Advertisment

অটল !

অটল বিহাৰী বাজপেয়ীৰ দিনতেই ভাৰতে প্ৰথমবাৰৰ বাবে পাৰমাণৱিক পৰীক্ষা চলাবলৈ সফল হৈছিল।১৯৯৮ চনত পোখৰানত ভাৰতে কৰা এই পৰীক্ষাৰ পাছতেই সমগ্ৰ বিশ্বই ভাৰতৰ প্ৰতিৰক্ষা শক্তিৰ উমান অনুমান কৰিবলৈ সক্ষম হৈছিল।

author-image
Asomiya Pratidin
New Update
sc

ভাৰতীয় ৰাজনীতিৰ তেওঁ স্বপ্নদ্রষ্টা; দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ স্বপ্ন স্ৰষ্টাও আছিল তেওঁ। কেৱল এয়াই নহয়, মানুহ হিচাপেও তেওঁ আছিল এগৰাকী নির্ভেজাল ব্যক্তিত্বৰ অধিকাৰী। ৰাজনীতিত বিপক্ষক শত্রুজ্ঞান নকৰি বিপক্ষ দলৰ গুণকো স্বীকাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰা অটল বিহাৰি বাজপেয়ীৰ আজি শতবৰ্ষ জন্মজয়ন্তী। তেওঁৰ ব্যক্তিত্ব আৰু ৰাজনৈতিক জীৱন সম্পৰ্কে চয়নিকা শইকীয়াৰ আজিৰ প্ৰতিবেদন...

Advertisment

 

১৯২৪ চনৰ ২৫ ডিচেম্বৰত মধ্যপ্ৰদেশৰ গোৱালিয়ৰত জন্মগ্ৰহণ কৰা অটল বিহাৰী বাজপেয়ী ভাৰতীয় ৰাজনীতিৰ এক উজ্জ্বল নক্ষত্ৰ। তিনিটা শাসন কালত ভাৰতক প্ৰধানমন্ত্ৰীৰ ৰূপত সেৱা আগবঢ়োৱা এই গৰাকী মহান ৰাজনীতিবিদক ভাৰতীয় ৰাজনীতিৰ ভীষ্ম পিতামহ আখ্যা দিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে । 

 "চৰকাৰ আহিব, যাব । দল গঠন হ'ব, ভাঙিব । কিন্তু দেশ থাকিব লাগিব "- বাজপেয়ীৰ এনেধৰণৰ উদাত্ত ভাষণ, প্ৰচুৰ মেধা তথা প্ৰজ্ঞাই বিৰোধী দলকো আকৰ্ষণ কৰিছিল। জননেতা গৰাকীয়ে সদনত এইদৰে মন্তব্য কৰি প্ৰমাণ কৰিছিল যে দল আৰু ব্যক্তিতকৈ দেশ সদায় উৰ্ধত। কেৱল ৰাজনৈতিক দিশতেই নহয় ব্যক্তিগত জীৱনতো প্ৰতিজনৰে প্ৰিয় আছিল অটল বিহাৰি বাজপেয়ী।

হিন্দু ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰা বাজপেয়ীৰ পিতৃ শিক্ষক আছিল। গোৱালিয়ৰৰ সৰস্বতী শিশু মন্দিৰত স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল। ১৯৩৪ চনত তেওঁ উজ্জেইন জিলাৰ বৰনগৰৰ এংলো-ভাৰ্নেকুলাৰ মিডল (AVM) স্কুলত যোগদান কৰে। পিছলৈ তেওঁ গোৱালিয়ৰৰ ভিক্টোৰিয়া কলেজত পঢ়ি হিন্দী, ইংৰাজী, আৰু সংস্কৃত বিষয়ত বি এ ডিগ্ৰী লাভ কৰিছিল। কানপুৰৰ ডি এ ভি কলেজৰ পৰা ৰাজনীতি বিজ্ঞানত এম এ লৈ স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰিছিল।

ছাত্ৰ হিচাপে অটল বিহাৰী বাজপেয়ী ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ অংশ আছিল। পিছলৈ ১৯৩৯ চনত স্বেচ্ছাসেৱক হিচাপে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত যোগদান কৰিছিল। ১৯৪২ চনলৈকে তেওঁ আৰ এছ এছৰ এগৰাকী সক্ৰিয় সদস্য হৈ পৰিছিল।

ভাৰত ত্যাগ আন্দোলনৰ সময়ত বাজপেয়ী আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃক ২৪ দিনৰ বাবে গ্ৰেপ্তাৰ কৰিছিল। ১৯৫১ চনত আৰ এছ এছে তেতিয়াৰ নৱগঠিত হিন্দু সোঁপন্থী ৰাজনৈতিক দল ভাৰতীয় জনসংঘত কাম কৰিবলৈ বাজপেয়ীক বাছনি কৰিছিল। দলৰ ৰাষ্ট্ৰীয় সম্পাদক হিচাপে নিযুক্তি লাভ কৰিছিল জননেতা অটল বিহাৰি বাজপেয়ীয়ে।

পৰৱৰ্তী সময়ত ১৯৫৭ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত বাজপেয়ীয়ে লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। মন কৰিবলগীয়া যে, তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে বাজপেয়ীৰ বক্তৃতা দক্ষতাত অতিশয় আপ্লুত হৈছিল। ১৯৬৮ চনত দীনদয়াল উপাধ্যায়ৰ মৃত্যুৰ পিছত বাজপেয়ী ভাৰতীয় জনসংঘৰ ৰাষ্ট্ৰীয় সভাপতিৰ আসন শুৱনি কৰিছিল।

১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনত ভাৰতীয় জনসংঘকে ধৰি দলসমূহৰ মিত্ৰজোঁট জনতা পাৰ্টি গঠন কৰি সাধাৰণ নিৰ্বাচনত জয়ী হৈছিল বাজপেয়ী। সেই সময়ত বাজপেয়ীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বৈদেশিক মন্ত্ৰী হিচাপে বাজপেয়ী ভাৰতৰ পৰাও ১৯৭৭ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত হিন্দী ভাষাত ভাষণ দিয়া প্ৰথমজন ব্যক্তি আছিল।

১৯৮০ চনত ভাৰতীয় জনসংঘই একত্ৰিত হৈ বাজপেয়ীক প্ৰথম সভাপতি হিচাপে লৈ ভাৰতীয় জনতা পাৰ্টি গঠন কৰিছিল। ১৯৯৬ চনৰ ২৭ মে'ৰ বিশ্বাস প্ৰস্তাৱে হওঁক বা ১৯৮০ চনত ভাৰতীয় জনতা পাৰ্টি প্ৰতিষ্ঠাৰ সময়ত দিয়া ভাষণে হওঁক। তেওঁৰ ভাষণৰ প্ৰতিটো শাৰী ভাৰতৰ ৰাজনীতিৰ বাবে সঠিক ভৱিষ্যতবাণী বুলি প্ৰমাণিত হৈ আহিছে।

এই মহান নেতা গৰাকীয়ে প্ৰায় অৰ্ধ শতিকাতকৈও অধিক কাল সেৱা সদনত আগবঢ়াইছিল। ইয়াৰোপৰি তেওঁ ১০ বাৰকৈ নিৰ্বাচিত হৈছিল লোকসভালৈ। ১৯৯৬ চনত কেৱল ১৩ দিনৰ বাবে প্ৰথম বাৰৰ বাবে প্ৰধানমন্ত্ৰী ৰূপে নিৰ্বাচিত হৈছিল অটল বিহাৰি বাজপেয়ী।

পৰৱৰ্তী সময়ত ১৯৯৮ চনত ১৩ মাহৰ বাবে আৰু সৰ্ব শেষত ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে এই গৰাকী জননেতাগৰাকীয়ে। উল্লেখ্য যে, অটল বিহাৰী বাজপেয়ীৰ দিনতেই ভাৰতে প্ৰথমবাৰৰ বাবে পাৰমাণৱিক পৰীক্ষা চলাবলৈ সফল হৈছিল।১৯৯৮ চনত পোখৰানত ভাৰতে কৰা এই পৰীক্ষাৰ পাছতেই সমগ্ৰ বিশ্বই ভাৰতৰ প্ৰতিৰক্ষা শক্তিৰ উমান অনুমান কৰিবলৈ সক্ষম হৈছিল।

আনহাতে, কেৱল শক্তিৰেই যুদ্ধ জিনিব নোৱাৰি বুলি জনা বাজপেয়ীয়ে চুবুৰীয়া ৰাষ্ট্ৰ সমূহৰ সৈতে কূটনৈতিক সম্পৰ্ক ৰক্ষা কৰাৰ বাবেও চলাইছিল প্ৰচেষ্টা। এই মহান জননেতা গৰাকীৰ ভাৰতীয় ৰাজনীতিৰ প্ৰতি আগবঢ়োৱা অৱদানৰ প্ৰতি লক্ষ্য ৰাখি ২০১৫ বৰ্ষত কেন্দ্ৰীয় চৰকাৰে তেওঁক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন আগবঢ়াইছিল।

ইয়াৰ পাছতে ২০১৮ চনৰ ১৬ আগষ্টত অৱসান ঘটিছিল এটা যুগৰ। জীৱন নাট সামৰি মৃত্যুক আঁকোৱালি লৈছিল ভাৰতৰ আধুনিক ৰাজনীতিৰ অন্যতম নেতা অটল বিহাৰী বাজপেয়ীয়ে। সেইদিনা শোকস্তব্ধ হৈ পৰিছিল সমগ্র ভাৰত। সমান্তৰালভাৱে অন্ত পৰিছিল ভাৰতীয় ৰাজনীতিৰ ছয় দশকজোৰা চিৰসেউজ পৰিক্ৰমাৰ।

আজি তেওঁৰ ১০০ সংখ্যক জন্মজয়ন্তী উপলক্ষে দেশবাসীয়ে স্মৰণ কৰিছে মহান নেতাগৰাকীক। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ স্মৃতিত বিশেষ প্ৰবন্ধ লিখি সংবাদমাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 

সমান্তৰালভাবে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰাক্তন নেতাগৰাকীৰ স্মৃতিত দেশজুৰি আয়োজন কৰিছে 'সুশাসন দিৱস'ৰ । তাৰ অংশস্বৰূপে আজি অসম ৰাজ্যিক বিজেপিৰ উদ্যোগত বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত আৰু মালিগাঁৱৰ অটল উদ্যানত অনুষ্ঠান আয়োজন কৰে।

বাজপেয়ী ভৱনৰ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বাজপেয়ীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয়, "আজি বাজপেয়ীৰ শতবৰ্ষ ওপজা দি । তেওঁৰ এই শতবৰ্ষ গৰকা ওপজা বছৰটো আমি ভাৰতীয় জনতা পাৰ্টিয়ে সুশাসন বৰ্ষ হিচাপে পালন কৰিম।"

 

chayanika saikia অটল বিহাৰী বাজপেয়ী