২০২৪ বৰ্ষত অসম যিদৰে বহু কেইটা যোগাত্মক খবৰৰ বাবে দেশজুৰি চৰ্চাত থাকিল ঠিক সেইদৰেই বহু কেইটা অপৰাধৰ বাবেও অসমে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হয়। তাৰ ভিতৰত সৰ্বাধিক চৰ্চিত ৫ টা এনে অপৰাধ আছিল যি এতিয়াও চৰ্চাত থকাই নহয় অসমৰ সমাজ জীৱনক প্ৰভাৱিত কৰি ৰাখিছে। চাওঁক আহক এই ৫ টা ডাঙৰ অপৰাধাৰ ঘটনা।
ট্ৰেডিং কেলেংকাৰী
শ্বেয়াৰ বজাৰ সম্পৰ্কে অসমৰ সাধাৰণ মানুহৰ বিশেষ জ্ঞান বা ধাৰণা যে নাই সেয়া বহু সময়ত প্ৰমাণ হৈ আহিছে। কিন্তু একাংশ জনা-বুজা মানুহেও যে শ্বেয়াৰ বজাৰ বা ট্ৰেডিঙৰ প্ৰাৰম্ভিক বিষয়টোৰ সন্দৰ্ভতে অজ্ঞ সেয়া স্পষ্ট হৈ পৰিল অসমত সংঘটিত হোৱা হাজাৰ হাজাৰ কোটি টকীয়া ট্ৰেডিং কেলেংকাৰীৰ বিষয়টো পোহৰলৈ অহাৰ লগে লগে।
ডি বি ষ্টকছ ব্ৰকিঙৰ জৰিয়তে কেইবাহাজাৰ কোটি টকা লৈ দীপাংকৰ বৰ্মন নামৰ যুৱকজনে পলায়ন কৰাৰ পাছতে অসমীয়া প্ৰতিদিন ডিজিটেলেই প্ৰথমে পোহৰলৈ আনিছিল অসমত সংঘটিত হোৱা অন্য এক বৃহৎ ট্ৰেডিং কেলেংকাৰী। উজনি অসমৰ ডিব্ৰুগড়ক কেন্দ্ৰ হিচাপে লৈ গঢ়ি তোলা এই ট্ৰেডিং কেলেংকাৰীয়ে জোকাৰি গ’ল সমগ্ৰ ৰাজ্য।
কৰিঅ’গ্ৰাফাৰ তথা ৰীলছৰ অভিনেত্ৰী চুমি বৰা আৰু তেওঁৰ বহু চৰ্চিত ভাতৃ বিশাল ফুকন আছিল এই কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড। চৰ্চা অনুসৰি প্ৰায় ৭ হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিছিল চুমি, বিশাল এণ্ড তেওঁৰ কোম্পেনিয়ে।
সেইদৰেই ডি বি ষ্টকছ, ট্ৰেডিং এফ এক্স, ব্লুছ আইজ আদি ট্ৰেডিং কোম্পানী কেইটায়ো অসমৰ সাধাৰণ ৰাইজৰ পৰা ভুৱা ট্ৰেডিঙৰ নামত লুটিলে শ শ কোটি টকা। আনকি ভুৱা ট্ৰেডিং কোম্পানীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত কোটি টকাৰ অনুদান আগবঢ়োৱাৰো অভিযোগ উত্থাপন হৈছে।
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা মতে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিত কোটি টকাৰ অনুদান আগবঢ়াবলৈ যোৱাৰ সময়তে ধনৰ উৎস বিচাৰোতেই পোহৰলৈ আহিছিল অনলাইন কেলেংকাৰীৰ তথ্য। অসমৰ এই ভুৱা ট্ৰেডিং কেলেংকাৰীৰ মুঠ ৪১ টা গোচৰ ইতিমধ্যে চি বি আইয়ে তদন্ত অব্যাহত ৰাখিছে।
তদন্ত অব্যাহত ৰখা চি বি আইৰ দলটোৱে অনলাইন ট্ৰেডিং কোম্পানীসমূহৰ সকলো নথি জব্দ কৰাৰ উপৰিও কেলেংকাৰীত জড়িত বহুকেইজনক জেৰা কৰিছে চি বি আইৰ দলে। ইয়াৰোপৰি অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰা বিনিয়োগকাৰীকো সোধা পোছা কৰিছে।
ধিঙৰ ধৰ্ষণ কাণ্ড
২২ আগষ্টৰ সন্ধিয়া ধঙৰ ৰাজপথত উদ্ধাৰ হৈছিল এগৰাকী যুৱতী। মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হোৱা যুৱতীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰি পেলাই থৈ যোৱাৰ অভিযোগ উত্থাপন কৰাৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হৈছিল প্ৰতিবাদ।
ৰাজ্যৰ ৰাজনীতিও গৰম কৰি তুলিলে এই ঘটনা। বিভিন্ন দল, সংগঠনে ভুক্তভোগী যুৱতীগৰাকীৰ ন্যায় বিচাৰে ভিন্ন স্থানৰ পৰা ধিঙলৈ আহি সাব্যস্ত কৰিলে প্ৰতিবাদ। তাৰ মাজতেই ধিঙ আৰক্ষীয়ে ২৩ আগষ্টত তফাজ্জুল ইছলাম নামৰ এজন যুৱকক এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।
২৪ আগষ্টৰ পুৱতি নিশা ক্ৰাইম চিন ৰিক্ৰিয়েচনৰ বাবে নিয়ে আৰক্ষীয়ে। আৰক্ষীয়ে জনোৱা মতে পুৱতি নিশা তফাজ্জুলে হেণ্ডকাফসহ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি পুখুৰীত জাপ দিয়ে আৰু তেওঁৰ মৃত্যু হয়।
এই ঘটনাৰে জড়িত আন দুই অভিযুক্ত গোলাপ উদ্দিন আৰু ফৰিদুল ইছলামক পৰৱৰ্তী সময়ত আৰক্ষীৰ হাতত গটাই দিয়ে সংখ্যালঘু সংগঠনৰ নেতাই। কিন্তু এই ঘটনাৰ অভিযুক্ত তফাজ্জুল ইছলামৰ মৃত্যুক লৈ নতুন বিতৰ্কৰ সূচনা হয়।
আৰক্ষীৰ জিম্মাত থাকোতে পানীত পৰি মৃত্যু হোৱা তফাজ্জুল দৰাচলতে ধৰ্ষণকাণ্ডৰে জড়িচ তফাজ্জুল নাছিল। এইজন তফাজ্জুল আছিল আন এজন তফাজ্জুল। মূল অভিযুক্ত তফাজ্জুল ইছলাম আৰু আৰক্ষীৰ জিম্মাত পুখুৰীত পৰি মৃত্যু হোৱা তফাজ্জুল ইছলাম দুজন ভিন্ন ব্যক্তিহে বুলি দাবী উত্থাপন হয়। এই সম্পৰ্কে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হয় এক আবেদন।
যিজন তফাজ্জুল ইছলাম আৰক্ষীৰ জিম্মাত মৃত্যু হয়, তেওঁ ধিঙৰ ধৰ্ষণ কাণ্ডত যে জড়িত বুলি কোনো প্রমাণ না বুলিও আবেদনত উল্লেখ কৰা হৈছে। আনকি ভুক্তভোগী কিশোৰীগৰাকীয়েও আইনৰ গণ্ডীৰ ভিতৰত সেই যুৱকজনে ধৰ্ষণ কৰা বুলি চিনাক্ত কৰা নাছিল।
আনকি যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ সন্দর্ভত আজিলৈকে পৰিয়ালক আৰক্ষীয়ে নিয়ম মাফিক এৰেষ্ট মেম‘ দিয়া নাই। লগতে মৰণোত্তৰ পৰীক্ষাৰো প্রতিবেদন পৰিয়ালৰ লোকে লাভ কৰা নাই বুলি অভিযোগ কৰিছে। এই ঘটনায়ো জোকাৰি যায় ৰাজ্য।
বিদ্যালয়ত হত্যাকাণ্ড
২০২৪ ত ৰাজ্যৰ কেইবাটাও প্ৰান্তত বিদ্যালয়ত সংঘটিত হয় কেইবাটাও অপৰাধজনিত ঘটনা। শিক্ষাৰ্থীৰ হাতত শিক্ষক, সহপাঠীৰ মৃত্যুৰ দৰে অনাকাংক্ষিত ঘটনা সংঘটিত হ’ল অসমত ২০২৪ তে।
৬ জুলাইত শিৱসাগৰৰ ছাই বিকাশ একাডেমীৰ শিক্ষক ৰাজেশ বাবুক ছুৰিৰে আক্ৰমণ কৰি হত্যা কৰিলে বিদ্যালয়খনৰ একাদশ শ্ৰেণীৰ ছাত্ৰই। দৰং জিলাৰ দলগাঁৱত আকৌ মণিমালা ভৌমিক নামৰ এগৰাকী নৱন শ্ৰেণীৰ ছাত্ৰীক বিদ্যালয়তে সহপাঠীৰ চোকা অস্ত্ৰৰে হত্যা কৰা হ’ল।
একেখন জিলাৰে আকৌ মহোলীয়াপৰাৰ এখন বিদ্যালয়ত দশম শ্ৰেণীৰ আক্ৰমণত মৃত্যু হয় ভৱেশ ডেকা নামৰ আন এজন শিক্ষাৰ্থীৰ। অভিযোগ অনুসৰি ৪ ছাত্রই মিলি ভৱেশ ডেকা নামৰ এজন ছাত্ৰক কৰিছিল আক্ৰমণ। দশম শ্ৰেণীৰ ছাত্ৰকেইজনে আক্ৰমণত শ্ৰেণীকোঠাতে মৃত্যুমুখত পৰে ভৱেশ ডেকা।
নগাঁৱত প্ৰেমৰ বাবেই হত্যাৰ বলি হল ৪ জন
বছৰটোৰ প্ৰায় শেষৰ ফালে যোৱা ২২ নৱেম্বৰত নগাওঁ জিলাত সংঘটিত হয় ৰাজ্য কপাই যোৱা আন এক হত্যাকাণ্ড। এই হত্যাকাণ্ডত একেটা পৰিয়ালৰ ৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন যুৱকৰো মৃত্যু হয়। নগাওঁ জিলাৰ গড়া জানত সংঘটিত হৈছিল এই ঘটনা।
গড়াজানৰ গুণধৰ সৰকাৰৰ জ্যেষ্ঠ কন্যা নৱাস্মিতা সৰকাৰৰ বিয়াৰ পূৰ্বে স্বগৃহতে হত্যাৰ বলি হৈছিল গুণধৰ সৰকাৰৰ লগতে তেওঁৰ পত্নী আৰু কনিষ্ঠ কন্যা জয়াস্মিতা সৰকাৰ। তেওঁলোকৰ সৈতে ৰক্তাক্ত মৃতদেহ উদ্ধাৰ হৈছিল অনুপম সূত্ৰধৰৰ।
গুণধৰ সৰকাৰৰ জ্যেষ্ঠ কন্যা নৱাস্মিতা সৰকাৰৰ সৈতে অনুপম সূত্ৰধৰৰ আছিল প্ৰেমৰ সম্পৰ্ক। এই সম্পৰ্কৰ বাবেই সংঘটিত হৈছিল হত্যাকাণ্ডটো। হত্যাকাণ্ডৰ সৈতে জড়িত গুণধৰ সৰকাৰৰ ভতিজা অমল সৰকাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই পোহৰলৈ আহিছিল হত্যাকাণ্ডটোৰ প্ৰকৃত ৰহস্য।
আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি অনুপম সূত্ৰধৰে প্ৰথমে গুণধৰ সৰকাৰ আৰু পত্নী, কন্যাক দাৰে ঘপিয়াই হত্যা কৰিছিল। এই হত্যাকাণ্ড নিজ চকুৰে দেখিছিল গুণধৰ সৰকাৰৰ ভতিজা অমল সৰকাৰে। পাছত সেই একেখন দাৰেই অমলে ঘপিয়াই হত্যা কৰিছিল অনুপম সূত্ৰধৰকো।
অসম বিধানসভাৰ উপ নিৰ্বাচন কেন্দ্ৰিক সংঘাত
অসম বিধানসভাৰ ৫ সমষ্টিৰ উপ নিৰ্বাচনৰ সময়ত চামগুৰিত সমষ্টিত সৃষ্টি হোৱা বিক্ষিপ্ত ঘটনা অসমৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম এক ক’লা অধ্যায় হিচাপে পৰিগণিত হ’ব।চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সমষ্টিটোত কেবাটাও হিংসাত্মক ঘটনা সংঘটিত হ’ল।
বিশেষকৈ কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মীৰ মাজত সংঘটিত নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ মাজতে কংগ্ৰেছৰ বিধায়কৰ বাহনত আক্ৰমণ, আনকি গুলীচালনাৰ দৰে ঘটনাও সংঘটিত হয় চামগুৰিত। বিজেপি বিধায়কৰ বাহনলৈ লক্ষ্য কৰি কংগ্ৰেছ কৰ্মীয়ে গুলীচালনা কৰা বুলি বিজেপি বিধায়ক জিতু গোস্বামীয়ে অভিযোগ উত্থাপন কৰাৰ বিপৰীতে বিজেপিৰ বিৰুদ্ধে গুলীচালনা কৰাৰ অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে। নিৰ্বাচনকেন্দ্ৰিক হিংসাত এগৰাকী বিজেপি কৰ্মীৰো মৃত্যু হোৱাৰ দৰে ঘটনাও সংঘটিত হৈছিল চামগুৰিত ।