Advertisment

অলিম্পিক, ক্ৰিকেট, দুঃসাহসিক ক্ৰীড়াত অসমৰ ঈৰ্ষণীয় সাফল্য

অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে ২০২৪ আছিল কেইবাটাও কাৰণত উল্লেখনীয়। আঁহক ২০২৪ বৰ্ষই অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে কঢ়িয়াই অনা বিভিন্ন সাফল্যৰ ভিতৰত মাত্ৰ ৫ টা উল্লেখনীয় সফলতাক পুনৰ এবাৰ স্মৰণ কৰোঁ। 

author-image
Asomiya Pratidin
New Update
অলিম্পিক, ক্ৰিকেট, দুঃসাহসিক ক্ৰীড়াত অসমৰ ঈৰ্ষণীয় সাফল্য

অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে ২০২৪ আছিল কেইবাটাও কাৰণত উল্লেখনীয়। যিদৰে এফালে অসমৰ ক্ৰীড়াবিদে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ সৱল উপস্থিতিৰ প্ৰমাণ দাঙি ধৰিছিল ঠিক সেইদৰেই অসমৰ কেইবাজনো ক্ৰীড়া সংগঠকে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। বিশ্বৰ অন্যতম সৰ্বোচ্চ ক্ৰীড়া সংস্থাৰো দায়িত্ব বহন কৰিবলৈ সক্ষম হৈছে অসমৰ ক্ৰীড়া সংগঠকে। আঁহক ২০২৪ বৰ্ষই অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে কঢ়িয়াই অনা বিভিন্ন সাফল্যৰ ভিতৰত মাত্ৰ ৫ টা উল্লেখনীয় সফলতাক পুনৰ এবাৰ স্মৰণ কৰোঁ। 

Advertisment

বি চি চি আইৰ সচিব পদত দেৱজিৎ শইকীয়া

দেৱজিৎ শইকীয়া


বিশ্ব ক্ৰিকেটৰ আজিৰ তাৰিখত সবাটোকৈ শক্তিশালী ক্ৰিকেট ব’ৰ্ড হিচাপে পৰিগণিত হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড। বিশ্ব ক্ৰিকেটত বি চি চি আইৰ প্ৰভাৱ ইমানেই বেছি যে এই ব'ৰ্ডৰ বিৰুদ্ধে আই চি চি চিয়ে কোনো কথাই চিন্তা কৰিব নোৱাৰে। অতি শেহতীয়াকৈ চেম্পিয়নছ ট্ৰফীৰ হাইব্ৰিড মডেলেই ইয়াৰ উদাহৰণ।

এনে শক্তিশালী ক্ৰিকেট ব’ৰ্ডৰ সচিব পদত প্ৰথমবাৰৰ বাবে অধিষ্ঠিত হ'ল অসমৰ দেৱজিৎ শইকীয়া। ২০২৪ ৰ শেষৰ ফালে দেৱজিৎ শইকীয়াৰ এই প্ৰাপ্তি অসমৰ ক্ৰিকেট জগতৰ বাবেই নহয়, সামগ্ৰীক ক্ৰিকেট ক্ষেত্ৰখনৰ বাবেই আশাৰ খবৰ।

বি চি চি আইৰ সচিব হিচাপে দায়িত্বত থকা জয় শ্বাহে আই চি চিৰ সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই দেৱজিৎ শইকীয়াক বি চি চি আইৰ ভাৰপ্ৰাপ্ত সচিব হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে। এই দায়িত্ব গ্ৰহণৰ সময়ত তেওঁ বি চি চি আইৰ যুটীয়া সচিব হিচাপে দায়িত্ব পালন কৰি আছিল।

প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ দেৱজিত শইকীয়াই এগৰাকী ক্ৰীড়া সংগঠক হিচাপে ইতিমধ্যে তেওঁৰ দক্ষতাৰ প্ৰমাণ দাঙি ধৰিছে। অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক হৈ থকাৰ সময়ত তেওঁৰ নেতৃত্বতে অসমৰ জিলাই জিলাই ক্ৰিকেট আন্তঃগাঁথনিৰ উন্নয়ন হৈছিল।

ক্ৰিকেটৰ সমান্তৰালকৈ শইকীয়াই অসমত ফুটবলকে ধৰি অন্যান্য ক্ৰীড়াৰো বিকাশৰ বাবে কাম কৰি আহিছে। ডিচেম্বৰৰ আৰম্ভণিতে বিচিচিআইৰ ভাৰপ্ৰাপ্ত সচিবৰ দায়িত্ব গ্ৰহণ কৰা শইকীয়াই আই চি চিৰো ব’ৰ্ড অফ ডাইৰেক্টৰ্ছৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছিল। 

ভাৰতীয় ক্ৰিকেট দলত ৰিয়ান পৰাগ

ভাৰতীয় ক্ৰিকেট দলত ৰিয়ান পৰাগ


অসমৰ ক্ৰিকেট জগতৰ বাবে আটাইতকৈ ভাল খবৰটো আহিছিল চলিত বছৰতে। বহু প্ৰতীক্ষাৰ অন্তত প্ৰতিভাবান তৰুণ ক্ৰিকেটাৰ ৰিয়ান পৰাগ নিৰ্বাচিত হয় ভাৰতীয় ক্ৰিকেট দললৈ। 

টি-২০ আৰু এদিনীয়া দুয়োটা ফৰ্মেটতে স্থান লাভ কৰা ৰিয়ান মেন ইন ব্লুত স্থান লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। যোৱা আই পি এলত দাঙি ধৰা প্ৰদৰ্শনৰ সমান্তৰালকৈ ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন কৰাৰ বাবে ৰিয়ানক ভাৰতীয় ক্ৰিকেট দলত স্থান দিয়া হয়।

চলিত বছৰৰ ৬ জুলাইত তেওঁ জিম্বাৱেৰ বিৰুদ্ধে ভাৰতীয় দলত আত্মপ্ৰকাশ কৰে। তাৰ পাছত ৭ আগষ্টত শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত ভাৰতীয় দলৰ জাৰ্ছি পৰিধান কৰে।

যোৱা আই পি এলত ৰিয়ানে আই পি এলত তেওঁৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল। কিছু সময়ৰ বাবে নিজৰ আইডল বিৰাট কোহলিৰ পৰা কাঢ়ি আনিবলৈ সক্ষম হৈছিল অৰেঞ্জ কেপ। যোৱা আই পি এলত তেওঁ ৰাজস্থানৰ হৈ মুঠ ১৫ খন মেচত ৪ টা অৰ্ধশতকৰ সৈতে মুঠ ৫৭৩ ৰাণ কৰিবলৈ সক্ষম হয়।

পেৰিছত লাভলীনা

পেৰিছত লাভলীনা

২০২৪ বক্সাৰ লাভলীনা বৰগোঁহায়ে পুনৰ এবাৰ ইতিহাস ৰচনা কৰি পেৰিছ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰে। একেৰাহে দুখন অলিম্পিকত প্ৰতিনিধিত্ব কৰা তেওঁ প্ৰথমগৰাকী অসমীয়া।

২০২৪ ৰ পেৰিছ অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰা লাভলীনা আছিল একমাত্ৰ অসমীয়া। অৱশ্যে টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ দৰে তেওঁ পেৰছিত সফলতাৰ ধাৰা অব্যাহত ৰাখিব নোৱাৰিলে।

তথাপিও অৱশ্যে লাভলীনাৰ জৰিয়তে অসমৰ ক্ৰীড়া জগতখন পুনৰ এবাৰ বিশ্ব ক্ৰীড়াৰ সৰ্বোচ্চ মঞ্চত জিলিকি উঠে। লাভলীনাই বক্সিঙৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বৰঙণিৰ স্বীকৃতি স্বৰূপেই তেওঁক এছিয়ান বক্সিং কনফেডাৰেছনলৈ ভাৰতীয় সদস্য হিচাপে নিৰ্বাচিত কৰা হৈছে।

ভাৰতীয় মহিলা ক্ৰিকেট দলত উমা চেত্ৰী

ভাৰতীয় মহিলা ক্ৰিকেট দলত উমা চেত্ৰী

২০২৪ ত এফালে যিদৰে ৰিয়ান পৰাগে ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰি অসমক গৌৰৱাম্বিত কৰিলে ঠিক সেইদৰেই মহিলা ক্ৰিকেটাৰ উমা চেত্ৰীয়ে ভাৰতীয় মহিলা ক্ৰিকেট দলত আত্মপ্ৰকাশ কৰি অসমৰ মহিলা ক্ৰিকেট ক্ষেত্ৰখনক আৰু এঢাপ আগুৱাই নিবলৈ সক্ষম হয়। 

জুলাইৰ প্ৰথমভাগত বি চি চি আইয়ে ঘোষণা কৰা টি-২০ আৰু এদিনীয়া দুয়োটা দলতে স্থান লাভ কৰে উমাই। উমা হংকঙত অনুষ্ঠিত হোৱা মহিলা এছিয়া কাপ ক্ৰিকেট বিজয়ী ভাৰতীয় দলৰো সদস্য আছিল।

মীনাক্ষীৰ বিশ্বজয়

ভাৰতীয় মহিলা ক্ৰিকেট দলত উমা চেত্ৰী

এক দুঃসাহসিক অভিযান সফলতাৰে সামৰি অসম পালেহি মীনাক্ষী দাস নামৰ মহিলাগৰাকী। অকলেই এখন সাধাৰণ বাইকেৰে বিশ্বৰ ৬৪ খন দেশ ভ্ৰমণ কৰিলে গুৱাহাটীৰ মীনাক্ষীয়ে।

ফিটনেছ ট্ৰেইনাৰ মীনাক্ষী দাসে ২০২৩ ৰ ডিচেম্বৰৰ ১৭ তাৰিখে আৰম্ভ কৰিছিল তেওঁৰ এই দুঃসাহসিক অভিযান। প্ৰায় এবছৰৰ অন্তত যোৱা ২২ ডিচেম্বৰত সামৰণি পৰে এই অভিযান। এই এবছৰত তেওঁ মুঠ ৬৪ খন দেশ ভ্ৰমণ কৰে।

তেওঁ ভ্ৰমণ কৰা দেশসমূহৰ ভিতৰত নেপাল, ইউ এ ই, কাটাৰ, বাহৰেইন, চৌদি আৰৱ, জৰ্ডান, ইৰাক, ইৰাণ, আজাৰবাইজান, আৰ্মেনিয়া, জৰ্জিয়া, তুৰস্ক, বুলগেৰিয়া, ৰোমানিয়া, মলডোভা, শ্ল’ভাকিয়া, হাংগেৰী, ছাৰ্বিয়া, মেচিডনিয়া, গ্ৰীচ, আলবেনিয়া, ক্ৰ’ৱেচিয়া, শ্ল’ভেনিয়া, অষ্ট্ৰিয়া, জাৰ্মানী, ফ্ৰান্স, আয়াৰলেণ্ড, লণ্ডন, কাজাখস্তান, চীন, লাউচ, ভিয়েটনাম, কম্বোডিয়া, থাইলেণ্ড, ইণ্ডোনেছিয়া, মালয়েছিয়া আদি। 

ক্ৰিকেট বি চি চি আই লাভলীনা বৰগোঁহাই