বিনোদ কাম্বলি!

বিনোদ কাম্বলিয়ে বিচিচিআইৰ পৰা প্ৰতিমাহে ৩০ হাজাৰ টকা পেঞ্চন লাভ কৰে। এইটোৱেই তেওঁৰ একমাত্ৰ উপাৰ্জন। ইয়াৰ দ্বাৰাই তেওঁ নিজ পৰিয়ালৰ খৰচ বহন কৰে।

author-image
Asomiya Pratidin
New Update
5

কোনোৱে যদি চাইছে পুতৌৰ চকুৰে, আন একাংশৰ মনত তেওঁক লৈ প্ৰচণ্ড ক্ষোভ। এসময়ত ক্ৰিকেট, ৰাজনীতি, বলিউডক নিজৰ হাতৰ মুঠিত ৰখা লোকজনৰ জীৱনটো আজিৰ সময়ত এখন চিনেমাৰ কাহিনীতকৈ কম নহয়। গ্লেমাৰ,যশস্যা, খ্যাতি আৰু আজীৱন প্ৰচাৰৰ পৰা আজি বহু আঁতৰত বিনোদ কাম্বলি। এইগৰাকী ব্যক্তিৰ গাঁথা আৰু ব্যাথাক লৈ চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন...

Advertisment

এসময়ত ভাৰতীয় ক্ৰিকেট জগতত ধ্ৰুৱ তৰাৰ দৰে জিলিকি থকা ক্ৰিকেটাৰ বিনোদ কাম্বলিৰ আজিৰ অৱস্থা একেই নাই। কিছুদিন পূৰ্বে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল কাম্বলিৰ এটা ভিডিঅ’,য’ত তেওঁ খোজ কঢ়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছিল যে কাম্বলি খোজ কাঢ়িবলৈ ইমানেই অপাৰগ যে দুজন ব্যক্তিয়ে তেওঁক প্ৰায় দাঙি নিবলগীয়া হৈছিল। নিজৰ সমৰ্থনত থিয় দিবলৈও কঠোৰ সংগ্ৰাম কৰিবলগীয়া হৈছিল ৫২ বছৰীয়া কাম্বলি।

ভিডিঅ'টোৱে চৰ্চা লাভ কৰা পাছতে বিভিন্ন জনে ভিন্ন মন্তব্য় কৰিছিল। একাংশই যদি কৈছিল তেওঁ ভৰিৰ কিছু সমস্যাত ভূগি আছে, যাৰ বাবে ভালদৰে থিয় হ’ব নোৱাৰে। একে সময়তে বহুতে তেওঁক মদ্যপান কৰি অহা বুলিও মন্তব্য কৰিছিল। কিন্তু প্ৰখ্যাত চিকিৎসক ডাঃ প্ৰণৱ কবৰাই এই ভিডিঅ’টো দেখি কয় যে, এনে লাগে যেন কাম্বলি ভৰিৰ তলৰ অংশৰ সমস্যাত ভুগিছে।

আনহাতে তেওঁ এগৰাকী ঘনিষ্ঠ বন্ধুৱে জনাই যে, ১৪ বাৰকৈ ৰিহেবলৈ পঠিওৱা হৈছিল কাম্বলিক। তেওঁ বৰ্তমান বহুতো গুৰুতৰ স্বাস্থ্যজনিত সমস্যাত ভূগি আছে। ইয়াৰ উপৰিও কিছু সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০১২ চনত ধমনী বন্ধ হোৱাৰ বাবে কাম্বলিৰ এঞ্জিওপ্লাষ্টিও কৰা হৈছিল।

শেহতীয়াকৈ কাম্বলিৰ আন এক ভিডিঅ'ই সামাজিক মাধ্যমত দ্ৰুতগতিত চৰ্চা লাভ কৰিছে। এই ভিডিঅ’টোত পুৰণি বন্ধু তেণ্ডুলকাৰৰ সৈতে দেখা গ'ল কাম্বলিক। এটা অনুষ্ঠানত উপস্থিত আছিল দুয়োগৰাকী খেলুৱৈ। কাম্বলিক দেখি সম্ভাষণ জনাবলৈ ওচৰলৈ গৈছিল শচীন। কম সময়ৰ বাবে পুৰণি বন্ধুক কাষত পাই আপোন পাহৰা হৈ পৰিছিল কাম্বলি। ভিডিঅ' দেখা গৈছিল যে, শৈশৱৰ বন্ধুৰ হাত এৰি দিবলৈ অনিচ্ছুক কাম্বলি। তেণ্ডুলকাৰে অনুষ্ঠানৰ ফালে আগবাঢ়ি যাব বিচৰাত তেওঁক ধৰি ৰখাৰ চেষ্টা কৰিছিল কম্বলিয়ে। সেই মুহূৰ্তটোৱে আৱেগিক কৰিছে প্ৰতিগৰাকী অনুৰাগীক।

এসময়ত খেলপথাৰত নিজ প্ৰতিভাৰে যাদু দেখুওৱা এই উদ্যমী খেলুৱৈজন বৰ্তমান নিজ ভৰিত থিয় হ'বলৈ সামৰ্থহীন। এনে কি কাৰণত অপাৰগ হৈ পৰিল খেলুৱৈগৰাকী, সেই কথাই প্ৰতিগৰাকী অনুৰাগী অথবা ক্ৰিকেটপ্ৰেমীৰ মনত এবাৰ হ'লেও ক্ৰিয়া কৰিছে। যদি তেওঁৰ ব্যক্তিগত জীৱনলৈ চাঁও, কেৱল শাৰীৰিক অসক্ষমতাই নহয়,বৰ্তমান আৰ্থিকভাৱেও দুৰ্বল কাম্বলি। তেওঁৰ জীৱন কাহিনী এখন ছবিতকৈও কম নহয়। মুম্বাইৰ ইন্দিৰা নগৰৰ নিৱাসী বিনোদ কাম্বলি যেতিয়া ক্ৰিকেট কেৰিয়াৰৰ শিখৰত আছিল তেতিয়া তেওঁৰ সম্পত্তি হৈছিল ১ৰ পৰা ১.৫ মিলিয়ন ডলাৰৰ ভিতৰত। কিন্তু ২০২২ চনলৈ তেওঁৰ হাতত মাত্ৰ ৪ লাখ টকাহে বাকী আছিল। 

বৰ্তমান কাম্বলিয়ে বিচিচিআইৰ পৰা প্ৰতিমাহে ৩০ হাজাৰ টকা পেঞ্চন লাভ কৰে। এইটোৱেই তেওঁৰ একমাত্ৰ উপাৰ্জন। ইয়াৰ দ্বাৰাই তেওঁ নিজ পৰিয়ালৰ খৰচ বহন কৰে। দুবাৰকৈ বিবাহপাশত আৱদ্ধ হোৱা বিনোদ কাম্বলিৰ বৈবাহিক জীৱনতো কিছু আউল লগাৰ তথ্য পোহৰলৈ আহিছে। তেওঁৰ প্ৰথম বিবাহ আছিল এগৰাকী খ্ৰীষ্টান যুৱতীৰ সৈতে। কিন্তু এই বিবাহ সফল নহয়। বহু যুৱতীৰ লগত অবৈধ সম্পৰ্ক থকাৰ অভিযোগতে প্ৰথমা পত্নীৰে বিবাহ বিচ্ছেদ হয় কাম্বলিৰ।

ইয়াৰ পিছতে চলচ্চিত্ৰ জগতৰ প্ৰতি আকৰ্ষিত হোৱা কাম্বলিয়ে ফেশ্বন মডেল আন্দ্ৰেয়া হেউইটৰ প্ৰেমত পৰিছিল। প্ৰেমক স্বীকৃতি দিয়া উদ্দেশ্যে আন্দ্ৰেয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল কাম্বলি। তেওঁলোকৰ আছে এজন পুত্ৰ জেছুছ ক্রিষ্টিয়ানো কাম্বলে আৰু এগৰাকী কন্যা। ২০২৩ চনত সংবাদ মাধ্যমত প্ৰকাশ পোৱা এক খবৰ অনুসৰি, স্বামী বিনোদ কাম্বলিৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ উত্থাপন কৰি দ্বিতীয় পত্নী আন্দ্ৰেয়াই বান্দ্ৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল। আন্দ্ৰেয়াই অভিযোগ কৰিছিল যে কাম্বলিয়ে সুৰাসক্ত অৱস্থাত ঘৰলৈ আহি পুত্ৰ সমুখতে তেওঁক বেয়াৰৈ মাৰপিট কৰিছিল।

ইয়াৰ পূৰ্বে ২০১৫ চনত ঘৰুৱা সহায়ক গৰাকীয়েও কাম্বলিৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ তুলি এক গোচৰ ৰুজু কৰিছিল। মহিলাগৰাকীয়ে অভিযোগ কৰে যে, কাম্বলি আৰু তেওঁৰ পত্নীয়ে তেওঁক প্ৰাপ্য ধন বিচৰাৰ ফলত মাৰপিট কৰিছিল আৰু ৩দিন কোঠাৰ ভিতৰত বন্দী কৰি ৰাখিছিল। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নত সকলো অভিযোগ মিছা বুলি কৈছিল কাম্বলিয়ে। ইয়াৰোপৰি ২০২২ চনত মদ্যপান কৰি গাড়ী চলোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল কাম্বলি। মুঠতে এক উশৃংখল জীৱন অতিবাহিত কৰিব লৈছিল প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।

ব্যক্তিগত জীৱনৰ পৰা কিছু আঁতৰত আহি যদি তেওঁৰ কেৰিয়াৰলে উভতি চাওঁ, ভাৰতীয় ক্ৰিকেটৰ জগতত বিনোদ কাম্বলি তেওঁৰ অভিলেখৰ বাবে সদায় শিৰোনামত থকা এটা নাম। ১৯৭২ চনৰ ১৮ জানুৱাৰীত মুম্বাইত জন্মগ্ৰহণ কৰা কাম্বলিৰ পিতৃ আগতে মিস্ত্ৰী আছিল। শৈশৱৰ বন্ধু শচীন তেণ্ডুলকাৰৰ সৈতে মুম্বাইৰ বিখ্যাত কংগা লীগত অভিষেক ঘটাই অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল কাম্বলি। 

কাম্বলিৰ অভিলেখবোৰলৈ এবাৰ চকু ফুৰাওক-
ঘৰুৱা ক্ৰিকেটত উজ্জ্বল আৰু আকৰ্ষণীয় প্ৰদৰ্শনৰ অন্তত কাম্বলিয়ে টিম ইণ্ডিয়াত খেলাৰ সুযোগ লাভ কৰিছিল। প্ৰথম সাতখন টেষ্ট মেচৰ চাৰিখনতে অৰ্জন কৰিছে শতক। কেৱল ইমানেই নহয়, টেষ্ট মেচত ১,০০০ ৰান সংগ্ৰহ কৰা সৰ্বাধিক বেটছমেন হিচাপে পৰিগণিত কাম্বলি 
ভাৰতৰ হৈ ১৭খন টেষ্ট মেচ আৰু ১০৪খন এদিনীয়া মেচ খেলিছিল। 

এদিনীয়া ক্ৰিকেটত তেওঁ ২৪৭৭ ৰান সংগ্ৰহ কৰাৰ উপৰি কাম্বলিৰ নামত আছে ২ শতক আৰু ১৪টা অৰ্ধশতক। আনহাতে টেষ্টত তেওঁ ৪ শতকৰে সংগ্ৰহ কৰিছে ১০৮৪ ৰান। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ১৯৯৩ চনৰ পৰা ২০০০ চনলৈ ভাৰতৰ হৈ খেলিছিল কাম্বলিয়ে।
ঘৰুৱা ক্ৰিকেটত শেষবাৰৰ বাবে দেখা গৈছিল ২০০৪ চনত। ইয়াৰোপৰি প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত কম্বলিয়ে সংগ্ৰহ কৰিছিল ঈৰ্ষণীয় ৯,৬৬৫ ৰান। 
ইয়াত তেওঁৰ সৰ্বোচ্চ স্ক’ৰ হৈছে ২৬২ ৰান।

১৯৯৬ চনৰ ১৩ মাৰ্চত কলকাতাৰ ইডেন গাৰ্ডেনত ভাৰত আৰু শ্ৰীলংকাৰ মাজত বিশ্বকাপৰ ছেমি ফাইনেল অনুষ্ঠিত হৈছিল। শ্ৰীলংকাই ২৫১ ৰান সংগ্ৰহ কৰিছিল। প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে এটা সময়ত ভাল স্থানত খেলি আছিল। দলীয় স্ক'ৰ ৯৮ ত এটা উইকেট হেৰুৱাইছিল। কিন্তু শচীন আউট হোৱাৰ পিছত দলৰ বেটিং অৰ্ডাৰ সম্পূৰ্ণৰূপে ভাঙি পৰিছিল। 

যাৰ ফলত টীম ইণ্ডিয়াই ১২০ ৰানত ৮টা উইকেট হেৰুৱাইছিল। হাতৰ পৰা যাও যাও হোৱা মেচখনত ভাৰতক জয়ৰ বাবে প্ৰয়োজন আছিল- ১৫৬ বলত ১৩২ ৰানৰ। সেই সময়ছোৱাত ক্ৰীজত আছিল বিনোদ কাম্বলি (১০) আৰু অনিল কুম্বলে (০) ৰান। 

টীম ইণ্ডিয়াৰ এনে প্ৰদৰ্শন দেখি স্তম্ভিত হৈ পৰিছিল দৰ্শক। ষ্টেডিয়ামত থকা একাংশ সমৰ্থক ক্ষোভিত হৈ পৰিছিল। যাৰ বাবে খেলপথাৰলৈ লক্ষ্য কৰি নিক্ষেপ কৰিছিল বটল আদি। কেৱল এয়াই নহয় ষ্টেডিয়ামৰ এটা অংশত জুই পৰ্যন্ত লগাই দিছিল খঙে-ৰাগে অগ্নিশৰ্মা হৈ পৰা একাংশ দৰ্শকে। ক্ষোভৰ উদগীৰণ দেখি মেচ ৰেফাৰীয়ে মেচখন বন্ধ কৰিবলগীয়া হৈছিল আৰু শ্ৰীলংকাক বিজয়ী ঘোষণা কৰিছিল। ষ্টেডিয়ামত সন্মুখীন হোৱা এনে তিক্ত অভিজ্ঞতা সুঁৱৰি কান্দি কান্দি পেভিলিয়মুখী হৈছিল বিনোদ কাম্বলি। 

উল্লেখযোগ্য যে কেৱল ক্ৰিকেটেই নহয় কাম্বলিয়ে চলচ্চিত্ৰ জগততো কাম কৰিছিল। অৱশ্যে এই ক্ষেত্ৰত তেওঁ বিশেষ সফলতা অৰ্জন কৰিব নোৱাৰিলে। ব্লক্স অফিচত মুখ থেকেচা খাইছিল কাম্বলি অভিনীত ছবিসমূহে। ২০০০ চনতেই ক্ৰিকেটৰ পৰা অৱসৰ লৈ কাম্বলিয়ে চিনেমাত ভুমুকি মাৰিছিল। 

২০০২ চনত সঞ্জয় দত্ত আৰু সুনীল শেট্টীৰ ছবি ‘অনৰ্থ’মুক্তি লাভ কৰিছিল। কাম্বলিও এই ছবিখনত কাম কৰিছিল। ৰবি দেৱানৰ পৰিচালনাত নিৰ্মিত এই ছবিখনে ছবিগৃহত শোচনীয়ভাৱে মুখথেকেচা খাইছিল। ২০০৯ চনত পুনৰ কাম্বলিয়ে 'পাল পাল দিল কে সাথ' নামৰ এখন ছবিত অভিয়ন কৰে। ভি কে কুমাৰৰ পৰিচালিত ছবিখনত কাম্বলিৰ প্ৰাক্তন ক্ৰিকেটাৰ বন্ধু অজয় ​​জাডেজা আৰু মাহী গিলো আছিল। কিন্তু এই ছবিখনেও দৰ্শকৰ হৃদয় জয় কৰিব নোৱাৰিলে।

চলচ্চিত্ৰ কেৰিয়াৰ ফ্লপ হোৱাৰ পিছত ৰাজনীতিতো হাত উজান দিছিল বিনোদ কাম্বলিয়ে। তেওঁ লোক ভাৰতী পাৰ্টিৰ সদস্য হিচাপে যোগদান কৰিছিল। ২০০৯ চনৰ বিধানসভা নিৰ্বাচনত কাম্বলিয়ে বিখৰোলি আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও ৰাজনীতিতো বেয়াকৈ মুখ থেকেচা খোৱাত তেওঁ হতাশ হৈছিল। 

উল্লেখ কৰা প্ৰয়োজন যে, কিছু বছৰ পূৰ্বে হাৰ্ট এটেকত আক্ৰান্ত বিনোদ কাম্বলে তেতিয়াৰ পৰাই ক্ৰিকেট, টিভি আৰু চিনেমাৰ পৰ্দাৰ পৰা প্ৰায় নিচিহ্ণ হৈ পৰিল। বৰ্তমান সময়ৰ কথা ক’বলৈ গ’লে বৰ্তমান একেবাৰে অসুস্থ এসময়ৰ অত্যুৎসাহী কাম্বলি। 

কাম্বলিৰ বৰ্তমানৰ অৱস্থালৈ মন কৰি তেওঁৰ সহযোগী ক্ৰিকেটাৰ সুনীল ৰামচন্দ্ৰনে কয় যে, তেওঁ বিনোদ কাম্বলিক সম্ভৱপৰ সকলো প্ৰকাৰে সহায় কৰিবলৈ সাজু। কিন্তু একে সময়তে তেওঁ বিচাৰে যে চৰকাৰেও তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহক। কাম্বলি পাবলগীয়া সন্মানখিনি তেওঁক দিয়া উচিত বুলিও মন্তব্য কৰে। 

তেওঁৰ স্বাস্থ্য সন্দৰ্ভত বৰ্তমানৰ ক্ৰিকেট প্ৰশিক্ষক ৰাজু পাঠকে কয় যে, তেওঁৰ দৃষ্টিত বিনোদ কাম্বলি শৈশৱৰ বন্ধু শচীন তেণ্ডুলকাৰতকৈ প্ৰদৰ্শনৰ ক্ষেত্ৰত শ্ৰেষ্ঠ আছিল। কিন্তু কেৰিয়াৰৰ উচ্চতাত উপনীত হোৱাৰ পিছত কাম্বলিয়ে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। গতিকে এই পৰিস্থিতিৰ বাবে তেওঁ নিজেই দায়ী।

শেহতীয়াকৈ শিৱাজী পাৰ্কত প্ৰয়াত ৰমাকান্ত আচ্ৰেকাৰ আৰু শচীন তেণ্ডুলকাৰৰ সন্মানত আয়োজন কৰা এক অনুষ্ঠানত কাম্বলিয়ে অংশ লৈছিল। সামাজিক মাধ্যমত এই অনুষ্ঠানৰ কেইবাটাও ভিডিঅ’ভাইৰেল হৈছিল য’ত কাম্বলিয়ে থিয় হ’বলৈ,স্পষ্টকৈ কথা ক’বলৈ আনকি সঠিক আচৰণ কৰিবলৈও সংগ্ৰাম কৰিছিল। তেওঁৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি বহু অনুৰাগীয়ে উদ্বেগ প্ৰকাশ কৰিছিল।

এই ভাইৰেল ভিডিঅ'ৰ পাছতে কাম্বলেৰ সমৰ্থনত আগবাঢ়ি আহিছে প্ৰাক্তন ক্ৰিকেটাৰ কপিল দেৱ, সুনীল গাভাস্কাৰ। গাভাস্কাৰে কয় যে, ‘বিনোদ কাম্বলে মোৰ সন্তানৰ দৰে। মই তেওঁৰ পৰিস্থিতিক লৈ অতিশয় চিন্তিত হৈ পৰিছো। আমি ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী দলটোৱে কাম্বলিৰ যত্ন ল'ব বিচাৰে আৰু তেওঁক পুনৰ নিজ ভৰিৰ ওপৰত থিয় কৰাব বিচাৰিছো। আমি কিদৰে আগবাঢ়িব পাৰো সেই সন্দৰ্ভত আলোচনাৰ দৰকাৰ আছে। কেৱল বিনোদ কাম্বলি নহয়, আমি সেই সকলো ক্ৰিকেটাৰৰ যত্ন ল’ব বিচাৰো, যাক আমাৰ প্ৰয়োজন।

উল্লেখ কৰা প্ৰয়োজন যে,পূৰ্বতে সংবাদ মাধ্যমক দিয়া সাক্ষাতকাৰত খেলুৱৈগৰাকীয়ে যশস্যাৰে কৈছিল "মই তেওঁ আগদিনা নিশা ১০ পেগ খাই পাছ দিনা শতক অৰ্জন কৰিছিলো"। কিন্তু সেয়া আছিল এজন প্ৰতিভাসম্পন্ন,উদ্যমী খেলুৱৈৰ সময়। সময়ে বাগৰ সলাই। সময়ে দি যায় বহুতো লগতে লৈও যায় বহুতো। 

যি লৈ যায় সেয়া কাহানিও উভতি নাহে। ২০/২১ বছৰীয়া অতি প্ৰতিভা আৰু খ্যাতিসম্পন্ন এজন যুৱকো সময়ৰ লগে লগে হেৰাই গ'ল। তেওঁৰ কৰণীয়খিনিলৈ যদি এবাৰ চাঁও কম সময়তে তেওঁ দেশখনক বহুখিনি দিলে। কিন্তু বৰ্তমান নিজ ভৰিত থিয় হ'বলৈ অধঃস্থ তেওঁ। তেওঁ বিনোদ কাম্বলি! বছৰৰ শেষত কাম্বলিৰ এই অমানিশা আঁতৰি নতুন বছৰৰ প্ৰাকক্ষণত উন্মেষ হওঁক নতুনৰ,পুনৰ উদ্ভাষিত হওঁক সেইগৰাকী কাম্বলি, যি কাম্বলিক মনত ৰাখিব বিচাৰে সকলোৱে...।

বিনোদ কাম্বলি