুভূমি কৰি তোলাৰ বাবে সাজু হৈছে।

author-image
Asomiya Pratidin
New Update
বিশ্বৰ সৰ্ববৃহৎ নদী বান্ধ নিৰ্মাণৰ বাবে সাজু চীন...

বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ থ্ৰী গৰ্জেছতকৈ তিনিগুণ অধিক বিশাল এক নদীবান্ধ নিৰ্মাণ কৰিবলৈ সাজু হৈছে চীন। ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থলত নিৰ্মাণ কৰিবলগীয়া এই নদীবান্ধে শেষ কৰি পেলাব পাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলক। মৰুভূমি হৈ পৰিব পাৰে অসম। এই নদীবান্ধ সন্দৰ্ভতে অসমীয়া প্ৰতিদিনৰ এক বিশেষ প্ৰতিবেদন

Advertisment

অসম, অসমীয়াৰ আয়ুস ৰেখা সদৃশ ব্ৰহ্মপুত্ৰ নদীক নিঃশেষ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে ৰঙা চীন। বিভিন্ন সময়ত ভাৰত বিৰোধী স্থিতি লৈ অহা চীনে এইবাৰ ভাৰতৰ উত্তৰ পূৰ্ব প্ৰান্তক মৰুভূমি কৰি তোলাৰ বাবে সাজু হৈছে।

বেইজিঙে এনে এক অস্ত্ৰ নিৰ্মাণত সেউজ সংকেট প্ৰদান কৰিছে যিয়ে মুহূৰ্ততে শেষ কৰি পেলাব পাৰিব ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলক। অসম, উত্তৰ পূৰ্বাঞ্চলক বিপদত পেলাই চীনে সাজু কৰা এই অস্ত্ৰপাত হৈছে তিব্বতৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্প।  

চুবুৰীয়া ৰঙা চীন সাজু হৈছে বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে। এই জলবিদ্যুৎ প্ৰকল্প ইমান বৃহৎ হ’ব যে, ই বৰ্তমানৰ বিশ্বৰ সৰ্ববৃহৎ বিতৰ্কিত থ্ৰী গৰ্জেছ জলবিদ্যুৎ প্ৰকল্পতকৈ তিনিগুণ অধিক শক্তিশালী হ’ব। 

চীনৰ সংবাদ সংস্থাত প্ৰকাশ পাইছে এই জলবিদ্যুৎ প্ৰকল্পৰ সবিশেষ

চীনৰ সংবাদ সংস্থা ছিনহুৱাই বুধবাৰে প্ৰকাশ কৰা মতে তিব্বত স্বায়ত্ব শাসিত অঞ্চলৰ য়াৰলুং চাংপো নদীত নিৰ্মাণ কৰিব এই দৈত্যকায় জলবিদ্যুৎ প্ৰকল্প। এই পৰ্কল্পৰ বাবে মুঠ বিনিয়োগ কৰিবলগীয়া ধনৰ পৰিমাণ হৈছে ১ ট্ৰিলিয়ন ইউৱান অৰ্থাৎ ১৩৭ বিলিয়ন আমেৰিকান ডলাৰ।

তিব্বতীয় মালভূমি পাৰ হৈ বৈ যোৱা য়াংৰলুং চাংপোৱে পৃথিৱীৰ আটাইতকৈ গভীৰ গিৰিখাট তৈয়াৰ কৰিছে আৰু ভাৰতত প্ৰৱেশ কৰাৰ পূৰ্বে ৭,৬৬৭ মিটাৰ (২৫,১৫৪ ফুট) তললৈ নামি আহিছে। ভাৰতত এই চাংপোৱেই ব্ৰহ্মপুত্ৰ হিচাপে নাম সলাইছে। 

চীনে যি স্থানত এই এই নদীবান্ধটো নিৰ্মাণ কৰিব সেই স্থানতেই তিব্বতৰ ভিতৰত সৰ্বাধিক বৰষুণ হয়।এই প্ৰকল্পৰ পৰা বছৰি প্ৰায় ৩০০ বিলিয়ন কিলোৱাট-ঘণ্টা বিদ্যুৎ উৎপাদন কৰিব বুলি দাবী কৰা হৈছে। 

থ্ৰী গৰ্জেছ নদীবান্ধ প্ৰকল্পতকৈ তিনিগুণ অধিক বৃহৎ হ’ব এই প্ৰকল্প

থ্ৰী গৰ্জেছ নদীবান্ধ বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ হিচাপে পৰিচিত। এই নদীবান্ধক এনেদৰে ডিজাইন কৰা হৈছিল যে ইয়াৰ উৎপাদন ক্ষমতা ৮৮.২২ বিলিয়ন কিলোৱাট।

চীনৰ হুবেই প্ৰদেশৰ য়িলিং জিলাৰ ইয়াং-চি-কিয়াং নদীৰ ওপৰত স্থাপন কৰা এই জলবিদ্যুৎ প্ৰকল্পই ২০১৪ ত ৯৮.৮ টেৰাৱট-ঘণ্টা শক্তি উৎপাদন কৰি বিশ্ব ৰেকৰ্ড কৰিছিল।

ইয়াৰ প্ৰতিটো টাৰ্বাইনৰ ক্ষমতা ৭০০ মেগাৱাট। এই বান্ধটোৰ ৩২ টা প্ৰধান টাৰ্বাইনৰ সৈতে দুটা ৫০ মেগাৱাটৰ সৰু টাৰ্বাইন যোগ কৰি বিদ্যুৎ উৎপাদন কৰিলে মুঠ বিদ্যুৎ উৎপাদনৰ ক্ষমতা হয়গৈ ২২৫০০ মেগাৱট। 

বিশ্বৰ আটাইতকৈ ডাঙৰ নদী বান্ধ হিচাপে পৰিচিত এই থ্ৰী গৰ্জেছ নদীবান্ধতকৈ তিনিগুণ বিশাল তিব্বত মেগা হাইড্ৰ’পাৱাৰ প্ৰজেক্ট নিৰ্মাণৰ বাবে চীন চৰকাৰে চীল মোহৰ মাৰিছে। ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থলতে স্থাপন কৰিবলগীয়া এই নদীবান্ধ সম্পূৰ্ণ হৈ উঠিলে অসমৰ কি অৱস্থা হ’ব সেয়া সহজেই অনুমেয়।

ভূমিকম্প প্ৰৱণ অঞ্চলত নিৰ্মাণ হ’ব এই নদীবান্ধ 

চীন চৰকাৰৰ শক্তি নিৰ্মাণ নিগমৰ তদানীন্তন অধ্যক্ষ ইয়ান ঝিয়ঙে ২০২০ চনত নদীবান্ধ সম্পৰ্কীয় বিতৰ্ক অব্যাহত থকাৰ সময়তে কৈছিল য়াংৰলুং চাংপোৰ অৱস্থান এনে এক স্থানত যে, ই জলবিদ্যুৎ উৎপাদনৰ বাবে আটাইতকৈ সমৃদ্ধশালী অঞ্চল।

তেওঁ কৈছিল ইয়াৰ নিম্ন অঞ্চলৰ ৫০ কিলোমিটাৰ (৩১ মাইল) এলেকা ২০০০ মিটাৰ উচ্চতাৰ পৰা তললৈ নামিছে। ইয়াত থ্ৰী গৰ্জেছ বান্ধতকৈ অধিক ক্ষমতাসম্পন্ন বান্ধ নিৰ্মাণ কৰিব পৰা যাব।

নদীখনৰ জলবিদ্যুৎ সম্ভাৱনা ব্যৱহাৰ কৰিবলৈ, নামচা বৰৱা পৰ্বতমালাৰ মাজেৰে চাৰিৰ পৰা ছটা ২০ কিলোমিটাৰ দীঘল টানেল খনন কৰিব লাগিব। ভয়ংকৰ কথাটো হ’ল নদীবান্ধৰ বাবে নিৰ্বাচিত এই স্থান এটা টেকটনিক প্লেটৰ সীমাত অৱস্থিত।

এই অঞ্চলত ভূমিকম্প অহাৰ পূৰ্ণ সম্ভাৱনা আছে। তাৰোপৰি এই মালভূমিৰ ভূতাত্ত্বিক গঠন সমভূমিতকৈ বহু পৃথক। 

প্ৰতি বছৰে ৩০০ বিলিয়ন কিলোৱাট-ঘণ্টা বিদ্যুৎ উৎপাদন কৰিব এই নদীবান্ধে

২০২৩ চনৰ এক প্ৰতিবেদন অনুসৰি প্ৰস্তাৱিত এই জলবিদ্যুৎ প্ৰকল্পই প্ৰতি বছৰে ৩০০ বিলিয়ন কিলোৱাট-ঘণ্টা বিদ্যুৎ উৎপাদন কৰিব পাৰিব। যিয়ে ৩০০ মিলিয়নতকৈয়ো অধিক মানুহৰ বাৰ্ষিক চাহিদা পূৰণ কৰিবলৈ সক্ষম হ’ব। তেওঁলোকে কৈছে ব্যাপক ভূতাত্ত্বিক অনুসন্ধান, প্ৰযুক্তিগত অগ্ৰগতি আৰু বৈজ্ঞানিক গৱেষণাৰে নিৰাপদ আৰু উচ্চ মানসম্পন্ন শক্তিশালী ভাৱে তৈয়াৰ কৰা হ’ব এই নদীবান্ধ। 

তেওঁলোকৰ মতে এই প্ৰকল্পই সৌৰ আৰু বায়ু শক্তিৰ সম্পদৰ উন্নয়নকো উৎসাহিত কৰিব। এই প্ৰকল্পক চীনৰ কাৰ্বন শক্তি ৰূপান্তৰৰ এক বৃহৎ পদক্ষেপ বুলিও কোৱা হৈছে।

বেইজিঙে প্ৰথমে ২০২০ তে এই জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা কৰিছিল। এই প্ৰকল্পই ভাৰতৰ জল আৰু খাদ্য নিৰাপত্তাৰ ওপৰত প্ৰভাৱ পেলোৱাক লৈ উদ্বেগৰো সৃষ্টি কৰিছিল। 

ভাৰতৰ বিৰুদ্ধে অস্ত্ৰ হিচাপে বিবেচিত হ’ব পাৰে এই প্ৰকল্প


চীনে এনে এক স্থানত এই নদীবান্ধ নিৰ্মাণ কৰিবলৈ ওলাইছে যে, ই এটা মুহূৰ্ততে ভাৰতৰ এটা অংশক শেষ কৰি দিব পাৰে। এই নদীবান্ধ সম্পূৰ্ণ হৈ উঠিলে অসমৰ উপৰিও বাংলাদেশৰো এটা বৃহৎ অংশ মৰুভূমিলৈ ৰূপান্তৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

অসমৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ অসমৰ আয়ুস ৰেখা। এই নদীক কেন্দ্ৰ কৰিয়েই দুয়ো পাৰৰ সভ্যতা গঢ় লৈ উঠিছে। অসমৰ জৈৱ বৈচিত্ৰও ব্ৰহ্মপুত্ৰ কেন্দ্ৰীক। ব্ৰহ্মপুত্ৰ অবিহনে ইয়াৰ দুয়োটা পাৰৰ অঞ্চল যে মৰুভূমিলৈ ৰূপান্তৰ হৈ পৰিব সেয়া স্পষ্ট।

তাৰোপৰি এই নদীবান্ধৰ পানী যদি একেলগে এৰি দিয়ে তেন্তে ইয়াৰ নামনি অঞ্চলত থকা অসমৰ কি অৱস্থা হ’ব পাৰে সেয়া কল্পনাও কৰিব নোৱাৰি। ভূটানৰ ক্ষুদ্ৰ ক্ষুদ্ৰ নদীবান্ধসমূহে এৰি দিয়াৰ পানীৰ ফলতে নামনি অসমৰ বৰপেটা, বজালী, বাক্সা, চিৰাং আদি অঞ্চলত যোৱা সময়ছোৱাত মহাপ্ৰলয়ৰ সৃষ্টি হোৱাৰ উদাহৰণ আছে।

মাত্ৰ ৬০ মেগাৱট বিদ্যুৎ উৎপাদন কৰিব পৰা ক্ষমতাসম্পন্ন কুৰিশ্বু জলবিদ্যুৎ প্ৰকল্পৰ এৰি দিয়া পানীয়ে নামনি অসমৰ ৰাইজক কাকনি দেখুৱাই আহিছে। ২০০০ মেগাৱাটৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰো ভয়ংকৰ ৰূপ ইতিমধ্যে বহুবাৰ পোহৰলৈ আহিছে। বাৰে বাৰে বিদ্যুৎ উৎপাদন কৰিবলৈ আগবাঢ়িও ব্যৰ্থ হৈছে এন এইছ পি চি। 

এনে পৰিস্থিতিত চীনে নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা বিশ্বৰ সৰ্ববৃহৎ এই নদীবান্ধ প্ৰকল্পৰ পানী যদি হঠাৎ এৰি দিয়ে তেন্তে নামনি অঞ্চলত থকা অসমৰ কি অৱস্থা হ’ব পাৰে সেয়া কল্পনাও কৰিব নোৱাৰি। অৱশ্যে চীনে দাবী কৰিছে এই বান্ধে অসমৰ ৩২.৬ শতাংশ আৰু বাংলাদেশৰ ১৪.৮ শতাংশ বান সমস্যা হ্ৰাস কৰিব পাৰিব। 

নদীবান্ধেই শেষ কৰিব নেকি অসমক?

মাজে মাজে ব্ৰহ্মপুত্ৰৰ পানী ইমান বেছি হ্ৰাস পাই যে বহুতেই দাবী কৰে ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থলত চীনে নিৰ্মাণ কৰা নদীবান্ধৰ বাবেই এই অৱস্থা হয়। তাৰোপৰি ইতিমধ্যে গেৰুকামুখত নিৰ্মাণ হৈছে নামনি সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্প।

তাৰোপৰি অৰুণাচল প্ৰদেশত ১৬৯ টাতকৈ অধিক প্ৰস্তাৱিত বান্ধ আছে। ইফালে ভূটানত কেইবাখনো নদীত নিৰ্মাণ হৈ আছে মুঠ ৩২০০০ মেগাৱট সম্পন্ন কেইবাটাও জলবিদ্যুৎ প্ৰকল্প। এনে অৱস্থাত এতিয়া অসমৰ ভৱিষ্যত কিদৰে ধূসৰ হৈ পৰিছে সেয়া সহজেই অনুমেয়। 

চীন বৃহৎ নদীবান্ধ তিব্বত