মাজত মাত্ৰ কেইটামান ঘণ্টা। অন্ত পৰিব এটা বছৰ, আৰম্ভ হ’ব আন এটা নতুন বছৰ। সেয়ে এতিয়া সময় উভতি চোৱাৰ। সমাপ্ত হ’বলৈ ধৰা ২০২৪ বছৰটোত অসমে বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে। ২০২৪ ত অসমে চলচ্চিত্ৰ তথা সংস্কৃতি , পৰ্যটন আৰু পৰিবেশ ক্ষেত্ৰত লাভ কৰা কিছু সফলতাৰ বিষয়ে চাওঁ আহক।
পৰ্যটন ক্ষেত্ৰঃ ইউনেস্কোৰ স্বীকৃতি আৰু আন্তঃৰাষ্ট্ৰীয় সন্মান
২০২৪ আছিল অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ বাবে এক উল্লেখনীয় বছৰ। ৰাজ্যৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু ঐতিহাসিক স্থানসমূহে এই বছৰত লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি।
চৰাইদেউ মৈদামলৈ ইনেস্কোৰ স্বীকৃতি
ইউনেস্কোৱে ২০২৪ তে চৰাইদেউ মৈদম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিলে। আহোম ৰাজ শাসনৰ ছশ বছৰীয়া সোণালী ইতিহাস বহন কৰিছে ঐতিহাসিক চৰাইদেউ মৈদামে ।
এই ঐতিহাসিক চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিবৰ বাবে অসমে বছৰৰ পাছত বছৰ জুৰি চেষ্টা অব্যাহত ৰাখিছিল। অৱশেষত ২০২৪ ত সেই সোণালী ক্ষণ আহিল। ২৬ জুলাই, ২০২৪ত দিল্লীত অনুষ্ঠিত হোৱা ইউনেস্কোৰ বৈঠকত আনুষ্ঠানিকভাৱে চৰাইদেউ মৈদামক আনুষ্ঠানিকভাৱে বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হয়।
আন্তৰ্জাতিক পৰ্যটন মাৰ্ট
২০২৪ ত অসমৰ প্ৰকৃতি, সংস্কৃতি আৰু বণ্যপ্ৰাণীক আন্তৰ্জাতিক মঞ্চত তুলি ধৰাৰ লগতে পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে কাজিৰঙাত অনুষ্ঠিত হয় আন্তৰ্জাতিক পৰ্যটন মাত্ৰ। এই আন্তৰ্জাতিক পৰ্যটন মাৰ্টে উত্তৰ-পূব ভাৰতৰ পৰ্যটন আৰু সাংস্কৃতিক দক্ষতাৰ একাধিক বিষয়ক সামৰি লয়।
এইবাৰৰ পৰ্যটন মাৰ্টত ৰাজ্য চৰকাৰৰ উদ্যোগত বিভিন্ন বিষয়ৰ সভা, নতুন উদ্ভাৱন, ডিজিটেলাইজেচন, যুৱ উদ্যোগীকৰণৰ প্ৰসংগ , স্থানীয় সামগ্ৰীৰ প্ৰচাৰ , মহিলা সবলীকৰণ, এডভেঞ্চাৰ পৰ্যটন, বন্যপ্ৰাণী সংৰক্ষণ, হোমষ্টে, খাদ্য প্ৰদৰ্শন, সাংস্কৃতিক সন্ধিয়া, লাইভ মিউজিক, উত্তৰ-পূব বজাৰ, চৰাইদেউ মৈদাম, ৰংঘৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, হাতীকুলি চাহ বাগিচা, অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য আদি বিষয়সমূহ সামৰি লোৱা হয়।
বিশ্ব মঞ্চত উৰিল অসমৰ সংস্কৃতিৰ গৌৰৱ ধ্বজ্জা
২০২৪ বৰ্ষ অসমৰ সংস্কৃতিৰ বাবেও আছিল উল্লেখনীয়। বিশ্বজুৰি অসমৰ সংস্কৃতিয়ে ব্যাপক জনপ্ৰিয়তা আৰু প্ৰসাৰতা লাভ কৰে। বহু স্থানত প্ৰদৰ্শিত হয় অসমৰ বাৰেৰহণীয়া সংস্কৃতি। পোলেণ্ডত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক লোক উৎসৱত প্ৰদৰ্শিত হয় অসমৰ বিহু নৃত্য।
পেৰিছত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক বস্ত্ৰ প্ৰদৰ্শনীত প্ৰদৰ্শিত হয় অসমৰ হস্ততাঁত শিল্প। ইয়াত প্ৰদৰ্শিত হোৱা অসমৰ মুগা, এৰি শিল্পকে ধৰি অন্যান্য হস্তশিল্পই বিশ্বজুৰি প্ৰশংসা লাভ কৰে।
চলিত বছৰতে অসমৰ মুঠ ১৯ বিধ সামগ্ৰীয়ে জি আই টেগ লাভ কৰে। অসমৰ বাবে এয়াও আছিল এক গৌৰৱৰ বিষয়। ঢোল, জাপি, এৰি সূতাকে ধৰি থলুৱা পানীয় আৰু জনজাতীয় বস্ত্ৰ, খাদ্য আছিল এই জি আই তালিকাত।
প্ৰকৃতি সুৰক্ষাৰ জৰিয়তে বিশ্বত জিলিকিল অসমীয়া
প্ৰকৃতি সংৰক্ষণৰ বিষয়টোৱে বিশ্বজুৰি গুৰুত্ব লাভ কৰাৰ সময়তে অসমৰ দুই পৰিবেশবিদে পৰিবেশ তথা প্ৰকৃতি সংৰক্ষণৰ বাবে কৰি অহা কামৰ বাবে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। পৰিবেশবিদ পূৰ্ণিমা দেৱী বৰ্মণে লাভ কৰিলে গ্ৰীণ অস্কাৰখ্যাত হোৱাইটলি গ’ল্ড পুৰস্কাৰ। তেওঁ হাড়গিলা সংৰক্ষণৰ বাবে কাম কৰি আহিছে।
আন এগৰাকী প্ৰকৃতিবিদ বিভৱ তালুকদাৰে লাভ কৰিছে হেৰী মেছেল পুৰস্কাৰ। বণ্যপ্ৰাণী সংৰক্ষণৰ বাবে তেওঁ কৰি অহা কামৰ বাবে এই স্বীকৃতি প্ৰদান কৰা হয় তালুকদাৰক।
চলচ্চিত্ৰ জগতখনেও লাভ কৰিলে আন্তৰ্জাতিক স্বীকৃতি
বিশ্ব চলচ্চিত্ৰ জগতত অসমীয়া চলচ্চিত্ৰই এইবাৰ বিশেষ সাফল্য লাভ কৰিছে। ৰিমা দাসৰ 'ভিলেজ ৰকষ্টাৰ-২' ছবিখনে ২০২৪ চনৰ বুছান আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱত Kim Jiseok বঁটা লাভ কৰিছে।
ভাস্কৰ হাজৰিকাই কথা নদী নামৰ ছবিখনেও আন্তৰ্জাতিক মঞ্চত প্ৰশংসিত হয়।
২০২৪ বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত হোৱা জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উজলি উঠিছিল 'ফেঁহুজালি'। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং প্ৰযোজিত আৰু ডি আই জি পাৰ্থসাৰথি মহন্ত পৰিচালিত তথ্যচিত্ৰ ‘ফেঁহুজালি’এ লাভ কৰিবলৈ সক্ষম হয় ২০২৪ বৰ্ষৰ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ সন্মান ।
২৩ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা পঞ্চম চিত্ৰভাৰতী চলচ্চিত্ৰ মহোৎসৱত তথ্যচিত্ৰ জুৰীৰ বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হয় অসমীয়া তথ্যচিত্ৰ 'চেলেঞ্জ'এ । ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী উৎপল বৰপূজাৰীয়ে নিৰ্মাণ কৰা "বৰুৱাৰ সংসাৰ" তথ্যচিত্ৰখন ৩০ মে'ৰ পৰা ২ জুনলৈ অনুষ্ঠিত হোৱা নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয় ।
২০২৩ বর্ষৰ বিশ্বৰ সৰ্বোচ্চ চলচ্চিত্ৰ সন্মান অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰে অসমীয়া ছবি 'মোৰ ঘোঁৰাৰ দূৰন্ত গতি'এ চলিত বৰ্ষত অনুষ্ঠিত হোৱা ৰুছৰ গ'ল্ডেন ৰেভেন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবি হিচাপে জুৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় ।
এই বৰ্ষৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয় উত্তৰ-পূৰ্বাঞ্চলৰ পটভূমিত নিৰ্মিত হিন্দী ছবি "কুকি"।নিৰি মিডিয়া অপিচি প্ৰাইভেট লিমিটেডৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা ড৹ জোনমণি দেৱী খাউণ্ডৰ।
তথ্যচিত্ৰ "চিবুক" প্ৰদৰ্শিত হয় দক্ষিণ-পূব এছিয়াৰ আটাইতকৈ পুৰণি তথা বৃহৎ চলচ্চিত্ৰ মহোৎসৱ মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত। তথ্যচিত্ৰখনৰ পৰিকল্পনা ৰিচান দলে, শ্বেখৰ বৰদলৈ, নীলিম মহন্ত আৰু আশুতোষ কাশ্যপৰ।"চিবুক" হৈছে বাঁহেৰে নিৰ্মিত এনে এখন ভুৰ যিখনত উঠি কিছু বছৰ পূৰ্বে অসমৰ চাৰিজন সাহসী যুৱকৰ এটা দলে দহদিনীয়া পৰিক্ৰমাৰে গোগামুখৰ পৰা তেজপুৰলৈ লুইতৰ বুকুত এটা যাত্ৰা কৰিছিল ।
ঔৰংগাবাদত অনুষ্ঠিত হোৱা Roshani International Film Festival 2024 ত অসমীয়া ছবি "পিঞ্জৰা" নামৰ চলচ্চিত্ৰখনে পাঁচটাকৈ শিতানত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।ছবিখনে লাভ কৰা ৫ টা শিতানৰ বঁটাৰ ভিতৰত শ্ৰেষ্ঠ শিশু শিল্পীৰ বঁটা পাৰ্নিকা চৌধুৰীয়ে , শ্ৰেষ্ঠ নায়িকাৰ সন্মান কিনকিনী ভট্টাচাৰ্যই , শ্ৰেষ্ঠ গীতিকাৰৰ বঁটা ৰুণা লাইলাই , শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা হৰ্ষিতা ভট্টাচাৰ্য্যই , শ্ৰেষ্ঠ ছবি পৰিচালকৰ বঁটা অসীম হাজৰিকাই লাভ কৰে ।
মুম্বাইত অনুষ্ঠিত হোৱা চিনে ড্ৰীম আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ ২০২৪ ত প্ৰদৰ্শিত হয় "জীৱনছবি"।কলকাতাত অনুষ্ঠিত হোৱা পঞ্চম বেহেলা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত শ্ৰেষ্ঠ চুটি ছবিৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় চুটি ছবি "আওকান"এ । ছবিখনৰ কাহিনী আৰু পৰিচালনা জিতু পৰ্ণ দাসৰ ।
৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত হয় তিনিখনকৈ অসমীয়া ছবি । ভাৰতীয় পেনোৰামাই বাচনি কৰা ২০ খন ছবিৰ ভিতৰত অন্তৰ্ভুক্ত হয় যদুমণি দত্ত পৰিচালিত "জুইফুল" আৰু ড৹ ববী শৰ্মা বৰুৱা পৰিচালিত "ৰ'দৰ পাখি"। আনহাতে মূলসুতিৰ ছবি হিচাপে পেনোৰামাই বাচনি কৰা আন ৫ খন ভাৰতীয় ভাষাৰ ছবিৰ ভিতৰত অন্তৰ্ভুক্ত হয় ৰাজেশ ভূঞা পৰিচালিত "স্বৰ্গৰথ"।
২২ সংখ্যক চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (CIFF) ২০২৪-ৰ নিৰ্বাচিত হৈছিল অসমীয়া ছবি "তাৰিখ"। ১২ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা এই মহোৎসৱত ভাৰতীয় পেনাৰোমা শাখাত আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা এইখনেই আছিল উত্তৰ-পূব ভাৰতৰ একমাত্ৰ ছবি।
সপ্তম সংখ্যক গ্লোবেল ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত তিনিটাকৈ শ্ৰেষ্ঠত্বৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৰমেন বৰ্মনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মাণ কৰা ছবি "কাকা"ই । "সপ্তম সংখ্যক গ্লোবেল ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল ২০২৪"ত এই "কাকা" ছবিখনে শ্ৰেষ্ঠ চিত্ৰনাট্য, শ্ৰেষ্ঠ অভিনেতা আৰু জুৰীৰ দ্বাৰা নিৰ্বাচিত বিশেষ ছবি হিচাবেও বঁটা লাভ কৰিছে।