ঋষভে পালে ২৭ কোটিঃ আৰ চি বিয়ে পালে চেম্পিয়নৰ ট্ৰফী আৰু ২০ কোটি

১৭ বছৰৰ অপেক্ষাৰ অন্তত ৩ জুন, ২০২৫ মঙলবাৰে নিশা মহেন্দ্ৰক্ষণত অৱশেষত আই পি এলৰ চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে।

author-image
Asomiya Pratidin
New Update
ঋষভে পালে ২৭ কোটিঃ আৰ চি বিয়ে পালে চেম্পিয়নৰ ট্ৰফী আৰু ২০ কোটি

শাপমুক্ত হ'ল বিৰাট কোহলি আৰু তেওঁৰ দল আৰ চি বি। ১৭ বছৰীয়া অপেক্ষাৰ অন্তত আহমেদাবাদত সেই মহেন্দ্ৰ ক্ষণত লিপিবদ্ধ হ'ল এক ইতিহাস। এদিনীয়া বিশ্বকাপ, টি-২০ বিশ্বকাপ, চেম্পিয়নছ ট্ৰফী, এছিয়া কাপৰ পিছত ফ্ৰেঞ্চাইজি ক্ৰিকেটতো অৰ্জন কৰিলে চেম্পিয়নৰ খিতাপ। ক্ৰিকেটৰে পৰিপূৰ্ণ হ'ল কিং কোহলি। আৱেগত উঠলি উঠিছে ক্ৰিকেট তথা বিৰাট অনুৰাগী। তাৰ মাজতেই মানুহৰ মুখে মুখে চৰ্চা কিমান টকা পাইছে চেম্পিয়ন আৰ চি বিয়ে? কিয়ং কোহলিৰ আৱেগ আৰু আই পি এলৰ আৰ্থিক পুৰস্কাৰৰ সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন। 

Advertisment

 

১৭ বছৰৰ অপেক্ষাৰ অন্তত ৩ জুন, ২০২৫ মঙলবাৰে নিশা মহেন্দ্ৰক্ষণত অৱশেষত আই পি এলৰ চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে। কেৱল আই পি এলৰে নহয়, ফ্ৰেঞ্চাইজি ক্ৰিকেটৰে আটাইতকৈ জনপ্ৰিয় এই ফ্ৰেঞ্চাইজিলৈ বিশ্বৰ প্ৰায় কেইজন শ্ৰেষ্ঠ আৰু মহান খেলুৱৈৰ আগমণ ঘটিছে যদিও যোৱা ১৭ টা বছৰত চেম্পিয়ন হোৱাৰ পৰা বঞ্চিত হৈ আহিছিল।

তীক্ষ্ণ সমালোচনাৰ সন্মুখীন হৈছিল বিৰাট কোহলি। একপ্ৰকাৰে যেন শাপগ্ৰস্ত হৈ আছিল বিশ্ব ক্ৰিকেটৰ 'পোষ্টাৰ বয়' বিৰাট আৰু আৰ চি বি। সেই শাপৰ পৰা যেন এইবাৰ মুক্ত হ’ল বিৰাট কোহলি আৰু আৰ চি বি।

এইবাৰ আই পি এলৰ আৰম্ভণিৰ পৰাই চলিছিল এক চৰ্চা। ১৮ নম্বৰ জাৰ্ছী বিৰাটৰ। আই পি এলো হ’ল ১৮ বছৰীয়া। এইটোৱেই হ'ব আৰ চি বিৰ সফলতাৰ বছৰ। লিপিবদ্ধ হ'ব নতুন ইতিহাস।

চৰ্চা হোৱাৰ দৰেই হ'ল কথাবোৰ। দমনীয় প্ৰদৰ্শনেৰে প্লে’অফত পঞ্জাৱ কিংছক পৰাস্ত কৰি ফাইনেলতো সেই একেই পঞ্জাৱক ৬ ৰাণত পৰাস্ত কৰি আৰ্জিলে চেম্পিয়নৰ খিতাপ। অন্তিমটো অভাৰৰ আৰম্ভণিৰ পৰাই বিৰাটৰ চকুত মুকুতা হৈ ধৰা দিছিল আৱেগে।

আৰ চি বিৰ অনুৰাগিৰে ভৰি থকা  আহমেদাবাদৰ ক্ৰিকেট ষ্টেডিয়ামত আৱেগিক হৈছিল সকলো। টিভিৰ সন্মুখত, হাতত মোবাইল লৈয়ো কেৱল আনুষ্ঠানিকতালৈ অপেক্ষা কৰিছিল আৰ চি বিৰ 'লয়েল' অনুৰাগীসকলে।

ইফালে যোৱা ১৭ টা বছৰে চেম্পিয়নৰ ভোকে খেদি ফুৰিছে পঞ্জাৱ কিংছকো। ক্ৰিজত তেতিয়া পঞ্জাৱৰ শেষ আশা শশাংক সিং। ১৭ বছৰীয়া শূন্যতাক দূৰ কৰিবলৈ শশাংকেও দিছে মৰণপন যুঁজ।

কিন্তু এইবাৰো যেন প্ৰীতি জিণ্টাৰ পঞ্জাৱৰ ভাগ্য সুপ্ৰসন্ন নহ’ল। ৬ ৰাণৰ ব্যৱধানত পৰাস্ত হৈ ১৮ নম্বৰ ছিজনটোও ট্ৰফী অবিহনেই পাৰ কৰিলে দলটোৱে। আৰ চি বিলৈ শুভেচ্ছা জনায়ো প্ৰাপ্তিহীনতাৰ বেদনাত দগ্ধ ফ্ৰেঞ্চাইজি ক্ৰিকেটৰ অন্যতম আকৰ্ষণীয় গৰাকী তথা চিৰ সেউজ অভিনেত্ৰীগৰাকী। 

মাত্ৰ ১ ৰাণতে আউট হোৱা অধিনায়ক শ্ৰেয়াস আয়াৰো হৈ পৰিল অসহায়। এয়াই ক্ৰিকেট।  

আই পি এল চেম্পিয়নৰ আৰ্থিক পুৰস্কাৰ

২০০৮ চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ চমুকৈ আই পি এল। উদ্বোধনী বৰ্ষৰ চেম্পিয়ন আছিল ৰাজস্থান ৰয়েলছ। ফ্ৰেঞ্চাইজিটোৱে সেইবাৰ চেম্পিয়নৰ খিতাপৰ সৈতে লাভ কৰিছিল ৪ কোটি ৮০ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ। 

সময়ৰ সৈতে সলনি হ'ল আই পি এল। ধনে-জনে তজবজিয়া হ'ল বি চি চি আই। সেয়ে এতিয়া বাঢ়িল আই পি এলৰ আৰ্থিক পুৰস্কাৰ। ২০২৪ ৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছে চেম্পিয়ন হৈ লাভ কৰিছিল ২০ কোটি টকাৰ আৰ্থিক পুৰস্কাৰ। 

অৰ্থাৎ উদ্বোধনী বৰ্ষৰ পৰা ২০২৪ লৈকে আই পি এলৰ আৰ্থিক পুৰস্কাৰৰ ধন পাঁচগুণতকৈও অধিক বৃদ্ধি হ’ল। উল্লেখ্য যে, বিশ্বৰ আটাইতকৈ ধনী ক্ৰিকেট লীগ আই পি এলৰ চেম্পিয়ন দলটোৱে আজিৰ তাৰিখত টি-২০ বিশ্বকাপৰ চেম্পিয়নতকৈ অধিক ধনৰ পুৰস্কাৰ লাভ কৰে।

ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে ধাৰাবাহিকভাৱে আই পি এলৰ পুৰস্কাৰৰ ধন বৃদ্ধি কৰি আহিছে। কেৱল ২০১৭ আৰু ২০২০ বৰ্ষত হে আৰ্থিক পুৰস্কাৰ বৃদ্ধি কৰা নাছিল আই পি এলৰ। বৰঞ্চ ২০১৭ ত পুৰস্কাৰৰ ধনৰ পৰিমাণ হ্ৰাসহে কৰা হৈছিল।

উদ্বোধনী বৰ্ষৰ সৈতে তাৰ পিছৰ বছৰ অৰ্থাৎ ২০০৯ চনত পুৰস্কাৰৰ ধন আছিল ৪.৮ কোটি টকা। ২০১০ চনৰ পৰা এই আৰ্থিক পুৰস্কাৰ বৃদ্ধি কৰা হয় ১০ কোটি টকালৈ। পৰৱৰ্তী তিনি বছৰতো ১০ কোটি টকাই আছিল আৰ্থিক পুৰস্কাৰ।

২০১৪ আৰু ২০১৫ চনত আৰ্থিক পুৰস্কাৰ বৃদ্ধি হয় ১৫ কোটি টকালৈ। ২০১৬ চনত পুনৰ ৫ কোটি টকা বৃদ্ধি কৰি চেম্পিয়নৰ পুৰস্কাৰ কৰা হয় ২০ কোটি টকা। 

২০১৭ চনত প্ৰথমবাৰৰ বাবে ৫ কোটি টকা হ্ৰাস কৰি চেম্পিয়নৰ আৰ্থিক পুৰস্কাৰ কৰা হয় ১৫ কোটি টকা। ২০১৮ চনত আকৌ বৃদ্ধি কৰি কৰা হয় ২০ কোটি টকা। তেতিয়াৰে পৰা চেম্পিয়ন দলটোক ২০ কোটি টকাই আৰ্থিক পুৰস্কাৰ হিচাপে প্ৰদান কৰা হৈছে। অৰ্থাৎ আৰ চি বিয়ে এইবাৰ চেম্পিয়নৰ ট্ৰফীৰ সৈতে লাভ কৰিছে ২০ কোটি টকাৰ আৰ্থিক পুৰস্কাৰ।

স্মৰ্তব্য, ২০২৪ ৰ টি-২০ বিশ্বকাপত চেম্পিয়ন হৈছিল ভাৰত। আই চি চিৰ এই মেগা ইভেণ্টত চেম্পিয়ন হোৱা ভাৰতীয় দলটোক ট্ৰফীৰ সৈতে দিয়া হৈছিল ১৯৯.৫ মিলিয়ন ডলাৰৰ আৰ্থিক পুৰস্কাৰ। ভাৰতীয় টকাৰ হিচাপত ১৯.৫ কোটি টকা।

ৰোহিত শৰ্মাৰ নেতৃত্বতে এইবাৰ চেম্পিয়নছ ট্ৰফীও জয় কৰা ভাৰতীয় দলটোৱে ৰোহিতৰ দলটোৱে আৰ্থিক পুৰস্কাৰ লাভ কৰিছিল ১৯৫.৩ মিলিয়ন। ভাৰতীয় টকাৰ হিচাপত ১৯.৫৩ কোটি টকা। 

টকাৰে জুখিব নোৱাৰা আৱেগৰ মুকুতা

যদিও আই পি এলৰ চেম্পিয়ন দলটোৱে ২০ কোটি টকা আৰ্থিক পুৰস্কাৰ হিচাপে লাভ কৰিছে তথাপিও কিন্তু এই ধনৰ পৰিমাণ কেইবাগৰাকীও ক্ৰিকেটাৰৰ আই পি এলৰ দৰমহাতকৈ বহু কম। লক্ষ্ণৌ ছুপাৰে জায়েণ্টছৰ অধিনায়ক ঋষভ পণ্টে এইবাৰ আই পি এলৰ নিলামত লাভ কৰিছিল সৰ্বাধিক ২৭ কোটি টকা। আই পি এলৰ ইতিহাসৰ তেওঁৱেই আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হৈছে। অৱশ্যে তেওঁ এইবাৰৰ ছিজনত অন্তিম মেচত শতক অৰ্জন কৰাৰ বিপৰীতে আটাই কেইখনতে চূড়ান্ত ৰূপত ব্যৰ্থ হৈছে। দলটোক নেতৃত্ব দিয়াতো প্ৰশ্নৰ সন্মুখীন হৈছে। আনকি তেওঁৰ উইকেট কীপিঙক লৈয়ো প্ৰশ্ন উঠিছে। 

সেইদৰে পঞ্জাৱ কিংছক ফাইনেললৈ লৈ অহা অধিনায়ক শ্ৰেয়াছ আয়াৰে এইবাৰ নিলামত লাভ কৰিছিল ২৬.৭৫ কোটি টকা। অৱশ্যে শ্ৰেয়াছৰ নামত যিদৰে ফ্ৰেঞ্চাইজিটোৱে ধন ব্যয় কৰিছে তাৰ ফলো লাভ কৰিছে। যিদৰে ঘৰুৱা তৰুণ ক্ৰিকেট প্ৰতিভাক লৈ শ্ৰেয়াছে দলটোক আগুৱাই নিছে, ভৱিষ্যতৰ পৰিকল্পনা কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি দলটোৱে আগন্তুক দুটা ছিজনত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিলেও আচৰিত হ'বলগীয়া একো নাথিকিব। এইবাৰেই সেই সুযোগ কঢ়িয়াই আনিছিল যদিও ৬ ৰাণৰ ব্যৱধানে বঞ্চিত কৰিলে দলটোক। 

আই পি এলৰ চেম্পিয়নৰ আৰ্থিক পুৰস্কাৰতকৈ অধিক ধন লাভ কৰা আন এগৰাকী ক্ৰিকেটাৰ ভেংকটেছ আয়াৰ। কলকাতাৰ এইগৰাকী ক্ৰিকেটাৰে লাভ কৰিছিল ২৩.৭৫ কোটি টকা। অৱশ্যে তেওঁ ব্যৰ্থতাৰ তালিকাতে নিজৰ নাম খোদিত কৰিছে। 

বিৰাট কোহলি আই পি এল