একত্ৰিকৰণ মানি লোৱা নহয়; বিদ্যালয় ৰাখিবলৈ সকলো ধৰণৰ পদক্ষেপ ল’বলৈ সাজু বালিতাৰাবাসী…

একত্ৰিকৰণ মানি লোৱা নহয়; বিদ্যালয় ৰাখিবলৈ সকলো ধৰণৰ পদক্ষেপ ল’বলৈ সাজু বালিতাৰাবাসী…

কিছুদিন পূৰ্বে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজ্যৰ শিক্ষানুষ্ঠান একত্ৰিকৰণ কৰাৰ ক্ষেত্ৰত। এই সিদ্ধান্তৰ পাছতেই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এনে এখন বিদ্যালয় বালিতাৰা দিব্য বন্তি হাইস্কুল। কিন্তু এই বিদ্যালয় একত্ৰিকৰণত বিৰোধীতা কৰিছে একাংশই। এই সন্দৰ্ভত বৰষা শৰ্মাৰ বিশেষ প্ৰতিবেদন…

একাংশ চৰকাৰী বিদ্যালয় ৰাজ্য চৰকাৰে একত্ৰিকৰণ কৰাক লৈ কিছুদিন পূৰ্বে যি সিদ্ধান্ত গ্ৰহণ কৰিছিল তাক লৈ এতিয়াও প্ৰতিক্ৰিয়া অব্যাহত আছে। চৰকাৰী নিৰ্দেশনা মৰ্মে নলবাৰী জিলাৰ, ৪ নং বালিতাৰাৰ অন্তৰ্গত বালিতাৰা দিব্য বন্তি হাইস্কুল ১ নং বালিতাৰাস্থিত বালিতাৰা হাইস্কুলৰ সৈতে একত্ৰিকৰণ কৰি পাঠদান কৰিব লাগে। কিন্তু চৰকাৰৰ সিদ্ধান্ত মানি ল'ব পৰা নাই বালিতাৰবাসীয়ে।

সমাজৰ সম্পদ গঢ়াত এখন বিদ্যালয়ৰ অৰিহণা অভূতপূৰ্ব। তদুপৰি এখন বিদ্যালয় স্থাপন কৰাৰ ক্ষেত্ৰত জড়িত হৈ থাকে এখন সমাজৰ আৱেগ, অনুভতি, শ্ৰম আৰু ভৱিষ্যৎ গঢ়াৰ সপোনা। ১৯৯৩ চনত স্থাপন হোৱা এই বিদ্যালয় খন প্ৰাদেশীকৰণ হৈছিল ২০১৩ চনত। ভাল আন্ত:গাঠনি, উপযুক্ত শৈক্ষিক বাতাবৰণ, ভালে সংখ্যক ছাত্ৰ-ছাত্ৰীৰে পৰিপূৰ্ণ এই বিদ্যালয় খনৰ একত্ৰিকৰণৰ খবৰে এতিয়া ব্যাথিত কৰি তুলিছে গাঁৱাবাসীক।

প্ৰায় ৪ বছৰ পূৰ্বে একত্ৰিকৰণ কৰা এই বিদ্যালয়খন পুনৰ একত্ৰিকৰণ কৰাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰিছে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, শুভাকাংশী তথা সমগ্ৰ ৰাইজে। এই সন্দৰ্ভত ২৪ জুলাইত বালিতাৰা দিব্য বন্তি হাইস্কুল প্ৰেক্ষাগৃহত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি এক বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।এছ এম ডি চি সাধন আচাৰ্যীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত, ধমধমা ছোৱালী হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক চন্দীচৰণ কলিতা, বিদ্যালয় প্ৰতিষ্ঠাক তথা প্ৰাক্তন প্ৰধান শিক্ষক নৰেন দাস, সমাজ কৰ্মী মৃন্ময় চৌধুৰীৰ লগতে শিক্ষক- শিক্ষয়িত্ৰী তথা শ শ গুণমুদ্ধ উপস্থিত থাকে।

বিদ্যালয়খন একত্ৰিকৰণ কৰা চৰকাৰৰ সিদ্ধান্তক লৈ আৱেগিক হৈ বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰমোদ বৰ্মনে কয় যে, " যেতিয়া মই আই এছ অফিচৰ পৰা গ'ম পাঁও যে আমাৰ বিদ্যালয় খন বালিতাৰা হাইস্কুলৰ সৈতে একত্ৰিকৰণ কৰিব তেতিয়া মই দুখত ভাগি পৰিছিলো, মই বাকৰুদ্ধ হৈ পৰিছিলো। প্ৰশ্ন হয় কিয় এই সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। আমাৰ বিদ্যালয় খনৰ ভাল আন্ত:গাঠনি আছে, ভাল ফলাফল, বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰী,, শিক্ষক শিক্ষয়িত্ৰী,এটা ধুনীয়া চাইন্স লেবৰটৰি, ৰংগমঞ্চ আছে"।

''বিদ্যালয় খনৰ গেট, মাটি, চাৰিওকাষৰ বেৰ ৰাইজৰ দানাৰে সজোৱা। মই প্ৰধান শিক্ষক হিচাপে শিক্ষক-শিক্ষয়িত্ৰী আৰু ৰাইজৰ সহযোগত এই বিদ্যালয়ৰ উন্নতিৰ বাবে অহৰহ কাম কৰি গৈছো। গতিকে এনে খবৰে বাৰুকৈ ব্যাথিত কৰিছে মোক। ৰাইজৰ শ্ৰম, দান, আশা আদিৰ সৃষ্টি এই বিদ্যালয়খন। যাৰ বাবে আজি এখন ৰাজহুৱা সভা পাতি আমি এই সন্দৰ্ভত ৰাইজক অৱগত কৰাও। এই খবৰত মৰ্মাহত হৈ পৰিছে গাঁওবাসী'' এনেদৰে কয় প্ৰধান শিক্ষক গৰাকীয়ে।

লগতে বৰ্মনে কয়, বিদ্যালয়খন ইয়াত থাকক, মোক যদি অন্য ঠাইত নিয়ে নিয়ক। ৰাইজৰ তেজ, শ্ৰম, ত্যাগেৰে জন্ম হোৱা বিদ্যালয় খনৰ এনে সমাপ্তিয়ে জোকাৰি গৈছে ৰাইজক। বিভাগীয় কৰ্তৃপক্ষলৈ অনুৰোধ বিদ্যালয়খন ইয়াতেই থাকিবলৈ দিয়ক।

এই সন্দৰ্ভত সমাজৰ এগৰাকী আগশাৰীৰ ব্যক্তি চন্দীচৰণ কলিতাই কয় যে, এই খবৰত আমি আচৰিত হৈ পৰিছো। বহু কষ্ট দান বৰঙণিৰে এই বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। এই বিদ্যালয় খনে ইতিমধ্যে ২৫ বছৰ সম্পূৰ্ণ কৰিছে । ২০ বছৰ কাল ধৰি বিনা বেতনে কাম কৰিছে এই বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে। শিক্ষক-শিক্ষয়িত্ৰীৰ কষ্ট, ৰাইজৰ শ্ৰম, ছাত্ৰ –ছাত্ৰীৰ অধ্যাৱসায়, একাংশৰ ত্যাগৰ পৰিণতিত এই বিদ্যালয় খন আজিৰ পৰ্যায় পাইছে। গতিকে কোনো কাৰণতে এই বিদ্যালয় খন একত্ৰিকৰণৰ সিদ্ধান্ত মানি ল'ব নোৱাৰি।

২৪ জুলাইত অনুষ্ঠিত ৰাইজৰ সভাত এয়াই সিদ্ধান্ত লোৱা হয় যে কোনো কাৰণতে একত্ৰিকণ কৰিব নালাগে বিদ্যালয়খন। বালিতাৰা এখন বৃহৎ গাঁও। জনসংখ্যাও বহু বেছি। ওচৰৰ বিভিন্ন গাঁৱৰ ল'ৰা-ছোৱালীও এই বিদ্যালয়লৈ আহে। তদুপৰি চৰকাৰৰ নিৰ্দেশনা অনুসৰি দুখন বিদ্যালয়ৰ ব্যৱধান ১ কিলোমিটাৰ হ'ব লাগে কিন্তু এই বিদ্যালয় দুখনৰ ব্যৱধান প্ৰায় ডেৰ কিলোমিটাৰ।

কলিতাই আৱেগিক হৈ কয় যে, প্ৰথমৰ পৰা দশম শ্ৰণীৰ ছাত্ৰ-ছাত্ৰী ইয়ালৈ আহে। বিদ্যালয় একত্ৰিকৰণ হ'লে ছাত্ৰ ছাত্ৰী সকলৰ কি অৱস্থ হ'ব। তদুপৰি একাংশ ছাত্ৰ-ছাত্ৰীৰ ঘৰৰ অৱস্থা একেবাৰেই বেয়া। ল'ৰা-ছোৱালীক বিদ্যালয়ত থ'ব লগে কেনেকৈ চলিব ঘৰ?

উল্লেখ্য যে, সমগ্ৰ বালিতাৰা বাসীয়ে এই সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰে।ৰাজহুৱা সভাত ৰাইজে কয় যে এই বিদ্যালয় খনৰ লগত জড়িত হৈ আছে আমাৰ আৱেগ-অনুভূতি। এই বিদ্যালয়খন কোনো কাৰণতেই একত্ৰিত হ'ব নিদিও। লাগিলে আমি যি কোনো ব্যৱস্থাই গ্ৰহণ কৰিম। তেওঁলোকে এই সন্দৰ্ভত প্ৰথমে বিভাগীয় কৰ্তৃপক্ষৰ কাষ চাপিব আৰু প্ৰয়োজনত ধৰ্ণাৰ দৰে কাৰ্যসূচী গঢ়ি তুলিব বুলিও হুংকাৰ প্ৰদান কৰি কয় যে প্ৰয়োজনত আমি আইনৰো কাষ চাপিম। মুঠতে যিকোনো প্ৰকাৰে আমাক বিদ্যালয় খন লাগে।

উল্লেখ্য যে, বালিতাৰা দিব্য-বন্তি হাইস্কুললৈ প্ৰায় ৩-৪খন গাঁৱৰ ছাত্ৰ-ছাত্ৰী আহে। তদুপৰি বিদ্যালয়খন ভাল ফলাফলত গৌৰবান্বিত গাঁওবাসী লগতে ভৱিষ্যতকলৈও আশাবাদী।ৰাইজক প্ৰয়োজন এই বিদ্যালয় খনৰ। ৰাইজ ওলাই আহিছে বিদ্যালয় ৰক্ষাৰ বাবে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in